অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্যৱহাৰযোগ্য পঠন সমল

তথ্য জনাৰ অধিকাৰৰ আইনৰ বিষয়ে সঘনাই সোধা কিছুমান প্রশ্ন

কেতিয়া এইটো কার্যকৰ হৈছিল?

এই আইনটো কার্যকৰ হৈছিল ১২ অক্টোবৰ, ২০০৫ (১৫ জুন ২০০৫ চন এই আইনটো প্রনয়ন হোৱাৰ পৰা ১২০ তম দিনটোত)।কিছুমান ব্যৱস্থা আৱশ্যে ইয়াৰ আগতেই কার্যকৰ হয় যেনেঃ ৰাজহুৱা কতৃপক্ষৰ পৰা আপত্তি [S.4(1)], [S.4(1)], ৰাজহুৱা তথ্য কমিচনৰ আধিকাৰিকৰ উপাধি আৰু সহকাৰী ৰাজহুৱা তথ্য কমিচনৰ আধিকাৰিকৰ [S.5(1) আৰু 5(2)], কেন্দ্রীয় তথ্য কমিচনৰ সংবিধান (S.12 আৰু 13), )], ৰাজ্য তথ্য কমিচনৰ সংবিধান (S.15 আৰু 16), গোয়েন্দা আৰু নিৰাপত্তাৰ প্রতিষ্ঠান বিলাকৰ ক্ষেত্রত দর্খাস্থ কৰিব পৰা নেযায় (S.24) আৰু আইনৰ (S.27 আৰু 28) ক পালন কৰিবলৈ ক্ষমতা প্রদান কৰা।

কোন বিলাক বিষয় ইয়াৰ অর্ন্তগতত পৰে?

এই আইনটো গোটেই ভাৰতবর্ষত বিয়পি আছে শুধুমাত্র জম্মু আৰু কাশ্মীৰৰ বাহিৰে [S.(12)]

তথ্য বুলিলে কি বুজা যায়?

তথ্য মানে যি কোনো বস্তু, যিকোনো অৱস্থাত, যেনে ৰেকর্ড, ডকুমেন্ট, মেমো, ই-মেইল, মতামত, উপদেশ, প্রেছ ৰিলিজ, চার্কুলাৰ, অর্ডাৰ, লগবুক, চুক্তি, ৰিপর্ট, কাগজ, চেম্পল, মডেল, যিকোনো বৈদ্যুতিন মাধ্যমৰ ডেটাৰ বস্তু আৰু তাৰ লগত সম্পর্কিত কোনো তথ্য ব্যক্তিগত ভাবে কোনোবাক দিলে যিটো কোনো ৰাজহুৱা কতৃপক্ষই প্রকাশ কৰিব পাৰে, কিন্তু এই বিলাকৰ ভিতৰত “ফাইলৰ টীকা বিলাক”[S.2(f)] নেথাকে।

তথ্য জনাৰ অধিকাৰৰ আইন বুলিলে কি বুজা ?

  • কাম, ডকুমেন্ট, ৰেকর্ড ইত্যাদি বিলাক চালিজাৰি চোৱা
  • টীকা লিখা, ডকুমেন্ট বা ৰেকর্ডৰ পৰা প্রত্যায়িত নকল কপি বিলাক বাছি উলিওৱা
  • বস্তুৰ প্রত্যায়িত নমুনা সংগ্রহ
  • প্রিন্ট বা ছপাৰ আকাৰে তথ্যবিলাক সংগ্রহ কৰা ডিক্সেট, ফ্লপি, টেপ, ভিডিও কেছেট বা আন যিকোনো বৈদ্যুতিন মাধ্যমৰ জৰিয়তে বা ছপাৰ মাধ্যমৰ .[S.2(j)] জৰিয়তে তথ্য সংগ্রহ কৰা।

ৰাজ্য অনুযায়ী ফীচ জমা দিয়াৰ গঠন ব্যৱস্থা আৰু দর্খাস্থ কৰাৰ পদ্ধতি

আন্দামান আৰু নিকোবৰ

আপুনি সফলতাৰে RTI দর্খাস্থখনৰ নমুনা এটা তৈয়াৰ কৰি লৈছে। দর্খাস্থখন প্রয়োজনীয় ফীচৰ সৈতে তলত দিয়া উপায়ে জমা দিব পাৰেঃ

  • ডাক যোগেঃ ৰাজহুৱা কতৃপক্ষৰ একাউন্টচ অফিচাৰৰ নামত টকা ২৫/- ৰ এটা ডিমাণ্ড ড্রাফট/বেঙ্কার্চ চেক তৈয়াৰ কৰি, দর্খাস্থখন নির্দিষ্ট PIO ৰ ওচৰত জমা দিয়ক।
  • ব্যক্তিগত ভাবেঃ PIO ৰ অফিচলৈ বিজে গৈ (বা আন কৰোবাক পঠিয়াই) নির্দিষ্ট ফীচৰ সৈতে আপুনাৰ দর্খাস্থখন জমা দিব পাৰে।

উৎস: অসম তথ্য আয়োগ, গুৱাহাটী

শেহতীয়া উন্নীতকৰণ: : 3/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate