অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কানাড়া বেংকৰ ম’বাইল বেংকিং সেৱাসমূহ

কানাড়া বেংকৰ ম’বাইল বেংকিং সেৱাসমূহ

কানাড়া বেংকে দুটা পদ্ধতিত ম’বাইল বেংকিং সেৱা আগবঢ়াইছে

  • এচএমএচ অনুৰোধ/ অনুসন্ধান সুবিধা
  • এচএমএচ সংকেত সুবিধা

ম’বাইল বেংকিং সেৱাৰ বাবে প্ৰয়োজনীয়তা

  • ম’বাইল ফোন যি এচএমএচ সমৰ্থন কৰে (জিএচএম অথবা চিডিএমএ)
  • বেংকৰ সৈতে পঞ্জীয়ন কৰা ই-মেইল আইডি আৰু ম’বাইল নম্বৰ

এচএমএচ অনুৰোধ অনুসন্ধান সুবিধাৰ অধীনত উপলব্ধ সেৱাসমূহ

  • এচএমএচ বেংকিংৰ কাৰণে পঞ্জীয়ন
  • প্ৰাথমিক একাউণ্টৰ পৰিবৰ্তন
  • চিএএচএ ৰ বাকী থকা ধনৰ পৰিমাণ চাবলৈ
  • টাৰ্ম ডিপজিটৰ সবিশেষ চাবলৈ
  • ইছ্যু কৰা চেকৰ মুকলিকৰণ অৱস্থা পৰীক্ষা কৰিবলৈ
  • মিনি বেংক ষ্টেটমেণ্ট পাবলৈ (শেষৰ 5 টা লেনদেন)
  • এচএমএচ বেংকিংৰ পঞ্জীয়ন নাকচ কৰিবলৈ

এচএমএচ ই-মেইল সংকেত সুবিধাৰ অধীনত উপলব্ধ সেৱাসমূহ

বেংকে নিম্নোল্লেখিত ঘটনাসমূহত এচএমএচ/ই-মেইলৰ দ্বাৰা সংকেত প্ৰেৰণ কৰে:

  • যেতিয়া ডেবিট/ক্ৰেডিট লেনদেনৰ পৰিমাণ 10,000/- টকা অথবা গ্ৰাহকে ধাৰ্য্য কৰি ৰখা টকাৰ পৰিমাণৰ ওপৰত সংঘটিত হয়
  • বাহাল থকা ধনৰ পৰিমাণৰ ওপৰত মাহেকীয়া সংকেত/গ্ৰাহকৰ দ্বাৰা পৰিচালিত একাউণ্টৰ যিকোনো দেনা-পাওনা
  • অভাৰ ড্ৰাফটৰ সংকেট, যেতিয়া গ্ৰাহকৰ একাউণ্টে জমা টকাৰ সীমা চেৰাই যায় অথবা ডেবিটৰ ফালে গতি কৰে

এচএমএচ অনুৰোধ অনুসন্ধান সুবিধাৰ কাৰণে পঞ্জীয়ন পদ্ধতি

  • আপোনাৰ মূল শাখাৰ পৰা ম’বাইল বেংকিং আবেদন প্ৰ-পত্ৰ সংগ্ৰহ কৰক৷
  • পূৰণ কৰা আবেদন প্ৰ-পত্ৰৰ বিকল্প কপি জমা দিয়ক৷
  • নিম্নলিখিত ৱেবচাইটৰ পৰা আবেদন প্ৰ-পত্ৰ ডাউনলোড কৰিব পাৰি-কানাড়া বেংকৰ ম’বাইল বেংকিং সেৱা
  • আবেদন খনত, আপুনি এচএমএচ সুবিধাৰ কাৰণে বিশেষভাৱে অনুৰোধ জনাব পাৰে৷
  • এচএমএচ অনুৰোধ সুবিধা ব্যৱহাৰ কৰিবলৈ বেংকৰ শাখাৰ পৰা আপোনাৰ গ্ৰাহক আইডি জানি লওক আৰু সেইটো লিখি ৰাখক৷
  • যিটো ই-মেইল আইডি অথবা ম’বাইল নম্বৰত এচএমএচ সুবিধা বিচাৰিছে, সেইটো আবেদন খনত স্পষ্টভাৱে উল্লেখ কৰা উচিত৷
  • সকলো এচএমএচ ‘6161’ লৈ প্ৰেৰণ কৰা উচিত৷

বেংকিং সেৱাৰ সুবিধা লাভৰ কাৰণে এচএমএচ প্ৰেৰণ কৰাৰ পদ্ধতি

ক্ৰ. নং

কী ৱৰ্ড

মেচেজ ফৰ্মেট

উদ্দেশ্য

1.

অথবা

<গ্ৰাহকৰ নম্বৰ>

প্ৰথমে খোলা একাউণ্টটোক প্ৰাইমেৰী একাউণ্ট হিচাপে লৈ ম’বাইল বেংকিং সেৱা পঞ্জীয়ন কৰা৷

< গ্ৰাহকৰ নম্বৰ > <একাউণ্ট নম্বৰ.>

আপুনি প্ৰবিষ্ট কৰা একাউণ্ট নম্বৰটোক প্ৰাইমেৰী একাউণ্ট হিচাপে লৈ ম’বাইল বেংকিং সেৱা পঞ্জীয়ন কৰা৷

2.

অথবা

<গ্ৰাহকৰ নম্বৰ > <একাউণ্ট নম্বৰ >

প্ৰাইমেৰী একাউণ্ট নম্বৰ সলনি কৰিবলৈ

3.

অথবা

< গ্ৰাহকৰ নম্বৰ >

প্ৰাইমেৰী একাউণ্টৰ বাকী থকা ধনৰ পৰিমাণ অনুসন্ধান কৰিবলৈ

< গ্ৰাহকৰ নম্বৰ > <একাউণ্ট নম্বৰ >

অন্য একাউণ্টৰ বাকী থকা ধনৰ পৰিমাণ অনুসন্ধান কৰিবলৈ

4.

অথবা

< গ্ৰাহকৰ নম্বৰ >

প্ৰথম 3 টা টাৰ্ম ডিপজিত একাউণ্টৰ অনুসন্ধান কৰিবলৈ

< গ্ৰাহকৰ নম্বৰ > <একাউণ্ট নম্বৰ >

বিশেষ একাউণ্টটোৰ টিডি অনুসন্ধান কৰিবলৈ

5.

অথবা

< গ্ৰাহকৰ নম্বৰ > <চেক নম্বৰ>

ৰাইমেৰী অপাৰেটিভ একাউণ্টৰ বিপৰীতে ইছ্যু কৰা চেকৰ অৱস্থা অনুসন্ধান কৰিবলৈ

6.

অথবা

< গ্ৰাহকৰ নম্বৰ >

প্ৰাইমেৰী একাউণ্টৰ শেষৰ পাঁচটা একাউণ্টৰ অনুসন্ধান

< গ্ৰাহকৰ নম্বৰ > <একাউণ্ট নম্বৰ>

অন্য একাউণ্টৰ শেষৰ পাঁচটা লেনদেনৰ অনুসন্ধান

7.

অথবা

< গ্ৰাহকৰ নম্বৰ >

এচএমএচ সুবিধাৰ পৰা নিজকে অক্ষমিত কৰিবলৈ৷

8.

অথবা

< গ্ৰাহকৰ নম্বৰ >

পদ্ধতিটোৱে ওপৰৰ সকলো কীৱৰ্ড আৰু সেইবিলাকৰ কাৰ্য্যৰ তালিকা আগবঢ়াবলৈ

কানাড়া বেংকৰ ম’বাইল বেংকিং সেৱা

 

কানাড়া বেংকে আৰু এটা ভেল্যু এডেড সেৱা আগবঢ়াইছে, যেনে, টেলি বেংকিং সেৱা, য’ত গ্ৰাহকে বেংক সম্বন্ধীয় সেৱাৰ অধিকাৰ তেওঁৰ ঘৰৰ পৰা লাভ কৰিব পাৰে৷ বেংকে আগবঢ়োৱা নম্বৰ ডায়েল কৰি, গ্ৰাহকে অধিকাংশ বেংকৰ লেনদেন কৰিব পাৰে৷ বৰ্তমান টেলি বিংকিং সুবিধা সমগ্ৰ দিনটোটে উপলব্ধ হয়৷ এই সুবিধা আমাৰ ক’ৰ বেংকিং সুবিধা থকা বেংকৰ শাখাসমূহৰ গ্ৰাহকলৈহে উপলব্ধ৷ গ্ৰাহকে ভাৰতৰ ভিতৰত তলৰ সুবিধাসমূহ লাভ কৰিবলৈ বিনামূলীয়া নম্বৰ:1800 425 0018 ত ডায়েল কৰিব পাৰে:

  • গ্ৰাহকৰ সকলো ধৰণৰ একাউণ্টৰ বাকী থকা ধনৰ পৰিমাণৰ অনুসন্ধান
  • একাউণ্টৰ শেষৰ 5 টা লেনদেনৰ বিবৰণ,
  • চেকৰ অৱস্থাৰ অনুসন্ধান
  • ফেক্স, ই-মেইল অথবা ডাকযোগে একাউণ্ট ষ্টেটমেণ্টৰ অনুৰোধ
  • ধন আদায়ৰ নিৰ্দেশনা স্তব্ধ কৰিবলৈ
  • গ্ৰাহকৰ ঋণৰ সবিশেষ,
  • বেংক প্ৰডাক্টৰ সংবাদ

টেলি বেংকিং সেৱা লাভ কৰা পদ্ধতি

  • টেলি বেংকিং সুবিধা লাভ কৰিবলৈ আবেদন প্ৰ-পত্ৰৰ বিকল্প কপি আপোনাৰ মূল শাখাত জমা দিয়ক
  • আপোনাৰ আবেদন বেংকৰ শাখাই গ্ৰহণ কৰাৰ পিচত, টিপিআইএন, এফটিপিআইএন কেন্দ্ৰীয়ভাৱে মুকলি হ’ব আৰু কুৰিয়াৰৰ দ্বাৰা আপোনালৈ প্ৰেৰণ কৰা হ’ব৷
  • আপোনাৰ আবেদন বেংকৰ শাখাই গ্ৰহণ কৰাৰ পিচত, টিপিআইএন, এফটিপিআইএন কেন্দ্ৰীয়ভাৱে মুকলি হ’ব আৰু কুৰিয়াৰৰ দ্বাৰা আপোনালৈ প্ৰেৰণ কৰা হ’ব৷

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate