কলগছৰ পৰা অকল সুস্বাদু আৰু পুষ্টিকৰ ফলেই পোৱা নাযায়। ইয়াৰ গা-গছ, পাত সকলো অংশই অতি প্ৰয়োজনীয়। অসমৰ জনজীৱনৰ লগত কলগছৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। অসমত কল খেতিৰ স্থান প্ৰথম। অসম তথা ভাৰতৰ প্ৰায়বোৰ ৰাজ্যতেই প্ৰায় ৮.৩ লাখ হেক্টৰ এলেকাজুৰি কল খেতি হয়। কল ৰুৱাৰ পাছৰ পৰা ফল লগালৈকে মাতৃ গছৰ অসংখ্য পোখা-পুলি ওলায়। কল চপোৱাৰ পাছত এটা পুলি ৰাখি বাকীখিনি কাটি বা উভালি পেলোৱা হয়। ইয়াৰ দ্বাৰা প্ৰতি বছৰে ৮.৩ লাখ হেক্টৰ এলেকাৰ পৰা প্ৰায় ৫ লাখ টন অৱশিষ্ট পেলনীয়া হিচাপে আঁতৰোৱা হয়। এইবোৰ নলা-নৰ্দমা, জান-জুৰি, নদী আদিৰ পানী বহন ক্ষমতা কমাই বানপানীৰ সৃষ্টি কৰে আৰু প্ৰদূষণ কৰে।
কলখেতিৰ পাম এখনৰ পৰা যথেষ্ট পৰিমাণে জৈৱ পদাৰ্থ উত্পাদন হয়। এইবোৰ জীৱ-জন্তুৰ খাদ্যৰ লগতে ইন্ধন হিচাপে এলকহল প্ৰস্তুতকৰণত, শৰ্কৰা নিষ্কাষন আৰু আঁহৰ পৰা প্ৰস্তুত সূতা তৈয়াৰ কৰাত ব্যৱহৃত হয়। ভিতৰৰ অংশৰ পচন ঘটাই খেতি পথাৰত প্ৰয়োগ কৰা হয়। এইবোৰ উত্তম সাৰ, যিয়ে উপকাৰী অণুজীৱৰ বংশবৃদ্ধি ঘটায়। ইয়াৰ উপৰিও ভিতৰৰ অংশৰ পৰা পট বা টাব ‘পিথ’বোৰ সৰু সৰু টুকুৰা কৰি গছৰ শ্ৰীবৃদ্ধিৰ বাবে প্ৰস্তুত কৰা হয়। নাৰ্চাৰীৰ মাটিত মিহলি কৰা হয়। গা-গছৰ পৰা ওলোৱা ছেপ ৱাটাৰ বা পানীভাগ ৰং প্ৰস্তুত কৰাত ব্যৱহৃত হয়।
অতি প্ৰাচীন কালৰ পৰা ভাৰতত কলৰ আঁহৰ পৰা তৈয়াৰী সূতাৰে ফুলৰ মালা তৈয়াৰ কৰা হৈছিল। ইয়াৰ উপৰিও কাগজ আৰু কাপোৰ প্ৰস্তুত কৰাত কলৰ আঁহৰ ব্যৱহাৰ চলি আহিছে। জাপান, নেপাল, ফিলিপাইন, জামাইকা আদি ঠাইৰ বস্ত্ৰ উদ্যোগত কলৰ আঁহৰ এক বিশেষ ভূমিকা আছে। ১৩শ শতিকাতে জাপানীসকলে ৰাজকীয় সাজপাৰৰ বাবে কলৰ আঁহৰ পৰা প্ৰস্তুত সূতাৰ ব্যৱহাৰ কৰিছিল।
চেলুলজ, হেমিচেলুলজ, লিগনিন্ আদি পদাৰ্থ কলৰ আঁহত যথেষ্ট পৰিমাণে থাকে বাবে আঁহবোৰ যথেষ্ট শক্তিশালী হয়। এই আঁহবোৰ মিহি, ভাল উজ্জ্বলতা দিব পৰা, কম দীঘলীয়া আৰু পাতল, জলীয় ভাপ সোনকালে শোষণ আৰু নিৰ্গমন কৰিব পৰা হয়। ইয়াৰ উপৰিও এই আঁহবোৰ সহজে পচন ঘটে আৰু সেইবাবে প্ৰদূষণমুক্ত। ইয়াৰ স্পিন এবিলিটি আন প্ৰাকৃতিক আঁহ যেনে- মৰাপাট, কটন, মেস্তা আদিতকৈ ভাল। পৰ্দা, টাৱেল, বিছনা চাদৰ, কাৰ্পেট, জুইৰ পৰা ৰক্ষাকাৰক বস্ত্ৰ, কুচন, গাৰু, মোনা, হেণ্ড বেগ, পাৰ্ছ, ৰাগ, শাৰী, জোতা ইত্যাদি সামগ্ৰী কলৰ আঁহৰ পৰা তৈয়াৰ কৰা হয়। ইয়াৰ উপৰিও কাগজৰ অন্যান্য সামগ্ৰীৰ লগত ‘কাৰেণ্সী নোট’ প্ৰস্তুত কৰাত ইয়াৰ ব্যৱহাৰ হয়।
কলগছৰ কাটি পেলোৱা অৱশিষ্ট অংশবোৰৰ পৰা সৰু সৰু টুকুৰা কাটি উলিওৱা হয়, এইবোৰ ঢিলাকৈ মেৰিয়াই পানীখিনি চেপি উলিওৱা হয় আৰু চাফা কৰি শুকোৱা হয়। হাতেৰে সকলোবোৰ কৰিলে যথেষ্ট সময় লাগে। আজিকালি এবিধ বিশেষ যন্ত্ৰৰ সহায়ত মাজৰ ‘পিথ’ অংশ আঁতৰাই আঁহ প্ৰস্তুত কৰা হয়। এই যন্ত্ৰটো বেছি দামী নহয় আৰু প্ৰয়োগ পদ্ধতিও অতি সাধাৰণ। এই যন্ত্ৰটোৰ সহায়ত সময় আৰু পৰিশ্ৰম লাঘৱ কৰিব পাৰি। ১০-১৩ টা গা-গছৰ পৰা ১-২ কেজি আঁহ প্ৰস্তুত কৰিব পাৰি। আনহাতে এক একৰ মাটিত ১০০০ৰ পৰা ১৫০০ গা-গছ উত্পাদন হয়। এক কেজি আঁহৰ বজাৰ মূল্য ২০০ৰ পৰা ২৫০ টকা। বস্ত্ৰ উদ্যোগত এইবিধ প্ৰাকৃতিক আঁহৰ চাহিদা দিনক দিনে বাঢ়ি গৈছে।
আমাৰ খেতিয়কসকলে কলৰ অৱশিষ্ট অংশবোৰৰ পৰা আঁহ প্ৰস্তুত কৌশল আয়ত্ব কৰিলে বিকল্প অৰ্থোপাৰ্জনৰ উত্স গঢ়ি তুলিব পাৰে।
লেখিকাঃ ড০ গীতাঞ্জলি দেৱী
উত্সঃ অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 3/18/2020