অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধানখেতিত লৌহ মৌলৰ বিসাক্ততাৰ সমস্যা আৰু সমাধান

অসমৰ ধাননি পথাৰত পৰিলক্ষিত হোৱা এক বিসংগকি হৈছে লৌহ মৌলৰ বিসাক্ততা। লৌহ মৌল বা আইৰণ উদ্ভিদৰ বাবে অতি প্ৰয়োজনীয় পোষক মৌল। উদ্ভিদক লৌহ মৌল অতি কম পৰিমানতহে প্ৰয়োজন হোৱাৰ বাবে ইয়াক সুক্ষ্ম পোষক মৌল বা অনুমৌল বুলি কোৱা হয়। লৌহ মৌলৰ অভাৱত শস্যৰ যিদৰে উত্পাদন হ্ৰাস হয় সেইদৰে অধিক পৰিমানত উপলব্ধ হলেও ই শস্যৰ ক্ষতি সাধন কৰে। এনে প্ৰক্ৰিয়াক লৌহ মৌলৰ বিসাক্ততা বুলি কোৱা হয়। দেশৰ অন্যান্য অংশতকৈ অসমৰ ভুমিত ধানৰ উত্পাদন কম হোৱাৰ কাৰন সমূহৰ ভিতৰত লৌহ মৌলৰ বিসাক্ততা অন্যতম হিচাপে চিহ্নীত কৰা হৈছে। অসমৰ মাটিত ভুপ্ৰাকৃতিক কাৰণতেই লৌহ মৌলৰ পৰিমান অধিক। আনহাতে অসমৰ মাটি আম্লিক গুণবিশিষ্ট হোৱাৰ বাবে লৌহ মৌলৰ উপলব্ধতা অধিক হয়। আৱদ্ধ পানীত কৰা ধানখেতিত অম্লজান গেছৰ অভাৱত লৌহ মৌলৰ বিসাক্ততাৰ সমস্যাই অধিক ৰূপত দেখা দিয়ে।  লৌহ মৌলৰ বিসাক্ততাৰ কাৰণ আৰু লক্ষণসমুহ জানি আৰু সঠীক সময়ত নিৰাময়ৰ ব্যৱস্হাপনা গ্ৰহণ কৰি ধানৰ উত্পাদন বৃদ্ধি কৰিব পৰা যায়।

লৌহ মৌলৰ বিসাক্ততাৰ বাবে সুচল পৰিৱেশ

যিবিলাক মাটিত লৌহ মৌলৰ পৰিমান বেছি তেনে মাটিত এই ৰোগ সততে দেখা যায়। শুকান মাটিত লৌহ মৌলৰ পৰিমান বেছি থাকিলেও উদ্ভিদে গ্ৰহন কৰিব পৰা অৱস্হাত নাথাকে। আনহাতে পানী জমা হৈ থকা মাটিত লৌহ মৌল উদ্ভিদৰ বাবে অধিক সহজলভ্য অৱস্হাত থাকে। যিহেতু ধান খেতি কৰা পথাৰত পানী জমা হৈ থাকে সেয়েহে লৌহ পদাৰ্থৰ সহজলভ্যতা অধিক হয় আৰু ধান গছে প্ৰয়োজনতকৈ অধিক পৰিমানত এই মৌলবিধ গ্ৰহন কৰে আৰু ফলস্বৰূপে লৌহ মৌলৰ বিসাক্ততাই দেখা দিয়ে।

এঢলীয়া ধাননি পথাৰৰ দ অঞ্চলবোৰত এই সমস্যা অধিক দেখা যায়। কিয়নো ওখ অংশৰপৰা পানীৰ লগত লৌহ পদাৰ্থবোৰ বৈ আহি দ অঞ্চলত জমা হয়। মাটিত ফচফৰাচ, পটাচ আৰু দস্তাৰ পৰিমান কম থাকিলেও এই সমস্যাই দেখা দিব পাৰে। যিবোৰ অঞ্চলৰ ভুগৰ্ভৰ পানীত অধিক পৰিমানৰ লৌহ পদাৰ্থ থাকে সেইবোৰ অঞ্চলত অগভীৰ নলীনাদেৰে পথাৰত পানী যোগান ধৰিলে এই সমস্যাই সততে দেখা দিয়ে।

লৌহ মৌলৰ বিসাক্ততাৰ লক্ষন

লৌহ মৌলৰ বিসাক্ততাৰ বাবে ধানগছত হোৱা বিসংগতিক ‘ ব্ৰ’ঞ্জিং ’ বুলি কোৱা হয়। এনে  বিসাক্ততাত আক্ৰান্ত ধান গছৰ ৰোৱাৰ ৩০-৩৫ দিনৰ ভিতৰত গছৰ নিম্নভাগৰ পাতৰ আগত সৰু সৰু মুগা বৰণৰ দাগ দেখা যায আৰু লাহে লাহে এই দাগবোৰ পাতৰ তললৈ বিয়পি পৰে। দিন যোৱাৰ লগে লগে মাজৰ সিৰাডাল বাদ দি গোটেই পাতখিলাত দাগবিলাক বিয়পি পৰে। কেতিয়াবা ধানৰ জাত অনুসৰি পাতৰ ৰং কমলা বা বেঙুনীয়া ৰঙৰো হব পাৰে।

মাটিত লৌহ পদাৰ্থৰ তুলনাত পটাচিয়ামৰ পৰিমান অত্যন্ত কম থাকিলে ধানৰ কঠীয়া ৰোৱাৰ ১৫-২০ দিনৰ ভিতৰত নিম্নভাগৰ পাতৰ আগঅংশ পুৰি যোৱাৰ দৰে হৈ খেৰ বৰণৰ হয়। এনে লক্ষণক লৌহ পদাৰ্থই কৰা পটাছৰ অভাৱজনিত সমস্যা বুলি কোৱা হয়। লৌহ মৌলৰ সহজলভ্যতাৰ পৰিমান অত্যন্ত বেছি হলে ধানৰ কঠীয়া ৰোৱাৰ এসপ্তাহৰ ভিতৰতে গছবোৰ ৰঙা পৰি মৰি যায়। আনহাতে লৌহ মৌল বেছি থকা মাটিত পটাছৰ অভাৱৰ বাবে পাত মুগা পৰা বা ব্ৰাউন স্পট নামৰ ৰোগৰ আক্ৰমন অধিক হব পাৰে।

ব্ৰঞ্জিং ৰোগৰ প্ৰতিকাৰ ব্যৱস্থাপনা

লৌহ মৌলৰ বিসাক্ততাৰ বাবে হোৱা ব্ৰঞ্জিং ৰোগ প্ৰতিকাৰ বা নিৰাময়ৰ বাবে তলত উল্লেখিত ধৰণে সমন্বিত প্ৰতিবিধান ব্যৱস্হাপনা অৱলম্বন কৰা প্ৰয়োজন।

১) নিয়মীয়াকৈ শস্যত নাইট্ৰজেন, ফচফৰাচ আৰু পটাছ সাৰ সুষম মাত্ৰাত প্ৰয়োগ কৰিব লাগে।

২) জলসিঞ্চনৰ পানীৰ বাবে এনে সমস্যা হলে মেচিনৰ পৰা বাহিৰ হোৱা পানীখিনি পোনে পোনে পথাৰত দিব নালাগে। পানীখিনি প্ৰথমে ওপৰলৈ ছটিয়াই এটা গাঁতত পৰিবলৈ দি আৰু আৱদ্ধ কৰি ৰাখি কিছুসময়ৰ ব্যৱধানত এৰিব লাগে। এনে কৰিলে পানীত দ্ৰবীভূত অৱস্হাত থকা লৌহ পদাৰ্থ বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অদ্ৰৱনীয় অৱস্হালৈ আহিব আৰু শিপাই আহৰন কৰিব নোৱাৰে। গাঁত আৰু নলাৰ কিছু অংশত শিল জমা কৰি পানীভাগ ঠেকা খাই যাবলৈ দিলে বেছি ভাল ফল পোৱা যায়।

৩) আক্ৰান্ত পথাৰডৰাত খোজ কাঢ়ি বা নিৰনি যন্ত্ৰ চলাই বায়ু চলাচলৰ ব্যৱস্হা কৰিব লাগে। অথবা পথাৰত হাঁহ মেলি দিলেও কিছু সুফল পোৱা যায়।

৪) আক্ৰান্ত পথাৰডৰাত বিঘাই প্ৰতি অতিৰিক্ত ১.৫ কি.গ্ৰা. পটাছ সাৰ প্ৰয়োগ কৰি ভৰিৰে ভালদৰে গছকি মাটিত মিহলি কৰিব লাগে।

৫) একেৰাহে পথাৰত পানী জমা ৰখাৰ পৰিৱৰ্তে ধান ৰোৱাৰ ২৫-৩০ দিন পাছত পথাৰৰ পৰা পানীখিনি এৰি দিব লাগে আৰু প্ৰায় ৭ দিনৰ পাছত পুনৰ পানী জমা হবলৈ দিব লাগে। এনেদৰে ধান কটাৰ আগলৈকে পয্যায়ক্ৰমে পানী জমা ৰখা আৰু এৰি দি লৌহ মৌলৰ বিসাক্ততাৰ মাত্ৰা কমাই ৰাখিব পাৰি।

৬) কঠীয়া ৰোৱাৰ পিছতেই যদি গছবোৰ ৰঙা পৰি মৰি যাবলৈ ধৰে তেতিয়া ওপৰোক্ত কোনো প্ৰতিবিধানেই কামত নিদিয়ে। তেনেক্ষেত্ৰত ভবিষ্যতে যাতে এই সমস্যা নহয় তাৰ বাবে পথাৰত কঠীয়া ৰোৱাৰ ১৫-২০ দিনৰ আগতেই চূণ প্ৰয়োগ কৰিব লাগে।

অসমৰ কৃষকসকলে লৌহ মৌলৰ বিসাক্ততাৰ সমস্যাক বিশেষ গুৰুত্ব দিয়া দেখা নাযায়। সেয়েহে অশেষ কষ্টৰ পিছতো ধানখেতিৰ পৰা অধিক লাভবান হব লোৱাৰে। লৌহ মৌলৰ বিসাক্ততাৰ সমস্যা পৰিলক্ষিত হ'লে ওপৰোক্ত সমন্বিত ব্যৱস্হাপনাৰ জৰীয়তে  ইয়াৰ প্ৰভাৱ দুৰ কৰি ধানৰ উত্পাদন বৃদ্ধি কৰিব পৰা যায়।

নিলীম কলিতা


© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate