বৰ্তমান কৃষি ব্যৱস্থাত শস্যৰ উত্পাদনত ৰাসায়নিক সাৰৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। অত্যাধিক ৰাসায়নিক সাৰৰ ব্যৱহাৰে মাটিৰ ওপৰত বিৰূপ প্ৰভাৱ সৃষ্টি কৰিছে। ৰাসায়নিক সাৰৰ ব্যৱহাৰৰ ফলত মাটিত থকা জৈৱ পদাৰ্থৰ পৰিমান হ্ৰাস, মাটিৰ জলধাৰণ ক্ষমতাৰ হ্ৰাস, মাটিত থকা শস্যৰ খাদ্যমৌলসমূহৰ অসমতুলতা, উপকাৰী অনুজীৱৰ সংখ্যা হ্ৰাস ইত্যাদি কু-প্ৰভাবৰ বাবে মাটিৰ স্বাভাৱিক উৰ্বৰতা আৰু উত্পাদিকা শক্তি লোপ পাব ধৰিছে। এনে পৰিৰেক্ষিতত মাটিৰ স্বাভাৱিক উৰ্বৰতা শক্তি বজাই ৰাখি ভবিষ্যতৰ বাবেও মাটিক উৰ্বৰ কৰি ৰাখিবৰ বাবে জৈৱিক সাৰৰ ব্যৱহাৰৰ ওপৰত কৃষক সকলে গুৰুত্ব আৰোপ কৰা উচিত।
মাটিক এক জীৱিত প্ৰাকৃতিক সম্পদ বুলি বিবেচনা কৰা হয় আৰু মাটিত থকা জৈৱ পদাৰ্থ সমুহেই হৈছে মাটিৰ প্ৰান শক্তি তথা শস্য উত্পাদনৰ আধাৰ। সেয়েহে মাটিৰ পৰিচৰ্যাৰ প্ৰথম পদক্ষেপ হৈছে জৈৱিক সাৰৰ ব্যৱহাৰ।
জৈৱিক সাৰৰ উপকাৰিতা
- মাটি ফৰফৰীয়া কৰি তোলে, যাৰ ফলত শিপাৰ বৃদ্ধি অধিক হোৱাৰ লগতে পানী আৰু খনিজ লৱণ আহৰণ সুচল হয়।
- শস্যৰ প্ৰয়োজনীয় পোষক মৌলৰ যোগান ধৰে।
- মাটিৰ জলধাৰণ ক্ষমতা তথা বায়ু চলাচল উন্নত কৰে।
- আম্লিক মাটিত এলুমিনিয়াম আৰু লৌহ মৌলই সৃষ্টি কৰা বিৰূপ প্ৰভাৱ উপশম কৰে।
- শস্যৰ উত্পাদন বৃদ্ধি কৰে।
জৈৱিক সাৰৰ প্ৰকাৰ
বিভিন্ন জৈৱিক সাৰৰ ভিতৰত গোবৰ, গোহালিৰ আৱৰ্জনাৰ পৰা সৃষ্টি হোৱা পাম সাৰ, পচন সাৰ, কেচু সাৰ, সেউজ সাৰ, খলিহৈ আৰু জীৱানুসাৰ ইত্যাদিয়েই প্ৰধান।
গোবৰ আৰু পাম সাৰ
প্ৰাচীন কালৰ পৰাই গৰু ম’হৰ গোবৰ আৰু পাম সাৰ কৃষি কাৰ্যত ব্যৱহাৰ অহা হৈছে। গোবৰ আৰু পাম সাৰত ০.৫ % নাইট্ৰজেন, ০.২ % ফচফৰাচ আৰু ০.৫% পটাচ পাব পাৰি।
পচন সাৰ
পচন সাৰ এক অতি উত্কৃষ্ট জৈৱিক সাৰ। পচন সাৰৰ ব্যৱহাৰৰ দ্বাৰা শস্যৰ উত্পাদন বৃদ্ধিৰ লগতে উত্পাদিত শস্যৰ গুনগত মানদণ্ড উন্নত হয়। কৃষকসকলে বিজ্ঞানসন্মত পদ্ধতিৰে কম সময়তে বিভিন্ন জৈৱিক আৱৰ্জনাৰ পৰা উন্নত পচন সাৰ প্ৰস্তুত কৰিব পাৰি।
কেঁচু সাৰ
আজিকালি কেঁচুৰ সহায়ত অতি কম সময়তে বিভিন্ন জৈৱিক আৱৰ্জনাৰ পৰা অতি উত্কৃষ্ট পচন সাৰ তৈয়াৰ কৰি কৃষিত ব্যৱহাৰ কৰা হয়। এনে পচন সাৰক কেঁচু সাৰ বা ভাৰ্মিকম্পষ্ট বুলি কোৱা হয়। কেঁচু সাৰত শস্যৰ প্ৰয়োজনীয় পোষক মৌল সমূহ পোৱাৰ উপৰিও বিভিন্ন হৰমন, এনজাইম ইত্যাদি থকাৰ বাবে ই শস্যৰ উত্পাদন যথেষ্ট বৃদ্ধি কৰে। আনহাতে ব্যৱসায়িক ভাবেও কেঁচুসাৰ উত্পাদনৰ দ্বাৰা গ্ৰামাঞ্চলত স্বনিয়োজনৰ পথ সৃষ্টি কৰিছে।
সেউজ সাৰ
সেউজ সাৰে মাটিৰ ভৌতিক ধৰ্মৰ উন্নতি সাধনৰ লগতে উৰ্বৰা শক্তি বৃদ্ধি কৰে। গড় হিচাপত প্ৰতি হেক্টৰ মাটিত মাহজাতীয় সেউজ সাৰে প্ৰায় ১০ টন জৈৱিক পদাৰ্থ জমা কৰে আৰু প্ৰায় ৩৫ কি.গ্ৰা. নাইট্ৰজেন যোগান ধৰে।
জীৱাণুসাৰ
বিভিন্ন জীৱাণুসাৰ যেনে ৰাইজ’বিয়াম, এজট’বেক্টাৰ, এজস্পাইৰিলাম ইত্যাদিয়ে প্ৰতি হেক্টৰ কৃষিভুমিত ২০-৩০ কি.গ্ৰা. নাইট্ৰজেন সংস্হাপিত কৰি মাটিক স্বাভাৱিকভাবে উৰ্বৰ কৰে।আনহাতে জীৱাণুসাৰত থকা অনুজীৱই বিভিন্ন হৰমনৰ সৃষ্টি কৰি শিপাৰ অধিক বৃদ্ধি ঘটাই খাদ্য আহৰণত সহায় কৰে।জীৱাণুসাৰে শস্যত অনুমোদিত ৰাসায়নিক সাৰৰ প্ৰয়োগৰ মাত্ৰা ২৫-৩০ ভাগ কমাব পাৰে আৰু শস্যৰ উত্পাদন ১০-৩০ শতাংশ বৃদ্ধি কৰে।