অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শস্যত কীটনাশক ঔষধ দিয়াটো ভয়াৱহ

শস্যত কীটনাশক ঔষধ দিয়াটো ভয়াৱহ

  • শাক পাচলি বা আন লাওজতীয় শস্যত আমাৰ বহুতো কৃষকে নিষিদ্ধ আৰু মাৰাত্মক কীটনাশক ঔষধ ব্যৱহাৰ কৰি পোক পৰুৱা নিধন কৰি সেইবোৰ শাক পাচলি বিক্ৰীৰ বাবে বজাৰত এৰি দিয়ে।শাক পাচলিত মালাথিয়ান ৫০ ইচি ৰগৰ ঔষধৰ বাহিৰে অন্য কীটনাশক দ্ৰব্য ব্যৱহাৰ নকৰিব।ঔষধ ব্যৱহাৰ কৰি কৃষি বিষয়া কৃষি কৰ্মীৰৰ পৰামৰ্শমতে নিদিষ্ট সময়ত খেতি চপাব।জীৱ জন্তৰ স্বাস্থ্যহানি পৰিবেশ দূষিত আৰু মাটিত থকা উপকাৰী জীৱবোৰ মৰি যাব।
  • ওখ ঘেহুৰঁ জাতত মুকুট শিপা আৰু গাঠি ধৰা সময়ত যেনেতেনে পানী দিব।অৰ্ধচাপৰ জাতৰ ক্ষেত্ৰত পোখামেলা আৰু ফুল ধৰা সময়ত পানী দিয়াৰ উপৰিও মাটিডৰা সততে সেমেকি থকা দৰকাৰ।ঘেহুডৰাত পানীৰ পৰিমান ৫০-৬০ শতাংশ হলে লগে লগে পানী দিব।চাপৰ জাতৰ ঘেহুৰঁ ক্ষেত্ৰত ৫-৬ বাৰ পানী বীজ সিচাঁৰ ২৫-৩০ দিন,৫০-৬০ দিন,৫-৮০ দিন,৮৫-৯০ দিন,১১০-১২৫ দিনত মাটি সংপৃক্ত হোৱাকৈ পানী অৰ্থাৎ প্ৰথমে মুকুট শিপা ওলোৱ সময়ত পোখা মেলা পলমকৈ গাঠি ধৰা সময়ত গাখীৰতী অৱস্থাত পানি যোগান নকৰিলে ঘেহুৰঁ পোখা মেলা,দানাৰ আকাৰ আৰু শীহত গুটিৰ পৰিমান কমি যায়।কিন্ত নিশ্চিত পানী যোগান ধৰাৰ ব্যৱস্থা নাথাকিলে মুকুট শিপা ওলোৱা(অৰ্থাৎ বীজ সিচাৰঁ ২৫-৩০ দিন পিচত)আৰু ফুল ধৰা সময়ত(৮০-৯০ দিনত)পানী যোগান(কলহ,বাল্টি বা যিকোনো উৎসৰ পৰা হলেও)ধৰিব নহলে উৎপাদন হ্ৰাস পাব।
  • ব্লাইট ৰোগে ধৰক বা নধৰক বিলাহী আলু জলকীয়াৰ প্ৰ্তি ১৫-২০ দিনৰ অন্তৰে অন্তৰে ব্লাইটক্স বা ডাইথেন জেদ ৭৮ ঔষধ ২০-২৫ গ্ৰাম ১০ লিটাৰ পানীত মিহলাই গছ তিতি যোৱাকৈ স্প্ৰে কৰিব।ব্লাইটে ধৰা অংশ পিচত ঔষধ প্ৰয়োগ কৰি নিৰোপন কৰা টান।
  • যিকোনো খেতিতে কেচাঁ গোবৰ নিদিব।কেচাঁ গোবৰে ৰোগ পোক আকৰ্ষিত কৰে মাটিৰ উষ্ণতা বঢ়ায়।
  • ইউৰীয়া সাৰ যিকোনো খেতিত দিওঁতে শুকান গোবৰ বা শুকান মাটি সাৰৰ লগত ৫০ কেজি মান শুকান মাটি গোবৰ মিহলাই ৪৮ ঘন্টা গাপ দি ৰাখি খেতিত প্ৰয়োগ নকৰিলে নাইট্ৰ্জেন ভাগ নষ্ট নহয় গছে সাৰ ভাগ লগে লগে লব পাৰে।
  • ইউৰীয়া সাৰ যিকোনো খেতিত দিওঁতে শুকান গোবৰ বা শুকান মটি সাৰৰ লগত ৫০ কেজি মান শুকান মাটি গোবৰ মিহলাই ৪৮ ঘন্টা গাপ দি ৰাখি খেতিত প্ৰয়োগ কৰিলে নাইট্ৰোজেন ভাগ নষ্ট নহয় গছে সাৰ ভাগ লগে লগে লব পাৰে।
  • ঘন পালেং পুলি শাৰীবদ্ধভৱে অন্য ঠাইৰ ৰুই পাচন সাৰ পানী দি পুতিঁ থওঁক।
  • ঘাঁহজাতীয় শস্য হিচাপে মাইকজোবা দিন নাথ ঘাঁহ,পাৰাঁ,নেপিয়াৰ আৰু ওটৰ খেতি কৰিব পাৰে।
  • মাছৰ পুখুৰীত প্রথমে গোবৰ ১০ দিন পিচত চূণ বা পটাছ পৰমেংগনেট আৰু অনুমোদিত হাৰত ইউৰিয়া, একক চুপাৰ ফচফেট আৰু পটাছ সাৰ দিলে পানীৰ ওপৰত পেঞ্চটন নামৰ এবিধ পদার্থৰ খাই মাছে প্রোটিনৰ খোৰাক পায় লগতে সাৰ প্রয়োগৰ ফলত পানী ভাগ চাফা হৈও থাকে।

উৎস: অসম ক্ষুদ্ৰ কৃষক কৃষি বাণিজ্য কনছ’টিয়াম।

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate