অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুসংহত শস্য সুৰক্ষা ব্যৱস্থাপনা(আই পি এম)

সুসংহত শস্য সুৰক্ষা ব্যৱস্থাপনা(আই পি এম)

ধানখেতি

সুসংহত শস্য সুৰক্ষা ব্যৱস্থাপনা হল এক বা একাধিক ব্যৱস্থাপনা(জৈৱিক,জৈৱ-প্ৰযুক্তি,ৰাসায়নিক,প্ৰাকৃতিক আৰু উদ্ভিদ প্ৰজনন)যাৰ দ্বাৰা শস্যৰ অনিষ্টকাৰী কীট-পতংগ,বেমাৰ,শস্যভূমী,বন-বাট,এন্দুৰ আদিৰ অনিষ্টৰপৰা পৰিৱেশ দূষিত নকৰাকৈ সুৰক্ষা প্ৰদান কৰিব পৰা ব্যৱস্থাপনা।ই অৰ্থনৈতিকভাৱে লাভজনক।এই ব্যৱস্থাপনাত শস্যডৰাত কীট-পত্ংগই যাতে সোনকালে প্ৰ্তিৰোধ ক্ষমতা আয়ত্ব কৰিব নোৱাৰে আৰু শস্যৰ অনিষ্টকাৰী কীট-পত্ংগ ধ্বংস বা নিবাৰন কৰাতকৈ অন্যান্য উপায়েৰে শস্যবোৰক বচাবলৈ সু-পৰিকল্পিতভাৱে সুৰক্ষা প্ৰদান কৰা হয়।

আই পি এমত অৰ্ন্তভূক্ত ব্যৱস্থাসমূহ

১) ৰোগ/পোক আক্ৰমন প্ৰ্তিৰোধ কৰিব পৰা শস্য জাত ব্যৱহাৰ।

২) কৃত্ৰিম জৈৱিক উপায়(যেনে ট্ৰাইককাৰ্ডৰ ব্যৱহাৰ ইত্যাদি)

৩)প্ৰাকৃতিকভাৱে বন্ধু কীট/জীৱৰ বৃদ্ধিত সহায়।

৪)শস্য চক্ৰৰ/শস্য সময়ৰ পৰিৱৰ্তন।

৫)পৰিৱেশৰ সামান্য তাৰমতা ঘটাই কীট নিয়ন্ত্ৰন ব্যৱস্থাৰ অৱলম্বন।

৬)জৈৱিক কীট/ভেকুৰঁ/শস্যকৃমি নাশক ঔষধৰ প্ৰয়োগ।

৭)বিজ্ঞান সন্মত থলুৱা পদ্ধতিৰে ব্যবহাৰ।

৮)ট্ৰেপ শস্যৰ ব্যৱহাৰ।

৯)ফেৰমন আঠাযুক্ত কাৰ্ড ইত্যাদিৰ ব্যবহৰ।

১০)সঠিক মাত্ৰাত ৰাসায়নিক কীটনাশকৰ প্ৰয়োগ।

আই পি এম সম্পৰ্কে সম্যক জ্ঞান অৰ্জন কৰিবলৈ তলৰ উল্লেখিত বিষয়সমূহ বিতংকৈ জনাটো আৱশ্যক।

১)শস্য ডৰাৰ সমস্যাটো সঠিককৈ চিনাক্তকৰণ।

২)পৰিৱেশৰ ভয়াবহতাৰ/জটিলতাৰ অনুধাৱন।

৩)পৰিৱেশৰ সম্যক জ্ঞান।

৪)বন্ধু পোক পৰুৱাৰ চিনাক্তকৰন।

৫)নিয়ন্ত্ৰন বুবস্থাসমূহৰ সম্যক জ্ঞান।

৬)শস্যৰ জাতসমূহ,শস্য,চক্ৰ,জলসিঞ্চন ব্যৱহাৰ বিষয়ে অৱগত।

Agro Eco System Analysis(AESA)(কৃষি পাৰিস্থান্ত্ৰিক তন্ত্ৰ/প্ৰনালী বিশ্লেষন)

এই পদ্ধতি যাৰ দ্বাৰা বতৰৰ প্ৰভাৱ খেতিপথাৰৰ পৰিৱেশৰ লগত শস্যৰ স্বাস্থ্য,মাটিৰ অৱস্থা,শক্ৰ কীট,বন্ধু কীট ইত্যাদিৰ স্থিতি আৰু পাৰস্পাৰিক সম্পৰ্কীয় পৰ্য্যবেক্ষন কৰি সিদ্ধান্ত লব পৰা যায়।

কৃষি পাৰিস্থান্ত্ৰিক তন্ত্ৰ/প্ৰনালী বিশ্লেষন(AESA)অজৈৱিক আৰু জৈৱিক কাৰিকৰসমূহ বিজ্ঞানসন্মত বিশ্লেষন কৰি শস্য সুৰক্ষা সু-সংহত্ভাৱে কৰা সিদ্ধান্ত গ্ৰহন কৰা হয়।(AESA)ৰ সহায়ত উপযুক্ত সিদ্ধান্ত লোৱাত উপকৃত হয়।(AESA) অধীনত তিনিটা দিশ সামৰি লোৱা হয়।

(১) নিৰীক্ষন,

(২)বিশ্লেষন আৰু

(৩)সিদ্ধান্ত গ্ৰহন।

কৃষকৰ বাবে ধানৰ খেতিৰ কৃষি-পাৰিস্থান্ত্ৰিক তন্ত্ৰ বিশ্লেষনৰ পদ্ধতি

কৃষি পাৰিস্থান্ত্ৰিক তন্ত্ৰ বিশ্লেষনৰ সহায়ত ধান খেতিৰ পোক-পৰুৱা নিয়ন্ত্ৰণৰ বিষয়ে তলত উল্লেখ কৰা হল।অইন শস্যৰ ক্ষেত্ৰত এই পদ্ধতিৰ সামান্য সালসলনি হয় যদিও মূল নীতি কিন্ত সম্পূৰ্ণ একে।

(ক) ধান-এডৰাৰ যিকোনো স্থানৰ দহজোপা ধান গছ নিৰ্বাচন কৰা হয়।নতুবা পথাৰখনৰ আলিৰ কিছু ভিতৰৰ পৰা কোণীয়া কোণীকৈ সমগ্ৰ পথাৰখন সামৰি এক নিদিষ্ট দূৰত্বৰ মূৰে মূৰে দহজোপা ধান গছ নিৰ্বাচন কৰাৰ লগতে গছ কেইজোপা ভালদৰে নিৰীক্ষন কৰি তলত উল্লেখ কৰা দিশসমূহ লিপিবদ্ধ কৰা হয়-

(১)গছৰ উচ্চতা,পোখাৰ সংখ্যা,পোখা মেলা,গেৰ ধৰা,গাখীৰতী অৱস্থা,পুষ্টিৰ অভাৱৰ লক্ষন আদি।

(২) গছজোপাৰ বিভিন্ন অংশত থকা কীটৰ নিৰীক্ষন নাম সংখ্যা আৰু কীটৰ বিৱৰন।

(৩) গছজোপাত থকা পৰজীৱী,পৰভোজী ইত্যাদি বন্ধু পোকৰ সংখ্যা আদিৰ নিৰীক্ষন আৰু বিৱৰন।

(৪) গছজোপাৰ ঠাৰি পাতৰ নিৰীক্ষন আৰু দেখা দিয়া বেমাৰ আজাৰৰ নাম অথবা বিৱৰন।

(৫) নিগনীয়ে কৰা ক্ষতিৰ পৰিমান আৰু বিৱৰন।

(৬)অপতৃণৰ ঘনত্বৰ নিৰীক্ষন আৰু বিৱৰন।

(৭) পথাৰত থকা পানীৰ পৰিমাণ।

(৮) বতৰৰ অৱস্থাৰ নিৰীক্ষন আৰু বিৱৰন।

খ)পথাৰখন পৰ্যবেক্ষন কৰি থকা অৱস্থাত দেখা পোৱা পোক-পৰুৱা হাতেৰে বা প্লাষ্টিক নেটেৰে ধৰি প্লাষ্টিকৰ মোনাত স্ংগ্ৰহ কৰিব লাগে।

গ)কোনো উপযুক্ত স্থানত বহি পথাৰত লাভ কৰা উক্ত তথ্যৰ আলোচনা কৰাৰ লগতে কৃষি বিষয়াৰ পৰামৰ্শৰ ভিত্তিত এই সম্পৰ্কীয় চিত্ৰ অংকন কৰিব লাগে।

ঘ)ক্লোৰোফৰ্মযুক্ত কপাহৰ সহায়ত সংগ্ৰহ কৰা পোক-পৰুৱাসমূহ অজ্ঞান কৰি লব লাগে।

ঙ)পথাৰৰ পৰা সংগ্ৰহ বা অনিষ্টকাৰী পোক-পৰুৱা আৰু বেমাৰ-আজাৰৰ লগতে বন্ধু পোকবোৰ চিনাক্তকৰন কৰি নামবোৰ লিপিবদ্ধ কৰিব লাগে।

চ)কৃষি বিষয়াৰ পৰামৰ্শ লৈ পথাৰৰ সামগ্ৰীক স্থিতি আলোচনা কৰি(AESA)চিত্ৰ অংকন কৰা ব্যৱস্থা গ্ৰহন কৰিব লাগে।

ছ)সমস্যা সমাধানৰ বাবে কৃষি বিষয়া/সম্প্ৰসাৰন কৰ্মীৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহন কৰিব লাগে।

জ)এসপ্তাহ পাছত একেটা দিনতে পথাৰলৈ গৈ আগেয়ে লিপিবদ্ধ কৰা নিৰীক্ষনসমূহৰ পৰিৱৰ্তন হৈছে নে নাই মন কৰাৰ লগতে পুনৰ আগৰ দৰে প্ৰ্তিটো পৰ্য্যায় লিপিবদ্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে।

নিয়মীয়াকৈ এটা নিদিষ্ট দিনত কৃষি পাৰিস্থান্ত্ৰিক তন্ত্ৰৰ অধ্যয়ন কৰিলে পথাৰখনত শস্য সুৰক্ষামূলক ব্যৱস্থা ফলপ্ৰসুভাৱে গ্ৰহন কৰিব পৰা যায়।লগতে কৃষকে সময়ে সময়ে “সুসংহত শস্য সুৰক্ষা ব্যৱস্থাপনা”অধীনত বিভিন্ন প্ৰশিক্ষনৰ সুবিধা গ্ৰ্হন কৰিলে ফলপ্ৰসু হব।

ধান খেতিৰ সুস্ংহত শস্য সুৰক্ষা ব্যৱস্থাপনা

প্ৰধান কীট-পত্ংগ: ক)শত্ৰূ কীট

১) চৰহা পোক (Hispa)।

২) মজা খোৱা পোক (Stem borer)

3)টুপলি কটা(Caseworm)

4)সেউজীয়া সোহনী পোক(Green leaf hopper)

৫) ভূৰ পোক(Swarming Catterpillar)

৬) থ্ৰিপচ(Thrips)

৭) সিহকটা/আখিনা পোক(ECC)

৮) মিলি বাগ(Mealy bug)

৯)মোৱা পোৱা(Root aphids)

১০)ৰুট উইভিল(Root weevil)

১১) গান্ধী পোক(Gandhi bug)

১২) পিয়াজী পোক(Galmindge)

খ)বেমাৰ

১)ব্লাষ্ট(Blast)

২)চিথ ব্লাইট(Sheath blight)

৩)লিফব্লাইট(Ba clerical leaf blight)

৪)চিথৰট(Sheath rot)

৫)গুৰি পচা(Steen rot)

৬)টুনগ্ৰ(Tungro)

৭)হালধীয়া পৰা(Yellowing)

৮)বাকানে(Bakanane)

৯)মাহী পৰা(False smut)

গ) অপতৃন

সিচাঁ ধানৰ বাবে—

১)দুৱৰি(Cynodon dactylon)

২)সিৰাবন(Digitaria Setigera)

৩)লকচাবন(Pasfalum conjugatum)

৪)বোবোচা বন(Eleusine indica)

৫)নিলাজীবন(Mimosa pudica)

৬)বন মৰা(Melochia con-chorifolia)

৭)মৰফুলা বন(Fimbristylis littorails)

৮)গোন্ধোৱা বন(Ageratum houstonianum)

ৰুৱা ধানৰ বাবে---

১)মূৰফুলা বন(Cyperus iria)

২)ভাত মেটেকা(Monochroria vaginails)

৩)জোঙা বন(Schirpus juncoides)

৪)দল(Saccialepis interrupta)

৫)কলা শিমলু(Commelina diffusa)

৬)লকচাবন(Rottbaellia cochinchinensis)

৭)কদ ধান(Paspalum scrobicuslatum)

৮)পানী টেঙেচী(Morsilea mintua)

ঘ) ৰডনেট/নিগনি:

১)ৰুফ ৰেট/ইণ্ডিয়ান মোট ৰেট(Bandicota bengalensis)

2)ইণ্ডিয়ান ফিলড মাউচ(Mus booduga)

ঙ)নিমাটডছ/শস্যকৃষি---

১)ৰাইচ ৰুট নিমাটড(Hirsch manniella oryzae)

2)উফ্ৰা(Dytylenchus angstus)

৩)ৰুট ৰুট নিমাটড(Meloidogyne graminicola)

কীট-পত্ংগ নিৰীক্ষন—

ক)কৃষি পাৰিস্থান্ত্ৰিক তন্ত্ৰ AESA

খ)পথাৰ পৰ্য্যবেক্ষন

গ)ফেৰমনছ/আলোক/পোহৰ ফান্দ(Light traps)আদিৰ সহায়ত কীট-পত্ংগৰ নিৰীক্ষন।

ঘ) ইকনমিক থ্ৰেচহোলদ লেভেল(ETL)

সুসংহত শস্য সুৰক্ষা ব্যৱস্থাপনাৰ কৌশল:

ক)কালচাৰাল প্ৰেকটিছ(পৰিৱেশ সম্বন্বিত ব্যৱস্থাপনা)

১)গ্ৰীষ্মকালীন হালবোৱা,পথাৰৰ নলাবোৰ চিকুনাব আৰু খেৰ-জাৱৰ গুচাই দিব লাগে।

২)নিৰোগী বীজ নতুবা প্ৰ্তিৰোধ সহিষ্ণু জাতৰ বীজ নিৰ্বাচন।

৩)বীজ শোধন কৰিব লাগে।

৪)আগতীয়া/সময়মতে বীজ ৰোপন কৰিব লাগে।

৫)সু-স্বাস্থ্য/নিৰোগী বীজতলী/কঠিয়াতলীৰ ব্যৱস্থা কৰিব লাগে।

৬)অপতৃণৰ লগতে অলাগতীয়াল কঠীয়াতলীৰ কঠীয়াবোৰ চিকুনাৱ লাগে।

৭)যিবোৰ ঠাইত সোহনী পোক আৰু চিথ ব্লাইট মূলত হয়,সেইবোৰ ঠাইৰ পথাৰত ২-৩ মিটাৰ আতৰেঁ আতৰেঁ ৩০ ছে,মি ঠেক আলিৰ ব্যৱস্থা কৰিব লাগে।

৮)সাৰ আৰু পুষ্টিৰ সুষম ব্যৱহাৰ(কৃষি বিভাগ,অসমৰ সূচনা অনুযায়ী)

৯)বিজ্ঞান সন্মতভাৱে ৰোপন কাৰ্য্য কৰাটো উচিত।

১০)পলমকৈ কৰা শালি ধানৰ ক্ষেত্ৰত কঠীয়াৰ বয়স ৪০-৪৫ দিনীয়া হব লাগে।

খ)মেকানিকেল প্ৰেকটিছ(যান্ত্ৰিক পদ্ধতি)

১)জৈৱ নিয়ন্ত্ৰক স্ংৰক্ষনৰ বাবে কীট-পত্ংগৰ কণী আৰু পলুবোৰ স্ংগ্ৰহ কৰি সজাঁত সুমুবাই ৰাখিব লাগে।

২)টুপলি কটা পোক,পাত মেৰ খোৱা পোকৰ পলু খেদিবলৈ কেৰাচিন এভাগ পানী এভাগৰ সৈতে মিহলাই সেই মিশ্ৰনত ৰচী এডাল ডুবাই লৈ ব্যৱহাৰ কৰিব লাগে।

৩)অপতৃন ৰোধ কৰিবলৈ পেডি উইডাৰ বা নিৰণি যন্ত্ৰ ৩০-৩৫ ডি এটি ব্যৱহাৰ কৰিব লাগে।

৪)চৰহা পোকে ক্ষতি কৰা পাতবোৰ কাটি পুৰি বা পুতি নষ্ট কৰি দিব লাগে।নতুবা পাতবোৰ কাইটীয়া ডালেৰে মাৰি পোকৰ কণী,লেটাবোৰ গুচাই দিব লাগে।

গ) জৈৱ নিয়ন্ত্ৰন(Biological Centrol):জৈৱিক নিয়ন্ত্ৰন হল উপকাৰী কীট পত্ংগ নতুবা জৈৱিক জীৱাণুৰ সহায়ত সম্পৰ্ন বা আংশিকভাৱে ধ্বংস কৰি শস্যৰ পৰা আশানুৰুপ ফচল পোৱাত সহায় কৰে।

বহু কেইবিধ উপকাৰী ভেকুৰঁ আৰু বেক্টেৰীয়া শস্যৰ বেমাৰ ৰোধ কৰিবলৈ ব্যবহাৰ কৰা হয়।যেনে-ট্ৰাইক ডাৰমা স্প্ৰেচিচ(Tricho-derma Spp)ৰ বহল ভাৱে ব্যৱহাৰ।

v  কীটনাশক ঔষধৰ পৰা হাত সাৰিব ৩:১ ভাগত শক্ৰ কীট আৰু বন্ধু কীট ব্যবহাৰ কৰিব লাগে।

v  বিউভেৰিয়া ব্ৰেচিয়ানা(Beauveria Bassiana)ভেকুৰঁ জৈৱ কীটনাশক স্প্ৰে কৰিব লাগে।৫ গ্ৰাম/১গ্ৰাম জুলীয়া/আঠাৰ সৈতে ১লি পানীত মিহলাই স্প্ৰে কৰিব লাগে।

ঘ)ব্যৱহাৰিক নিয়ন্ত্ৰন (Behavioral Centrol)

ফেৰমন ট্ৰেপ ১০ টা/হেক্টৰত বিঘাত ১টা ১০ দিনৰ বাবে পথাৰত কঠীয়া ৰুৱাৰ পাছত ব্যৱহাৰ কৰি মজাখোৱা পোক ধৰিব পাৰি।কীট অনুযায়ী নিদিষ্ট লিডৰ যুক্ত ফেৰমন ট্ৰেপ বিঘাই প্ৰ্তি ১টা হেক্টৰ প্ৰতি ৩-৭ টাকৈ নিদিষ্ট উচ্চতাত বতাহৰ দিশত ব্যবহাৰ কৰিলে অধিক সুফল লাভ কৰা যায়।

ঙ)ৰাসায়নিক নিয়ন্ত্ৰনৰ পদ্ধতি:

প্ৰয়োজন অনুপাতে বিবেচনা কৰি নিৰাপদে প্ৰয়োগ কৰাটো ৰাসায়নিক কীটনাশক প্ৰয়োগৰ তিনিটা মূলভাগ।ইয়াৰ বাবে সঠিক সুসংহত শস্য সুৰক্ষা ব্যৱস্থাপনাৰ কৌশল প্ৰয়োগৰ ব্যৱস্থা লব লাগে।

চ) অপতৃণ ব্যৱস্থাপনাৰ পদ্ধতি(Weed management practice):

v  গ্ৰীষ্মকালীন হালবোৱা বৰষুন পানী সংৰক্ষন আদি কৰি অপতৃণ নিৰাব পাৰি।

v  সময়মতে বীজ ৰুলে পথাৰত অপতৃণৰ কমাব পাৰি।

v  বীজ ৰুৱাৰ ২-৩ সপ্তাহৰ অন্তৰে আৰু দ্বিতীয় বাৰ ৪-৫ সপ্তাহত অন্তৰত প্ৰয়োজন অনুসৰি নিৰাব লাগে।

v  বুটাক্লৰ(Butachlor)২ কেজি/হেক্ট্ৰৰত ৰুৱাব ২-৩ দিনত প্ৰয়োগ কৰি যান্ত্ৰিক অপতৃন নিৰাব লাগে।

v  ২-৩ দিনীয়া পোখা মেলা সময়ত নতুবা ২৫-৩০ দিনৰ পাছত অপতৃনবোৰত ২-৪ D@0,৮ কেজি ai/হেক্টৰত প্ৰয়োগ কৰিব লাগে।

ছ) শস্যকৃমি ব্যৱস্থাপনাৰ কৌশল/পদ্ধতি: শস্যৰ গুনগত উৎপাদনৰ বাবে শস্যকৃমি ব্যৱস্থাপনাৰ বিভিন্ন অভ্যাসসমূহৰ প্ৰয়োজন। যেনে—

১)White tip nematode(পাতত শস্যভূমি)

১,১/ গৰম পানীত(৫২’ছে,গ্ৰে)১০ মিনিটৰ বাবে বীজ তিয়াই শোধন কৰি লব লাগে।বীজখিনী গৰম পানীত দিয়াৰ আগতে ৬ ঘন্টাৰ বাবে সাধাৰন পানীত তিয়াই লব লাগে।

১,২/চাৰিদিনৰ বাবে ৬ ঘন্টা বীজবোৰ ৰদাব লাগে।

১,৩/ শস্যত স্ংক্ৰমন বাগৰাৰ পৰা প্ৰ্তিৰোধ কৰিবলৈ শস্যৰ মুঢ়া,নৰাবোৰ জ্বলাই দিব লাগে।

১,৪/কঠীয়াতলীৰ কাৰবফুৰান(৩জি)দানাযুক্ত ২৫ কেজি/হেক্টৰকৈ প্ৰয়োগ কৰিব লাগে।

১,৫/ৰত্না,ত্ৰিবেনী,টি,এ কে,টি এম কে ৯,সূৰ্য,কাৱেৰী আৰু ইন্দৰা আদিৰ দৰে বেমাৰ প্ৰ্তিষেধক গুন বিশিষ্ট জাতৰ বীজ আগতীয়াকৈ তিয়াই লব লাগে?(Pre-soaking)

2)ৰাইচ ৰুট নিমাটোড:(Rice Root nematode)

2,১ ১০০-১২০ কেজি/হেক্টৰকৈ নিম কেক প্ৰয়োগ কৰিলে সুফল লাভ কৰিব পাৰি।

২,২:ৰোধ প্ৰ্তিষেধ হাত টি এম কে ৯,অন্নপূৰ্না খেতি কৰিব লাগে।

২,৩:কঠীয়াতলীত কাৰ্বোফুৰান ৩ জি,দানাযুক্ত কীট নাশকৰে ২৫ কেজি/হেক্টৰকৈ প্ৰয়োগ কৰি শোধন কৰি লব লাগে।

২,৪:০,২% ট্ৰাইঅজফছ(triozophos)দ্ৰৱনত ৬ ঘন্টা বীজ তীয়াই শোধন কৰি লব লাগে।

২,৫:পথাৰৰ মাটিত কাৰ্বোফুৰান ৩ জি,২৫ কেজি/হেক্টৰকৈ প্ৰয়োগ কৰিব লাগে।(অতিকৈ আক্ৰান্ত অঞ্চলত)

২,৬:চেচনিয়া ৰচটেটা(Sesania rosteta) অন্তবৰ্তীৰ শস্যৰ খেতি হিচাপে ৰুব লাগে।

২,৭: আলু বা বাদাম খেতি শস্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে।

৩/ উফ্ৰা:(Ufra)

৩,১: গজালি উলোৱা শস্য(Ratoon crops)নষ্ট কৰি দিব লাগে।

৩,২:গ্ৰীষ্মকালীন হালবাই মাটি উদং কৰি ৰাখিব পাৰিলে ভাল।

৩,৩:আক্ৰান্ত অঞ্চলত পলমকৈ শস্য ৰুই সুফল পাব পাৰি।

৩,৪:মৰাপাট বা তিলৰ সৈতে শস্যক্ৰম(rotation)কৰিব লাগে।

৩,৫:কাৰবচালফন ২৫ এচ টিৰে বীজ শোধন কৰাটো লাভজনক।

৩,৬:কাৰ্ববোফুৰান ৩ জি,২৫ কেজি।হেক্টৰকৈ মাটিত প্ৰয়োগ কাৰিব লাগে(অতিকৈ আক্ৰান্ত অঞ্চলত)

৩,৭: প্ৰমাণিত ঠাইসমূহত পদ্মাপানীৰ দৰে আগতীয়া জাত ৰুই এই শস্যকৃমিৰ সংক্ৰমনৰ পৰা হাত সাৰিব পাৰি।

৪/ৰুটনট নিমাটোড:(Root knot Nematode)

৪,১:ৰঙা আলু(Sweet potatao)সুৰুজমুখী ফুল,জিল,লেছেৰা,মাহ পিয়াজ আদি শস্যৰ সৈতে শস্যক্ৰম কৰিব লাগে।

৪,২: টি কে এম -৬ হামচা,আই আৰ ৬৪ আৰু ৰামকৃষ্ণ আদিৰ দৰে প্ৰ্তিৰোধক জাতৰ খেতি কৰিলে সুফল লাভ কৰা যায়।

৪,৩:কাৰ্বোফুৰান ৩ জি,২৫ কেজি/হেক্টৰ কৈ মাটিত প্ৰয়োগ কৰিব লাগে।অতিকৈ আক্ৰান্ত অঞ্চলত)।

জ)ৰোডেনট (নিগনি)ব্যৱস্থাপনআ কৌশল: সূচক:০-২৫ সজীৱ গাতঁ প্ৰ্তি হেক্টৰত (নিম্ন)

২৫-৬০ সজীৱ গাতঁ(মধ্যমীয়া)।

৫০ তকৈ অধিক সজীৱ গাতঁ।(উচ্চ)।

১/পথাৰৰ মাজৰ আলিবোৰ চিকুনাই দিব লাগে।

২/আলিবোৰত গজা উলুবন নিৰাই দিব লাগে।

৩/শস্য ৰুৱাৰ এমাহৰ পাছত “থলুৱা ফান্দ”(indigenus traps)ব্যৱস্থা কৰিব লাগে।

৪/শস্য ৰুৱাৰ ৬ সপ্তাহ পাছত ব্ৰ্মডাইঅলন(Bremodiolone 0,005% ai)টোপত ব্যৱহাৰ কৰিব লাগে।

৫/গাতবোৰতো ব্ৰমডাইওলন (০,০০৫%)ব্যবহাৰ কৰিব লাগে।(২য়ে বাৰৰ বাবে)

৬/যদিহে নিগনিৰ স্ংখ্যা বেছি হয় সূচকতকৈ অৰ্থাৎ(৫০তকৈ অধিক সজীৱ গাতঁ)উচ্চ সূচক,তেন্তে জিংক ফচফাইডৰ(Zine phosphide)বিজ্ঞানসন্মতভাৱে ব্যৱহাৰ কৰিব লাগে।

উল্লেখীয়:

১/নিয়ন্ত্ৰন কাৰ্যৰ বাবে শস্য ৰুৱাৰ ৬ সপ্তাহ সময়খিনি সুফল পাব পৰা সঠিক সময়।

২/নিগনিৰ স্ংখ্যাৰ প্ৰাৰ্দুভাৱ অধিককৈ হলে(Zinc phosphide)জিংক ফচফাইড(২,৫%০টোপত ব্যৱহাৰ কৰিব লাগে।নিয়ন্ত্ৰন কাৰ্যাকৰী হবলৈ ISI মাৰ্ক থকা ১০ গ্ৰামৰ পেকেট ব্যবহাৰ কৰিব লাগে।

৩/কীটনাশক ব্যৱহাৰ কৰাটো নিৰাপদ।

ক)কীটনাশক ঔষধৰ তালিকা(নিষেধাজ্ঞা থকা,পঞ্জীয়ন অমান্তি আৰু ব্যৱহাৰত সময়সাপেক্ষে নিষেধ থকা)(১ম জানুৱাৰী ২০১৪ প্ৰস্ততকৰন আমদানি আৰু ব্যৱহাৰত নিষেধ(ভাৰতত)কৰা কীটনাশক।

১/এলডিকাৰৰ(Aldicard)

2/এলড্ৰিন(Aldrin)

৩/বেনজিন হেক্সাক্লৰাইড(Benzene Hexachloride)

৪/কেলচিয়াম চাইঅনাইড(Calcium cyanide)

৫/ক্লৰোবেনজাইলেট(Chlorbenzilate)

৬/ক্লৰডেন:(Chlordane)

৭/ক্লৰফেনভিনফচ(Chorofenvinphos)

৮/কপাৰ এচিটোআৰচেনাইট(Copper Acetoarsenite)

৯/ডাইব্ৰমক্লৰোপ্ৰপেন(Dibromochloropropane)

১০/ডাইএলড্ৰিন(Dielrin)

১১/এলড্ৰিন(Endrin)

১২/ইথাইল মাৰকিউৰিক্লৰাইড(Ethy Mercury chloride)

১৩/ইথাইল পেৰাথিয়ন(Ethyl Parathion)

১৪/ইথাইলিন ডাইব্ৰমাইড(Ethylene Dibromide)

১৫/হেপ্তাক্লৰ(Heptachlor)

১৬/লিনডেন(গামা-এইচ-চি এইচ)(Lindane(Gamma-HCH)

১৭/মেলিকহাইড্ৰাজাইড(Maleic Hydrazide)

১৮/মেনাজন(Menazon)

১৯/মেটকচইউৰন(Metoxuron)

২০/নাইট্ৰফেন(Nitrofen)

২১/পেৰাকুৱাট ডাই মিথাইল ছালফেট(Paraquate Dimethy Sulphate)

২২/পেণ্টাক্লৰ নাইট্ৰবেনজেন(Pentachloro Nitrobenzene)

২৩/পেণ্টাক্লৰ ফেনঅল(Pentachlorophenol)

২৪/ফিনাইল মাৰকিউৰী এচিটেট(Pheny Mercury Acetate)

২৫/ছডিয়াম মিথেন আৰছোনেট(Sodium Methane Arsonate)

২৬/ট্ৰাইক্লৰ এচিটিক এছিড(টিচিএ)

(TCA(Trichloro acetic acid)

২৭/টেট্ৰাদিফন(Tetradifon)

২৮/টকসাফেন(কেমক্লৰ)(Toxaphene( Camphechlor)

খ) কীটনাশক(Formulation)প্ৰস্ততকৰন,আমদানি আৰু ব্যৱহাৰত নিষেধ:

১/কাৰবোফুৰান ৫০% এচ পি(Carbofuron 50% SP)

২/মিথাইল ১২,৫% এল( Methomyl 12,5% L)

3/মিথাইল ২৪% ফৰমুলেচন(Methomy 124% formulation)

৪/ফচফামাইদন ৮৫% এচ এল(phosphamidon 85% SL)

গ)কীটনাশক ফৰমুলেচন ব্যৱহাৰৰ বাবে নিষেধ কিন্ত ৰপ্তানীৰ বাবে প্ৰস্তত কৰিব পাৰিব।

১/ কেপটফেল ৮০% গুড়ি(Captafol 80% powder)

2/ নিকটিন ছালফেট( Nicotin Sulfate)

ঘ) কীটনাশক (অপসাৰিত)Withdrawn(এচ,ও ৯১(ই)তাং ১৫ জানুৱাৰী ২০০৬

১/ ডলাফন(Dalapon)

২/ফেৰবান(Ferban)

৩/ফৰমথিয়ন(Formothion)

৪/নিকেল ক্লৰাইড(Nickel Chloride)

৫/পেৰাডাইক্লৰ বেনজিন(পিডিচিবি)(Paradichlorobenzene(PDCB)

৬/চিমাজিন(Simazie)

৭/ৱাৰফৰিন(Warfarin)

পঞ্জীয়নত অমান্তি(Refushed registration)হোৱা কীটনাশকৰ নাম—

১/এমনিয়াম ছালফেট(Ammonium Sulphamate)

২/ এজিনফচ ইথাইল (Azinphos ethyl)

৩/এজিনফচ মিথাইল ( Azinphos Methyl)

৪/বাইনপাক্লাইল     (Binapacry)

৫/কেলছিয়াম আৰছেনেট(Calcium Arsenate)

৬/কাৰবফেনঅথিয়ন  (Carbophenothion)

৭/চাইন মেথিঅনেট(মোৰেছটান(Chinomethionate (Morestan)

৮/ডাইক্ৰটফচ (Dicrotophos)

৯/ইপি এন  (EPN)

১০/ফেনটিন এচিটেট(Fentin Acetate)

১১/ফেনটিন হাইড্ৰঅক্সাইড(Fentin Hydroxide)

১২/লিড আৰছেনেট(Lead Arsenate)

১৩/লেপটো ফছ (ফছভেল)(Leptophos(phosvel)

১৪/মেফছফলেন (Mephosfoloan)

১৫/মেভিনফচ(ফচড্ৰিন)(Mevinphos(Phosdrin)

১৬/২,৪,৫-টি(2,4,5-T)

১৭/থাইঅডিমেটন/ডাইচালফন(Thiodemeton/Disulfotn)

১৮/ভেমিদথিয়ন(Vamidthion)

দেশত নিষিদ্ধ হোৱা কীটনাশক:

 

কীটনাশকৰ নাম

নিষেধাজ্ঞাৰ বিৱৰন

১/এলুমিনিয়াম ফচফাইড ৩জি(Aluminium phosphide)

এচ ও ৬৭৭(ই)তাং ১৭ জুলাই,২০১১

২/কেপটাফল ৮০%(Captafol 80%)

এচ,ও ৬৭৯(ই)তাং ১৭ জুলাই,২০০১

৩/চাইপাৰমেথ্ৰিন ৩%স্মোক(Cypermethrin 3% smoke)

উচ্চ ন্যায়লয়ৰ দিল্লীৰ দ্বাৰা

ডাব্ল পি(WP)চি(C)

১০০৫২,তাং ১৪ জুলাই,২০০৯ আৰু এল,পি,এ ৪২৯/২০০৯,আৰু এল,পি,এ ৪২৯/২০০৯,তাং ৮ ছেপ্টেম্বৰ ২০০৯

৪/ডেজমেট(চাহগছৰ বাবে)(Dazomet)

এচ,ও,৩০০৬(ই)

৫/ডাইঅজিনন(Diazinon)

এচ,ও,৪৫(ই),তাং ৪ জানুৱাৰী২০০৮

৬/ডিডিটি(Dicholoro Dipeheny Trichproethane(DDT)

এচ,ও,৩৭৮(ই)তাং ২৬মে,১৯৮৯

৭/ফেনিট্ৰথিয়ন(Fenitrothion)

এচ,ও,৭০৬(ই)

তাং ৩,মে,২০০৭

৮/ফেনথিয়ন(Fenthion)

এচ,ও,৪৬(ই)

তাং ৮ জানুবাৰী,২০০১

৯/এম ই এম চি(Methoy rthy Mercuric chloride(MEMC)

এচ,ও ৬৮১(ই)তাং ১৭ জুলাই২০১১

১০/মিথাইল ব্ৰোমাইড(Methyl Bromide)

জি,এচ আৰ ৩৭১(ই)তাং ২০মে,১৯৯৯

১১/মিথাইল পেৰথিয়ন ৫০%ইচি(Methy parathion 50% EC)

এচ,ও ৬৮০(ই),তাং ১৭জুলাই,২০০১

এচ,ও ৬৫৮(ই)

তাং ৪,ছেপ্টেম্বৰ,১৯৯২

১২/মনক্ৰটোফচ(Monocrotophos)

এচ,ও,১৪৮২(ই),তাং ১০ অক্টোবৰ,২০০৫

১৩/ছডিয়াম চাইএনাইড(Sodioum Cyanide)

এচ,ও,৫৬৯(ই)তাং ২৫ জুলাই,১৯৮৯

উৎস: কৃষি বিভাগ, অসম চৰকাৰ

শেহতীয়া উন্নীতকৰণ: : 10/6/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate