শালি ধানৰ খেতি আমাৰ প্ৰাণৰ খেতি।ইয়াৰ ওপৰতে আমাৰ বছৰটোৰ অন্নমুঠি আৰু কানিকপোৰ তথা ধনবল নিৰ্ভৰ কৰিছে। অন্ন নহলে জীয়াই থকাৰ কথা ভাবিবই নোৱাৰি। শাস্ত্ৰতো “অন্নান ভূতানাং জেষ্ঠম্”। অন্নান ব্ৰহ্মতি বিগয়নাত। ভৃগু ঋষিয়েও অন্নক ব্ৰহ্ম বুলি কৈছে। বৌদ্ধসকলৰ ইশ্বৰী বসুন্ধৰাৰ ডিঙিত এধাৰি সোণৰ মনিৰ লগতে ধান গুটিৰো এধাৰি মালাই বিৰাজিত। সোণৰ দৰেই ধান মূল্যবান।
বসুন্ধৰাত শালিধানে সেউজীবোল সানোতেই কিন্তু ধানখেতিত পোক পতঙ্গই আহি উবুৰি খাই পৰাৰ সম্ভাৱনা থাকে। বেমাৰ আজাৰ আৰু পোক পৰুৱাৰ পৰা হব লগা সম্ভাব্য অনিষ্টৰ কথা আৰু খেতি কৰাৰ সময়ছোৱাত লব লগা ব্যৱস্থাপনা খেতিয়কৰ জ্ঞাত হোৱা নিতান্ত প্ৰয়োজন। এই লিখনিত ধান শস্যত হোৱা বেমাৰ বিলাকৰ বাবে সমন্বিত পদ্ধতিত কি কি ব্যৱস্থা লব পাৰি তাৰহে আলোচনা আগবঢ়োৱা হৈছে।
প্ৰতিৰোধক জাত
ক) পাত জ্বলা: বাহাদুৰ, মনিৰাম, পিয়লি, কুশল, এন্দ্ৰিউ শালি, মনোহৰ শালি, আই ই টি-১০০১৬, আই ই টি-১০০২১ ইত্যাদি।
খ) বৌখা চবকা পৰা: বাহাদুৰ, ৰঞ্জিত, মনিৰাম, পিয়লি, কুশল, লখিমী, পঙ্কজ, মনোহৰ শালি, এন্দ্ৰিউ শালি, বৰশ’লপোনা, ইকৰা-শালি ইত্যাদি।
গ) বৌখা পচা: পঙ্কজ, বাহাদুৰ, মনিৰাম, এণ্ড্ৰিউশালি, ৰঞ্জিত ইত্যাদি।
ঘ) বেক্টেৰীয়েল ব্লাইট: ৰঞ্জিত, বাহাদুৰ, পঙ্কজ, মনিৰাম, মাচুৰী, পিয়লি, মনোহৰ শালি ইত্যাদি।
বীজশোধন
বীজশোধন এটি নৈমিত্তিক ব্যৱস্থা হোৱা উচিত। বীজশোধন কৰিলে কঠীয়াতলীত হব পৰা বেমাৰ আৰু পাচলৈও ইয়াৰ প্ৰকোপ কমোৱাত সহায়ক হয়।
বীজশোধন পদ্ধতি
ডাইথেন এম- ৪৫ বা কেপটাফ ঔষধ ২.৫ গ্ৰামকৈ প্ৰতি কিলো বীজৰ বাবে ব্যৱহাৰ কৰা হয়। বেভিষ্টিন দৰৱ প্ৰতি কিলো বীজৰ বাবে ১ গ্ৰামেই যথেষ্ট।
প্ৰতিকিলো শুকান বীজত ২.৫ গ্ৰাম হিচাপে ঔষধ মিহলাই ড্ৰাম বা টিনত বন্ধ কৰি ৫-৬ মিনিটমান সময় জোকাৰি লব লাগে। তেনে কৰিলে ঔষধৰ এটি চামনী বীজৰ ওপৰত পৰিব। হাতেৰে ঘুৰাব পৰা বীজশোধন ড্ৰামত বীজ শোধন কৰিব পাৰিলে কম সময়ত বহুখিনি বীজ শোধন কৰিব পাৰিব। তিয়াব লগা বীজ, ওপৰত উল্লেখ কৰা ঔষধ, প্ৰতিকিলো বীজৰ বাবে ১ লিটাৰ পানীত মিহলাই ২৪ ঘণ্টা ডুবাই ৰাখিব আৰু পাচত এই বীজখিনি গাপ দিব পাৰিব।
পানী জমাহৈ থকা কঠীয়াতলিত ব্লাষ্ট বেমাৰৰ প্ৰকোপ সীমিত অৱস্থাত থাকে। কঠীয়াতলীৰ পানী শুকাই গলে পুনৰ পানী ভৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। হিন’চান বা বেভিষ্টিন ঔষধ স্প্ৰে কৰিলে এই ৰোগ সহজে নিৰাময় কৰিব পাৰি। ব্লাষ্ট বা মুগা দাগ পৰা বেমাৰ হোৱা ঠাইত পটাছ সাৰ প্ৰয়োগ কৰাটো অত্যন্ত প্ৰয়োজনীয় কথা। কঠীয়াতলিত বীজৰ পৰিমাণ প্ৰয়োজনতকৈ বেছি কৰিব নালাগে। কঠীয়াতলিত কঠাই প্ৰতি কমেও ৮০০ গ্ৰাম ব্যৱহাৰ কৰিব লাগে।
কঠীয়া ৰোৱা দূৰত্ব যাতে বেছি ঘন নহয় তালৈ বিশেষ সতৰ্কতা অৱলম্বন কৰা উচিত। সাধাৰণতে চাৰি মহীয়া জাত ৮x৬(ইঞ্চি) দূৰত্বত আৰু তিনিমহীয়া জাত ৬x৪ (ইঞ্চি) দূৰত্বত ৰুব লাগে। কিন্তু ব্লাষ্ট, বৌখা পচা, বৌখা চবকা বা লিফব্লাইট বেমাৰ হোৱা ঠাইত ৮x৮ বা ৬x৬(ইঞ্চি) কৰিব পাৰি। সেইদৰে সাৰৰ পৰিমানো ঠাই বিশেষে কম বেছি হব পাৰে। সাধৰনতে বিঘাই প্ৰতি ১২ কিলোগ্ৰাম ইউৰীয়া, ১৭ কিলোগ্ৰাম একক চুপাৰ ফছফেট আৰু ৪ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰ অনুমোদিত পৰিমনাতকৈ বঢ়াই দিব লাগে। বছৰ বছৰ ধৰি এই বেমাৰ হোৱা ঠাইত পটাছ সাৰ পৰিলে বিঘাই প্ৰতি ৮ কিলো পৰ্যন্ত দিব পাৰি। তাৰোপৰি বেমাৰ দেখা দিলে ২০ শতাংশ গোৱৰ পানীৰ (২০০গ্ৰাম/লিটাৰত) মিশ্ৰন সাত দিনৰ অন্তৰে অন্তৰে স্প্ৰে কৰিব লাগে। বাকানী বেমাৰ হোৱা কঠীয়া উভালি নষ্ট কৰিব লাগে। ৰোৱাৰ আগতে কঠীয়া তলীত বেভিষ্টিন নামৰ দৰৱ এক মি:লি: প্ৰতি লিটাৰ পানীত গুলি প্ৰয়োগ কৰিলে ৰোৱাৰ পাচত এই বেমাৰে বিশেষ অপকাৰ কৰিব নোৱাৰে। গা-গছ পচা বেমাৰ হ’লে ঔষধ প্ৰয়োগ গা-গছৰ তলৰ অংশত স্প্ৰে কৰিব লাগে। এই বেমাৰ সাধাৰণতে হালি যোৱা জাতত বিশেষকৈ বেছি আক্ৰমন কৰে। গা-গছ শুকাই যায় আৰু ফুল ফুলৰ পাচত হলে উত্পাদনত ব্যাঘাট জন্মে। এই বেমাৰ হ’লে জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে। পটাছ সাৰ পৰ্যাপ্ত পৰিমাণে (বিঘাই প্ৰতি ৬ ৰ পৰা ৮ কিলো) দিব লাগে, বেভিষ্টিন ০.১ শতাংশ হিচাপে দহ দিনৰ অন্তৰে অন্তৰে দুবাৰ প্ৰয়োগ কৰা উচিত।
বৌখা চবকা পৰা বেমাৰ ওপৰত উল্লেখ কৰা ধৰণে প্ৰতিকাৰ কৰা যায়। পটাছ সাৰ আৰু বেছিকৈ (বিঘাই প্ৰতি ৬-৮ কি:গ্ৰা) ব্যৱহাৰ কৰিব লাগে।প্ৰতি হেক্টৰত (৭.৫ বিঘা) সেউজীয়া সাৰ ৫০ কুইণ্টল আৰু পচা গোবৰ ২৫ কুইণ্টল দি খেতি কৰিলে এই বেমাৰৰ প্ৰকোপ কম হয়। ট্ৰাইক’ডাৰমাৰ দ্বাৰা কৰিলেও বৌখা পচা বেমাৰৰ প্ৰকোপ কম হয়। দহশতাংশ বা তাতকৈ বেছি গছ আক্ৰান্ত হ’লে বেভিষ্টিন প্ৰতি লিটাৰ পানীত একগ্ৰাম হিচাপে মিহলাই স্প্ৰে কৰিব লাগে।
এই সকলো কথা চালি জাৰি চাই সু-স্ংহত ভাৱে সঠিক সময়ত সু-ব্যৱস্থা ললে বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰি।
অসম কৃষি বিজ্ঞান কেন্দ্ৰ, অসম কৃষি বিশ্ববিদ্যালয় চিলঙনী নগাওঁ
শেহতীয়া উন্নীতকৰণ: : 10/7/2018