শস্যকৃমি হ’ল এবিধ লাহিদেহৰ সূতাৰ দৰে প্ৰাণী৷ ইংৰাজীত এই কৃমিবোৰক ‘নিমাটোদ’ (Nematode) বুলি কোৱা হয়৷ মানুহ, জীৱ-জন্তু আদি যিদৰে কৃমিৰ দ্বাৰা আক্ৰান্ত হয়, ঠিক তেনেদৰে গছ পাতবিলাকো কৃমিৰ দ্বাৰা আক্ৰান্ত হয়৷
সকলোধৰণৰ গছ-গছনি বা শস্য কমেও এটা বা ততোধিক কৃমিৰ দ্বাৰা আক্ৰান্ত হয়৷ এই কৃমি বিলাকে গছ-গছনিৰ পৰা আহাৰ সংগ্ৰহ কৰি জীয়াই থাকে৷ শস্যকৃমি বোৰ বৰ সুক্ষ্ম, খালী চকুৰে মনিব নোৱাৰি৷ ইহঁত দীঘলে প্ৰায় ০.৩ মিলিলিটাৰৰ পৰা ২.০ মিলিমিটাৰলৈ হয়৷ বেছিভাগ কৃমিয়েই আকাৰত সূতাৰ দৰে৷ কিছুমান গোলাকাৰ, বৃক্কাকাৰ বা অনিয়মিত আকাৰৰ হব পাৰে ৷ প্ৰায়ভাগ শস্যকৃমিয়েই গছৰ শিপাত আক্ৰমণ কৰে ৷ কিছুমান কৃমিয়েই গছৰ বায়বীয় অংশ যেনে গা-গছ, পাত, ডাল, ফুল, ফল বা গুটিত আক্ৰমণ কৰে৷ এই কৃমিবিলাকে আক্ৰান্ত শিপা বা গা-গছৰ বিভিন্ন অংশৰ বাহিৰত থাকি খাদ্য আহৰণ কৰিব পাৰে (বহি:পৰজীৱী), দেহৰ আধা অংশ গছৰ ভিতৰত সুমুৱাই খাদ্য সংগ্ৰহ কৰিব পাৰে (অৰ্দ্ধ অন্ত:পৰজীৱী) বা সম্পূৰ্ণকৈ গছৰ ভিতৰলৈ সোমাই গৈ খাদ্য আহৰণ কৰিব পাৰে (অন্ত পৰজীৱী)৷
শস্যকৃমি বিলাকৰ প্ৰায়ভাগৰে পুং বা স্ত্ৰীলিঙ্গৰ কৃমি পৃথকভাৱে পোৱা যায়৷ স্ত্ৰী কৃমি বিলাকে গছৰ শিপা বা গা-গছ, পাত, ফল, ফুল আদি অংশত আক্ৰমণ কৰে৷ ইহঁতে মাটি বা গছৰ কোষত কণী পাৰে৷ কিছুমান কৃমিয়ে কণীবোৰ দেহৰ ভিতৰতে ধাৰণ কৰি ৰাখিব পাৰে৷ কণীৰ পৰা কেইদিনমানৰ ভিতৰতে সূতাৰ দৰে দীৰ্ঘদেহী কিশোৰ (পোৱালী) কৃমিৰ উৎপন্ন হয়৷ কিশোৰ কৃমি বিলাকে চাৰিবাৰ মোট সলায় আৰু অৱশেষত প্ৰাপ্তবয়স্ক কৃমিলৈ ৰূপান্তৰিত হয়৷ প্ৰতিটো স্ত্ৰী-কৃমিয়ে ৫০০ বা ততোধিক কণী পাৰিব পাৰে৷ প্ৰায়বিলাক কৃমিয়েই ৩-৪ সপ্তাহত জীৱন চক্ৰ সম্পূৰ্ণ কৰে৷ প্ৰজাতিভেদে কিশোৰ বা প্ৰাপ্তবয়স্ক কৃমিবোৰে শস্যত ৰোগ সৃষ্টি কৰিব পাৰে৷
শস্য আক্ৰমণকাৰী কৃমিবোৰৰ দেহৰ মুখৰ ফালে মাজত বিন্ধা থকা অতি সূক্ষ্ম আকাৰৰ বেজীৰ দৰে এডাল শুকিকা থাকে, যাৰ সহায়ত
লক্ষণসমূহ
শস্যকৃমিৰ দ্বাৰা আক্ৰান্ত গছৰ শিপাবিলাকে তাৰ নিৰ্দ্দিষ্ট কামবোৰ সুচাৰুৰূপে সম্পন্ন কৰিব নাৱাৰে ৷ ফলত গছজোপাক প্ৰকৃত পৰিমাণৰ পানী, আহাৰ আদিৰ যোগান ধৰিব নোৱাৰে ৷ ফলত গছজোপাত বিভিন্ন লক্ষণে দেখা দিয়ে ৷ এই লক্ষণবোৰ দেখাত লাগতিয়াল পুষ্টিদ্ৰব্যৰ অভাৱ, খৰাং, লৱণতা আদিৰ প্ৰভাৱত দেখা দিয়া লক্ষণ সমূহৰ দৰে ৷ কৃমিৰ দ্বাৰা আক্ৰান্ত গছবিলাকত প্ৰধানকৈ তলত উল্লেখ কৰা লক্ষণ সমূহ দেখা পোৱা যায়:
যদিও এই লক্ষণ সমূহ শস্যকৃমিৰ বাবে উদ্ভৱ হোৱা বুলি ধৰা হয়, কৃমিৰ উপস্হিতি নিশ্চিত কৰিবলৈ প্ৰয়বোৰ ক্ষেত্ৰতে মাটি আৰু আক্ৰান্ত অংশবিশেষ পৰীক্ষা গাৰত ভালদৰে পৰীক্ষা কৰিব লাগে ৷ কাৰণ, এই কৃমিবোৰ আন কীট-পতঙ্গৰ দৰে দেখা পোৱা নাযায়৷ ইহঁত কৃষকৰ অদৃশ্য শত্ৰু ৷ অসমৰ খেতি পথাৰত পোৱা কিছুমান উল্লেখযোগ্য শস্যকৃমি ব্যাধি, ইহঁতৰ লক্ষণ আৰু প্ৰতিকাৰ ৷
১)ধানৰ শিপাত গাঁঠি বন্ধা ৰোগ
সাধাৰণতে কঠীয়াতলীত তথা আহুধানত এইবিধ ৰোগ পোৱা যায় ৷ শস্যকৃমিয়ে আক্ৰমণ কৰা গছবোৰৰ শিপাত গাঁঠি বা টেমুনাৰ সৃষ্টি হয় ৷ কঠীয়া ৰোৱাৰ পিছত ই গোটেই পথাৰত বিয়পি পৰে৷ আন লক্ষণসমূহ হ’ল গছবোৰ বাঢ়িব নোৱাৰে, পাতবোৰ বিবৰ্ণ হয় আৰু ঠোক ওলোৱাত বিলম্ব হয়৷ তূলনামূলক ভাৱে আহুধানত ইয়াক বেছিকৈ পোৱা যায় ৷ ইয়াৰ আক্ৰমণত প্ৰায় ৫০% উৎপাদন হ্ৰাস পাব পাৰে ৷
প্ৰতিকাৰ
২)বাওঁধানৰ উফ্ৰা ৰোগ
শস্যকৃমিয়ে কৰা ই এবিধ মাৰাত্মক ব্যাধি ৷ ইয়াক ঘাইকৈ বাওঁধানত পোৱা যায় ৷ বানপানীৰ জৰিয়তে এই ব্যাধি এটাইৰ পৰা আন ঠাইলৈ বিস্তাৰিত হয় ৷ এইৰোগ হ’লে ধানৰ গেৰ বিলাক ওলাই আহিব নোৱাৰে বা ওলালেও ধানবোৰ পতান হয় ৷ আক্ৰান্ত গছবোৰ শুকাই যায়৷ কেতিয়াবা আক্ৰান্ত গাঠিৰ পৰা বহুতো পোখা ওলায়৷ ধান চপোৱাৰ পিছত পথাৰত ৰৈ যোৱা নৰা আদিত এই ৰোগ কৰা কৃমিবিধ থাকে৷ এই ৰোগ হ’লে ৩০-১০০ শতাংশ উৎপাদন হ্ৰাস হব পাৰে৷
প্ৰতিকাৰ
শিপাত গাঠি বন্ধা ৰোগ
প্ৰায়বিলাক শাক-পাচলিতে শিপাত গাঁঠি বন্ধা শস্যকৃমিবিধ পোৱা যায় ৷ লাও, কোমোৰা, জিকা, ভোল, ভাতকেৰেলা, বেঙেনা, বিলাহী, জলকীয়া, গাজৰ, ভেন্দি, কবি, পালেং, মৰিছা, টিঁয়হ ইত্যাদিৰ শিপাত এই কৃমিয়ে আক্ৰমণ কৰে আৰু শিপাত গাঁঠি বা টেমুনা বান্ধে ৷ ফলত উৎপাদন যথেষ্ট কমি যায়৷ আক্ৰান্ত গছবোৰ দিনৰ ভাগত ৰ’দত শুকাই লেৰেলি যোৱাৰ দৰে হয়৷ গছবোৰ সহজে উভালি আনিব পাৰি৷
প্ৰতিকাৰ
শিপাত গাঁঠি বন্ধা ৰোগ
সকলো মাহজাতীয় শস্যতে শিপাত গাঁঠি বন্ধা ৰোগ দেখা পোৱা যায়৷ এইৰোগৰ লক্ষণসমূহ অন্যান্য শস্যত দেখা লক্ষণৰ দৰে একে৷ মাহজাতীয় শস্যত এবিধ উপকাৰী বেক্টেৰীয়াই শিপাত টেমুনাৰ সৃষ্টি কৰে৷ এই টেমুনাবোৰ শস্যকৃমিয়ে কৰা গাঁঠি বা টেমুনাতকৈ বেলেগ৷ বেক্টেৰিয়াই কৰা টেমুনাবোৰ শিপাৰ পৰা ছিঙি আনিব পাৰি; কিন্তু কৃমিয়ে কৰা টেমুনাবোৰ নোৱাৰি৷
প্ৰতিকাৰ
অসমৰ মৰাপাটৰ খেতিয়ে শিপাত গাঁঠি বন্ধা শস্যকৃমিবিধ পোৱা যায়৷ ইয়াৰ ফলত গছবোৰ বাঢ়িব নোৱাৰে আৰু উৎপাদন কমি যায়৷ তাৰোপৰি, এইবিধ কৃমিৰ লগত এবিধ বেক্টেৰিয়া সংযোজিত হৈ মৰাপাটত আন এবিধ ৰোগৰ সৃষ্টি কৰে৷ এই ৰোগৰ ফলত মৰাপাটৰ গছবোৰ ক’লাপৰি যায় ৷ আক্ৰান্ত গছবোৰ আগভাগৰ পৰা লেৰেলি শুকাই যায় ৷
প্ৰতিকাৰ
শিপাত গাঁঠি বন্ধা ৰোগ
চাহগছৰ পুলিত শিপাত গাঁঠি বন্ধা শস্যকৃমিবিধ পোৱা যায় ৷ এই কৃমিৰ দ্বাৰা আক্ৰান্ত পুলিবোৰ বাঢ়িব নোৱাৰি মুজুৰা পৰি থাকে, পাত হালধীয়া পৰি যায় ৷ দিনত ৰ’দৰ তাপত পুলিবোৰ লেৰেলি যায় ৷ তাৰোপৰি, শস্যকৃমিৰ দ্বাৰা আক্ৰান্ত পুলিবোৰ বিভিন্ন ভেঁকুৰে আক্ৰমণ কৰে৷
নিয়ন্ত্ৰণ
কল, অমিতা, নেমু আদি গছৰ শিপাত বন্ধা কৃমিবিধ পোৱা যায়৷ এই কৃমিৰ আক্ৰমণৰ ফলত শিপাই খাদ্য আহৰণ কৰিব নোৱাৰে ফলত গছবোৰ দূৰ্বল হয় আৰু ফলৰ সংখ্যা কমি যায় আৰু সৰু হয় ৷
প্ৰতিকাৰ
যিকোনো শস্যতে শস্যকৃমিৰ আক্ৰমণৰ আশংকা হ’লে গছৰ গুৰিৰ পৰা মাটি সংগ্ৰহ কৰি বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰি লব লাগে ৷ শস্য কৃমিয়ে এবাৰ আক্ৰমণ কৰিলে ইয়াক নিয়ন্ত্ৰণ কৰাটো খুব কঠিন ৷ সেয়েহে, সাৱধানতা হিচাপে, ইয়াৰ উপস্থিতি গম পালে বীজ সিঁচাৰ আগেয়ে বা পুলি ৰোৱাৰ আগেয়ে বিহিত ব্যৱস্থা লব লাগে ৷
ই গছৰ পৰা খাদ্য আহৰণ কৰে ৷ এই শুকিকাডাল ই গছৰ শিপা বা গা-গছ, পাত, ফুল,ফল বা গুটিৰ ভিতৰত সুমুৱাই দি গছৰ ৰস (কোষদ্ৰব্য) শুহি লয় ৷ কৃমিয়ে এনেদৰে খাদ্য আহৰণ কৰোতে গছৰ কোষবোৰৰ পৰিবৰ্তন ঘটে ৷ আনহাতে আন কিছুমান কৃমিৰ আক্ৰমণৰ বাবে শিপাৰ অস্বাভাৱিক ভাৱে কোষ বিভাজন হয় যাৰ ফলত শিপাত গাঠি বা টেমুনাৰ সৃষ্টি হয় নাইবা আন কিছু ক্ষেত্ৰত কোষবোৰ মৰি যায় আৰু শিপাৰ ছালত কলা কলা দাগৰ সৃষ্টি হয় ৷ লাহে লাহে এই শিপাবোৰ জীৱাণু বা ভেঁকুৰ আদিৰ দ্বাৰা আক্ৰান্ত হৈ গেলি পচি যায় ৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 5/2/2020
শস্যকৃমি
শীতকালীন শস্যৰ কথা ক’লে সুন্দৰ, সতেজ, সেইজীয়া শাক-...
শস্যকৃমিৰ বিষয়ে