অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঐতিহ্যমণ্ডিত চান্দ সদাগৰৰ মেৰঘৰ আৰু চণ্ডিকা দেৱালয়

ঐতিহ্যমণ্ডিত চান্দ সদাগৰৰ মেৰঘৰ আৰু চণ্ডিকা দেৱালয়

প্ৰবন্ধ গুৱাহাটী মহানগৰীৰ পৰা ২৫ কিঃমিঃ আঁতৰত পশ্চিমে থকা বৰ্তমানৰ ছয়গাওঁ অঞ্চলেই অতীতত চান্দ সদাগৰৰ চম্পক নগৰ হিচাপে পৰিচিত আছিল। ৰজা চন্দ্ৰধৰে তেওঁৰ ছয় পুত্ৰৰ মাজত চম্পক ৰাজ্যৰ ছয়ভাগ কৰাৰ হেতুকে কালক্ৰমত ঠাইখিনিৰ নাম ছয়গাওঁ হয়। এটা সময়ত কালৰ সোঁতত চম্পক নগৰ ধ্বংসপ্ৰাপ্ত হয়। চম্পক নগৰৰ কীৰ্তিচিহ্ন হিচাপে মাথোঁ চান্দ সদাগৰে নিৰ্মাণ কৰা মেৰঘৰৰ অৱশিষ্ট ছয়গাওঁত আজিও পৰিদৃশ্যমান হৈ আছে। ইয়াত দুটা বেলেগ বেলেগ সময়ৰ মন্দিৰৰ ভগ্নাৱশেষ পোৱা যায়। ইয়াৰে এটা ১১-১২শ শতিকাৰ, আনটো সম্ভৱতঃ ১৬শ শতিকাৰ। পুৰণি মন্দিৰৰ আন্তঃগাঁথনিৰ ওপৰতেই নতুনকৈ এটা মন্দিৰ নিৰ্মাণ কৰা হৈছে। মন্দিৰৰ ভিতৰত এটি দেৱী মূৰ্তি, এটা শিৱলিঙ্গ আৰু এটা সূৰ্য্য মূৰ্তি আছে। পৰৱৰ্তী কালত আহোম স্বৰ্গদেউ শিৱশিংহই তাত এটি ধুনীয়া মন্দিৰ নির্মাণ কৰে যদিও পিছলৈ সেই মন্দিৰটো ভাঙি যায়। প্ৰাচীন চান্দ সদাগৰৰ মেৰঘৰৰ ভগ্নাৱশেষ আৰু প্ৰাচীন মন্দিৰৰ ভগ্ন শিলাখণ্ডহে অত তত সিচৰিত হৈ আছে।

জনশ্ৰুতি মতে, লখিন্দৰৰ পিতা চান্দ সদাগৰ আছিল ভগৱান শিৱৰ একনিষ্ঠ ভক্ত। সেয়ে তেওঁ অন্য কোনো দেৱতাৰ আৰাধনা কৰা নাছিল। আনফালে শিৱৰ কন্যা সৰ্পদেবী মনসাও তেতিয়ালৈকে ক’তো পূজিত হোৱা নাছিল। মনসাৰ পিতা শিৱে তেওঁক কয় যে কোনোবা ভক্তিমান শৈৱ অৰ্থাৎ শিৱৰ উপাসকে প্ৰথম মনসাৰ পূজা কৰিলেহে মৰ্ত্যত মনসাপূজাৰ প্ৰচলন সম্ভৱ হ’ব। তেতিয়া মনসাই চান্দ সদাগৰক নিৰ্বাচন কৰি তেওঁক মনসা পূজাৰ আয়োজন কৰাৰ বাবে অনুৰোধ কৰে, কিন্তু শিৱৰ উপাসক চান্দ সদাগৰে মনসাৰ প্রস্তাৱটো মানি নলয়। তেতিয়াই মনসাদেৱী কোপান্বিত হৈ চান্দ সদাগৰক অভিশাপ দিয়ে যে তেওঁৰ প্ৰত্যেক পুত্ৰৰ জীৱন তেওঁ ধ্বংস কৰিব। মনসাৰ অভিশাপৰ ফলত লখিন্দৰক বাদ দি চান্দ সদাগৰৰ সকলো পুত্ৰ এজন এজনকৈ সৰ্প দংশনত নিহত হয়। সেয়ে লখিন্দৰৰ বিবাহৰ সময়ত চান্দ সদাগৰে অতিৰিক্ত সতৰ্কতা হিচাবে দেৱতা বিশ্বকৰ্মাৰ সহায়ত এটা মেৰঘৰ তৈয়াৰী কৰে য’ত সাপে কোনোপধ্যেই ছিদ্ৰ কৰিব নোৱাৰে। কিন্তু ইমান সাৱধানতা স্বত্ত্বেও মনসাই নিজৰ উদ্দেশ্য বাস্তবায়িত কৰিবলৈ সক্ষম হয়। মনসাই পঠোৱা সাপ এটাই লখিন্দৰক হত্যা কৰে। লখিন্দৰৰ পত্নী বেউলাই স্বামীৰ প্ৰাণ ঘূৰাই আনিবলৈ বাবে মনসা দেৱীৰ ওচৰত অনৱচ্ছিন্ন প্ৰাৰ্থনা কৰি থাকে। বেউলা প্ৰাৰ্থনা মানি লৈ অৱশেষত মনসাদেবীয়ে এটা চৰ্তত লখিন্দৰৰ প্ৰাণ ঘূৰাই দিয়ে। চৰ্তটো আছিল বেউলাই চান্দ সদাগৰক মনসা পূজা কৰাবলৈ মান্তি কৰাব পাৰিব লাগিব। পিছলৈ চান্দ সদাগৰে মনসা ইচ্ছানুসৰি মনসা পূজাৰ আয়োজন কৰে।

বৰ্তমান মেৰঘৰটোৰ ভগ্নাৱশেষ টুকুৰাবোৰ পুৰাতত্ব বিভাগে সুন্দৰকৈ সজাই পৰাই থান-থিত লগাই থৈছে। লগতে তেনেবোৰ স্মৃতিচিহ্নক সংৰক্ষণ কৰি চাৰিওফালে পকীবেৰ দি তাৰ ওপৰত তাৰৰ বাৰ দিয়া হৈছে। মেৰঘৰৰ ওচৰৰ প্ৰায় এবিঘামান মাটি সংৰক্ষণ কৰা হৈছে। এই সংৰক্ষণৰ দক্ষিণ ফালে পুৰাতত্ব বিভাগে এটি সুন্দৰ পকীঘৰ বনাই লয়। ভিতৰচোৱাৰ সন্মুখভাগতে পকীবেৰৰ ওচৰতে পুৰাতত্ব বিভাগে স্মৃতিচিহ্ন হিচাবে ওখকৈ এখন ফলক বনাই দিয়ে। চান্দ সদাগৰৰ মেৰঘৰৰ ভগ্নাবশেষ কিছুমানক এটি সৰু ঘৰ বনাই তাৰ ভিতৰত ভাগ ভাগকৈ সংৰক্ষণ কৰা হৈছে। ১৯৬০ চনত মেৰঘৰৰ দক্ষিণফালে এল.পি. স্কুল এখন বনোৱা হয়। ইয়াৰ কাষতে ১৯৯০ চনত এটি পুথিভঁৰাল স্থাপন কৰা হয়। মেৰঘৰৰৰ ওচৰতে থকা শিৱ আৰু কালী মন্দিৰত আগৰ পৰাই মঠপেৰীয়া ৰাইজে মিলি প্ৰত্যেক বছৰে শিৱৰাত্ৰি পালন কৰে।

মা চণ্ডিকা দেৱালয়ৰ কিছু আভাস

মা চণ্ডিকা দেৱী অতীতৰ পৰাই জনমানসৰ এটি চিৰপৰিচিত নাম। ৰামায়ণ-মহাভাৰতৰ দিনৰ পৰাই চণ্ডিকা দেৱীকক পূৰ্ণভাৱে প্ৰতিষ্ঠা কৰা হৈছিল। তাৰ পিছত সঁচা বা সাৰ্থক হিচাপে পূৰ্ণ ৰূপত প্ৰতিষ্ঠা কৰে ৰজা চন্দ্ৰধৰ অৰ্থাৎ চান্দ সদাগৰে। গুৱাহাটী মহানগৰীৰ পৰা ৪০ কিল’মিটাৰ নিলগত ছয়গাঁওৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাঁইপথৰ দাঁতিত আধুনিক প্রযুক্তিৰে নিৰ্মিত আটক ধুনীয়া প্ৰসিদ্ধ চণ্ডিকা দেৱালয় অৱস্থিত। মন্দিৰৰ মূল বিগ্ৰহ দেৱী চণ্ডিকাৰ। বিগ্ৰহটো ওখ বেদীৰ ওপৰত স্থাপিত। বৰ্তমান মন্দিৰটোত দৈনিক পূজা-পাঠ কৰাৰ উপৰিও প্ৰতি বছৰে দুর্গা পূজা আৰু চণ্ডী পূজা পালন কৰা হয়। সেই সময়ত মন্দিৰত বহুতো ভক্তৰ সমাগম হয়।

বৰ্তমান পুৰণি চম্পক নগৰ নাই যদিও মেৰঘৰৰ ভগ্নাৱশেষ আৰু চণ্ডিকা মন্দিৰে অতীতৰ চম্পক নগৰৰ কথাই সোৱৰাই দিয়ে। মেৰঘৰৰ স্মৃতিচিহ্নবোৰ সংৰক্ষণ কৰি। এতিয়াও দূৰ-দুৰণিৰ পৰা তীৰ্থযাত্ৰী সকলে বৰ আগ্ৰহেৰে মেৰঘৰ আৰু চণ্ডিকা দেৱালয় দৰ্শনৰ বাবে আহে।

চয়নিকা দাস

শেহতীয়া উন্নীতকৰণ: : 6/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate