অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতত ইন্টাৰনেটৰ প্ৰসাৰ

ভাৰতত ইন্টাৰনেটৰ প্ৰসাৰ

১৯৯৫ চনৰ ১৫ আগষ্টত বিদেশ সঞ্চাৰ নিগম লিমিটেডৰ(ভি এছ এন এল)দ্বাৰা ইন্টাৰনেট সেৱা আৰম্ভৰ জৰিয়তে ভাৰতত ইন্টাৰনেটৰ বুৰঞ্জী আৰম্ভ হৈছিল।প্ৰ্তিষ্ঠানটোবে প্ৰথম ছমাহত প্ৰায় দহ হেজাৰ ব্যৱহাৰকাৰীক সামৰি লবলৈ সক্ষম হৈছিল।কিন্ত পৰৱৰ্তী দহ বছৰত ভাৰতত ইন্টাৰনেট ব্যৱহাৰৰ অভিজ্ঞতা মুঠেও আকৰ্ষনীয় নহল—ইয়াৰ লেহেমীয়া সেৱাৰ বাবে।২০০৪ চনত চৰকাৰে ইয়াৰ ব্ৰ্ডবেণ্ড নীতি যুগুত কৰে।২০০৫ চনৰপৰা ভাৰতত ব্ৰ্ডবেণ্ড খণ্ডত বৃদ্ধি ত্বৰান্বিত হয়।কিন্ত তথাপি চৰকাৰ তথা স্ংশ্লিষ্ট এজেঞ্চীবোৰে অনুমান কৰাৰ তুলনাত ইয়াৰ বৃদ্ধি লেহেমীয়া হৈ থাকিল।প্ৰয়োজনীয় বিনিয়োগ আৰু তাঁৰ নিৰ্ভৰ প্ৰযুক্তিৰে বাবেই ইয়াৰ বৃদ্ধি লেহেমীয়া হৈ থাকিল।প্ৰয়োজনীয় বিনিয়োগ আৰু তাঁৰ নিৰ্ভৰ প্ৰযুক্তিৰ বাবেই ইয়াৰ ভবা ধৰনে অগ্ৰগতি হোৱা নাছিল।এই অচলাৱস্থাৰ অৱসান ঘটে ২০১০ চনত।২০১০ চনত চৰকাৰে থ্ৰী জি স্পেক্ট্ৰাম নিলাম কৰাৰ পিছত ফৰ জি স্পেক্ট্ৰামৰো নিলাম কৰে।ইয়ে গোটেই দৃশ্যপট প্ৰ্তিযোগীতামূলক কৰাৰ লগতে ৱায়াৰলেছ ব্ৰ্ডবেণ্ড বজাৰখনো ঊৰ্ধমুখী কৰি তোলে।বৰ্তমান ভাৰতত ইন্টাৰনেট সেৱা চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কোম্পানী উভয়ে প্ৰ্দান কৰে।বেলেগ বেলেগ প্ৰযুক্তিৰে আগবঢ়োবা এই সেৱাৰ মূল্যও বেলেগ বেলেগ আৰু মূল্য অনুযায়ী সেৱাৰ মানো ভিন্ন।ইন্টাৰনেট এণ্ড মবাইল এছচিয়েচন অব ইণ্ডিয়াৰ(আই এ এম এ আই)মতে,২০১৩ জুন মাহত ভাৰতত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ স্ংখ্যা আছিল ১৯ কোটি।সেই বছৰৰে অক্টোবৰ মাহত এই স্ংখ্যাই ২০,৫ কোটিক অতিক্ৰম কৰে।২০১৩ৰ মে মাহৰ হিচাপত ভাৰতত ইন্টাৰনেট সেৱা প্ৰদানকাৰীৰ স্ংখ্যা আছিল ১৬১।উপভোক্তাৰ স্ংখ্যাৰ ফালৰপৰা প্ৰথম ৫টা স্থানত আছিল বি এছ এন এল ভাৰতী এয়াৰটেল,এম টি এন এল,হাথবে আৰু ইউ ব্ৰ্ডবেণ্ড।ইন্টাৰনেট সুবিধা ব্যৱহাৰৰ অন্যতম উৎস আছিল চাইবাৰ কাফেসমূহ।২০০৯ বৰ্ষৰ হিচাপত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ ৩৭ শতাংশই চাইবাৰ কাফেৰপৰা,৩০ শতাংশি কাৰ্যলয়ৰ পৰা আৰু ২৩ শতাংশই ঘৰৰপৰা এই সুবিধা ব্যৱহাৰ কৰিছিল।কিন্ত ২০০৯ চনৰপৰা মবাইল ইন্টাৰনেট ব্যৱহাৰকাৰী স্ংখ্যা দ্ৰুতগতিত বৃদ্ধি পায়।২০১০ বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ শেষত ২৭৮ নিযুত মবাইল সেৱা ব্যৱহাৰকাৰী আছিল আৰু ইয়াৰে সিংহভাগেই ব্যৱহাৰ কৰিছিল টু জি নেটৱৰ্ক।

ভাৰতত ইন্টাৰনেট খণ্ডি সন্মুখীন হোৱা অন্যতম প্ৰত্যাহ্বান হৈছে ব্ৰ্ডবেণ্ড স্ংযোগৰ গড় নিম্নমানৰ “বেণ্ডউইথ”।উন্নত দেশৰ তুলনাত ই হৈছে অত্যন্ত নিম্নমানৰ।২০০৭ চনৰ পৰিস্ংখ্যা মতে ভাৰতত টেলিকম ৰেগুলেটাৰী অৰ্থৰিটীয়ে(ট্ৰাই)নিৰ্দ্ধাৰন কৰা গড় “ডাউনলোড” স্পীড আছিল ২৫৬ কিলোবাইট প্ৰ্টি ছেকেণ্ড।এই আন্ত গাঠঁনি সম্পৰ্কীয় সমস্যাটোৰ মোকাবিলা কৰাৰ বাবে চৰকাৰে ২০০৭ বৰ্ষটো “ব্ৰ্ডবেণ্ড বৰ্ষ”হিচাপে ঘোষনা কৰিছিল।ব্ৰ্ডবেণ্ড স্পীডত আন্ত ৰাষ্ট্ৰীয় মানৰ সৈতে প্ৰ্তিযোগিতাত অৱতীৰ্ন হোবাৰ বাবে ভাৰত চৰকাৰে ১৩০০ লাখ ডলাৰ ব্যয় সাপেক্ষে আগ্ৰাসী পদক্ষেপৰ পৰিকল্পনা কৰি গ্ৰহন কৰিছিল।এই পৰিকল্পনা আছিল মহানগৰ আৰু ৫০০ বা তাতোধিক লোকে বাস কৰা সকলো গাঁৱকে ব্ৰ্ডবেণ্ড নেটৱৰ্কৰে সামৰি লোৱা।ইয়াৰ জৰিয়তে মেট্ৰ্পলিটান অঞ্চলত প্ৰ্তি ছেকেণ্ডত ১০ মেগাৱাইট আৰু ছেকেণ্ডত ১০ মেগাৱাইট আৰু মহানগৰ অঞ্চলত প্ৰ্তি ছেকেণ্ডত ৪ মেগাৱাইট ডাউনলোড স্পীড কৰিব বিচৰা হৈছিল।

ভাৰতত ইন্টাৰনেট সেৱাৰ ক্ষেত্ৰত চহৰাঞ্চল আৰু গ্ৰাম্য অঞ্চলৰ মাজত প্ৰচুৰ পাৰ্থক্য আছে।২০১০ চনৰ পৰিস্ংখ্যা অনুসৰি দেশৰ ৭৫ শতাংশ ব্ৰ্ডবেণ্ড স্ংযোগ আছে ৩০ খন মহানগৰীত।এই অসমতা দূৰ কৰাৰ বাবে গ্ৰাম্য অঞ্চলত আন্তগাঠনি উন্নয়ন আৰু সেৱা উপলদ্ধিকৰনত ৰাজসাহায্যাৰো ব্যৱস্থা কৰা হয়।

২০১৬ বৰ্ষলৈ ভাৰতত মবাইল ইন্টাৰনেট ব্যৱহাৰকাৰীৰ স্ংখ্যা ২৩,৬ কোটি হোবাৰ সম্ভাবনা আছে।ইন্টাৰনেট এণ্ড মবাইল এছচিয়েচন অব অব ইণ্ডিয়াৰ এখন প্ৰ্তিবেদন এই তথ্য প্ৰকাশ পাইছে।এই প্ৰ্তিবেদনখনত ২০১৭ লৈ ভাৰতত মবাইল ইন্টাৰনেট ব্যৱহাৰকাৰীৰ স্ংখ্যা ৩১,৪ কোটি হব বুলিও কোৱা হৈছে।এই গতি অব্যাহত থাকিলে এইক্ষেত্ৰত ভাৰতে চীনক অতিক্ৰম কৰিবলৈ সৰহ সময়ৰ প্ৰয়োজন নহব।এই পৰিস্ংখ্যা প্ৰথম দৃষ্টিত আশ্চৰ্যকৰ যেন লাগিলেও ভাৰতত স্পাৰ্টফোনৰ বিক্ৰি যি হাৰত বৃদ্ধি পাইছে সেই ফালৰপৰা ই স্বাভাৱিক হিচাপে বিবেচিত হৈচ্ছে।২০১৪-১৫ বিত্তীয় বৰ্ষত ভাৰতত স্পাৰ্টফোনৰ বিক্ৰি ৩৩ শতাংশ বৃদ্ধি পাইছে।স্মাৰ্টফোনৰ বিক্ৰি ৩৩ শতাংশ বৃদ্ধিৰ লগে লগে অধিক ব্যৱহাৰকাৰীক মবাইল ফোন যোগে ইন্টাৰনেটৰ সুবিধা ব্যবহাৰ কৰিছে।২০১৭ লৈ ভাৰতত ৫০ কোটি ইন্টাৰনেট ব্যৱহাৰকাৰী থকাৰ সম্ভাবনা আছে ২০১৫ জুনৰ হিচাপত এই স্ংখ্যা হৈছে ৩৫ কোটি।সেবা প্ৰদানকাৰী কোম্পানীবোৰে থ্ৰী জি সেৱাৰ মূল্য হ্ৰাস কৰাৰ ফলত অধিক স্ংখ্যক ব্যবহাৰীকৰীয়ে টু জি সেৱাৰ সলনি থ্ৰী জি সেৱাৰ সেৱাৰ পিনে আকৰ্ষিত হৈছে।অনুমান অনুসৰি ২০১৭ মেলৈ ভাৰতত থ্ৰী জি সেৱাৰ গ্ৰাহকৰ স্ংখ্যা ২৮,৪ কোটি হব।ভাৰতত ইন্টাৰনেট প্ৰসাৰত মবাইল ইন্টাৰনেটে গুৰুত্বপূৰ্ন ভূমিকা গ্ৰহন কৰিছে।ইন্টাৰনেট ব্যৱহাৰ কৰিব পৰা সঁজুলিৰ স্ংখ্যা বৃদ্ধি,কম খৰচী হেণ্ডছেট আৰু ইন্টাৰনেট সেৱাৰ মূল্য হ্ৰাসৰ বাবেই মবাইল ইন্টাৰনেটৰ ভাৰতত সক্ৰিয় ইন্টাৰনেট ব্যৱহাৰকাৰীৰ ৩৮ শতাংশই মবাইল ফোনযোগে সেৱা গ্ৰহন কৰে।

উৎস: দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate