অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বীৰ পৃথুৰ বিজয়লিপি

বীৰ পৃথুৰ বিজয়লিপি

১৬৭১ খ্ৰী: অসমৰ এটি গৌৰৱোজ্জল বছৰ। এই বছৰটোৰ সৈতে সাঙোৰ খাই আছে অসমীয়াৰ শৌৰ্য-বীৰ্য্যৰ কাহিনী। কিয়নো লাচিত বৰফুকনে এই চনতে ‘শৰাইঘাটৰ যুদ্ধ’ত পৰাজিত কৰিছিল পৰাক্ৰমী মোগল সেনাক। সেয়ে প্ৰতিজন অসমীয়াই গৌৰৱেৰে আজিও স্মৰণ কৰে লাচিত বৰফুকনক আৰু গৌৰৱেৰে কয় শৰাইঘাটৰ যুদ্ধ জয়ৰ কথা। ১২০৬ খ্ৰী: অসমৰ ইতিহাসৰ আন এটা যুগান্তকাৰী সময়। প্ৰথমবাৰৰ বাবে অসম(তেতিয়া কামৰূপ নামেৰে খ্যাত)আক্ৰান্ত হৈছিল বিদেশী তুৰ্কী বাহিনীৰ দ্বাৰা। আক্ৰমণকাৰীৰ নেতৃত্ব দিছিল তুৰ্কী বীৰ মহম্মদ বিন বখতিয়াৰ খিলিজীয়ে। এইজন তুৰ্কী বীৰৰ সন্দৰ্ভত উত্তৰ ভাৰতত আছে অলেখ কাহিনী। দিল্লীত ‘দাস বংশ’ প্ৰতিষ্ঠা হোৱাৰ পিছত মহম্মদ বিন বখতিয়াৰ খিলিজীয়ে তিব্বত জয়ৰ উদ্দেশ্যৰে তেতিয়াৰ কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল। বখতিয়াৰ খিলিজীয়ে কামৰূপলৈ অহাৰ পথত পোৱা বিহাৰ, বংগ আদি ৰাজ্য সম্পূৰ্ণৰূপে ধ্বংস কৰি আহিছিল। তেওঁৰ জিঘাংসাৰ বলি হৈছিল ভাৰতবৰ্ষতে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত জ্ঞানৰ জ্যোতি বিলোৱা নালন্দা বিশ্ববিদ্যালয়ো। খিলিজীয়ে এই বিশ্ববিদ্যালয়খন আক্ৰমণ কৰি সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ কথা ইতিহাসৰ পাতত উল্লেখ আছে। তেওঁক বাধা দিয়াটো আছিল খুবেই ভয়ংকৰ কথা। সেইজন বীৰ বখতিয়াৰ খিলিজীৰ বিৰুদ্ধে কামৰূপৰ অধিপতি পৃথুৱে গঢ়ি তুলিলে বৃহৎ প্ৰত্যাহ্বান আৰু সেই প্ৰত্যাহ্বানৰ সন্মুখত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ বখতিয়াৰ খিলিজীয়ে মাত্ৰ কেইজনমান সৈন্য লগত লৈ ব্ৰহ্মপুত্ৰৰে সাঁতুৰি পলাই যোৱা বুলি ইতিহাসত উল্লেখ আছে। পৃথুৰ ৰণকৌশলৰ সন্মুখত তুৰ্কীসকলৰ বৃহৎ সৈন্যবাহিনী কামৰূপৰ মাটিত সম্পূৰ্ণ ধূলিসাৎ হয়। কামৰূপী সেনাৰ এই বিজয় গাঁথাৰ বিষয়ে উল্লেখ আছে প্ৰসিদ্ধ ইতিহাসকাৰ মিনহাজৰ তবকত্‌-ই-নাচিৰি গ্ৰন্থত। মিনহাজক বখতিয়াৰ খিলিজীয়ে লগত লৈ আনিছিল তেওঁৰ তিব্বত বিজয়ৰ কাহিনী লিখিবলৈ। কিন্তু তেওঁৰ দুৰ্ভগ্য এই যে তিব্বত গৈ পোৱাৰ পূৰ্বেই বখতিয়াৰ খিলিজীয়ে কামৰূপৰ ভূমিত সম্পূৰ্ণকৈ পৰাজিত হোৱাত মিনহাজৰ তবকত্‌-ই-নাচিৰিত তেওঁৰ পৰাজয়ৰ কথাহে লিপিবদ্ধ হয়। তদুপৰি বখতিয়াৰ খিলিজীৰ পৰাজয়ৰ সাক্ষী বহন কৰিছে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত থকা কানাই বৰশীবোৱা শিলৰ শিলালিপিয়ে। এই শিলালিপিত উল্লেখ আছে-

শাকে তুৰগবুগ্নেষে মধুমাস ত্ৰয়োদশে। কামৰূপম সমাগত্য তুৰস্কা ক্ষয়মায়সু।

অৰ্থাৎ ১২২৭ শকৰ চ’ত আহৰ তেৰ তাৰিখে তুৰ্কীসকল ইয়াত আহি ক্ষয়প্ৰাপ্ত হৈছিল। কানাই বৰশীবোৱা শিলৰ এই লিপিয়ে আজিও গৌৰৱেৰে সোঁৱৰাই আছে অসমীয়াৰ বীৰত্বৰ কথা, সাহসিকতাৰ কথা। উল্লেখযোগ্য যে সেই সময়ত কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল ‘দুৰ্জয় নগৰ’ যাক আজি উত্তৰ গুৱাহাটী বুলি জনা যায়। আনহাতে শৰাইঘাটৰ যুদ্ধৰ সাক্ষীও আছিল উত্তৰ গুৱাহাটী আৰু ১২০৬ খ্ৰী:ৰ যুদ্ধখনো সংঘটিত হৈছিল উত্তৰ গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত। এইখিনিতে আন এটি গুৰুত্বপূৰ্ণ বিষয় হ’ল শৰাইঘাটৰ যুদ্ধত যিদৰে নিশাৰ ভিতৰতে লাচিতে গড় নিৰ্মাণেৰে মোগল সেনাৰ আক্ৰমণ প্ৰতিহত কৰিছিল, সেইদৰে ৰজা পৃথুৱেও বখতিয়াৰ খিলিজী আৰু তেওঁৰ সৈন্যবাহিনীক আবদ্ধ কৰাৰ বাবে নিশাৰ ভিতৰতে খন্দাইছিল এটা বৃহৎ খাৱৈ, যাৰ বাবে তুৰ্কী সেনাক ধ্বংস কৰাতো সহজসাধ্য হৈ পৰিছিল।

লিখক: নিৰ্মলেশ্বৰ গোস্বামী, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate