ৰহৰ এবিধ ছেঁই জাতীয় উদ্ভিদ। ইয়াৰ কেঁচা আৰু শুকান বীজ বা গুটি বিভিন্ন ধৰণে আঞ্জা ৰান্ধি জুতি লগাই খাব পাৰি।
যিবিলাক অঞ্চলৰ লোকৰ প্ৰধান খাদ্য ৰুটী সেইবোৰ অঞ্চলত ৰহৰ দাইলৰ চাহিদা বহুত বেছি।
মুখৰোচক এইবিধ খাদ্য শস্যৰ কৃদ্ধি চমুকৈ এনেধৰণৰ-
পানী ওলাই যোৱা সু-ব্যৱস্থা থকা বালিঅঁহীয়া পলসুৱা মাটি ৰহৰ খেতিৰ বাবে উত্তম।
ঘৰুৱাভাৱে পুখুৰীৰ পাৰ বা হালধি খেতিৰ মাজতো এই খেতি কৰিব পাৰি।
৩-৫ বাৰ হাল বাই মৈয়াই মাটিডৰা মিহি আৰু সমান কৰি চহাই বনবাত আঁতৰাই ল’ব লাগে।
জাত বাছনি:
সকলো অঞ্চলৰ বাবে অনুমোদিত জাত টি-২১।
এই জাতৰ ৰহৰ গছবোৰ সামান্যভাৱে জোপোহা, মজলীয়া ওখ(১৭০-১৮৫ ছেঃমিঃ) আৰু ১৭০-২০০ দিনৰ ভিতৰত চপাব পাৰি।
বীজ সিঁচা সময়:
জুন-জুলাই।
বীজৰ পৰিমাণ:
বিঘাই প্ৰতি ১.৮-২ কেজি।
বিঘাই প্ৰতি ৬ কুইন্টলকৈ পচন সাৰ বা পথৰুৱা সাৰ প্ৰয়োগ কৰিব লাগে।
ৰাসায়নিক সাৰৰ ক্ষেত্ৰত ইউৰিয়া ৫ কেজি আৰু ছুপাৰ ফছফেট ৩৫ কেজি প্ৰতি বিঘাৰ বাবে প্ৰয়োজন।
আনহাতে, ৰাইজোবিয়াম কালচাৰেৰে বীজ শোধন কৰিলে ইউৰীয়া ৩ কেজি আৰু ছুপাৰ ফছফেট ৩৫ কেজি হ’লেই হ’ব।
ৰাইজোবিয়াম ২০০ গ্ৰাম + ফছফটিক ২০০ গ্ৰাম * ১০ কেজি বীজ অনুপাতত প্ৰয়োগ কৰিব লাগিব।
ব্যৱধান:
শাৰীৰ মাজত ৭৫ ছেঃমিঃ আৰু গছৰ মাজত ৩০ ছেঃমিঃ ব্যৱধান ৰাখিব লাগে।
প্ৰতিপালন:
বীজ সিঁচাৰ ২০-২৫ দিনৰ পিছত এবাৰ বন-বাত নিৰাই দিব লাগে।
ছেঁই খোৱা, গুবাৰুৱা, পাতমেৰোৱা, ফুটি পোক আদি নিয়ন্ত্ৰণৰ বাবে মেলাথিয়ন ৫০ ই চি নাইবা ছুমিথিয়ন ৫০ ই চি ঔষধ স্প্ৰে কৰিব লাগে।
১৫ মিঃলিঃ ঔষধ * ১ লিটাৰ পানী এই অনুপাতত।
শস্য চপোৱা:
গুটি সিঁচাৰ ১৭০-২০০ দিনৰ ভিতৰত শস্য চপাবৰ হয়। গছবোৰ গুৰিতে কাটি ৰ’দত শুকাই মাৰিৰে কোবাই গুটিবোৰ সৰাব লাগে।
উৎপাদন:
বিঘাই প্ৰতি ১.৫-২.০ কুইন্টল ৰহৰ খেতিৰ উৎপাদন হয়।
লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 3/7/2020