অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মানসম্পন্ন ফলৰ উৎপাদন আৰু পিছৰ পৰিচৰ্যা :

 

লিচুৰ অনিয়মিত ফল আৰু গছৰ প্ৰকৃত ফলন ক্ষমতাৰ তলত হ’লে উপযুক্ত ব্যৱস্থা ল’ব লাগে। ফল উঠাই লোৱাৰ পিছত বৃদ্ধিপ্ৰাপ্ত শাখা-প্ৰশাখা পৰিণত হ’লে ছেপ্টেম্বৰ মাহৰ আৰম্ভণিৰফালে সেইবিলাকত গাৰ্ডেলিং কৰিব লাগে নাইবা প্ৰতিলিটাৰ পানীত ইথেফন ০.৪ মিলিলিটাৰ বা পটেছিয়াম নাইট্ৰেট ১০ গ্ৰাম বা টিবা(২, ৩, ৫ ট্ৰাইআয়’ড বেনজয়িক এচিড) ১ গ্ৰাম মিহলাই ছেপ্টেম্বৰৰপৰা ডিচেম্বৰ মাহৰ ভিতৰত প্ৰতি এমাহৰ মূৰত চাৰিবাৰ স্প্ৰে’ কৰিব লাগে। ইয়াৰ ফলত ফল লাগিব, ফলৰ গুণমান উন্নত হ’ব আৰু ফল ধৰা নিয়মিত হ’ব।

গাৰ্ডলিং পদ্ধতিত আঙঠি আকৃতিক এটুকুৰা বাকলি(কেমবিয়ামসহ) গছৰ ডালৰপৰা উঠাই দিয়া হয়। এখন কটাৰীৰে ২.৫ ছেন্টিমিটাৰ বহল আৰু ৩ মিলিলিটাৰ গভীৰ এটা আঙঠি আকৃতিৰ বাকলি তুলি দিয়াৰ পিছত সেই ঠাইত কপাৰ অক্সিক্ল’ৰাইডৰ পাতল প্ৰলেপ দিয়া হয়, যাতে ৰোগে আক্ৰমণ কৰিব নোৱাৰে। প্ৰধান শাখা বা ডালৰ গুৰিৰ পিনে গাৰ্ডেলিং কৰা হয়।

গুটি ধৰা বৃদ্ধি আৰু গুটি সৰা ৰোধ কৰা -

লিচু গছত প্ৰচুৰ পৰিমাণে ফল অহা সত্ত্বেও খুব কমসংখ্যক ফুলৰপৰা পৰিণত ফল পাব পাৰি। বিভিন্ন কাৰণত ফুল পৰি গুটি ধৰা কমি যাব পাৰে। যেনে- মাটিত ৰস কম থকাৰ কাৰণে, প্ৰয়োজনীয় ৰসৰ অভাৱ, বেছি বা কম তাপমাত্ৰা, তীব্ৰ বায়ুপ্ৰৱাহ ইত্যাদি। জৈৱ নিয়ন্ত্ৰক, যেনে- এন এ এ(২০-৩০ মিলি গ্ৰাম/লিটাৰ) প্ৰয়োগৰ ফলত গুটি সৰা কমাব পাৰি। প্ৰথমবাৰ ফুল ফুলাৰ আগতে আৰু দ্বিতীয়বাৰ গুটি ধৰাৰ পিছত স্প্ৰে’ কৰিব লাগে।

ফল ফটা আৰু ইয়াৰ নিয়ন্ত্ৰণ -

ফল উঠোৱাৰ আগতে ফাটি যোৱাটো লিচুৰ এক প্ৰধান সমস্যা। দেখা গৈছে যে ৩৮ ডিগ্ৰী চেলছিয়াছৰ বেছি তাপমাত্ৰাৰ লগতে ৬০ শতাংশৰ কম আপেক্ষিক আৰ্দ্ৰতা লিচু ফল ফটাৰ ক্ষেত্ৰত অনুকূল অৱস্থা। ফল ফটাৰ প্ৰৱণতা কম কৰাৰ কাৰণে লোৱা ব্যৱস্থাবোৰৰ ভিতৰত কেইটামান হ’ল- আপেক্ষিকভাৱে কম সংবেদনশীল জাত, যেনে- বেদানা, বোম্বাই, চায়না আৰু ইলাচি খেতি কৰিব লাগে। কৃষিক্ষেত্ৰৰ অৱশিষ্টাংশৰে গছৰ গুৰিৰ চাৰিওপিনে মালচিং কৰিব লাগে, ঘনাই পানী প্ৰয়োগ কৰিব লাগে আৰু গুটি ধৰাৰ ১৫ দিনৰ পিছত ০.২ শতাংশ বৰাক্স আৰু ০.৪ শতাংশ জিংক স্প্ৰে’ কৰিব লাগে।

কীট-পতংগৰ নিয়ন্ত্ৰণ -

লিচুৰ প্ৰধান কীট দুটা হ’ল এৰিন’জমাইট আৰু ফল ছিদ্ৰকাৰী পোক। মাইট নিয়ন্ত্ৰণৰ কাৰণে নতুন শাখা-প্ৰশাখা বৃদ্ধিৰ সময়ত দুসপ্তাহৰ অন্তৰে অন্তৰে ডাইমিথ’য়েট বা ওয়েটেবল ছালফাৰ তিনিবাৰ স্প্ৰে’ কৰিব লাগে। ফল লগাৰ ১০ দিন পিছত প্ৰতি ১০ দিনৰ অন্তৰত ছাইপাৰমেথ্ৰিন(০.০২ শতাংশ) দুবাৰ আৰু ফল লগাৰ ৪০ দিন পিছত নিমৰপৰা বনোৱা ঔষধ ১০ দিনৰ অন্তৰত দুবাৰ স্প্ৰে’ কৰি ফল ছিদ্ৰকাৰী পোক নিয়ন্ত্ৰণ কৰিব পাৰি।

ফল সংগ্ৰহ:

বেলেগ ফল, যেনে- আম, কল ইত্যাদিৰ তুলনাত লিচুৰ বিশেষত্ব হ’ল- গছৰপৰা উঠোৱাৰ পিছত এই ফলবিধৰ গুনগত মানৰ বিশেষ পৰিৱৰ্তন নহয়। সেই কাৰণে লিচুৰ স্বাদ, বৰ্ণ বা ৰং ইত্যাদি সঠিক মাত্ৰাত পূৰ্ণতা নোপোৱালৈকে গছৰপৰা লিচু উঠোৱা উচিত নহয়।

পৰিণত অৱস্থাত বিভিন্ন জাত আৰু বিভিন্ন ঠাইৰ লিচু দেখাত একেধৰণৰ নহয়। সেই কাৰণে লিচুৰ ক্ষেত্ৰত বিশেষ এক বৈশিষ্ট্যৰ সহায়ত ফলৰ পূৰ্ণতা বা গছৰপৰা উঠোৱাৰ সঠিক সময় নিৰ্দ্ধাৰণ কৰা নাযায়। সাধাৰণতে দেখা যায় যে ফলত্বক যেতিয়া উজ্জ্বল ৰঙা বা গুলপীয়া ৰঙা(জাত অনুযায়ী) আৰু অপেক্ষাকৃত মসৃণ হয় আৰু ফলত্বকৰ ভিতৰৰ আৱৰণ যেতিয়া আঁহৰপৰা সহজে বেলেগ কৰিব পৰা হয় আৰু লিচু মিঠা হয়, তেতিয়াই লিচু মিঠা হয়, তেতিয়াই লিচু উঠোৱাৰ উপযুক্ত সময়। লিচু মূলতঃ গুচ্ছাকাৰে সংগ্ৰহ কৰা হয়- দিনৰ শীতলতম সময়ত। বৰষুনৰ বিৰতিৰ পিছত, গছ তিতা থাকিলে ফল উঠোৱা উচিত নহয়, কাৰণ তিতা ফলবোৰ পিছত সূৰ্যালোকত বাদামী বা ক’লা হোৱাৰ সম্ভাৱনা থাকে।

ফল উঠোৱাৰ পিছত পৰিচৰ্যা -

*প্ৰথমৰপৰাই নিৰ্দ্ধাৰিত পৰিকল্পনা অনুযায়ী গছৰ পৰিচৰ্যা কৰিব লাগে। তাৰ বাবে সঠিক সময়ত পানী, সাৰ ইত্যাদি প্ৰয়োগ কৰিব লাগে।

*প্ৰয়োজনীয় কীটনাশক উপযুক্ত মাত্ৰাত আৰু সঠিক সময়ত ব্যৱহাৰ কৰিব লাগে, কিন্তু ফল উঠোৱাৰ ১৫ দিন আগত বন্ধ কৰিব লাগে।

*যদিও লিচুৰ ৰঙা ৰঙৰ কাৰণে সূৰ্যালোক অতি প্ৰয়োজনীয়, কিন্তু গৰম বতাহ আৰু প্ৰখৰ সূৰ্যালোকত ফলত্বক ফাটি যাব পাৰে।

*ফল উঠোৱাৰ সময়ত লক্ষ্য ৰাখিব লাগিব যাতে ফলৰ বৃন্ত অক্ষত থাকে।

*ফলবোৰ ডাঙৰ বাকচত ভৰাই বাগিচাৰপৰা বহন কৰি এঠাইত পেকিং কৰিব লাগে।

*লিচুৰ আকৰ্ষণীয় ৰং অটুট ৰখাৰ কাৰণে ফলবোৰক গৰমৰপৰা বচাই ঠাণ্ডাত(৩-৭ ডিগ্ৰী ছেন্টিগ্ৰেড) আৰু ৯০-৯৫ শতাংশ আপেক্ষিক আৰ্দ্ৰতাত ৰাখিব লাগে। ৰপ্তানিৰ কাৰণে লিচুশীতল অৱস্থাত ৰাখিব লাগে।

*লিচুবোৰ ঠাণ্ডা ঘৰত(cold storage) ৰাখিলে লিচুৰ অম্লতা কমি যায়, সেই কাৰণে যিবোৰ ফল কম তাপমাত্ৰাত ৰখা হয়, সেইবোৰ ফল পকাৰ সামান্য আগত(ৰঙা ৰং অহাৰ পিছত), যেতিয়া ফলবোৰত অলপ টেঙা ভাব থাকে, তেতিয়া উঠাব লাগে। ইয়াৰ ফলত কম তাপমাত্ৰাত ৰখা সত্ত্বেও ফলবোৰৰ গুণগত মান আৰু টেঙা-মিঠাৰ সমতা অটুট থাকে।

*ছালফাৰ-ডাই-অক্সাইড সঠিক মত্ৰাত ব্যৱহাৰ কৰি সাধাৰণ তাপমাত্ৰাতো বেছি কিছুদিন লিচুৰ ৰঙা ৰং অটুট ৰখা সম্ভৱ।

লেখিক: ড° মিনছুৰা বেগম(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate