দেহৰ পৰিপুষ্টি সাধনত খাদ্য তালিকাত ফলমূল আৰু শাক-পাচলিৰ ভূমিকা অপৰিহাৰ্য্য৷ সুষম আহাৰত প্ৰতিদিনে এজন প্ৰাপ্ত বয়স্ক লোকৰ বাবে প্ৰয়োজন হোৱা ফলমূল আহাৰৰ পৰিমাণ ৮৫৫ গ্ৰাম আৰু শাকপাচলিৰ ৩৫০ গ্ৰাম (২০০ গ্ৰাম সেউজীয়া শাক-পাচলি আৰু ১৫০ গ্ৰাম (শিপা পাচলি)৷ ফলমূল আৰু শাক-পাচলিত যথেষ্ট পৰিমাণে খাদ্যপ্ৰাণ আৰু খনিজ পদাৰ্থ থাকে৷ ইয়াৰ বাদেও কাৰ্বহাইড্ৰেট, প্ৰটিন আদিও সঞ্চিত থাকে৷ দেহত সহজে হজম হোৱা পৰিপ্ৰেক্ষিতত ফলমূল আৰু শাক-পাচলি সদায় দেহৰ বিপাকীয় কাৰ্য স্বচ্ছল ৰখাত প্ৰয়োজন হোৱা শক্তিও যথেষ্ট পৰিমাণে যোগান ধৰে৷ অন্যান্য দানা শষ্যৰ তুলনাত ফলমূল আৰু শাক-পাচলিৰ প্ৰতি একক মটিত উৎপাদন শক্তিৰ যথেষ্ট গুণে বেছি৷ দেহৰ সুৰক্ষাত ফলমূল আৰুশাক-পাচলিৰ ভূমিকা অনস্বীকাৰ্য্য হেতুকে ফলমূল আৰু শাক-পাচলি খাদ্যক প্ৰতিৰোধক খাদ্য (Protective) বুলি আখ্যা দিয়া হয়৷
সাধাৰণতে ঘৰৰ পিচফালে নাইবা ঘৰৰ কাষতে খালি পৰি থকা মাটীখিনিত শাক-পাচলিৰ বাৰী এখন স্হাপনৰ দ্বাৰা ঘৰতে প্ৰয়োজন হোৱা শাক-পাচলিখিনি কম খৰচতে সহজতে সতেজ অৱস্হাত লাভ কৰিব পাৰি৷ শাক পাচলিৰ বাৰীৰ কাষতে উত্তৰ দিশে থকা মিটিখিনিতো কেই জোপামান ফলমূলৰ গছ ৰুইও শাক-পাচলিৰ লগতে ফলমূলখিনিও আহৰণ কৰিব পাৰি৷ এনে ধৰণৰ সোনকালে বঢ়া ফলমূলৰ গছবিলাক হ’ল অমিতা, নেমু মাটিকঠাক, কল, চজিনা ইত্যাদি৷ এনেদৰে শাক-পাচলি আৰু ফলমূলৰ গছ ৰুই পৰিয়ালৰ মানুহখিনিৰ শ্ৰমদান, জিৰণিৰ উৎসৰ লগতে আনন্দ উপভোগ কৰাৰ স্হলী সৃষ্টি কৰিব পাৰি৷ সাধাৰণতে এখন ২০০ বৰ্গ মিটাৰ বাৰীয়ে প্ৰতিদিনে ১.৫ কিলোগ্ৰাম শাক পাচলি যোগান ধৰে যিয়েই একোটা ৫ জন থকা মানুহৰ বাবে যথেষ্ঠ ৷ ফলমূল বা শাক-পাচলি ৰোৱা বা সিঁচাৰ আগতে জাত নিৰ্বাচনত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে৷ নিৰ্বাচিত কৰা জাতবিলাক উৎপাদনক্ষম, নিৰোগী আৰু বিশ্বাসযোগ্য উৎসৰ হব লাগে৷ উন্নত কৃষি পদ্ধতিত শাক-পাচলিৰ বাৰীৰ কাষতে কৰিবলগীয়া ফলমূল শষ্যৰ খেতিৰ বিৱৰণ তলত উল্লেখ কৰা হ'ল৷
নেমু গছৰ বাবে ৰুব লগীয়া ঠাইডোখৰত শাকপাচলি বাৰীৰ উত্তৰ দিশৰ যিকোনো একাষে হব লাগে৷ গছবিলাক মধ্যমীয়া আকৃতিৰ লগতে দীৰ্ঘদিনীয়া হোৱাৰ বাবে এনে কৰিলে প্ৰতিপালন কৰাত আৰু সৌন্দৰ্য্য বৃদ্ধিত সহায়ক হয়৷ ৰোৱাৰ আগতে গাঁতবিলাক দীঘে বহলে আৰু দই ১১/২ ফুট আকাৰৰ কৰি এজোপা গছৰ পৰা আনজোপা গছলৈ ৩ মিটাৰ (১০ ফুট) ব্যটধানত খান্দি তাত গোবৰ আৰু মাটি ১:১ অনুপাতত মিহলাই গাঁতৰ ২/৩ অংশ পুৰাই বৰ্ষাকালৰ আগে আগে উপযুক্ত মাতৃগছৰ পুলি আনি ৰুব লাগে৷ গোলনেমুৰ বাবে ১৬ ফুট ব্যৱধানত গাঁত খান্দিব লাগে৷ পুলিবোৰ সংস্হাপিত হোৱাৰ পিছত প্ৰথম বছৰত প্ৰতিজোপা গছত ৫ কিলোগ্ৰাম পচন সাৰ, ইউৰীয়া ৩০০ গ্ৰাম, চুপাৰ ফচফেট্ ৩০০ গ্ৰাম আৰু মিউৰিয়েট অৱ পটাছ সাৰ ২০০ গ্ৰাম দিব লাগে৷ ৰোৱাৰ প্ৰথম বছৰৰ পৰা চতূৰ্থ বছৰৰলৈকে একে পৰিমাণৰ প্ৰত্যেকবিধৰে সাৰ বঢ়াই চতুৰ্থ বছৰত পচনসাৰ ২০ কিলো, ইউৰিয়া ১২০০ গ্ৰাম, চুপাৰ ফচফেট্ ২৪০০ গ্ৰাম আৰু মিউৰিয়েট অৱ পটাছ ৮০০ গ্ৰাম প্ৰথম বছৰত দিয়াৰ দৰে দুভাগ কৰি প্ৰয়োগ কবি লাগে৷ বৰীৰ নেমু গছকিজোপাত পোক- পতংগ আৰু বেমাৰ আজাৰ নহবলৈ সদায় গছৰ তল বা গুৰি বন বাত চিকুনাই চাফা কৰি ৰাখিব লাগে৷ সঘনাই গিছকিজোপা পৰিদৰ্শণ কৰি বন বাত চিকুনাই খৰালি সঘনে মাটিৰ জীপালৈ লক্ষ্য ৰাখি জলসিঞ্চনৰো ব্যৱস্হা কৰিব লাগে৷ পৰাপক্ষত কীটনাশক ঔষধ প্ৰয়োগ নকৰাই ভাল আৰু যদিহে কিবা কাৰণত কৰিব লাগে তেতিয়াহ'লে পাত খোৱা পোকৰ কাৰণে মালাথিয়ন ৫০ ইচি নামৰ ঔষধ ১ মিলিলিটাৰ ১ লিটাৰ পানীত মিহলাই স্প্ৰেয়াৰেৰে গছৰ পাতৰ তলে ওপৰে স্প্ৰ কৰিব লাগে৷
ৰুবলগীয়া পোখা পুলিবিলাক উন্নত জাত বিশেষকৈ “কিউ” বা “কুইনৰ” হব লাগে ৷ পুলিবিলাক ৰোৱাৰ আগতে বেমাৰৰ বীজাণু গুচাবৰ বাবে ইন্দফিল এম ৪৫ নামই ঔষধ ৪ গ্ৰাম ১ লিৱাৰ পানীত মিহলাই প্ৰস্তত কৰা দ্ৰৰে গুড়ি অংশ তিয়াই লব লাগে৷ ৰোৱাৰ সময় এপ্ৰিলৰ পৰা অক্টেবৰৰ লৈকে৷ ৰোৱাৰ ব্যৱধান দুটা শাৰীৰ মাজত ৬০ চে: মি: (২ ফুট) আৰু প্ৰতিতো শাৰীত ৩০ চে: মি: (১ ফুট) অন্তৰত একোটা পুলি ৰুপণ কৰিব লাগে৷ প্ৰতিজোপা গছৰ বাবে অনুমোদন কৰা সাৰৰ পৰিমাণ হ’ল গোবৰ সাৰ ৫০০ গ্ৰমে, ইউৰিয়া ২৫ গ্ৰাম, চুপাৰ ফচফেট্ ১২ গ্ৰাম আৰু মিউৰিয়েট অৱ পটাছ ২০ গ্ৰাম৷ কেউটা সাৰ মিহলাই গছৰ গছৰ কেউকাষে দিব লাগে৷ পুলি ৰোৱাৰ পিছত বছৰত কমও ৩-৪ বাৰ মান বন নিৰাই দিব লাগে৷ ফল লগাৰ পিছত ফলৰ ৰ’দ পৰা অংশত আংশিক ছাঁৰ ব্যৱস্হা কৰি দিব লাগে৷ ৰোৱাৰ প্ৰথম পোখা পুলিৰ পিছৰ দুটা পুলি হোৱালৈকে একেঠাইতে মাটিকঠালৰ খেতি কৰি পিছত উঠাই পেলাব লাগে৷ পাতত দাগ পৰা বেমাৰ দেখিলে ইন্দোফিল এম-৪৫ ঔচধ ৩ গ্ৰাম ১ লিটাৰ পানীত মিহলাই পাতত ছটিয়াব লাগে৷
ৰুবৰ বাবে চাপৰ জাতৰ ‘জাহাজী’ কল নিবৰ্বাচন কৰাতোৱেই শ্ৰেয়, কিয়োনো এনে জাতৰ কল ৰুলে কম মাটিত অধিক উৎপাদন পাব পাৰি৷ প্ৰস্তত কৰা গাঁতবিলাক ডেৰ ফুট দীঘল, ডেৰ ফুট বহল আৰু ডেৰ ফুট দ কৰি গাঁত পুলি ৰোৱাৰ ১-১১/২ মাহ মান আগতে খান্দিব লাগে৷ ১ টা গাঁতৰ পৰা আনটো গাঁতলৈ ৬ ফুটৰ ব্যৱধান হব লাগে৷ গাঁতত পচন সাৰ দি মাটিৰে ভালকৈ মিহলাই গাঁতৰ আধামান পুৰাই পুলিটো সোমাজত ৰাখি মাটি জাপি দিব লাগে৷ বৰ্ষাকালৰ আগে আগে যিবিলাক পুলিৰ গুৰিটো শকত আৰু আগটো চিঁয়া আৰু পাত বিলাক তৰোৱাল খনৰ দৰে আৰু পুলিবিলাকৰ ওজন ১১/২ কিলোৰ পৰা ২ কিলো ভিতৰত হব লাগে৷
কলৰ আকাৰ আৰু গুণৰ কাৰণে সাৰ প্ৰয়োগ কৰাৰ দৰকাৰ৷ পুলি ৰোৱাৰ সময়ত অকল গোবৰ সাৰ প্ৰয়োগ কৰিব লাগে আৰু তিনি মাহৰ পিছত গাতটো পুলিৰ গুৰিত (গুৰিৰ পৰা ১ ফুট আঁতৰত) ১২০ গ্ৰাম ইউৰীয়া ২১০ গ্ৰাম ছুপাৰ ফচফেট্ আৰু ২৫০ গ্ৰাম পটাছ্ প্ৰয়োগ কৰিব লাগে৷ তাৰ পাছত পুলি ৰোৱাৰ পাঁচ মাহৰ পিছত গছৰ গুৰিৰ পৰা ২ ফুট আঁতৰত আকৌ ১২০ গ্ৰাম ইউৰীয়া আৰু ২৭৫ গ্ৰাম পটাছ্ সাৰ প্ৰয়োগ কৰিব লাগে৷ সদায় মাটিত জীপ থকাৰ অৱস্হাতহে সাৰ প্ৰয়োগ কৰিব লাগে৷ কল গছৰ গুৰি সদায় বন বাত চিকুনাই ৰাখিলে পোক-পতংগই আক্ৰমণ কৰিব নোৱাৰে৷ জাৰকালি গছৰ গুৰিত পানী দিয়াতো নিত্যান্তই দৰকাৰ৷
অমিতাৰ উভয়লিঙ্গ জাত যেনে কুৰ্গ ১, কুৰ্গ ২, ৱাচিংটন, কুৰ্গ ২ ডিউ নিবৰ্বাচন কৰিব লাগে ৷ গাঁত বিলাক দীঘে, বহলে আৰু দই ১১/২ ফুট আকাৰৰ কৰি এজোপা গছৰ পৰা আনজোপা গছলৈ ৬ ফুট ৰাখি এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত ৰুব লাগে৷ প্ৰতিজোপা গছতে প্ৰতি বছৰে অনুমোদিত কৰা ৰাসায়নিক সাৰৰ পৰিমাণ হল ইউৰিয়া ১১০০ গ্ৰাম, চুপাৰ ফচফেট্ ৩১০০ গ্ৰাম আৰু মিউৰিয়েট অৱ পটাছ ৮৩০ গ্ৰাম৷ মুঠ সাৰৰ আধাভাগ ৰোৱাৰ ২য় মাহত আৰু আধাভাগ ফল ধৰাৰ সময়ত দিব লাগে৷
অমিতা খেতিত লবলগীয়া সাৱধানতা
পলিথিনৰ মোনা সংগ্ৰহ কৰি মাটি, বালি আৰু পচন সাৰৰ মিশ্ৰণ বনাই পলিথিনৰ মোনাত ভৰাই এটা ফুটা কৰি বীজ সিঁচিব লাগে৷ খাজে খাজে পানী দিব লাগে৷ ১ মাহ মানৰ পিচত পুলি ৰোৱাৰ বাবে উপযুক্ত হয়৷ আমি যিহেতু সদায় থলুৱা সঁচৰ ওপৰত নিৰ্ভৰশীল সেইকাৰণে থলুৱা সঁচ হলে এটা গাঁতত ৪ টাকৈ পুলি ৰুব লাগে যিহেতু পুলি অৱস্হাতে মতা আৰু মাইকী পুলিৰ প্রভেদ উলিয়াব নোৱাৰি৷ যেতিয়া গছ ফুলিব তেতিয়া মাইকী গছবোৰ ৰাখি মতা গছবোৰ কাটিব লাগিব যদিও বাৰীখনত দুই এজোপা মতা গছৰ প্ৰয়োজন হয় যিহেতু পৰাগ যোগ হৈ অধিক উৎপাদন পাবলৈ হলে মতা গছৰ প্ৰয়োজন হয়৷ সাধাৰণতে ১০ জোপা মাইকী গছৰ মাজত ১ জোপা মতা গছ থাকিব লাগে৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 4/23/2020
এশ এবিধ শাক-পাচলি আৰু ইয়াৰ ঔষধি গুণ
নদন-বদন হৈ উঠিছে শীতকালীন শাক-পাচলি
গৰমৰ দিনত কি শাক-পাচলি আৰু ফলমূল খাব?
খাদ্য নীতি, স্বাস্থ্য সাধনা আৰু কৃষি ব্যৱস্থা