অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চকৰীফেঁটী বুৰঞ্জীৰ বিষয়ে

চকৰীফেঁটী বুৰঞ্জীৰ বিষয়ে

বুৰঞ্জীৰ ভিতৰত চকৰীফেঁটী বুৰঞ্জী খন অতি চাঞ্চল্য সৃষ্টিকাৰী।যি সকল লোকৰ হাতত এই বুৰঞ্জীখন আছিল তেঁওলোকে কোনোলোককে এই বুৰঞ্জীখন দেখুৱা নাছিল।কাৰন কিতাপ খনৰ প্ৰতিটো পাততে আবুৰ কৰি ৰাখিবলৈ শপত দিয়া থাকে।বিশ্বাস নাপালে নিজৰ পুত্ৰকো দেখুৱাবলৈ বাৰন কৰা আছে।

চকৰীফেঁটী বুৰঞ্জীখন অষ্টাদশ শতিকাত স্বৰ্গদেও ৰাজেশ্বৰ সিংহৰ দিনত (১৭৫১-১৭৬৯) বিখ্যাত ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ নুমলীয়াপুত্ৰ নুমলী বৰগোঁহায়ে লিখিছিল বুলি জনাযায়।ইয়াত নুমলী বৰগোহাঁয়ে তেঁওৰ সমসাময়িক বৰুৱা ৰজাজনৰ নাম লিখিছিল বৰবৰুৱা গেন্ধেলা জাত জলমবটা।

গেন্ধেলা বৰবৰুৱাই পিছলৈ নাম লৈছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা।কীৰ্তিচন্দ্ৰ বৰবৰুৱাক জলমবটা বুলি কোৱাত তেখেত ক্ষুন্ন হয় আৰু স্বৰ্গদেওৰ আদেশ লৈ আপত্তিজনক,বিভ্ৰান্তিকৰ মন্তব্য থকা সকলো বুৰঞ্জী পুৰি পেলাবলৈ অভিযান চলাইছিল।কিন্তু বুধিয়ক বুৰঞ্জীৰ গৰাকীয়ে যি কেইটা পৃষ্ঠাত …“জলমবটা “ শব্দটো লিখিছিল সেই পৃষ্ঠাকেইটি লুকুৱাই পেলালে।

কী্ৰ্তিচন্দ্ৰ বৰবৰুৱাক জলমবটা বোলাৰ কাৰনো নোহোৱা নহয়।কীৰ্তিচন্দ্ৰৰ পূৰ্ববপুৰুষ সকলৰ মূল জাতি বা বংশ যিয়েই নহওক পিচলৈ তেখেত সকলক ভৰালী চেতিয়া খেললৈ তোলা হৈছিল।কিন্তু পূৰ্ব্বপুৰুষ এজনে এজন মুছলমান সম্প্ৰদায়ৰ জলমবটাক কেইটামান টকা ধাৰ পৰিশোধ কৰিবলৈ থকাত তেঁওলোকৰ ঘৰত গা-খাটি দিব লগা হৈছিল।একপ্ৰকাৰে ব্যৱসায়িক দিশত জলমবটাই আছিল।কিন্তু স্বৰ্গদেও গদাধৰ সিংহই বকতিয়াল ঘৰৰ এজন লোকে আনৰ ঘৰত গা-খাটি থকা কথা জানি যথাৰীতিৰে মোকলাই আনি পুনৰ বকতিয়াল ভৰালী চেতিয়া খেলত সংস্থাপন কৰিলে।এইয়ে কীৰ্তিচন্দ্ৰ বৰবৰুৱাক জলমবটা বোলাৰ মূল কাহিনী।

চকৰীফেঁটী বুৰঞ্জী সম্পৰ্কে মানুহৰ এটা ছয়াময়া ধাৰনা আছে।বুৰঞ্জীখন অগতানুগতিক হয়,কিন্তু কোনোৱে ভবাৰ দৰে এই বুৰঞ্জী কোনো অপুদঘাত বিৱৰনৰ সমাহাৰ নহয়।থোৰতে কবলৈ গলে চকৰীফেঁটী বুৰঞ্জী অসমৰ সামাজিক সাংস্কৃতিক জীৱনৰ ৰূপৰেখা অংকন কৰিবৰ জোখাৰে সঞ্চিত হৈ থকা তথ্যৰ সমল।

লেখিকা: মধুমিতা শইকীয়া।

শেহতীয়া উন্নীতকৰণ: : 7/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate