অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কম খৰচতে মীন পোনা উৎপাদন গোট

কম খৰচতে মীন পোনা উৎপাদন গোট

বিষ্ট প্ৰজননেৰে চীন দেশীয় আৰ্হিৰ মীন পোনা উৎপাদন কেন্দ্ৰত ফলপ্ৰসূভাৱে পোনা উৎপাদন কৰিব পাৰি যদিও পোনা উৎপাদন কেন্দ্ৰৰ এই গোটটো নিৰ্মাণত কিছু বিনিয়োগ কৰিবলগীয়া হয়| আবিষ্ট প্ৰজননৰ কৌশলটো বহুতো মীনপালকৰ বাবে বোধগম্য যদিও মূলত: মূলধনী বিনিয়োগৰ বাবে ইচ্ছা কৰিও পাছ হুঁহকিবলৈ বাধ্য হয় তেওঁলোক| আনহাতে, হাপা পদ্ধতিত খৰচ কম যদিও ইয়াত কষ্ট বহু বেছি আৰু উৎপাদন নিশ্চিতি বিভিন্ন প্ৰাকৃতিক আৰু পৰিৱেশজনিত কাৰকৰ ওপৰত নিৰ্ভৰশীল| তেনে পটভুমিতো গোৱালপাৰা জিলাৰ ধুপধৰাৰ সমীপৱৰ্তী নাওডুবা গাঁৱৰ প্ৰগতিশীল মীনপালক উদয় সেন বিশ্বাসৰ উদ্ভাৱনী চিন্তাই কঢ়িয়াই আনিছে আশাৰ ৰেঙণি| চীন দেশীয় আৰ্হিৰ পোনা উৎপাদন কেন্দ্ৰ এটা নিৰ্মাণত ৮-১০ লাখ টকা ব্যয় হোৱাৰ বিপৰীতে উদয়ে মাত্ৰ ৪২,০০০ টকাৰে মীন পোনা উৎপাদন কেন্দ্ৰ এটা নিৰ্মাণ কৰি অতি ফলপ্ৰসূভাৱে পোনা উৎপাদন অব্যাহত ৰাখিছে| পোনা উৎপাদন কেন্দ্ৰটোৰ প্ৰতিটো গোটেই মিতব্যয়িতাৰ স্বাক্ষৰ বহন কৰিছে| উদাহৰণস্বৰুপে পোনা উৎপাদন কেন্দ্ৰ এটা নিৰ্মাণত সিংহ-ভাগ খৰচ হোৱা উচ্চ পানী ধাৰক টেংকীটো মাটিৰ ঢাপ এটাৰ ওপৰত অতি কৌশলেৰে নিৰ্মাণ কৰা হৈছে| পানীখিনি বেছি গৰম নহ’বলৈ এখন উষ্ণতাৰোধী পলিথিনেৰে ঢাকি ৰখা হৈছে| পোনা উৎপাদন কেন্দ্ৰটো নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে ঘৰতে সততে উপলব্ধ কিছু সামগ্ৰী, যেনে:- ঘৰৰ নল বাঁহেৰে পানীৰ নলিকাৰ কাম, চিমেণ্টৰ লগত ৰঙামাটিৰ ব্যৱহাৰ আদি| তদুপৰি উদয়ৰ এই কৌশলত কম পৰিমাণৰ মাছো প্ৰজনন কৰিব পাৰি| গতিকে উদয়ে সকলো হিচাপ-নিকাচ কৰি যিমান পৰিমাণৰ পোনা দৰকাৰ হয়, সিমান মাছহে প্ৰজনন কৰে| ফলত পোনাৰ গুণগত মানো নিশ্চিত হয় উদয়ৰ পামত|

ত্ৰিশোৰ্দ্ধৰ যুৱকজনৰ আগ্ৰহ আৰু অভিজ্ঞতাই কঢ়িয়াই আনিছে এই সফলতা| ২০০৯ চনত মীন পালনত জড়িত হোৱা কৃষিজীৱী পৰিয়ালৰ সন্তান উদয়েও পৰিয়ালৰ পথ অনুসৰণ কৰিয়েই প্ৰান্তীয় কৃষিকৰ্মৰে জীৱিকা আৰম্ভ কৰিছিল| সৰুতেই পিতৃহাৰা হোৱা উদয়ৰ পৰিয়ালটোৰ ঘৰতে তিনিটা পুখুৰী আছিল যদিও নাছিল কোনো মীন পালন সম্পৰ্কীয় কাম-কাজ| বিজ্ঞানসন্মত দৃষ্টিভংগী ব্যতিৰেকে দুই-এটা পোনা মেলিছিত আৰু যেতিয়াই মন গৈছিল তেতিয়াই চপাইছিল-এয়াই আছিল মীন পালন| ১০ বিঘা ধান খেতি আৰু তামোলৰ ব্যৱসায়েই আছিল তিনি ভাই বিশিষ্ট পৰিয়ালটোৰ আৰ্থিক সম্বল| কিন্তু ইয়াৰ পিছতে উদয়ে মীন পালনৰ সুফল জানিব পাৰি ঘৰৰে অৱহেলিত আৰু অব্যৱহৃত পুখুৰী তিনিটাত মীন পালন আৰম্ভ কৰে| প্ৰথম পদক্ষেপতেই অপ্ৰত্যাশিতভাৱে তেওঁ লাভ কৰে সফলতা| মীন পালনৰ পৰা তুলনামুলকভাৱে ইমান কম কষ্ট আৰু ইমান কম বিনিয়োগৰ বিপৰীতে এনেদৰে যে লাভৱান হ’ব পাৰি, সেই কথা উদয়ে সপোনতো ভবা নাছিল| সচৰাচৰ কৰি অহা ধান খেতিৰ তুলনাত লাভৰ অংকটো বহুত ডাঙৰ দেখি উদয় মীন পালনৰ প্ৰতি দুগুণে আকৰ্ষিত হ’ল| নতুন উদ্যমেৰে জড়িত হ’ল মীন পালনত| প্ৰতি বছৰে লাভৰ ধন বিনিয়োগ কৰি সম্প্ৰসাৰণ কৰি গ’ল পাম| অনুসন্ধিৎসু মনৰ দুৰ্বাৰ আহ্বানত আৰম্ভ কৰিলে হাপা পদ্ধতিৰে পোনা উৎপাদন| কষ্টসাধ্য এই পদ্ধতিতো উদয় সফল যদিও চিন্তা কৰিবলৈ ল’লে কম খৰচতে কেনেকৈ চীন দেশীয় আৰ্হিৰ মীন পোনা উৎপাদন কেন্দ্ৰ এটি নিৰ্মাণ কৰিব পাৰি| বৰপেটাৰ দাবালিয়াপাৰাৰ ৰুকমান আলী নামৰ এজন মীন পালকে এইক্ষেত্ৰত উদয়ক সহায় কৰে দিহা-পৰামৰ্শৰে| সংশ্লিষ্ট মীন সম্প্ৰসাৰণ বিষয়া বিমল শৰ্মা আৰু জিলা মীন বিষয়া সঞ্জীৱ চৌধুৰীয়েও যাৱতীয় দিহা-পৰামৰ্শ আৰু সহযোগিতাৰে উপকৃত কৰে উদয়ক| এনেদৰে ২০১৫ চনত মাত্ৰ ৪২,০০০ টকাৰে সম্পূৰ্ণ হৈ উঠে পোনা উৎপাদন কেন্দ্ৰটো| বছৰেকত ভ্ৰুণ পোনা উৎপাদন হয় প্ৰায় তিনি কোটি| জিলা বিষয়াজনেও এই প্ৰতিবেদকক জানিবলৈ দিয়া মৰ্মে অত্যন্ত মিতব্যয়ী এই কৌশলটো জনপ্ৰিয় কৰাৰ বাবে তেওঁলোকে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে আৰু একাংশ সামৰ্থ্যবান মীনপালকক কাৰিকৰী সহযোগিতাৰে কৌশলটো ৰুপায়নত সহায় কৰিছে| বৰ্তমান উদয়ৰ পামখনৰ পৰা সকলো বাদ দি হাতত থাকে বছৰেকত তিনি লাখ মান টকা| আঙুলি জোখৰ আৰু বছৰেকীয়া পোনা বিক্ৰী কৰে বছৰেকত ক্ৰমে ৭০০ কিলোগ্ৰাম আৰু ১,২০০ কিলোগ্ৰাম| উদয়ৰ পামত তিনি ভাতৃ-বোৱাৰীসহ সমগ্ৰ যৌথ পৰিয়ালটোৱেই জড়িত হৈ আছে| সেয়ে তেওঁৰ পাম খনত মজুৰিৰ খৰচ যথেষ্ট কম|বৰ্তমান সমন্বিত মীন আৰু উদ্যানশস্যও আৰম্ভ কৰিছে উদয়ে| বছৰত তিনিবাৰ ফল ধাৰণ কৰা সুস্বাদু আমৰ পুলি আনিছে পশ্চিমবংগৰ পৰা|

উদয় কম মূলধনৰ অধিকাৰী তথা সীমিত সম্পদশালী মীনপালকৰ বাবে অনুপ্ৰেৰণাৰ উৎস| উদয়ৰ পথ অনুসৰণ কৰি আপুনিও কম খৰচত মীন পোনা উৎপাদন কৰিব পাৰে| আপোনাক সহযোগিতা কৰিবলৈ উদয় সেন বিশ্বাস সদা প্ৰস্তুত|যাৱতীয় কাৰিকৰী সহযোগিতাৰ বাবে সম্প্ৰসাৰণ বিষয়া বিমল শৰ্মা আৰু জিলা বিষয়া সঞ্জীৱ চৌধুৰীৰ লগতো যোগাযোগ কৰিব পাৰে|

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা

উৎস: দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate