অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইউনিয়ন বেংক অব ইণ্ডিয়াৰ ম’বাইল বেংকিং সেৱা

উপলব্ধ সেৱাসমূহ

  • পূঁজি স্থানান্তৰ : ই ইউনিয়ন বেংকৰ এজন গ্ৰাহকৰ পৰা আন এজন গ্ৰাহকলৈ পূঁজি স্থানান্তৰ কৰিবলৈ অনুমতি প্ৰদান কৰে৷ ইয়াৰ কাৰণে দুয়োজন একাউণ্ট হল্ডাৰ ইউম’বাইল সেৱাৰ কাৰণে পঞ্জীভূত হৈ থাকিব লাগিব৷
  • বাহাল থকা ধনৰ অনুসন্ধান : ই একাউণ্টত বাহাল থকা ধনৰ সামগ্ৰিক অৱস্থা প্ৰদৰ্শন কৰে৷
  • মিনি ষ্টেটমেণ্ট : ই একাউণ্টৰ শেষৰ 9 টা লেনদেন প্ৰদৰ্শন কৰে৷
  • পঞ্জীয়ন : গ্ৰাহকে ইউম’বাইল সেৱাৰ কাৰণে বেংকৰ এটিএমত তেওঁলোকৰ ডেবিট কাৰ্ড ব্যৱহাৰ কৰি পঞ্জীয়ন কৰিব পাৰে৷
  • পঞ্জীয়ন নাকচ : গ্ৰাহকে বেংকৰ এটিএম ব্যৱহাৰ কৰি পঞ্জীয়ন নাকচ কৰিব পাৰে৷

পঞ্জীয়ন পদ্ধতি

  • আপোনাৰ ডেবিট কাৰ্ড এটিএম কেন্দ্ৰত প্ৰবিষ্ট কৰক আৰু ডেবিট কাৰ্ডৰ পিন নম্বৰ ভৰাওক৷
  • প্ৰদৰ্শিত হৈ থকা স্ক্ৰীণৰ পৰা “others” বাচনি কৰক৷
  • ইয়াৰ পিছত, “Mobile Payment” আৰু, তাৰ পিছত “Registration” বাচনি কৰক
  • গ্ৰাহকে তেওঁৰ ম’বাইল নম্বৰ দুবাৰ প্ৰবিষ্ট কৰাৰ প্ৰয়োজন হ’ব৷
  • সফল পঞ্জীয়নৰ ক্ষেত্ৰত, এটিএমে তলত দেখুৱাৰ আৰ্হিত ৰচিদ ছপা কৰিব: “Registered successfully, Activation Code XXXX, আপোনাৰ হেণ্ডচেটত ম’বাইল আবেদন ডাউনলোড কৰিবলৈ এফএচএচ মোবাইল পে প্ৰদৰ্শন কৰক৷

বাইল বেংকিং আবেদন স্থাপনৰ পদ্ধতি

গ্ৰাহকে তেওঁলোকৰ ম’বাইলত ইউম’বাইল আবেদন পত্ৰ ডাউনলোড কৰিবলৈ বেংকৰ ৱেবচাইট এফএচএচ মোবাইল পেপ্ৰদৰ্শন কৰক৷ অনুগ্ৰহ কৰি আবেদন ডাউনলোড কৰিবলৈ তলৰ পদ্ধতিসমূহ অনুসৰণ কৰক:

  • এই এফএচএচ মোবাইল পে পৃষ্ঠা মুকলি কৰাৰ পিছত, আপোনাৰ ম’বাইল নম্বৰ আৰু সক্ৰিয়কৰণ ক’ড প্ৰবিষ্ট কৰক৷
  • “Download Application” ব্যৱস্থাত ক্লিক কৰক৷
  • "Model" তালিকাৰ পৰা আপোনাৰ ম’বাইলৰ মডেল বাচনি কৰক আৰু "Download" ত ক্লিক কৰক৷
  • নীতি-নিয়মসমূহ গ্ৰহণ কৰল৷
  • ইয়াৰ পিছত, আবেদন পত্ৰ আপোনাৰ পি/চি/লেপটপত ডাউনলোড হ’ব৷
  • ডাটা কেবোল/ব্লুটুথ অথবা জিপিআৰএচ ব্যৱহাৰ কৰি আবেদন পত্ৰ আপোনাৰ কম্পিউটাৰ/লেপটপৰ পৰা ফোনলৈ স্থানান্তৰিত কৰক৷
  • আপোনাৰ হেণ্ডচেটত আবেদন স্থাপন কৰক৷

ইউমবাইল ব্যৱহাৰৰ পদ্ধতি

সেৱাসমূহ

ব্যৱহাৰৰ পদ্ধতি
এচএমএচ প্ৰেৰণ কৰিবলৈ 9870338500 ব্যৱহাৰ কৰক

বাহাল থকা ধনৰ অনুসন্ধান

সামগ্ৰিক বাহাল থকা ধনৰ অনুসন্ধান কৰিবলৈ, Balance Enquiry বাচনি কৰক আৰু 4 টা সংখ্যাৰ এমপিআইএন প্ৰবিষ্ট কৰক৷ যেতিয়া “Allow application UMobile to send message?” প্ৰশ্ন কৰিব, Yes ত ক্লিক কৰক৷

মিনি ষ্টেটমেণ্ট

আপোনাৰ একাউণ্টৰ শেষৰ 9 টা লেনদেনৰ অনুসন্ধান কৰিবলৈ, Mini Statement বাচনি কৰক আৰু আপোনাৰ 4 টা সংখ্যাৰ এমপিআইএন প্ৰবিষ্ট কৰক৷ যেতিয়া “Allow application UMobile to send message?”    প্ৰশ্ন কৰিব, Yes ত ক্লিক কৰক৷

পূঁজি স্থানান্তৰ (বেংকৰ ভিতৰত)

ধন স্থানান্তৰ কৰিবলৈ, fund transfer বাচনি কৰক আৰু আপোনাৰ 4 টা সংখ্যাৰ এমপিআইএন প্ৰবিষ্ট কৰক৷ আপুনি স্থানান্তৰ কৰিবলৈ বিছৰা ধনৰ সঠিক পৰিমাণ আৰু হিতাধিকাৰীৰৰ ম’বাইল নম্বৰ প্ৰবিষ্ট কৰক৷ মেছেজ প্ৰেৰণ কৰিবলৈ “Send” বাচনি কৰক৷ in the options to send the message. যেতিয়া “Allow application UMobile to send message?” প্ৰশ্ন কৰিব, Yes ত ক্লিক কৰক৷

এমপিআইএন সলনি

যদি আপুনি আপোনাৰ এমপিআইএন সলনি কৰিবলৈ বিছাৰে, তেন্তে this option বাচনি কৰক৷ তাৰপিছত আপোনাৰ পুৰণা এমপিআইএন প্ৰবিষ্ট কৰক, তাৰ পিছত আপোনাৰ নতুন নম্বৰ প্ৰবিষ্ট কৰক, যেতিয়া “Allow application UMobile to send text message?” প্ৰশ্ন কৰিব, Yes ত ক্লিক কৰক৷

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 3/31/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate