অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টাই আহোমসকলৰ নামকৰণ পদ্ধতি

টাই আহোমসকলৰ নামকৰণ পদ্ধতি

তাইসকল এক বৃহৎ জাতি। ৬ হাজাৰ বছৰৰ ভিতৰত তাঈসকল চীনৰ য়াংজু নদীৰ অৱবাহিকাৰ পৰা থাইলেণ্ডৰ সাগৰ তীৰলৈ তথা ব্ৰহ্মপুত্ৰৰ পাৰলৈকে বিয়পি পৰিছিল। এই সকলো তাঈ লোকৰ মাজত ভাষিক আৰু সাংস্কৃতিক সাদৃশ্য বিদ্যমান। আজিৰ পৰা ৩ হাজাৰ বছৰৰ আগৰ তাঈ বুৰঞ্জী পঢ়িলে দেখা যায় যে তেতিয়াৰ পৰাই তাঈসকলৰ তাঈ ভাষা গঢ় লৈ উঠিছিল আৰু এই ভাষাৰে বিশেষ পদ্ধতিৰে সন্তানসকলৰ নামকৰণ কৰা হৈছিল। তাঈ আহোমসকলৰ মহন,দেওধাই বাইলুঙ ফৈদৰ মাজত এই পৰম্পৰাৰ পুথি-পাঁজিবোৰ আছে।  হিন্দু ধৰ্মৰ প্ৰভাৱত আহোম সকলে নিজ কৃষ্টি-সংস্কৃতি কিছু পাহৰি পেলালেও লাহে লাহে নিজকে বুজি উঠিবলৈ ধৰিছে। নিজৰ কৃষ্টি-সংস্কৃতি ৰক্ষা কৰাতো সকলো জাতিৰে ধৰ্ম। যি জাতিয়ে নিজৰ কৃষ্টি-সংস্কৃতি পাহৰি পেলায় সেই জাতিৰ অস্তিত্ব লোপ পোৱাটো খাটাং।

বৰ্তমান সময়ত জাতিটো পুনৰ্জাগৰণৰ সন্ধিক্ষণত আছে। তাৰ কিছু প্ৰতিফলন ছছিয়েল মিডিয়াতো দেখা গৈছে। বহুলোকে নিজৰ নামসমূহ তাঈ নামলৈ সলনি কৰি লোৱা দেখা গৈছে। পিছে উপযুক্ত পুথি-পাঁজি বা জনা লোক কাষৰত নথকাৰ বাবে নামসমূহ নিজ ইচ্ছামতে লোৱা দেখা গৈছে। এই অভাৱটি পূৰণৰ হেতু এই লেখাটি আগবঢ়োৱা হৈছে। লেখাটি স্বয়ংসম্পূৰ্ণ নহয়। ধাৰাবাহিকভাৱে ইয়াক আপডেট কৰি থকা হ’ব। তাঈ-আহোমসকলৰ নতুন প্ৰজন্মই নিজৰ নাম, ল’ৰা-ছোৱালীৰ নাম, ঘৰৰ নাম ইত্যাদি তাঈ নিয়মেৰে দিবলৈ যত্নপৰ হ’লে লেখাটিৰ উদ্দেশ্য সফল হ’ব-

তাঈসকলৰ সন্তানৰ নামকৰণৰ ক্ষেত্ৰত সপ্তাহটোৰ দিন-বাৰ আৰু জন্মৰ তাৰিখৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰতিদিন এটা জন্তুৰ নামৰ লগত সংলগ্ন হয়। তলত সবিশেষ দিয়া হৈছে:-

বাৰ

গ্ৰহ

জন্তু

নামৰ আগৰ বৰ্ণ

দেওবাৰ

সুৰ্য

গৰুড়

সোমবাৰ

চন্দ্ৰ

বাঘ

কা,খা,ঙা

মংগলবাৰ

মংগল

সিংহ

ছা,চা,ঞা

বুধবাৰ(আগবেলা)

ৰাহু

হাতী(ঘৰচীয়া)

জা,য়া,ৰা,লা

বুধবাৰ(পাছবেলা)

ৰাহু

হাতী(বনৰীয়া)

জা,য়া,ৰা,লা

বৃহস্পতিবাৰ

বৃহস্পতি

নিগনি

পা,ফা,মা

শুক্ৰবাৰ

শুক্ৰ

গিনিপিগ

থা,হা,দা

শনিবাৰ

শনি

ড্ৰেগন

তা,থা,না

 

 

ল’ৰা শিশু

ছোৱালী শিশু

প্ৰথম সন্তান:-

আই

য়ে

দ্বিতীয় সন্তান:

জি/ঙি

ই/য়ি

তৃতীয় সন্তান:

ছাম

আম

চতুৰ্থ সন্তান:

ছাই

এই/য়েই

পঞ্চম সন্তান:

ঙো

ষষ্ঠ সন্তান:

লুক

অক

সপ্তম সন্তান:

চেত(নু)

এত

অষ্টম সন্তান:

পেত(নয়)

লাইক

নৱম সন্তান:

কাও(লা)

লা

দশম সন্তান:

লুন

লুন

একাদশ সন্তান:

কয়

কয়

কা আখৰৰ ল’ৰাৰ নাম

কন ছেং, কন খাম, কন ফা, কন ফ্ৰা, কন ফাছেং, কন খামছেং, কন জাং, কন জাংফা, কন হুংছেং, কন হুন, কন তিপফা, কন পান খাম

কা আখৰৰ ছোৱালীৰ নাম:

কাছেং

খা আখৰৰ ল’ৰাৰ নাম:

খুন ফা, খুন ছেং, খুন কাম, খেন লুং, খেন তৌ ফা

খা আখৰৰ ছোৱালীৰ নাম:

খাম, খাম ছেং, খাম দয়, খাম দয়ছেং, খাম মক, খম দেং, খাম নেং, খাম ব্লক

না আখৰৰ ল’ৰাৰ নাম:

না

না আখৰৰ ছোৱালীৰ নাম:

নাম, নাছেং, নাং ছেং, নাং নাম, নাং হুন, নাং হুন ফা, নাং ফা, নাং মৌ, নাং হুন ছেং, নাং ব্লক, নাং মক, নাং মক ফা, নাং ছেং খাম, নাং ফী খাম, নাং ফা খাম, নাং খাম ফা, নাং নুত,

নং দাও, নাম ছেং, নাম খাম, নাম ঙিন, নাম মাও, নাম বিন

তা আখৰৰ ল’ৰাৰ নাম:

তাম, তান, তি লাও, তাম কান, তী মাত, তী মুং, তেক খাম, তেক নাম, তন খাম,তন ছেং, তন, তিক,তিক পা চেক,তিং, তুং মুন,তুং ৰাই,তাও,তাও খাম,তাও ছেং,তুম ব্লক,তাঈ, তাঈ মাও

, তাঈ খাম, তাঈ লুন, তাঈ ৰাই

তা আখৰৰ ছোৱালীৰ নাম:

তাছেং, তনফা, তন মাও, তন হুং ফা

পা আখৰৰ ল’ৰাৰ নাম:

পাং, পান খাম, পান ছেং, পান, পান ম’ক, পান ব্লক, পাৎকাই, পাত, পাত ফা, পাপ, পুত খ্ৰীং, পুত খ্ৰীং ফা, পুত ফ্ৰা, পুত হেং, পুক থা, পুক ফী, প্যু,পু, ছেং ম্যুং,পুম ফা

পা আখৰৰ ছোৱালীৰ নাম:

পা, পা নাং, পানং

ফা আখৰৰ ল’ৰাৰ নাম:

ফা, ফা চাও, ফ্ৰা চাও, ফাছেং, ফ্ৰা ছেং, ফা লাই, ফ্ৰা ছেং মুং, ফা দয়, ফ্ৰা ফুন, ফ্ৰা খাম, ফ্ৰা খাম ছেং, ফা হুং, ফা হুম ছেং, ফী ছেং, ফী ছেং ম্যুং, ফী ফা, ফী খাম, ফী খাম ছেং,

ফ্ৰং পিম, ফ্ৰা ফেত, ফ্ৰা ফেত খাম, ফুকন, খাম, ফুকন তাপ, ফুখাম,ফু কাও খাম, ফু ছিং, ফ ছিং, ফ ছিং খাম, ফু ৰিং, ফু দয়, ফু নয় ছেং , ফু ছেং ম্যুং, ফু ছন, ফু থাই, ফু হান,

ফাই, ফাই ছেং, ফং

ফা আখৰৰ ছোৱালীৰ নাম:

ফিউ খাম ছেং, ফিউ খাম

বা আখৰৰ ল’ৰাৰ নাম:

বান ছেং, বান খাম, বান ফু, বান খুন, বান ফ্ৰা, বান ফা, বান খাম, বান ছাই, বান চাও, বান হুং, বান ম্যুং, বান দ্যেং

বা আখৰৰ ছোৱালীৰ নাম:

ৱি ছেং, বু, বু খাম, বু ছেং, বুন হাই, ব্লক ছেং, ব্লক খাম, বক ছেং বক খাম, ব্লক দেং, ব্লক নেং, ব্লক ঞিং, ব্লক বু, ব্লক মু

মা আখৰৰ ল’ৰাৰ নাম:

মন হুং, মন হুং ফ্ৰা, মন ছেং ফা, মন ছেং ফ্ৰা, মন ফা, মন ফ্ৰা, মন খাম ছেং, মন জাং ফা

মা আখৰৰ ছোৱালীৰ নাম:

মক ছেং, মক ফা, মক ছেং, মক, মক দেং, মক খাম, মক পান, মক নাং, মক নাং ফা, মক ভিন, মক ছেং ফা

জা আখৰৰ ল’ৰাৰ নাম:

জান ছাই, জান ছাই হুং, জত ছেং, জত খাম, জত ফা, জত ফা খাম, জাং ম্যুং, জাং ম্যুং খাম, জ্যেপ, জ্যেপ ম্যুং, জ্যেপ কান, জ্যেপ খাম, জা ফেত

জা আখৰৰ ছোৱালীৰ নাম:

জা ছিং, জা ছিং ফা, জা ছিং খাম, জা মক ফা,জা নাং, জা খাম, য়া খাম, য়া ছেং, য়া নাং, য়া নাং ফা, য়া ছেং দাও, য়াং ফাই, জাং ফাই, জিং নাং, জিং ছেং

ছা আখৰৰ ল’ৰাৰ নাম:

ছাই কন ছেং, চাই পান, চাই বান, চাই ৰান, চাই কান, চাই জত, চৌ জিত, চৌ পাত, চৌ খান, চৌ পান, চৌ ছেং, ছ্যু ছেং ফা, ছ্যু ৰুং ফা, ছ্যু ৰেম ফা, ছু জত, ছু হান, ছ্যু কান, ছ্যু মুং, ছু কাম ফা,

ছু খাম ফা,ছু চিও ফা, ছু ন্যেন ফা, ছ্যু পিম ফা, ছু লুং ফা, চাই লুং খাম, চাই কাম ফা, চাই খান ছেং, চাই বিন ছেং, চাই ছু কম, চাই খাম ছেং, চাই বিন ছেং, চাই ছু কাম, চাই ছু খাম,চাই পান কাম,চাই পান খাম, চি ৰিন ছেং, চাই চি তদ ছেং, চাই খাম ছেং, চাই চন, খাম, চাই মক খাম, চাই মক দেং

ছা আখৰৰ ছোৱালীৰ নাম:

ছাং দাও, ছাং নাও, ছাং নাম, ছাং হুং, ছেং হুম, ছেং ফা, ছেং হুন ফা, ছেং নাং, ছেং নাম ফা, ছেং নাই, ছেং নাই ফা, ছেং বিন খাম,ছেং খাম, ছেং দয়, ছেং নাং ছিং

থা আখৰৰ ল’ৰাৰ নাম:

থেন থাম, থেন ছিং থাম, থেন খাম পান, থেন হুং ফা, থেন ৰাত ফা, থেন পান ফা, থেন ছেং ফা, থেন দয়, থেন দয় বুং, থেন ফা, থেন ফ্ৰা, থেন ফ্ৰা খাম, থেন ফী থেন ম্যুং, থেন ফা ম্যুং, থেন ফী ম্যুং, থাও খেন, থাও খেন ম্যুং, থাও ছেং, থাও চেন, থাও মক, থাও পান, থাও জত ফা, থাও নয়, থা নয় ফা, থাও খাম ফা, থাও ম্যুং খাম, থাও মাও পান, থাও বান ছেং, থাও দয় ছেং, থাও কান, থাও বক ছেং, থু মুং, থু ছেং দয়

ৰা আখৰৰ ল’ৰাৰ নাম:

ৰান ছেং, ৰন খাম, ৰন জিত, ৰণ পান, ৰণ লুং, ৰণ হুং, ৰু ছেং ম্যুং, ৰং খাম, ৰং বান, ৰং কান, ৰুং ৰাই ফা, ৰং ফী,ৰং ফী ম্যুং, ৰৗ পান ছেং, ৰৗ বান, ৰুন দেং, ৰাই পান, ৰাই পান ছেং, ৰাই বান ছেং, ৰাই খাম

ছোৱালীৰ নাম:

ৰাই নাং

হা আখৰৰ ল’ৰাৰ নাম:

হন ফা, হ’ নন ফা, হ’ ৰত ফা, হ’ পান, হ’ মুং, হ’ ছেং ম্যুং, হিত পান, হিত মুন ছেং, হিত মুন পান, হিত ফ্ৰা, হুন খাম ঙম, হুন খাম ফ্ৰা, হুন থাও ফী, হুন থাও ফা, হুন থাও ফ্ৰা।হুন জিত, হুন জত, হুন ফা ছেং, হুন ফা ছেং, হুন ফ্ৰা ছেং, হ’ খাম ফা, হ’ ছেং ফ্ৰা, হ’ জিত, হ’ জিত খাম

ছোৱালীৰ নাম:

হুন খাম, হুন ছেং, হুন ছেং দয়, হুন মক ফা, হুং ফা, হুং ছেং,হ’ নাং, হ’ খাম ছেং, হ’ নাং ফা, হুন ফা , হুং ফা, হুন ফা ফা, হুন ব্লক, হুন ব্লক ফা, হুন দয়, হুন চেং নাই, হুং নাই, হম ফা, হম ছেং ফা, হম ব্লক ফা, হম ব্লক ম্যুং, হম মক ফা

দা আখৰৰ ল’ৰাৰ নাম:

দত ছেং, দা খাম, দাং পান দাপ, দাপ ছেং, দং ছেং,ছ্যেত দাম, দত পান, দন না, দত না, দিন কাম ছেং, দিপ কান, দিপ ছেং, দ্যেং না, দ্যেং বান, দ্যেত চাই, দ্যেত চাই লুম, দ্যুন লেং, দয় দিং, দয় ৰং, দাও ফা, দম ছেং, দয় খাম, দয় ঙিন

ছোৱালীৰ নাম:

দাও ফা, দাও চেং, দাও নাং ফা

আ আখৰৰ ল’ৰাৰ নাম:

আ খে, আ কাম, আ খেত, আ পান, আ লুক, আ লং, অং ফিউ, অং খাম, অং ছেং, আ খেক, আ লুং, আই ম্যাত, আই লত, আি জত

ছোৱালীৰ নাম:

আই, এন, আন, আন দাও

উৎস: তাই আহোম উন্নয়ন পৰিষদ

শেহতীয়া উন্নীতকৰণ: : 7/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate