অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডিমা হাছাওৰ কৃষি অৰ্থনীতিত নতুন সম্ভাৱনা

ডিমা হাছাওৰ কৃষি অৰ্থনীতিত নতুন সম্ভাৱনা

অসমৰ ডিমা হাছাও জিলাৰ জনজাতীয় কৃষক সকলৰ আৰ্থ সামাজিক উন্নয়নৰ উদ্দেশ্যে কৃষিকেন্দ্ৰিক বহনক্ষম জীৱিকা সুৰক্ষা উন্নয়ন নামৰ এখনি কেন্দ্ৰীয় আঁচনি কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্যত আৰু জিলাখনৰ কৃষি, বন আৰু পশুপালন বিভাগৰ সহযোগত অসম কৃষি বিশ্ব বিদ্যালয়ে ইয়াৰ অন্তৰ্গত নগাওঁ জিলাৰ চিলঙণীস্থ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ দ্বাৰা বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা ৰুপায়ণ কৰি আছে| এই আঁচনিখনৰ অধীনত মুলত: কৃষিকেন্দ্ৰিক, উদ্যানশস্য কেন্দ্ৰিক, কৃষি বনানিকৰণ কেন্দ্ৰিক আৰু সমন্বিত পাম পদ্ধতি এই চাৰি প্ৰকাৰৰ কাৰ্যসুচী সামৰি লোৱা হৈছে| প্ৰশিক্ষণৰ দ্বাৰা কৃষকসকলৰ সক্ষমতা বৃদ্ধি আৰু কৃষিক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা নতুন প্ৰযুক্তি সমুহৰ প্ৰদৰ্শন মুলক খেতিৰ দ্বাৰা আঁচনিখনৰ মূল লক্ষ্যত উপনীত হোৱাৰ আশা কৰা হৈছে|

বিগত ৰবি শস্যৰ বতৰত জিলাখনৰ নৱগঠিত ডিয়ুংৱা মহকুমাৰ অন্তৰ্গত ১৬ খন গাঁৱত ৪০ হেক্টৰ কৃষিভুমিত চিলঙণীৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ দ্বাৰা উদ্ভাৱিত টি এছ ৩৬, টিএছ ৩৮, আৰু এম ২৭ নামৰ তিনিবিধ উন্নত জাতৰ সৰিয়হৰ বীজ ১০১ জন অংশগ্ৰহণকাৰী কৃষকৰ মাজত বিনামুলীয়াকৈ বিতৰণ কৰি প্ৰদৰ্শনী মুলক খেতি কৰোৱা হয়| আঁচনিখনৰ অধীনত সামৰি লোৱা গাঁও কেইখন হৈছে- চোটৱাচিলিং ১, চোটৱাচিলিং ২, প্ৰবডিচা, ৱাচুবিল, আবডা বস্তি, লাংৰি ১, লাংৰি ২, জৰামডিচা, খাইজুৱাৰী, মোজাৱৰী, জংচৰহাডি, ফালাইফাহাডি, ফংল’ডিচা, লেংজিযেনডিচা, নতুন কুংক্ৰুৱাৰী, পুৰনা কুংক্ৰুৱাৰী| পৰম্পৰাগতভাৱে ঝুম খেতি কৰি অহা ডিমাচা কৃষক সকলে এনেধৰণৰ উন্নতজাতৰ সৰিয়হৰ খেতি কৰি প্ৰথম বাৰৰ বাবে বিঘাই প্ৰতি সৰ্বাধিক ৫ মোনকৈ( হেক্টৰে প্ৰতি ১৫ কুইন্টল) উৎপাদন পাবলৈ সমৰ্থ হয়| অহা ৰবি শস্যৰ বতৰত পুনৰ এই খেতি কৰিবৰ বাবে প্ৰয়োজনীয় কঠীয়া কৃষক সকলে মজুত কৰি ৰাখিছে| স্ৰিয়হৰ উপৰি ৰবি শস্যৰ বতৰত খেতি কৰা আন শস্যবোৰ যেনে- উন্নত জাতৰ ক’লামাহ (খেচাৰী), মটৰ, পালেং, ওলকবি, ধনিয়া, বেঙেনা আদিৰ উৎপাদনো যথেষ্ট উৎসাহজনক|

সেইদৰে চলিত বৰ্ষৰ গ্ৰীষ্ম আৰি খাৰিফ শস্যৰ বতৰত প্ৰায় ৪০ হেক্টৰ কৃষিভুমিত পি এ চি ৭৫১ বৰ্ন সংকৰ জাতৰ মাকৈ, উন্নত জাতৰ শালিধান, আদা, হালধি, কচু, শিমলু আলু আদিৰ প্ৰদৰ্শন মুলক  খেতি কৰা হৈছে| তদুপৰি আঁচনি খনৰ অধীনত পাহাৰীয়া জিলাখনৰ কৃষক সকলক ঝুম খেতিৰ বিকল্প হিচাপে বিজ্ঞানসন্মত ভাৱে কৃষি বনানিকৰণ পদ্ধতিৰ ধাৰণা দিয়াৰ উদ্দেশ্যে আৰ্হি হিচাপে বৰ্তমানো থকা ৫ খন ঘৰুৱা বাৰীত তামোল, নেমু টেঙা, আম, সুমথিৰা, মধুৰী, লিচু, অমিতা, কল, আদি ফল-মুলৰ গছৰ লগতে বহুমুখী গছ-গছনি, যেনে তিতাচপা, শিশু, গমাৰী, শলথ, মণিপুৰী চিম আদিৰ পুলি ৰোপন কৰা হৈছে| সেইদৰে নতুনকৈ পতা বাৰী একোখনত ৫ হেক্টৰকৈ মুঠতে ২৫ হেক্টৰ কৃষিভুমিত ৫০০০ বহুমুখী গছ-গছনিৰ পুলি ৰোপন কৰা হৈছে| জিলাখনৰ উমৰাংচুত থকা বন বিভাগৰ আঞ্চলিক কাৰ্যালয়ে এইক্ষেত্ৰত যথেষ্ট খিনি সহায়-সহযোগ আগবঢ়াইছে| জিলাখনৰ বিস্তৃত ৰুপত কুঁহিয়াৰ খেতি কৰা হয় যদিও ইয়াৰ উৎপাদন আশানুৰুপ নহয়| সেইবাবে গোলাঘাট জিলাৰ বুঢ়ালিকচনত থকা কুঁহিয়াৰ গৱেষণা কেন্দ্ৰৰ পৰা যোগান ধৰা উন্নত জাতৰ কুঁহিয়াৰ সঁচৰ প্ৰদৰ্শনমুলক খেতি তথা বীজ উৎপাদন আৰম্ভ কৰা হৈছে, যাতে এই অধিক উৎপাদন ক্ষম কুঁহিয়াৰ সঁচে প্ৰসাৰ লাভ কৰে|

উল্লেখ্য যে জিলাখনৰ মাটি, পানী, জলবায়ু আৰু সামাজিক জীৱনৰ পটভুমিত সমন্বিত গাহৰি, ছাগলী, হাঁহ-কুকুৰা আৰু মীন পালন্ অতি বহনক্ষম আৰু লাভজনক কৌশল হিচাপে পৰিগণিত হ’ব পাৰে| সেইবাবে সমন্বিত পাম পদ্ধতিৰ আৰ্হি হিচাপে ৫ টাকৈ বৰ্তমান থকা পুখুৰী নিৰ্বাচন কৰি তাৰ পাৰত পালন কৰাৰ অৰ্থে ২৫ টা উন্নত জাতৰ হেম্পশ্বায়াৰ গাহৰিৰ পোৱালি বিশ্ববিদ্যালয়ৰ  অন্তৰ্গত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা আৰু বৰ্ণিহাটৰ ছাগলী গৱেষণা কেন্দ্ৰৰ তত্ত্বাৱধানত ক্ৰয় কৰা ১২ টা বিটেল ইমপ্ৰ’ভড্‌ জাতৰ ছাগলীৰ পোৱালি বিতৰণ কৰা হৈছে| সেইদৰে উন্নত সঁচৰ মাছৰ পোনা ৰহাৰ মীন মহা বিদ্যালয়ত বিশেষজ্ঞৰ পৰামৰ্শ মতে যোগান ধৰা হৈছে আৰু লগতে হাঁহ-কুকুৰাৰ পোৱালি যোগান ধৰাৰ আঁচনি লোৱা হৈছে| ধাৰনা কৰা হৈছে যে এই কৃষিকেন্দ্ৰিক আঁচনি খনে ডিমা হাছাও জিলাৰ জনজাতীয় লোকসকলৰ আৰ্থ-সামাজিক জীৱনৰ উন্নয়নৰ জৰিয়তে ৰাজ্যখনলৈয়ো কৃষি অৰ্থনীতিৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট আশাৰ বতৰা কঢ়িয়াই আনিব|

লেখক:- চন্দনজ্যোতি বৰা

উৎস:- দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate