অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দেও পৰ্বত

দেও পৰ্বত

জনশ্ৰুতি মতে, স্বৰ্গদেউ চুহুংমুং অৰ্থাৎ দিহিঙীয়া ৰজাই নিজৰ একমাত্ৰ কন্যা দি তুৰ্বকৰ লগত সন্ধি কৰিবলৈ বিচাৰিলে| কিন্তু পুতেক গড়গঞা ডেকাৰজাই ইয়াৰ বিৰোধিতা কৰি স্বৰ্গদেউৰ কাষৰ পৰা আঁতৰি গ’ল| স্বৰ্গদেৱে তেতিয়া নগা পৰ্বতৰ সীমালৈকে এটা গড় বন্ধাৰ নিৰ্দেশ দিলে|বনুৱাসকলে যেতিয়া গড় বান্ধিবলৈ মাটি খন্দাৰ কাম আৰম্ভ কৰিলে এজন বনুৱাৰ কোৰখন কিবা এপদ টান বস্তুত লাগি ধৰিলে| কোৰখন জোৰেৰে টান মাৰি দিয়াত ধৰণী কঁপাই উঠি আহিল এটা বিশালকায় মানুহৰ অৱয়ব| হাতত হাতীৰ সমান এখন বিছনী, যত লাগি ধৰিছিল বনুৱাজনৰ হাতৰ কোৰখন| সেই বিশালকায় মানৱ অৱয়ৱটোৱে বজ্ৰগম্ভীৰ কণ্ঠেৰে সুধিলে ‘মোক কিয় তুলিলি?’

গড় বন্ধা বনুৱা সকলে অজানিতে তেওঁৰ নিদ্ৰাত ব্যাঘাত জন্মোৱাৰ বাবে ক্ষমা বিচাৰি তেওঁৰ চৰণত দীঘল দি পৰিল| সেই মানৱ অৱয়ৱেও কোনো দায় নধৰি সুধিলে, ‘লুইত কোনফালে গ’ল?’

বনুৱাসকলে ক’লে- পৰ্বতৰ উত্তৰ ফালে| বিশালকায় সেই মানৱ অৱয়ৱে মুহূৰ্তৰ বাবে কিবা চিন্তা কৰি কলে- ‘কলি কাল হ’ল, মোক আকৌ পুতি থ’|

বনুৱাসকলে তেওঁক তাতে পুতি থৈ ৰজাক আদ্যোপান্ত ক’লেগৈ| গড় বন্ধা কামটো সিমানতে অন্ত পৰিল| এক দেও পুৰুষে দেখা দিয়াৰ বাবে সেই ঠাই টুকুৰা দেওপৰ্বত নামেৰে পৰিচিতি লাভ কৰিলে|

দেওপৰ্বত অসমৰ ৩৯ নং ৰাষ্ট্ৰীয় পথৰ সংযোগস্থলীৰ এটা বৃহৎ অঞ্চল| অসম বুৰঞ্জীৰ পাতত বিশেষ স্থান লাভ কৰা এই ভু-খণ্ডৰ আজিৰ নাম নুমলীগড়| গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ নুমলীগড় ঐতিহাসিক সম্পদ আৰু প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ| নুমলীগড় তিনিআলিৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় পথেৰে মাত্ৰ দুই কিলোমিটাৰ পূবলৈ বুৰঞ্জীপ্ৰসিদ্ধ দেওপৰ্বত| এই পৰ্বতৰ বুকুত প্ৰাচুৰ্য্যৰ সম্ভাৰ| পৰ্বতৰ চুড়াত থকা এটা শিৱ মন্দিৰৰ শৈল ভাস্কৰ্যই অতীত অসমৰ মহান পৃথিৱী খনৰ সন্ধান দিয়ে|

ৰামায়ন, মহাভাৰতৰ অনেক কাহিনীৰ চিত্ৰ এই ভাস্কৰ্যবোৰত দেখা যায়| ইয়াৰ উপৰি চন্দ্ৰ, সূৰ্য, গনেশ, ত্ৰিপুৰাৰী, কীৰ্তিমুখ, শনিৰ মূৰ্তি, উৰন্ত বিদ্যাধৰ, ত্ৰিপুৰাসুৰ বধ, বৃক্ষৰুপী ৰুদ্ৰ, দ্বাৰপালকৰ ৰুপত শিৱ, মহিষৰ ওপৰত বহি থকা যম, লক্ষ্মী-নাৰায়ণ, হৰ-গৌৰী, ৰাসলীলা, সৰ্পদেৱতা, শিৱলিংগ, দেওশালৰ খুটা, প্ৰাণায়াম, ধ্যান, তেলবৃক্ষ, পদ্মচক্ৰ, ৰাম আৰু সুগ্ৰীৱৰ মিত্ৰতা স্থাপন, নটৰাজ, গন্ধৰ্ব, মহাভাৰতৰ ৰজা পাণ্ডুৱে কিমিন্দৰ মুনিক হৰিণাৰ ৰুপত পত্নীৰ লগত মৈথুনৰত অৱস্থাত শৰবিদ্ধ কৰা, জটায়ু পক্ষীৰ লগত ৰাৱনৰ যুদ্ধ, লক্ষ্মণক মৃত্যুৰ পৰা বচাবলৈ সুষেণ বৈদ্যই কবিৰাজি দৰৱ খুন্দি থকা আদি দুৰ্লভ দৃশ্যৰ উপৰি মন্দিৰৰ কলচীত নৃত্য কৰি থকা ইন্দ্ৰ-ইন্দ্ৰাণী, শিৱ-শিৱানীৰ মূৰ্তি অতি আকৰ্ষণীয়| দেওপৰ্বতত থকা এই মুৰ্তি বোৰৰ কাণত থকা অলংকাৰবোৰ জনজাতীয় বিশেষকৈ কাৰ্বি সকলৰ কাণৰ অলংকাৰৰ লগত বহু মিল থকা দেখা যায়| মূৰ্তি বোৰৰ মাজত উদ্ধাৰ হোৱা মহিষৰ পিঠিত বহি থকা যমৰ মূৰ্তিটো বিৰল| কিন্তু উপযুক্ত সংৰক্ষণৰ অভাৱতে এই মূৰ্তিৰ মূৰৰ অংশ নিশ্চিহ্ন হল| দেওপৰ্বতৰ এই শৈল ভাস্কৰ্যবোৰে তাত এটা বৃহৎ মন্দিৰ আছে বুলি প্ৰ্মাণ কৰে| ১৮৯৭ চনৰ বৰভুঁইকঁপত এই মন্দিৰ ধ্বংস হয় বুলি ইতিহাসে কয়|

দেওপৰ্বত কেৱল মন্দিৰৰ ভগ্নাৱশেষেৰে পুৰ হৈ থকা নাই, জৈৱ বৈচিত্ৰৰ আন আন সম্পদৰো ভঁৰালস্বৰুপ| বিশিষ্ট উদ্ভিদ বিদ ড° পদ্মেশ্বৰ গগৈৰ মতে, দেওপৰ্বত বনাঞ্চলত থকা বিভিন্ন প্ৰজাতিৰ গছ-বন, লতা আদি বিশ্বৰ অন্য বনাঞ্চলত পাবলৈ নাই| গছ-গছনিৰ ভিতৰত চাম, কঁঠাল, বহঁত, ভেলেউ, মেজাংকৰি, হাতি-ঢেঁকীয়া, বাৰমহীয়া আম, বনৰীয়া কল, বন সুমথিৰা, হাজী, আজাৰ, তিতাচঁপা, শিশু, হলখ, সৰ্পগন্ধা, থেকেৰা, গুল্ম প্ৰজাতিৰ অলেখ আৰু বনৌষধি উদ্ভিদৰ মেটমৰা বাগিছা এই দেওপৰ্বত| ইয়াত পোৱা কোটোহা বাঁহ, বজাল বাঁহ, নল-বিৰিণা আদি বনৰীয়া হাতীৰ প্ৰিয় খাদ্য| সেইবাবেই বছৰৰ প্ৰায় সকলো সময়তে ইয়াত হাতীয়ে বিচৰণ কৰে|

বনৰীয়া হাতী, নাহৰ-ফুটুকী, লতামাকৰি বাঘ, কেঁটেলা পশু, গুঁই, হুদু, হলৌ বান্দৰ, লাজুকী বান্দৰ, বনৰৌ, জহামাল, মাটিফেটি, চকৰিফেটী, অজগৰ, সেউজীয়া সাপ, বিভিন্ন প্ৰজাতিৰ সৰীসৃপ, দুষ্প্ৰাপ্য কেঁকো সাপ, নানাধৰণৰ পক্ষী-কুল দেওপৰ্বতৰ গিৰীহঁত| এই পৰ্বতত বিচৰণ কৰে ঢেঁকীয়াপতীয়া বাঘ আৰু ৰজাফেটী| সোণত সুৱগা চৰোৱাৰ দৰে দেওপৰ্বতৰ বুকুত আছে অলেখ বৰ্মৌ| বৃহৎ গছৰ ডালত ওলমি আছে এই মৌৰ চাকসমুহ| পৰ্বতৰ শিখৰত আছে ইটাৰে বন্ধোৱা দুটা পুখুৰী| প্ৰবাদ মতে ৰজা নৰকাসুৰে এই স্থানত নৰবলি দিছিল| পুখুৰীৰ কাষতে আছে এখন বলিশাল|

সংৰক্ষিত বনাঞ্চল:- চৰ্কাৰী পক্ষই বহু বছৰৰ পুৰ্বে দেও পৰ্বতক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছিল যদিও সেয়া বাস্তৱত ৰুপায়িত নহল| পৰৱৰ্তী সময়ত ১৯৮১ চনৰ ৰাষ্ট্ৰীয় বননীতিৰ ৫ নং দফা অনুসৰি ১৯৯৯ চনৰ ১৯ আগষ্টত অসমৰ ৰাজ্যপালে এফ আৰ এছ ১৮/৯৯/১৫ নং জাননী যোগে দেওপৰ্বতক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে| এই ঘোষণাক ১৯৯৯ চনৰ ১৩ ছেপ্তেম্বৰত অসম ৰাজপত্ৰত প্ৰকাশ কৰা হয়| দেওপৰ্বত ১৯৬৮ চনতে অবিভক্ত শিৱসাগৰ জিলা প্ৰশাসনে বন বিভাগলৈ হস্তান্তৰ কৰিছিল| কিন্তু দুখ আৰু পৰিতাপৰ বিষয় যে ইমান বছৰে দেওপৰ্বতক পুৰ্ণ পৰ্যায়ৰ সংৰক্ষিত বনাঞ্চলৰ ৰুপ দিব নোৱাৰিলে চৰকাৰে| গোলাঘাট জিলাৰ প্ৰাক্তন উপায়ুক্ত ড° ৰবি কোটাই গ্ৰহণ কৰা ভুমিকাৰ পিছত পৰৱৰ্তী উপায়ুক্ত সকল তথা জিলা প্ৰশাসনে দেওপৰ্বতৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ একো কৰা নাই বুলি অভিযোগ আছে|

সংকটৰ গৰাহত দেওপৰ্বত: ইতিহাসত বিশেষভাৱে উল্লেখ থকা দেওপৰ্বতক সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে এচাম প্ৰকৃতিপ্ৰেমী আৰু পৰিৱেশ সচেতন লোকৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত থকাৰ বিপৰীতে আন একাংশই লোলুপ দৃষ্টিৰে ধ্বংস কৰিছে দেও পৰ্বতৰ ঐতিহ্য| পৰ্বত খনৰ শ্যামলী বুকুত নিষ্ঠুৰ হাতোৰা শোধাইছে বৃহৎ পুঁজিপতি গোষ্ঠীয়ে| আশী দশকতে প্ৰশাসন আৰু বন বিভাগৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি নুমলীগড় চাহ বাগিছাই কৰে দেওপৰ্বতৰ ভুমি বেদখল প্ৰক্ৰিয়া| এই পৰ্যন্ত বাগিচা খনে বৃহৎ পৰিমাণৰ ভুমি বেদখল কৰি চাহখেতি সম্প্ৰসাৰণ কৰিছে| স্থানীয়ভাৱে বিভিন্ন সংগঠনে এই কাৰ্যৰ বিৰোধিতা আৰু দেওপৰ্বতক সুৰক্ষা দিয়াৰ দাবী জনোৱাৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলা প্ৰশাসন,বোকাখাত মহকুমা ৰাজহ বিভাগ আৰু বন বিভাগে যুটীয়া অভিযান চলাইছিল যদিও দেওপৰ্বতৰ ভুমিক লৈ কোনো ধৰণৰ স্পষ্ট প্ৰতিবেদন প্ৰকাশ কৰিব নোৱাৰিলে| তাৰ পৰৱৰ্তী কালত বৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগ নুমলীগড় শোধনাগাৰে নগৰাঞ্চল নিৰ্মাণ আৰু সম্প্ৰসাৰণৰ নামত বেদখল চলালে| দেওপৰ্বতৰ বুকুত বৃহৎ পকী দেৱাল নিৰ্মাণ কৰি বন্ধ কৰি দিয়া হ’ল সাতামপুৰুষীয়া বন্য হাতীৰ দণ্ডি কাটি পেলোৱা হ’ল মূল্যবান অনেক বনজ সম্পদ| পৰ্বতৰ বক্ষ বিদাৰি দিয়া হল এক্সকেভেটৰ ৰ হাতোৰাৰে| মাটিৰ তলত উদ্ধাৰ হল বহু মূল্যবান সামগ্ৰী| কিন্তু কোনে নিলে এই সম্পদবোৰ? সংশ্লিষ্ট পক্ষৰ হাতত নাই কোনো তথ্য|

সংৰক্ষণৰ প্ৰচেষ্টা:- দেওপৰ্বতত চলি থকা বেদখল তথা বন্যপ্ৰাণীৰ নিৰাপত্তাহীনতা আৰু পুঁজিপতি গোষ্ঠীৰ আগ্ৰাসনৰ বিৰুদ্ধে শেহতীয়াকৈ স্থানীয় কেইজনমান সংবাদকৰ্মীয়ে ৰাইজক সহায় আৰু সচেতন কৰিবলৈ হাতে-কামে লাগে|সংবাদকৰ্মীৰ এই প্ৰচেষ্টাই পৰৱৰ্তী সময়ত ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী সকলক বিষয়টোৰ ক্ষেত্ৰত গুৰুত্ব উপলব্ধি কৰিবলৈ বাধ্য কৰায়| অনিৰ্বাণ নেছাৰ ক্লাব নামৰ এটা প্ৰকৃতি সংগঠনে দেওপৰ্বতৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰে| হোমেন বৰগোহাঞি দেওপৰ্বতক সংৰক্ষণ আৰু বেদখলমুক্ত কৰাৰ বাবে অনশনত বহিল| এনেবোৰ কাৰকৰ ভিত্তিতে অসম চৰকাৰে বৃহৎ পকী দেৱাল ভাঙী বন্যহাতীৰ কৰিডৰ মুকলি কৰাৰ নিৰ্দেশ দিয়ে| কেইবাজনো প্ৰকৃতিপ্ৰেমী আদালত পৰ্যন্ত পায়গৈ|

লেখক: অমূল্য দত্ত

উৎস: দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate