সত্ৰীয়া সংস্কৃতিক সংমিশ্ৰিত অসমীয়া সংস্কৃতিৰ মূল সুঁতি বুলি ক’ব পাৰি। এই সত্ৰীয়া সংস্কৃতিক পুৰোধা পুৰুষ গুৰু দুজনা আৰু তেওঁলোকৰ সমসাময়িক আৰু পৰৱৰ্তী আতা পুৰুষসকলে সাধন, প্ৰৱৰ্তন, আচৰণ, প্ৰসিদ্ধ চিন্তন আৰু মননৰ ভেঁটিত মজবুত কৰি থৈ গৈছে। সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰে পৰিপূৰ্ণ তেনে এখন মহাপুৰুষীয়া ঐতিহ্যমণ্ডিত সত্ৰ হ’ল চমৰীয়া সত্ৰ। এই সত্ৰখনত এনে কিছুমান প্ৰাচীন ঐতিহ্য আছে যি বহুতৰে জ্ঞাত নহয়। আধুনিকতাৰ প্ৰভাৱে ক্ৰমশঃ অসমীয়া সংস্কৃতিক গ্ৰাস কৰি আহিছে। আৰু ইয়াৰ প্ৰভাৱ সত্ৰীয়া সংস্কৃতিতো পৰা পৰিলক্ষিত হৈছে। সেয়ে এই সংস্কৃতিসমূহক জীয়াই ৰখাৰ বাবে অধ্যয়নৰ প্ৰয়োজন আহি পৰিছে।
চমৰীয়া সত্ৰ কামৰূপ জিলাৰ বকোৰ পৰা ১৩ কিঃ মিঃ আঁতৰত চমৰীয়া গাওঁত অৱস্থিত। চমৰীয়াৰ প্ৰাচীন নাম আছিল গোবিন্দপুৰ। লোক বিশ্বাস অনুসৰি এবাৰ শ্রীকৃষ্ণই পত্নী সত্যভামাৰ সৈতে গোবিন্দপুৰলৈ আহোতে বটগছ এডালৰ তলত জিৰাইছিল আৰু তেতিয়াই বটগছ ডাল শ্যাম বৰণৰ হৈ পৰিছিল আৰু গছডালত নিজে নিজে এগছি বন্তি জ্বলি উঠিছিল। ঠিক তেতিয়াই শ্রীকৃষ্ণই শংখ এটা বজাইছিল আৰু শংখত পাঁচটা ধ্বনি উঠিছিল। এই শংখৰ ধ্বনি যিমান দূৰলৈ গৈছিল সিমান দূৰলৈকে সেই ঠাইখনৰ নাম গোবিন্দপুৰৰ পৰা সলনি হৈ চমৰীয়া হৈ পৰিছিল।
চমৰীয়া সত্রৰ প্রতিষ্ঠাপক আৰু প্ৰথম সত্ৰাধিকাৰ হৈছে বৰবিষ্ণু আতা। তেখেতৰ আচল নাম কংসাৰি ঠাকুৰ আছিল আৰু তেখেত মাধৱদেৱৰ শিষ্য আছিল। মহাপুৰুষ মাধৱদেবৰ দিহা-পৰামৰ্শ মতে বৰবিষ্ণু আতাই অতি বিতোপন প্ৰাকৃতিক সৌন্দৰ্যৰে সুশোভিত চমৰীয়া গাওঁত এই সত্ৰখন স্থাপন কৰিছিল। এই চমৰীয়া সত্ৰ অসমীয়া বৈষ্ণৱ ধৰ্ম আৰু সংস্কৃতিৰ এখন অতি গুৰুত্বপূৰ্ণ মহাপুৰুষীয়া সত্ৰ। দক্ষিণ কামৰূপত নৱ-বৈষ্ণৱ ধৰ্মৰ মহাপুৰুষীয়া ধাৰাৰ ঘাই কেন্দ্ৰ হ’ল চমৰীয়া সত্ৰ।
আহোম স্বৰ্গদেউ লক্ষ্মীসিংহই চমৰীয়া সত্ৰৰ বাবে ৮০৭ বিঘা ৩ কঠা ৩ লেচা মাটি দান কৰিছিল। কিন্তু অসম চৰকাৰৰ ১৯৬৭ চনৰ চিলিং এক্ট মতে ৭৯৬ বিঘা ৪ কঠা ৭ লেচা মাটি অধিগ্ৰহণ কৰি ৰায়তি পট্টা প্ৰদান কৰে। বৰ্তমান সত্ৰৰ সম্পূৰ্ণ মাটিকালি মুঠ ৮৭ বিঘা ১ কঠা ১৬ লেচা।
কলহী নদীৰ পাৰত অৱস্থিত চমৰীয়া সত্রৰ চৌহদত কীৰ্তন ঘৰ, ভাঁজঘৰ, গুৰুগৃহ, মঠ, দৌলঘৰ, সভাঘৰ, বাটচৰা, কেৱলীয়া হাতী, জাতিঘৰৰ উপৰিও দুটা বৃহৎ পুখুৰী আছে। ভাঁজঘৰৰ ভিতৰত মনিকূটত মাধৱদেবে নিজ হাতে কটা কাঠৰ এখন গুৰু আসন আৰু গুৰুজনাই নিজ হাতে লিখা লিখা ‘ভক্তি-প্ৰদীপ’ নামৰ সাঁচি পতীয়া পুথি এখন আছে। এই ঐতিহাসিক সম্পদ দুবিধ অক্ষয়বন্তিৰ তলত সংৰক্ষিত হৈ আছে। বৰবিষ্ণু আতাই সত্ৰ স্থাপনৰ সময়ত প্রজ্বলন কৰা এই অক্ষয়বন্তি গছি চাৰিশ বছৰৰো অধিক কাল ধৰি আজিলৈকে প্ৰজ্বলিত হৈ আছে। চমৰীয়া সত্ৰত থকা এবিধ আপুৰগীয়া সম্পদ হ’ল ৰূপ ব্ৰঞ্জ মিশ্ৰিত ৰজাদিনীয়া মূৰ্তিবোৰ। জনশ্ৰুতি মতে, ৰাণী ফুলেশ্বৰীৰ দিনত এই মূর্তিসমূহৰ সত্ৰত প্ৰৱেশ ঘটে। সত্ৰত থকা এনে মুঠ মূৰ্তিৰ সংখ্যা হৈছে ৬টা। কাঠৰ ভাস্কৰ্য্য সমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল চতুৰ্ভূজৰ মূৰ্তি এটা, হনুমানৰ মূৰ্তি এটা, হাতী-সিংহ-ময়ুৰৰ যুগল মূৰ্তি চাৰিটা, পিয়লা সদৃশ উৰাল দুটা। তদুপৰি সত্ৰ চৌহদত কেইবাটাও শিলৰ কটা ভাস্কৰ্যও আছে। স্থাপত্য আৰু ভাস্কৰ্য্য শিল্পৰ এই নিদৰ্শন সমূহে চমৰীয়া সত্ৰৰ ঐতিহাসিক গুৰুত্বৰ সাক্ষৰ বহন কৰিছে। ইয়াৰ উপৰিও ভাওনাত ব্যৱহৃত মুখা, কীৰিতি, সাজ-পাৰ, থাল, টৌ, খৰাহী, পুথি-ঠগা, শৰাই, কলহ, চৰিয়া আদি কাঁহ পিতলৰ সামগ্ৰী সত্ৰৰ ভঁৰালত মজুত আছে। সোণ-ৰূপৰ আ-অলংকাৰ আৰু বহুখিনি সামগ্ৰীও সত্রত আছিল যদিও কোনো দুষ্কৃতিকাৰীয়ে নামঘৰত প্ৰতিষ্ঠিত চতুৰ্ভূজ বিগ্ৰহৰ পৰা সকলোবোৰ আ-অলংকাৰ চোৰ কৰি লৈ যায়। এটা সময়ত চমৰীয়া সত্ৰৰ পুথিভঁৰালটো বিভিন্ন সাঁচিপাত, তুলাপতীয়া পুথিৰে ঠাহ খাই আছিল। বিজ্ঞানসন্মত সংৰক্ষণৰ অভাৱৰ বাবে সময়ৰ অগ্ৰগতিৰ লগে লগে ইয়াৰ বহুত পুথি-পাজি নষ্ট হৈ গ’ল।
মহাপুৰুষীয়া ধৰ্মৰ ধ্বজা বাহক, বৰবিষ্ণু আতাৰ থান চমৰীয়া সত্ৰৰ বিষয়ে কোনো ধৰণৰ প্ৰচাৰৰ ব্যৱস্থা আজিলৈকে হোৱা নাই। ইতিহাস সম্বলিত আৰু ঐতিহ্যপূৰ্ণ চমৰীয়া সত্ৰ বৰ্তমানলৈকে প্ৰচাৰ বিমূখ। লিপিবদ্ধ নহোৱাৰ ফলত চমৰীয়া সত্ৰৰ বহু তথ্য ইতিমধ্যে কালে গ্ৰাস কৰিলে। সত্ৰীয়া সংস্কৃতিৰ বাহক চমৰীয়া সত্ৰত ভাওনা, খোল বাদন, বৰগীত, সত্ৰীয়া নৃত্য, নাগাৰা নাম, থিয় নাম, ওজা-পালি আদি কলা-কৃষ্টি সমূহৰ নিয়মীয়া চৰ্চা ও পৰিবেশন কৰা হয়। অসমৰ অন্যান্য সত্ৰৰ দৰে চমৰীয়া সত্ৰৰ ইতিহাসেও আমাক মধ্যযুগীয়া অসমৰ সামাজিক আৰু সাংস্কৃতিক বুৰঞ্জীৰ নতুন দিগন্তৰ সম্ভেদ দিয়ে। প্ৰায় ৫০০ বছৰীয়া ইতিহাস সম্বলিত চমৰীয়া সত্ৰৰ লগতে সমগ্র অসমৰ সত্ৰানুষ্ঠান সমূহৰ প্ৰতি নামি অহা চৰম নিৰাপত্তাহীনতা সত্ৰবাসীৰ লগতে আমিও অনুভৱ কৰিছো। অসম সত্ৰ মহাসভাৰ দৰে জাতীয় অনুষ্ঠান সমূহে অসমীয়া জাতিৰ প্ৰাণ কেন্দ্র স্বৰূপ তথা গুৰু দুজনাৰ অমৰ সৃষ্টি সত্ৰানুস্থান সমূহত দুষ্কৃতিকাৰীৰ দ্বাৰা সংঘটিত এনে গৰ্হিত কাৰ্য্যৰ বিৰুদ্ধে সবল জনমত গঠন কৰি সত্ৰ সমূহৰ সংৰক্ষণ, সুৰক্ষা তথাসংবৰ্ধন ৰ বাবে চৰকাৰ তথা প্রসাশনে দৃষ্টি নিক্ষেপ কৰা উচিত।
চয়নিকা দাস
শেহতীয়া উন্নীতকৰণ: : 5/23/2020
বিষ্ণু প্রসাদ ৰাভাৰ এটা ঐতিহাসিক ভাষণ
ঐতিহাসিক বিশ্বনাথ
ঐতিহাসিক ৰহদৈ আলি আৰু ৰহদৈ পুখুৰী
প্ৰাক-ঐতিহাসিক যুগত বিজ্ঞানৰ বিকাশ