অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাটি পৰীক্ষা

মাটি পৰীক্ষা

কৃষিকাৰ্য্যৰ প্ৰধান উপাদান হ’ল মাটি। মাটি অবিহনে আধুনিক কৃষিকাৰ্য্য অসম্ভৱ। জনসংখ্যাৰ বিস্ফোৰণৰ লগে লগে, এডৰা মাটিত কম খৰছত অধিক উত্পাদন কৰিব পৰাটো এতিয়া অতি আৱশ্যক হৈ পৰিছে। গতিকে মাটি পৰীক্ষাৰ জৰিয়তে এডৰা মাটিত উৰ্বৰতাৰ লগতে আন আন সংশ্লিষ্ট গুণৰ বুজ লৈ, আধুনিক কাৰিকৰী কৌশল প্ৰয়োগ কৰি মাটিডৰাৰ পৰা অধিক আৰু লাভজনক খেতি চপোৱাটো সম্ভৱ কৰিব পাৰি।

যিহেতু মাটিৰ উৰ্বৰতাৰ মান পৰিৱৰ্তনশীল, গতিকে প্ৰতিটো কৃষি বতৰৰ আগে আগে মাটি পৰীক্ষা কৰিব লাগে। বছৰৰ যিকোনো সময়ত মাটি পৰীক্ষা কৰিব পাৰি।

মাটি পৰীক্ষা কাৰ্য্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হ’ল মাটিৰ নমুনা সংগ্ৰহ কৰা। নিৰ্ভূল আৰু প্ৰতিনিধিত্বমূলক নমুনা সংগ্ৰহৰ পদ্ধতিটো থুলমূলকাঈ তলত দাঙি ধৰা হ’ল-

১) মাটিডৰা সমান হ’লে প্ৰতি তিনি বিঘাৰ পৰা এটা প্ৰতিনিধিত্বমূলক নমুনা সংগ্ৰহ কৰিব লাগে আৰু মাটিডৰা অসমান হ’লে বাম আৰু দ ভাগৰ পৰা এটাকৈ প্ৰতিনিধিত্বমূলক নমুনা ল’ব লাগে।

২) এটা প্ৰতিনিধিত্বমূলক নমুনাৰ বাবে পথাৰখনৰ বেলেগ বেলেগ ঠাইৰ পৰা অতি কমেও দহটা নমুনা লৈ তাৰ পৰা মূল নমুনা এটা তৈয়াৰ কৰি ল’ব লাগে। অলপতে চহোৱা, নতুনকৈ সাৰ প্ৰয়োগ কৰা, দ’লনি, গছৰ তল, পথাৰৰ আলি, দোং, কুৱা বা পুখুৰীৰ পাৰ আদি ঠাইবোৰ বাদ দিব লাগে।

৩)মাটিৰ নমুনা সংগ্ৰহৰ বাবে উপযুক্ত সজুলিৰ বাবে-চইল টিউব, আগৰ, কোৰ, খুৰপি, পলিথিনৰ বেগ আদি ব্যৱহাৰ কৰিব লাগে।

৪)মাটিৰ নমুনা সংগ্ৰহ কৰাৰ আগতে, বাছনি কৰা ঠাইসমূহৰ ওপৰত থকা ঘাহ, বন আদি গুচাই, চিকুন কৰি ৬ ইঞ্চি দ’লৈকে ইংৰাজী ‘V’ আখৰৰ দৰে এটা গাত খান্দি, গাতটোৰ দুয়োফালৰ পৰা দুই চকল মাটি উঠাই ল’ব লাগে।

৫)উক্ত ধৰণে সংগ্ৰহ কৰা মাটিৰ নমুনাসমূহ, পৰীক্ষাৰ সজুলিত গোটাই লৈ, হাতেৰে ভালদৰে মিহলাই লৈ, গছৰ শিপা, শিলগুটি আদি পেলাই, পৰীক্ষাৰ কাগজ বা পলিথিনৰ ওপৰত পাতলকৈ মেলি ছাত ভালদৰে শুকাই ল’ব পাৰে।

৬) ছাত সম্পূৰ্ণৰূপে শুকোৱা মাটি ভালদৰে গুৰি কৰি পুনৰ কাগজ বা পলিথিনৰ ওপৰত মেলি লৈ, যোগ চিনৰ দৰে(+)আচ দুডাল টানি মাটিখিনি চাৰি ভাগত ভগাই ল’ব লাগে। এতিয়া পৰস্পৰ বিপৰীত ফালে যিকোনো দুভাগ মাটি পেলাই দি আন দুভাগ মিহলাই ল’ব লাগে। এইদৰে উপৰোক্ত পদ্ধতিটো তিনি চাৰিবাৰ কৰি মাটিৰ পৰিমাণ আঢ়ৈশ/তিনিশ গ্ৰামলৈ কমাই আনিব লাগে।

×=নমুনাৰ বাবে পোৱা মাটি=পেলাই দিয়া মাটি

৭) সংগৃহীত মাটিখিনি কাপোৰ বা পলিথিনৰ মোনাত ভৰাই মাটিডৰাৰ সম্পূৰ্ণ তথ্যপাতি লিখি মোনাটোৰ ভিতৰত সুমুৱাই মাটিৰ লগত লাগি নথকাকৈ বান্ধি পৰীক্ষাগাৰলৈ পঠিয়াব লাগে। এনেদৰে সংগ্ৰহ কৰি পঠিওৱা মাটিৰ নমুনাবোৰ, মাটি পৰীক্ষাগাৰত সম্পূৰ্ণ বিজ্ঞানভিত্তিত নিৰ্দিষ্ট অৰ্হতাসম্পন্ন বিশেষজ্ঞৰ দ্বাৰা বিশ্লেষণ কৰি ফলাফলৰ লগতে নিৰ্দিষ্টক শস্যচক্ৰৰ কাৰণে জৈৱিক, ৰাসায়নিক সাৰৰ উপৰিও চুণ প্ৰয়োগৰ পৰিমাণৰ অনুমোদন দিয়া হয়।

লিখকৰ নাম: কপিল বৰা

উৎস: কৃষি বিভাগ, অসম

শেহতীয়া উন্নীতকৰণ: : 5/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate