অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শালি ধানৰ পথাৰত দ্বিগুণ খেতিৰ কৃষি কৌশল :

শালি ধানৰ পথাৰত দ্বিগুণ খেতিৰ কৃষি কৌশল :

 

আমাৰ ৰাজ্যখন ধান উৎপাদনৰ ক্ষেত্ৰত প্ৰায় স্ব-নিৰ্ভৰশীল হৈছে। শালি ধানৰ লগতে বৰোধানৰ খেতিয়ে যথেষ্ট প্ৰসাৰতা লাভ কৰিছে। কিন্তু মাহজাতীয় আৰু তৈল শস্যৰ উৎপাদনৰ বেলিকা ভালেখিনি পিছপৰা। থলুৱা উৎপাদনে মাহৰ প্ৰয়োজনৰ ৩০-৩২ শতাংশহে পূৰাব পাৰে, অৰ্থাৎ ৬৮-৭০ শতাংশ ঘাটি। তৈল উৎপাদনৰ ক্ষেত্ৰত এই ঘাটি প্ৰায় ৫০ শতাংশ। গতিকে ধানৰ লগতে মাহজাতীয় শস্য, তৈল শস্য আদিৰ উৎপাদন বঢ়োৱাৰ কাৰণে সঠিক আঁচনিৰ জৰিয়তে শৃংখলাবদ্ধ প্ৰয়াস বৰ্তমান সময়ৰ আটাইতকৈ জৰুৰী কথা।

এইফালে জনসংখ্যা বাঢ়ি গৈ থকাৰ লগে লগে জনমূৰি মাটিকালি দ্ৰুত হাৰত কমি গৈ আছে। গতিকে কম মাটিত অধিক উৎপাদনৰ লক্ষ্য হোৱাটোৱেই কাম্য। ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়েও এইবোৰ শস্যৰ উৎপাদন বঢ়াই স্ব-নিৰ্ভৰশীল হোৱাৰ কাৰণে ভালেমান আঁচনি ৰূপায়ণ কৰিছে। এইবিলাকৰ জৰিয়তে ৰবি শস্য বতৰত ছন পৰি থকা শালিধানৰ মাটি শস্য উৎপাদনৰ বাবে ব্যৱহাৰ কৰিবলৈ আমাৰ কৃষকসকলক উৎসাহ যোগাই আহিছে।

ভাৰত চৰকাৰে আকৌ ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু পথাৰত যদি বছৰটোৰ আধাৰো বেছিসময় খেতিয়েই নাথাকে, তেতিয়াহ’লে কেনেকৈ হ’ব। জীৱনৰ মূল উপাদান মাটি, পানী, বায়ু আদি হ’লেও মাটিৰ গুৰুত্ব প্ৰথম স্থানত। সেয়েহে মাটিৰ সদ্বব্যৱহাৰ কৰি মানৱ সভ্যতাক আগুৱাই নিব লাগিব।

অসমত শালি ধানৰ খেতি প্ৰায় ১৯ লাখ হেক্টৰ কৃষিভূমিত কৰা হয়। এই খেতি দ বা মধ্যমীয়া দ মাটিত কৰা হয়। ইয়াৰে কিছুখিনি আলতীয়া আৰু কিছুখিনি পলসুৱা মাটি। বৰ্তমান সময়ত শালি ধানৰ মুঠ মাটিকালিৰ প্ৰায় ২৫ শতাংশ মাটিতহে ৰবি শস্যৰ খেতি কৰা হয়। শালি ধানৰ মাটিৰ প্ৰায় ১০ লাখ হেক্টৰ মধ্যমীয়া দ পলসুৱা মাটি। এই মাটিখিনি নানান ৰবি শস্যৰ বাবে অতি উপযোগী। কিন্তু দুখ লগা কথা এই যে ইয়াৰ ভিতৰৰে প্ৰায় ৬.৫ লাখ হেক্টৰ ৰবি শস্য বতৰত ছন পৰি থাকে। যদিহে ইয়াৰে এটা অংশ মাহজাতীয় আৰু তৈল শস্যৰ অধীনত ৰবি শস্য বতৰত আনিব পৰা যায়, আমাৰ ৰাজ্যখন অদূৰ ভৱিষ্যতে স্বনিৰ্ভৰশীল হোৱাত কোনো অন্তৰায় নাথাকে।

যিবিলাক অঞ্চলত বানপানীয়ে শালি ধানৰ খেতি নষ্ট কৰে, তাত ৰবি শস্যৰ খেতি সচৰাচৰ দেখা যায়। আন এটা দৃশ্যও সঘনাই দেখা পাওঁ। সেয়া হ’ল অৰ্থাৎ অগভীৰ নলীনাদ থকাৰ সুবাদতে বালিচহীয়া মাটিতো বৰোধানৰ খেতি।

এই খেতি কেতিয়াও লাভজনক নহয়, কাৰণ ৩০ বাৰলৈকে জলসিঞ্চন কৰা দেখা যায়। য’ত এটা বৰোধানৰ খেতিত ১৫ বাৰতকৈ অধিক জলসিঞ্চন কেতিয়াও প্ৰয়োজন নহয়। সেয়েহে এনেকুৱা মাটিত বৰোধান এৰি কম জলসিঞ্চন লগা শস্য যেনে- মাহজাতীয় শস্য(মচুৰ মাহ, মটৰ মাহ, ৰাজমাহ, খেচাৰি মাহ), তৈল্য শস্য যেনে- সৰিয়হ, তিচি আদিৰ খেতি কৰিব লাগে। এনেকুৱা খেতিত এটা বা বৰ বেছি দুটা জলসিঞ্চন, তাকো পাতলীয়াকৈ দিলেই যথেষ্ট। সৰিয়হৰ ক্ষেত্ৰত ফুল ফুলাৰ সময়ত আৰু মচুৰ মাহৰ ক্ষেত্ৰত ছেঁই ধৰাৰ সময়ত যদিহে বৰষুণ নহয়, এবাৰ জলসিঞ্চন কৰিলে উৎপাদন যথেষ্ট বাঢ়ে।

শালি ধানৰ জাত, ইয়াৰ শস্যকাল আৰু ৰোৱাৰ সময়ৰ লগত ৰবি শস্য সময়মতে সিঁচিব পৰাৰ সম্পৰ্ক আছে। দ মাটিত ৰোৱা শালিধানৰ জাতবোৰ হ’ল ওখ, যেনে- মনোহৰ শালি, মাহচুৰী, স্বৰ্ণপ্ৰভা, কেতেকী জহা আদি। মধ্যমীয়া দ মাটিত কৰা জাতবোৰ তুলনামূলকভাৱে চাপৰ যেনে- ৰঞ্জিত, বাহাদূৰ, কুশল, স্বৰ্ণ আদি।

এই জাতবিলাকৰ উচ্চতা ৮৫-১১৫ চেন্টিমিটাৰ। অৱশ্যে এইটো নহয় যে ওখ জাতৰ খেতি মধ্যমীয়া দ মাটিত কৰিব নোৱাৰি বা কৰা নহয়। আনহাতে বানাক্ৰান্ত পথাৰৰ বাবে স্বৰ্ণ চাব ১ আৰু ৰঞ্জিত চাব ১ উপযুক্ত জাত।

এই জাত দুটা গোছা ঠন ধৰি উঠাৰ পৰা ফুল ফুলাৰ আগৰ সময়ছোৱাত প্ৰায় দুসপ্তাহলৈকে পানীত বুৰ গৈ থাকিলেও বিশেষ অনিষ্ট নহয়। ইহঁতৰ পানীত বুৰ গৈ থকা অৱস্থাত সহনশীল ক্ষমতা আছে। সহভাগী নামৰ ধানৰ আন এটা বৰ ভাল জাত আছে। ইয়াৰ আকৌ খৰাংসদৃশ পৰিস্থিতি সহ্য কঠীয়া ৰুই বা বীজ সিঁচিও কৰিব পাৰি।

ৰঞ্জিত, বাহাদুৰ, কুশল আদি জাত দীঘলীয়া শস্যকালৰ(১৫০-১৫৫ দিন), স্বৰ্ণ, বসুন্ধৰা, স্বৰ্ণ চাব ১ আদি মধ্যমীয়া শস্যকালৰ(১৩০-১৪০ দিন)। শালি ধানৰ পিছত ৰবি শস্যৰ খেতি সময়মতে সিঁচিবলৈ হ’লে অৰ্থাৎ অক্টোবৰ মাহৰ মাজভাগৰ পৰা নৱেম্বৰ মাহৰ মাজভাগৰ ভিতৰত সিঁচিব লাগিলে শালি ধানৰ মধ্যমীয়া শস্যকালৰ জাত আদৰি ল’ব লাগিব। আৰু যদিহে দীঘলীয়া শস্যকালৰ জাতৰ এমহীয়া কঠীয়া জুন মাহৰ ভিতৰত ৰোৱাৰ ব্যৱস্থা কৰিব লাগে।

উৎস: নিয়মীয়া বাৰ্তা(ড° হেমেন কলিতা, ড° ৰঞ্জনা চক্ৰৱৰ্তী)

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate