অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভিডিঅ’ এডিটিঙেৰে স্বাৱলম্বী নামৰূপৰ যুৱক

ভিডিঅ’ এডিটিঙেৰে স্বাৱলম্বী নামৰূপৰ যুৱক

দৰিদ্ৰতা, জীৱনৰ কঠিন প্ৰত্যাহ্বানকো নেওচি কঠোৰ পৰিশ্ৰমত আৰু স্বপ্ৰতিভাৰে আত্মনিৰ্ভৰশীল সুগম পথ নিৰ্মাণ কৰি লৈছে নামৰুপৰ মোহিনী ৰোড চাৰিআলিৰ বাসিন্দা মিনেশ্বৰ ফুকনে। চল্লিশোৰ্ধ মিনেশ্বৰে অশেষ কষ্টৰ মাজত পেটৰ তাড়নাত আৰম্ভণিতে নামৰুপ বুক হাউছত কাম কৰিবলৈ লয়। পঢ়া-শুনাত ভাল হোৱা সত্ত্বেও আৰ্থিক আৰু পৰিয়ালকেন্দ্ৰিক অসুবিধাৰ বাবেই কেৱল উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰি অসমীয়াত মেজৰ লৈ উচ্চশিক্ষিত হোৱাৰ সপোন দেখিছিল যদিও ই বাস্তৱত সফল নহ’ল। অত্যন্ত প্ৰতিভাসম্পন্ন মিনেশ্বৰৰ কেমেৰা, এডিটিং, গ্ৰাফিকছ প্ৰযুক্তিৰ প্ৰতি আছিল অদম্য হেঁপাহ। তাৰ ফলতে মিনশ্বৰে ১৯৯৬ চনৰে পৰা লোকৰ কেমেৰা ভাড়ালৈ লৈ স্থানীয় মেল-মিটিং, বিয়া-সবাহ আদিত ফটো তোলা, ভিডিঅ’ কৰাৰ কাম আৰম্ভ কৰিলে। কিন্তু নিজাকৈ কোনো সমল নথকাৰ বাবে বহু সময়ত গ্ৰাহকসকলৰ চিডি আদি নিৰ্দিষ্ট সময়ত প্ৰদান কৰিব নোৱাৰাত বহু গ্ৰাহকৰ পৰা অবাঞ্ছিত ব্যৱহাৰ আৰু উত্তপ্ত পৰিস্থিতিৰো সন্মুখীন হৈছিল মিনেশ্বৰ। সেয়ে ১৯৯৭ চনত স্থানীয় ইউ বি আই বেংকৰ পৰা ৪৫,০০০ ঋণ সাহায্য লৈ এটা ছ’নি হেণ্ডিকেম কিনিলে। অত্যন্ত সৰল, মাৰ্জিত, ধৈৰ্যশীল আৰু কষ্টসহিষ্ণু হোৱাৰ বাবেই নামৰুপৰ সমাজখনত বিশেষকৈ বৌদ্ধিক সমাজখনেও মিনেশ্বৰক আঁকোৱালি ললে। কাম পাবৰ বাবে মিনেশ্বৰে কষ্ট কৰিবলগীয়া নহ’ল। কিন্তু কাম বঢ়াৰ লগে লগে সমস্যা হ’ল এডিটিঙক লৈ। সেয়ে ঘৰতে এটা এডিটিং ষ্টুডিঅ’ মুকলিৰ মানসেৰে লগতে পূৰ্বৰ ঋণ পৰিশোধ কৰি ২০০২ চনত নামৰুপ ইউকো বেংকৰ পৰা ৫০,০০০ পুনৰ ঋণ লৈ ঘৰতে এটি ষ্টুডিঅ’ ‘সুনয়না আৰ্ট ষ্টুডিঅ’ মুকলি কৰে। ক্ৰমে মিনেশ্বৰৰ কামৰ পৰিসৰ বৃদ্ধি পালে আৰু আয়ো বাঢ়িবলৈ ধৰিলে। সেই সময়ত অসমত বিহু ভিচিডি নিৰ্মাণৰ ধুম উঠাত মিনেশ্বৰেও কেইবাটাও বিহুৰ ভিচিডি নিৰ্মাণৰ কাম পালে আৰু আৰ্থিকভাৱে কিছু টনকিয়াল হ’ল। ২০১০ চনত প্ৰায় এক লাখ টকা মূল্যৰ এটা ছেমি প্ৰফেছনেল কেমেৰা কিনি সেই সময়ৰ জনপ্ৰিয় ভিচিডি আৰু চিনেমা এডিটিঙৰ কাম সম্পাদন কৰে। সম্প্ৰতি মিনেশ্বৰে অত্যন্ত ব্যস্ততাৰে কেমেৰা, এডিটিঙৰ কামৰ পৰাই প্ৰতি মাহে ১৫,০০০ ৰতকৈ অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

উৎসঃ অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 3/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate