অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অপকাৰী উঁই পৰুৱাৰ পৰা ৰেহাই পোৱাৰ উপায়

অপকাৰী উঁই পৰুৱাৰ পৰা ৰেহাই পোৱাৰ উপায়

জৈৱ বৈচিত্ৰ্যই আগুৰি থকা প্ৰাণী জগতত উঁই পৰুৱা বা বগা পৰুৱাৰ বিভিন্ন প্ৰজাতিৰ ভিতৰত ‘আইছ’প্টেৰা’ বৰ্গ আৰু ‘টাৰ্মিটিডি’ গোত্ৰৰ অন্তৰ্গত ‘অডণ্ট’টাৰ্মাছ অবেচুছ’ আৰু ‘মাইক্ৰ’টাৰ্মাছ অবেছি’ নামৰ প্ৰজাতি দুবিধ অত্যন্ত ক্ষতিকাৰক| ‘চেলুল’জ’যুক্ত যিকোনো জীৱিত আৰু মৃত পদাৰ্থক উঁই পৰুৱাই আক্ৰমণ কৰিব পাৰে| ইহঁতৰ লালটিগ্ৰন্থী সুবিকশিত| খাদ্যনলীৰ পশ্চাৎ অংশত বসতি কৰা কিছুমান সহজীৱী বেক্টেৰিয়াই প্ৰস্তূত কৰা ‘চেলুলেইজ’ নামৰ উৎসেচকে উঁই পৰুৱাৰ প্ৰধান খাদ্য ‘চেলুল’জ’ৰ পচন ঘটোৱাত সহায় কৰে| উঁই পৰুৱাই মাটিৰ তলত ভেঁকুৰ উদ্যান প্ৰস্তুতিৰ দ্বাৰা হাফলুৰ আৰ্দ্ৰতা ৰক্ষা কৰাৰ লগতে ভেঁকুৰে ক্ষৰণ কৰা ‘লিগনিনেজ’ নামৰ উৎসেচকে কাঠত থকা লিগনিনৰ পচন ত্বৰান্বিত কৰে|

খাদ্য আহৰণৰ বাবে উঁই পৰুৱাই বিভিন্ন ধৰণৰ ফুল গছৰ উপৰি কুঁহিয়াৰ, জলকীয়া, মটৰ আৰু ঘেঁহু আদি শস্যক আক্ৰমণ কৰে| তদুপৰি ভু-পৃষ্ঠৰ সংস্পৰ্শত থকা কাঠ-বাঁহৰ আচবাব, খুঁটা, জেওৰা আৰু ছাঁ প্ৰদায়ক বৃক্ষ আদিও ইয়াৰ কবলৰ পৰা সাৰি নাযায়|

‘চেলু’ল’জ’ৰ শত্ৰু উঁই পৰুৱাক নিয়ন্ত্ৰণৰ বাবে তলৰ কৌশলকেইটা অৱলম্বন কৰা উচিত-

  • আগৰ ঋতুৰ শস্য চপোৱাৰ পিছত ৰৈ যোৱা অৱশিষ্ট নৰা অংশ সম্পূৰ্ণকৈ গুচাই পেলাব লাগে|
  • উঁই হাফলু দেখিলে ভালকৈ চহাই ভাঙি পেলোৱাৰ লগতে ৰাণীজনীক আঁতৰাই পেলোৱা উচিত|
  • সম্পূৰ্ণকৈ পচন ঘটা জৈৱিক সাৰহে ব্যৱহাৰ কৰা উচিত| জৈৱিক পদাৰ্থৰ অভাৱত উঁই পৰুৱাই খাদ্যৰ বিকল্প হিচাপে শস্যত আক্ৰমণ আৰম্ভ কৰে| উঁই পৰুৱাক ভক্ষণ কৰা পোক- পতংগ, মকৰা, বাদুলী আৰু মানুহক উৎসাহিত কৰা উচিত| স্বাস্থ্যবান পুলি ৰোপন আৰু শস্যাৱৰ্তনৰ দ্বাৰা উঁই পৰুৱাৰ উপদ্ৰব কিছু পৰিমাণে নিম্নগামী কৰিব পৰা যায়|
  • উঁই পৰুৱাক নিয়ন্ত্ৰণৰ বাবে কেতবোৰ ৰাসায়নিক পদ্ধতি অৱলম্বন কৰিব পাৰি|

ৰাসায়নিক পদ্ধতিৰে উঁই পৰুৱাৰ নিয়ন্ত্ৰণৰ বাবে- ক) নতুন উদ্যান বা বাগিচাত মাটিৰ ঢাপ নিৰ্মাণৰ সময়ত ০.২ শতাংশ শক্তিসম্পন্ন ‘লিণ্ডেন’ৰ ইমালছন প্ৰয়োগ কৰা দৰকাৰ| উদ্ভিদৰ গা-গছ অংশ উঁই পৰুৱাৰ পৰা ৰক্ষা কৰিবৰ বাবে এক শতাংশ শক্তিযুক্ত ‘লিণ্ডেন’ক জলসিঞ্চনৰ সময়ত একেলগে ব্যৱহাৰ কৰা প্ৰয়োজন| খ) নতুন গৃহ নিৰ্মাণৰ সময়ত ভেটিটো ০.৫ শতাংশ শক্তিসম্পন্ন ‘ক্ল’ৰ’পাইৰিফচ’ বা ‘লিণ্ডেন’ প্ৰতি বৰ্গ মিটাৰত ৫ লিটাৰ হিচাপত প্ৰয়োগ কৰা উচিত আৰু গ) উঁই হাফলু নষ্ট কৰিবৰ বাবে ০.৫ শতাংশ শক্তিসম্পন্ন ‘ক্ল’ৰ’পাইৰিফচ’ বা ‘লিণ্ডেন’ক প্ৰতি ঘন মিটাৰত ৪ লিটাৰ হিচাপত প্ৰয়োগ কৰা উচিত| অৱশ্যে, ২০০৯ চনৰ ‘ষ্টকহাম কনভেন’ৰ সিদ্ধান্ত অনুসৰি ‘লিণ্ডেন’ক কৃষিত ব্যৱহাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হয়| কিন্তু স্বাস্থ্যখণ্ডত ইয়াৰ প্ৰয়োগত বাধা নাই| ‘টাইমেট’, ডাইমিথ’য়েট ৩০ শতাংশ ই চি, ফেনবুকাৰ্ব ৫০ শতাংশ ই চি, কাৰ্বফোৰাণ ৩ শতাংশ চি জি আৰু ইণ্ডক্সাকাৰ্ব ১৪.৫ শতাংশ এছ চি আদি ৰাসায়নিক পদ্ধতিৰে উঁই পৰুৱাক নিয়ত্ৰণৰ বাবে ব্যৱহাৰ কৰা হয়|

গৃহ নিৰ্মাণৰ পূৰ্বে মাটিডোখৰত টাৰ্মেক্স ৩৫০ এছ চি (ক্লৰ’নিকটিনাইল আৰু ইমিডাক্ল’প্ৰিড) প্ৰয়োগ কৰা উচিত|

লেখকৰ নাম: ৰুদ্ৰ নাৰায়ণ বৰকাকতি

উৎস: দৈনিক অসম

 

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate