অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসম কৃষি বিশ্ববিদ্যালয়ৰ অৰ্থ-সাহাৰ্য্যৰে ভূঁই ৰুব পৰা সঁজুলি উদ্ভাৱন

অসম কৃষি বিশ্ববিদ্যালয়ৰ অৰ্থ-সাহাৰ্য্যৰে ভূঁই ৰুব পৰা সঁজুলি উদ্ভাৱন

আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ উদ্ভাৱক উদ্ধব কুমাৰ ভৰালীৰ উদ্ভাৱনী তালিকাত অন্তৰ্ভূক্ত হ’ল কৃষিক্ষেত্ৰৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত ভূঁই ৰোৱা সঁজুলি। ইন্ধনবিহীন ই-সঁজুলিৰ উদ্ভাৱনে অন্ত পেলাবলৈ সক্ষম হ’ব ৰোৱনীৰ সমস্যা। ৰ’দ বৰষুণৰ বতৰত বোকা গচকি ভূঁই ৰোৱা ৰোৱনী লাহে লাহে পাবলৈ নাইকিয়া হ’বলৈ ধৰাৰ সময়তে কৃষকৰ তাগিদাত উদ্ভাৱকগৰাকীয়ে উদ্ভাৱন কৰিলে তেওঁৰ উদ্ভাৱনী ইতিহাসৰ ১২১ সংখ্যক এই সঁজুলিবিধ। মাত্ৰ ছয় কিলোগ্ৰাম ওজনৰ আৰু এবাৰতে এশ গোছকৈ কঠীয়া ৰুব বৰা সঁজুলিবিধৰ বৈশিষ্ট্য হ’ল ভূঁই ৰুব নজনা পুৰুষ বা মহিলায়ো আঠ ইঞ্চিৰ দূৰত্বত অতি সহজে কঁঠীয়া ৰুব পাৰিব। সঁজুলিবিধৰ জৰিয়তে কঠীয়া নিৰ্দিষ্ট দূৰত্বত ৰুব পৰা হোৱাত ৰোৱাৰ পিছত ধান খেতিত নিৰনি দিবলৈ বা সাৰ প্ৰয়োগ কৰিবলৈ সুবিধা হ’ব। উদ্ভাৱকগৰাকীৰ ঘৰৰ চৌহদত বোকা কৰা মাটিত সফলতাৰে এই প্ৰযুক্তিৰ কাৰ্যকাৰিতা প্ৰদৰ্শন কৰা হয়। ভূঁই ৰুৱা এই প্ৰযুক্তি উদ্ভাৱনৰ বাবে পুঁজিৰ যোগান ধৰাৰ লগতে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ দায়িত্ব গ্ৰহণ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ হৈ উপাচাৰ্য ড০ কমলমল্ল বুজৰবৰুৱাই। উদ্ভাৱকগৰাকীয়ে জনোৱা মতে, দুজন লোকে ব্যৱহাৰ কৰিব পৰা তিনি হেজাৰ টকা মূল্যৰ সঁজুলিবিধ বাঁহেৰেও কম খৰছত সাজি ল’ব পৰা যাব। সঁজুলিবিধ ব্যৱসায়িকভাৱে তৈয়াৰ কৰিবৰ বাবে জিলাই জিলাই উদ্যোগী বাছনি কৰা হ’ব বুলি ভৰালীয়ে জানিবলৈ দিছে।

উৎস: অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate