অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আৰ্যসকলৰ আগমন

আৰ্য শব্দৰ অৰ্থ হ’ল সৎবংশজাত। আনহাতেদি মেক্সমূলাৰ, উইলিয়ম জনচ আদিৰ মতে আৰ্য মানে হ’ল ভাষাৰ নাম। আৰ্য শব্দটো জাতিবাচক নহয়। কিন্তু ভাৰতবৰ্ষত “আৰ্য” শব্দটো জাতিবাচক অৰ্থতেই ব্যৱহাৰ কৰি অহা হৈছে। আৰ্যসকলৰ ভাষা আছিল ইন্দো-ইউৰোপীয়।

এই আৰ্যসকলৰ আদি বাসস্থান ক’ত আছিল সেই বিষয়ে মতভেদ আছে। প্যাৰগিটাৰ প্ৰমুখ্যে বহুতো পণ্ডিতে কয় যে আৰ্যসকল বাহিৰৰ পৰা অহা নহয়। তেওঁলোক ভাৰতৰেই আদি অধিবাসী। এওঁলোকৰ বাসস্থান আছিল সপ্তসিন্ধু(গঙ্গা, যমুনা, শতদ্ৰু, সৰস্বতী, সিন্ধু, মৰুদ্ধধা, আৰ্ষিকীয়- এই সাতখন নদীক সপ্তসিন্ধু বুলি কোৱা হৈছিল)। আৰ্যসকল ভাৰতৰ আদি অধিবাসী-এই তত্বৰ সপক্ষে আৰু বিপক্ষে ভালেমান যুক্তি আছে। আনহাতেদি অন্য বহুতে কব খোজে যে আৰ্যসকল ভাৰতৰ আদি অধিবাসী নহয়। তেওঁলোক বাহিৰৰ পৰা অহা। আৰ চি মজুমদাৰে কৈছে যে আৰ্যসকল ভাৰতৰ আদি আধিবাসী আৰু ভাৰতৰ পৰাহে তেওঁলোকে অন্য ঠাইলৈ গৈ তেওঁলোকৰ ভাষা অন্য মানুহৰ ওপৰত জাপি দিছিল আৰু গ্ৰীক, ৰোমানসকল ভাৰতৰ পৰা যোৱা আৰ্যসকলৰ বংসধৰহে- এইষাৰ কথা ভাৰতৰ ভিতৰে বাহিৰে বহুতো পণ্ডিতে মানি লব খোজা নাই-“This view, however, presents too many difficulties and is not accepted by many Indians or anybody outside India.”

অন্যান্য বহুতো বুৰঞ্জীবিদে কব খোজে যে আৰ্যসকল বাহিৰৰ পৰা অহা আৰু তেওঁলোকৰ আদি বাসস্থান আছিল ইউৰোপ।

Dr. p. Giles আৰু Prof. Macdonell য়ে কব খোজে যে আৰ্যসকলৰ বসতিস্থান আছিল হাঙ্গেৰী। তেওঁলোকৰ মতে আৰ্যসকলৰ যি প্ৰাকৃতিক পৰিৱেশ আৰু যি জীৱজন্তুৰ ধাৰণা আছিল সি হাঙ্গেৰীৰ নিচিনা এটা শীতল অঞ্চলত থকাটোহে সম্ভৱ আছিল। তদুপৰি তেওঁলোকৰ কৃষি কাৰ্য, গো-প্ৰজনন আদিৰ কাৰণে ঘাঁহ বননিৰে সৈতে বৃহত্ অঞ্চলৰ প্ৰয়োজন আছিল যিটো হাঙ্গেৰীত পোৱা গৈছিল। তদুপৰি Boghazkoi ত খনন কাৰ্য চলাওতে ইন্দ্ৰ, বৰুণ আদিৰ দৰে ভাৰতীয় দেৱদেৱতাৰ উল্লেখ পোৱা গৈছে। তদুপৰি বেবিলন আৰু মেচপটেমিয়াৰ শাসকসকলৰ নামৰ লগত ইণ্ডো-এৰিয়ান সকলৰ নামৰ সাদৃশ্য আছে। গতিকে ইয়াৰ পৰা ধাৰণা কৰিব পাৰি যে আৰ্যসকল পাৰস্য পাৰ হৈ ভাৰতলৈ আহিছিল।

কোনো কোনো বুৰঞ্জীবিদৰ মতে বিশেষকৈ Brandenstein ৰ মতে আৰ্যসকল স্কেণ্ডিনেভিয়াৰ পৰা আহিছিল। কাৰণ স্কেণ্ডিনেভিয়ান সকলৰ ভাষাও আছিল ইণ্ডো-ইউৰোপীয়।

Scharaderৰ মতে আৰ্যসকল আছিল দক্ষিণ ৰাছিয়াৰ পৰা অহা। ভাষাতত্ত্ববিদ Dr. B. K. Ghose য়েও এই মততো সমৰ্থন কৰিছে। তেওঁ তেওঁৰ যুক্তিৰ সমৰ্থনত কিছুমান পূৰাতাত্বিক তথ্যও উত্থাপন কৰিছে। যি কি নহওক এই সূত্ৰবোৰ সকলোৰে কাৰণে গ্ৰহণযোগ্য হোৱা নাই।

বাল গঙাধৰ তিলকৰ মতে আৰ্যসকল Arctic region অৰ্থাত্ সুমেৰুৰ পৰা খৃ:পূ: ৮০০০ত আহিছিল আৰু খৃ:পূ: ৬০০০ত ভাৰতত বসতি কৰিছিল। তেওঁৰ মতে ঋকবেদত যি প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা দিছে সুমেৰুৰ প্ৰাকৃতিক দৃশ্যৰ লগত তাৰ মিল আছে। আৰ্যসকলৰ আদি বাসস্থান সম্পৰ্কে ঋকবেদত যিবোৰ কথাৰ যেনে- অতিপাত শীত, দিঘলীয়া অন্ধকাৰ, দুমাহ দিন দুমাহ ৰাতিৰ কথাৰ উল্লেখ আছে সেইবোৰ সুমেৰু অঞ্চলৰ কথা বুলি ধৰিব পাৰি। কিন্তু অন্য কোনো লিখিত তথ্যৰ দ্বাৰা এই সূত্ৰটো সমৰ্থিত হোৱা নাই। এই সূত্ৰটো জ্যোতিষশাস্ত্ৰৰ ভিত্তি কৰিহে উদ্ভৱ কৰা হৈছিল। সূত্ৰটো নক্ষত্ৰভিত্তিক আছিল।

প্ৰধানকৈ মেক্সমূলাৰে বিশ্বাস কৰিছিল যে আৰ্যসকল মধ্য এচিয়াৰ আদিবাসী। বৈদিক সাহিত্য আৰু ইৰাণৰ “Zend-Avesta” অধ্যয়ন কৰি তেওঁ কৈছিল যে এসময়ত ভাৰতীয় আৰু ইৰাণীয়ানসকল একেলগে বসবাস কৰিছিল। তেওঁলোকৰ সভ্যতা আৰু সংস্কৃতিৰ মাজত ভালেখিনি সাদৃশ্য আছিল। দুয়োটা জাতি প্ৰকৃতিৰ উপাসক আছিল, দুয়োটা জাতি কৃষি কাৰ্যত ব্ৰতী আছিল। এইখিনি কথাৰ পৰা ধাৰণা কৰিব পাৰি যে আৰ্যসকল মধ্য এচিয়াৰ পৰা আহিছিল। তেওঁলোকৰ ভাষাগত পাৰ্থক্যও কম আছিল। বহুতো ভুতত্ববিদে কব খোজে যে আৰ্যসকলৰ পৰিচিত পাইন আৰু ভূৰ্জ্জপত্ৰৰ গছ মধ্য এচিয়াত পোৱা গৈছিল। তদুপৰি মধ্য এচিয়া অতি সাৰুৱা আছিল আৰু সেই অঞ্চলৰ উত্পাদিকা শক্তি অতি বেচি আছিল। অৱশ্যে আৰ্যসকলৰ বসতি স্থান টুকুৰা আকাৰত সৰু হোৱাৰ কাৰণে তেওঁলোক মধ্য এচিয়াৰ পৰা ভাৰতৰ পিনে আহিছিল।

অৱশ্যে আৰ্যসকল যে ভাৰতৰ আদিবাসী তাৰ সপক্ষে আৰু বিপক্ষেও ভালেমান যুক্তি আছে। আৰ্যসকল যে সপ্তসিন্ধুত বাস কৰিছিল সেই কথা Dr. A.C. Das আৰু Dr. Sampurnand-য়ে সমৰ্থন কৰিছে। সপ্ত সিন্ধুয়ে কাশ্মীৰ আৰু পঞ্জাৱক অন্তৰ্ভুক্ত কৰি লৈছিল। তেওঁলোকৰ মতে বাহিৰৰ পৰ অহা হোৱা হ’লে আৰ্যসকলে সগত বেদ লৈ আহিলেহেঁতেন। কিন্তু তেওঁলোকে বেদ ৰচনা কৰিছে পঞ্জাৱৰ কোনো অঞ্চলত। কিন্তু এই মত সমৰ্থন নকৰা সকলে কব খোজে যে সপ্তসিন্ধু এটুকুৰা নিৰ্দিষ্ট ঠাই নহয় য’ৰ পৰা আৰ্য সকল অন্য ঠাইলৈ গৈছিল। তদুপৰি আৰ্যসকলৰ বসতি স্থান পঞ্জাৱত হোৱা হলে পূব আৰু দক্ষিণভাৰত সম্পৰ্কে তেওঁলোক অৱগত হ’লহেতেন। কিন্তু বৈদিক সাহিত্যত পূৱ আৰু দক্ষিণ ভাৰত সম্পৰ্কে উল্লেখ নাই। পঞ্জাৱ আৰু ইউৰোপৰ স্ংস্কৃতিৰ মাজত প্ৰভেদ বহুত। গতিকে আৰ্যসকল পঞ্জাৱৰ পৰা ইউৰোপলৈ গৈছিল বুলিও ভাবিব নোৱাৰি। আৰ্য সাহিত্যত হাতী আৰু শিৰিষ গছৰ উল্লেখ আছে কিন্তু পঞ্জাৱত সেই দুয়োবিধ বস্তুৱেই পাবলৈ নাই। তদুপৰি লেটিলন আৰু গ্ৰীক ভাষাৰ আৰ্যসকলৰ ভাষাৰ লগত সাদৃশ্য আছে। এই কথাৰ পৰাও আৰ্যসকলৰ আদি বাসস্থান পঞ্জাৱ বুলি ভাবিব নোৱাৰি।

এইবোৰ সূত্ৰৰ পৰা আৰ্যসকলৰ আদি বাসস্থানৰ কথা সাঠিককৈ কব নোৱাৰি। অৱশ্যে আৰ্যসকল দক্ষিণ ৰাছিয়া বা মধ্যএচিয়াৰ পৰা অহা কথাটোতহে বুৰঞ্জীবিদসকল ঐক্যমতত উপনীত হোৱা যেন অনুমান হয়। তাৰে ভিতৰত মধ্য এঅচিয়াৰ সূত্ৰটোৱেই বেচি গ্ৰহণযোগ্য। আৰ্যসকল আৰু উপত্যকাৰ ওপৰা ভাৰতলৈ আহিছিল।

এই তত্বটো খৰচি মাৰি আলোচনা কৰি কলিকতা বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰাক্তন প্ৰবক্তা ঘোষে কৈছে আজিকালি, আৰ্যসকলৰ আদি বাসস্থান সম্পৰ্কে অধ্যাপক ব্ৰাণ্ডেনষ্টিনৰ মতকে বহুতে গ্ৰহণ কৰিছে। তেখেতৰ মতে ইউঅৰাল পৰ্বতৰ দক্ষিণে থকা খিৰঘিজৰ তৃণভূমি অঞ্চল আছিল আৰ্যসকলৰ আদি বাসস্থান। ইয়াৰ পৰা আৰ্যসকলৰ এটা ঠাল পশ্চিমৰ পিনে আহে। পিছত এই ঠালটো দুভাগে বিভক্ত হৈ এটা ঠাল ইৰাণলৈ যায় আৰু আনটো ঠাল ভাৰতলৈ আহে। অধ্যাপক ব্ৰাণ্ডেনষ্টিনৰ এই মত সৰ্বাধিকভাৱে গৃহীত হৈছে। আনহাতেদি বহুতে আৰ্যসকল মধ্য এচিয়াৰ পৰা আৰু বহুতে অষ্ট্ৰিয়া হাঙ্গেৰীৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰিছিল বুলি বিশ্বাস কৰে।

আৰ্যসকল ভাৰতলৈ অহাৰ সময়

আৰ্যসকল ভাৰতলৈ অহাৰ সম্পৰ্কে বিভিন্ন তত্ব আগবঢ়োৱা হৈছে যদিও ঋকবেদ ৰচনা কালৰ ভিত্তিত জাৰ্মান পণ্ডিত মেস্কমূলাৰে যিটো সময় উল্লেখ কৰিছে সেইটো সময়েই গ্ৰহণযোগ্য বুলি কব পাৰি। মেস্কমূলাৰৰ মতে ঋকবেদ এটা নিৰ্দিষ্ট সময়ত ৰচনা হোৱা নাই ঋকবেদৰ প্ৰধান স্তোত্ৰসমূহ ৰচনা কৰা হৈছিল ১২০০-১০০০ খৃ: পূ:ৰ ভিতৰত। শেষৰ স্তোত্ৰসমূহ ৰচনা হৈছিল বুদ্ধদেৱৰ জন্মৰ ৫০০ বছৰ আগত। বুদ্ধৰ জন্মৰ সময় হ’ব ৫৬৭+৫০০=১০৬৭ খৃ:পূ: বা ১০০০ খৃ:পূ:। আধুনিক্ক ভাষাতত্বিকসকলৰ মতে পাৰস্যৰ ধৰ্মপুথি “জেদ আবেষ্টা”ৰ ৰচনাকাল ১০০০ খৃ:পু:। তেওঁলোকৰ মতে ঋকবেদৰ ৰচনাকাল সেইটোৱেই হব। কাৰণ “জেদ আবেষ্টা” আৰু ঋকবেদৰ মাজত ভাষাৰ অসাধাৰণ সাদৃশ্য আছে। তদুপৰি বোথাজোকাই আৰু তেই-এল-আৰ্মানা শিলালিপিত  বৈদিক দেৱতা ইন্দ্ৰ, মিত্ৰ বৰুণ আদিৰ নাম উল্লেখ আছে। এই শিলালিপি দুখনৰ ৰচনাকাল ১৪০০ খৃ:পূ:। ইয়াৰ দ্বাৰা ঋকবেদৰ ৰচনাকাল ১৪০০ খৃ: পূ: বুলি ধৰিব পাৰি। যিহেতুকে আটাইকেইটা সময়ৰ ভিতৰত বেছি হীন দেঢ়ি নাই সেই হেতুকে ঋকবেদৰ ৰচনা ১৪০০-১০০০ খৃ:পূ: বুলি কব পাৰি আৰু সেই সময়তে আৰ্যসকল ভাৰতলৈ আহিছিল বুলি ধৰি লব পাৰি।

আৰ্যসকলৰ বসতি স্থাপন আৰু বিস্তাৰ

আৰ্যসকলৰ আদি বাসস্থান য’তেই নহ’ওক, পান্নিকৰৰ মতে আৰ্যসকল আহোতে পাৰস্যৰ পৰা আহিছিল। আৰ্যসকল উত্তৰ-পশ্চিমেদি হিন্দুকোশ পৰ্বত পাৰ হৈ আফগানিস্থানেদি ভাৰত সোমায়। স্বাভাৱিকতে আগৰেৰ পৰা থকা দ্ৰাবিড়সকলে সৰ্বশক্তি প্ৰয়োগ কৰি আৰ্যসকলক বাধা দিয়ে। দুয়োটা শক্তিৰ মাজত তয়াময়া যুদ্ধ আৰম্ভহয় আৰু অৱশেষত দ্ৰাবিড়সকল পৰাজয় হয়। বহুতো দ্ৰাবিড় যুদ্ধত মৰে। যুদ্ধৰ বৰ্ণনা দি আৰ চি মজুমদাৰে লিখিছে-“…but all in vain. History has repeatedly shown that peoples, born and brought up for generations in the genial soil of India are no match for fresh hardy mountaineers of the north wesatern regions who poured into the country at irregular intervals. The Dravindiano proved no exception to the rule.” দ্ৰাবিড়সকলৰ বহুতো আৰ্যসকলৰ দাসলৈ ৰুপান্তৰিত হ’ল। বহুতে আশিয় বিচাৰি দক্ষিণলৈ গ’লগৈ। বৰ্তমানৰ তামিল, তেলেগু, কানাড়া, মালায়ালমভাষী মানুহসকলেই তেওঁলোকৰ বংশধৰ। ভালেমান পাহাৰ আৰু হাবিত গৈ আশ্ৰয় লয়গৈ। বৰ্তমানৰ কোল, ভিল, গোলড্‌সকল তেওঁলোকৰ বংশধৰ। দ্ৰাবিড়সকলক পৰাস্ত কৰি আৰ্যসকলে প্ৰথমে পঞ্জাৱ অধিকাৰ কৰি লয় আৰু তাৰ পিছত উত্তৰ ভাৰতৰ এটা বৃহত অঞ্চল অধিকাৰ কৰি লয়।

গঙ্গা-যমুনা উপত্যকাত বসতি বিস্তাৰ

ভাষাবিদ্‌ গীয়াবচন চাহাবৰ মতে আৰ্যসকলৰ দুটা দল ভাৰতলৈ আহিছিল। প্ৰথমটো দলে পঞ্জাৱ জয় কৰে আৰু অনাৰ্য(দ্ৰাবিড়)সকলক পৰাস্ত কৰে। তাৰ পিছত আৰ্যসকলৰ অইন এটা দলে মধ্য এচিয়া হৈ গিলগিটৰ মাজেদি আহি ভাৰতত প্ৰৱেশ কৰে। দ্বিতীয় দলটোৱে মধ্যদেশ আৰু গঙ্গা, যমুনা উপত্যকাত আধিপত্য বিস্তাৰ কৰে। অৱশ্যে কেমব্ৰিজ হিষ্টৰী অব ইণ্ডিয়াৰ লিখকে এই কথাষাৰ মানি লোৱা নাই। তেওঁৰ মতে আৰ্যসকলৰ দুটা দল ভাৰতলৈ অহাৰ কোনো প্ৰমাণ নাই। পঞ্জাৱৰ পৰাই তেওঁলোকে গঙ্গা, যমুনা উপত্যকাত উপনিবেশস্থাপন কৰিছিল। গান্ধাৰ অঞ্চলৰ খনন কাৰ্যৰ পিছত এইটোও জনা গৈছে যে খাইবাৰ গিৰিপথেদি গান্ধাৰ হৈ আৰ্যসকলৰ এটা দল ভাৰতলৈ আহিছিল।

পঞ্জাৱত থাকোতে জনস্ংখ্যা বাঢ়ি অহাৰ কাৰণে গঙ্গা আৰু যমুনা উপত্যকালৈ আৰ্যসকল আহিবলৈ লয়। জনস্ংখ্যা বৃধি পোৱাৰ ফলত গৰুচৰোৱা পথাৰ, বনজ সম্পদ, খেতিৰ মাটিৰ অভাৱ হৈ আহে আৰু সেই কাৰণে তেওঁলোকে গঙ্গা-যমুনা উপত্যকাত বসতি স্থাপন কৰেহি। তদুপৰি ৰাবি নদীৰ পানী ভাগ বাটোৱাৰা কৰাৰ কথা লৈও আৰ্যগোষ্ঠীবিলাকৰ মাজত বিবাদৰ সূত্ৰপাত হয়। ঋকবেদৰ মাজত থকা দহজন ৰজাৰ যুদ্ধই এই বিবাদৰ ইঙ্গিত দিয়ে বুলি পান্নিকাৰে মত প্ৰকাশ কৰিছে। সেই সময়ত গঙ্গা-যমুনা উপত্যকা আছিল অতি সাৰুৱা। লগতে তাম আৰু লোহাও পোৱা গৈছিল মাটিৰ তলত। সেই কাৰণে আৰ্যসকল গঙ্গা-যমুনা উপত্যকালৈ আহি তাত বসতি স্থাপন কৰিছিল আৰু উত্তৰ প্ৰদেশৰ সৰজু নদীৰ পাৰলৈকে বসতি বিস্তাৰ কৰিছিল। তেওঁলোকে দিল্লী অঞ্চললৈকে বসতি বিস্তাৰ কৰিছিল বুলি ৰমিলা থাপাৰে কৈছে।

পৰৱৰ্তী বৈদিক যুগত, অৰ্থাত ঋকবেদৰ পিছৰ যুগত আৰ্যসকল পূব আৰু দক্ষিণপিনে বসতি বিস্তাৰ কৰে। হিমালয়ৰ পৰা বিন্ধ্যপৰ্বতলৈকে আৰ্যসকলে বসতি বিস্তাৰ কৰিছিল। খৃ: পূ: ৪০০ ৰ ভিতৰত আৰ্যসকলে ভাৰতত বসতি বিস্তাৰ সম্পূৰ্ণ কৰে। পূব দিশৰ এইকেইখন ৰাজ্যই যেনে- কুৰু, পাঞ্চাল, কাশী, কোশল, বিদেহ আদিৰে আৰ্যবসতিৰ কথা প্ৰমাণ কৰে। অৱশ্যে দক্ষিণৰ পিনে আৰ্যসকলে বসতি বিস্তাৰ কৰিছিল নে নাই সেই বিষয়ে সঠিকভাৱে জনা নেযায়। অৱশ্যে প্ৰায় ১০০০ খৃ: পূ: ত দাক্ষিণাত্যৰ পিনে আৰ্যসকলে বসতি বিস্তাৰ কৰাৰ কথা গম পোৱা যায়। কাৰণ কাট্যয়নই(খৃ: পূ:৪০০) দক্ষিণৰ শেষ প্ৰান্তত পাণ্ড্য, চোল কেৰলা ৰাজ্য থকাৰ কথা উল্লেখ কৰিছে। অৱশ্যে R.C. Mazumdar-য়ে কৈছে-“But the Aryan conquest and colonization in the south was not as complete as in the north.” শবৰ, পুলিন্দ, অন্ধ্ৰ আদি অনাৰ্য জাতি থকাৰ কথাই এইষাৰ কথা প্ৰমাণ কৰে।

আদি বৈদিক যুগৰ আৰ্যসকলৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক অৱস্থা

আদি বৈদিক যুগত পৰিয়ালক কেন্দ্ৰ কৰি ৰাষ্ট্ৰ ব্যৱস্থা গঢ়ি উঠিছিল। কিছুমান পৰিয়াল লগ লাগি একোখন গাওঁ হৈছিল অৰু গাওঁবোৰক কেন্দ্ৰ কৰি ৰাষ্ট্ৰব্যৱস্থাৰ উতপত্তি হৈছিল। পৰিয়ালবোৰ আছিল পিতৃপ্ৰধান। পিতৃ-মাতৃ, পিতামহ আৰু পৰিয়ালৰ অন্যান্য আত্মীয়সকলক লৈ পৰিবাৰ গঠিত হৈছিল। তেজৰ সম্পৰ্ক থকা কেটামান পৰিয়াল একেলগ হ’লে উপজাতি বা গোষ্ঠী গঠিত হৈছিল। ঋকবেদৰ যুগত বিভিন্ন গোষ্ঠীৰ মাজত যুদ্ধ বিগ্ৰহ প্ৰায়েই হৈ আছিল। দহজন ৰজাৰ যুদ্ধৰ কাহিনীটোৱেই এই কথা প্ৰমাণ কৰে। এইখন যুদ্ধই ৰাষ্ট্ৰব্যৱস্থাত পুৰোহিতৰ প্ৰাধান্যৰ কথা কয়। পুৰোহিত সকল একেলগে আছিল মন্ত্ৰী, কুটনীতিবিদ আৰু ৰজাৰ সোঁহাত স্বৰুপ। এই দহজন ৰজাৰ যুদ্ধই আৰু দুটা কথা জানিবলৈ দিয়ে সেই কেইটা হৈছে আৰ্যগোষ্ঠীসকলৰ মাজত যুদ্ধ হৈছিল যদিও অনাৰ্যসকলেও যুদ্ধত অংশ গ্ৰহণ কৰিছিল। ইয়াৰ দ্বাৰা আৰ্য অনাৰ্যৰ মাজত স্ংমিশ্ৰণ হৈছিল। আনটো হৈছে এটা আৰ্যগোষ্ঠীৰ এজনে অন্য আৰ্যগোষ্ঠীক যুদ্ধত হৰুৱাই একছত্ৰী সম্ৰাট “একৰাট” হোৱাৰ প্ৰৱণতা আছিল।

কেবাটাও পৰিয়াল লগ লাগি একোখন গাওঁ হৈছিল। কেইবাখনো গাওঁ লগ লাগি একোখন বিশ বা জন গঠিত হৈছিল। বিশ বা জনৰ অধিপতি জনক ৰাজন বা বিশপতি বুলিছিল। শাসন ব্যৱস্থা আছিল ৰাজতন্ত্ৰ। ৰজা বংশানুক্ৰমে হৈছিল। অৱশ্যে ৰজা নিৰ্বাচন কৰাৰ পদ্ধতিও প্ৰচলিত আছিল বুলি ঋকবেদত ইঙ্গিত পোৱা যায়। বিশ বা জনে প্ৰয়োজন অনুসৰি ৰজা নিৰ্বাচিত কৰিছিল। ৰজা স্বেচ্ছাচাৰী হব নোৱাৰিছিল। “সভা” আৰু “সমিতি” নামৰ প্ৰতিষ্ঠানৰ মতামত অনুসৰিহে ৰজাই দেশ শাসন কৰিব লাগিছিল। পুৰোহিতে ৰাজ অভিষেক সম্পন্ন কৰিছিল।

শত্ৰুৰ আক্ৰমণৰ পৰা দেশ ৰক্ষা কৰা, প্ৰজাৰ ধন প্ৰাণ ৰক্ষা আৰু আইন-শৃঙ্খলা অটুট ৰখা ৰজাৰ প্ৰধান কৰ্তব্য আছিল। ৰজাই পুৰোহিতৰ সহায়ত প্ৰজাৰ আবেদন নিবেদনৰ সুবিচাৰ কৰিব লাগিছিল। ৰজাই যুদ্ধত নিজে সন্য পৰিচালনা কৰিছিল। সমাজত ৰজাৰ সন্মান আৰু প্ৰতিপত্তি যথেষ্ট আছিল। ৰজাৰ অধীনত সেনাপতি আছিল। ৰজাই প্ৰজাৰ পৰা কৰ কাটল নাপাইছিল। মাটিৰ ওপৰত ৰজাৰ কোনো ধৰণৰ স্বত্ব নাছিল। ৰজাই ‘বলি” নামৰ একপ্ৰকাৰ অনিয়মিত কৰ পাইছিল। বলিৰ অৰ্থ আৰ চি মজুমদাৰৰ মতে tribute of offering। আনহাতেদি বলি মানে যজ্ঞত বলি দিয়া পশুৰ ভাগো বুজায়। যুদ্ধত জয় কৰি অন্য সম্পত্তিৰ ভাগ ৰজাই পাইছিল। ৰজাই অৰ্থ, তৈজসপত্ৰ দান কৰিলেও ভূমি দান কৰিব নোৱৰিছিল।

ৰজাই ন্যায়পালিকাৰ কামো কৰিছিল। ঋকবেদৰ সময়ত চুৰি, ডকাইতি, গোধন অপহৰণ, বলপূৰ্বকভাবে মাটি বা সম্পত্তি অধিকাৰ- এই আটাইবোৰ ঘটনাই সচৰাচৰ হৈছিল। সাধাৰণ শাস্তি হিচাপে দোষীক খুটাত বান্ধি ৰখা হৈছিল। শাস্তিৰ বিধান হিচাপে “বেৰদয়” আৰু “সতদয়”ৰ উল্লেখ আছিল।

অন্যান্য কৰ্মচাৰী

অন্যান্য কৰ্মচাৰীৰ ভিতৰত পুৰোহিতসকল আছিল ৰজাৰ ঘনিষ্ঠ। পুৰোহিতৰ দায়িত্ব সম্পৰ্কে আগতে উল্লেখ কৰা হৈছে। ধৰ্মৰ ক্ষেত্ৰত পুৰোহিত আছিল সৰ্বেসৰ্বা। ৰজাক কুটনৈতিক আৰু ৰাজনৈতিক কামত পৰামৰ্শ দিয়াৰ উপৰিও পুৰোহিতসকল ৰজাৰ লগত যুদ্ধযক্ষেত্ৰলৈকো গৈছিল। গ্ৰামীণসকল গাঁৱৰ শাসক হিচাপে আছিল। সামৰিক আৰু অসামৰিক দায়িত্ব তেওঁলোকে পালন কৰিছিল। বিশপতিসকল বিশৰ আৰু গোপ সকল জনৰ শাসক আছিল। সেনানীসকলে যুদ্ধ আৰু সৈন্যদল গঠনৰ কাম কৰিছিল। আদি বৈদিক যুগত পদাতিক আৰু ৰথ আৰোহণকাৰী সৈন্য আছিল। গুপ্তচৰ সকলে শত্ৰুৰ গতিবিধিৰ খবৰ দিছিল। দূতসকলে এইটো দায়িত্ব পালন কৰাৰ উপৰিও কূটনৈতিক দায়িত্বও পালন কৰিছিল।

ধেনুকাড়, ষাঠি, তৰোৱাল, কুঠাৰ আদি যুদ্ধৰ সঁজুলি আছিল। ৰণমুষল নামে এবিধ অস্ত্ৰ চলন্ত ৰথৰ পৰা নিক্ষেপ কৰি শত্ৰু নিধন কৰা হৈছিল। চলন্ত ৰথক “পুস্পবিষ্ণু” বোলা হৈছিল।

সভা আৰু সমিতি

ঋকবেদৰ যুগৰ ৰাষ্ট্ৰ ব্যৱস্থাত “সভা” আৰু “সমিতি” নামৰ প্ৰতিষ্ঠান দুটাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আছিল। আৰ চি মজুমদাৰে কোৱা মতে এই দুটা প্ৰতিষ্ঠানৰ গঠন আৰু ক্ষমতা সম্পৰ্কে সঠিকভাৱে জানিব পৰা নাই। তথাপি এইটো কোৱা হয় যে সভা আছিল বয়স্ক আৰু প্ৰধান ব্যক্তিসকলৰ প্ৰতিষ্ঠান। ঋকবেদৰ সময়ত সভাৰ কাম কি আছিল সঠিকভাৱে কব নোৱাৰি। পৰৱৰ্তী বৈদিক যুগত সভাৰ ক্ষমতা বৃদ্ধি পাইছিল। আনহাতেদি “সমিতি” আছিল জন পৰিষদ। ইয়াত জনসাধাৰণ, অভিজাত সম্প্ৰদায়ৰ লোক, প্ৰধান প্ৰধান ব্যক্তিসকল আৰু ৰজা মিলিত হৈ ৰজাৰ কৰ্ত্যবৰ নিৰ্দেশ দিছিল। সমিতি আছিল শাসন ব্যৱস্থাৰ মূল কেন্দ্ৰ। সমিতিৰ অধিবেশনত ৰজা উপস্থিত থাকি নিজৰ ব্যক্তব্য উপস্থাপন কৰি সমিতিৰ সদস্যসকলক প্ৰভাৱাম্বিত কৰিবলৈ যত্ন কৰিছিল। সমিতিত জনসাধাৰণে কেনেদৰে থাকিব লাগিব তাৰ নিৰ্দেশ ঋকবেদত আছে। ঋকবেদত কোৱা হৈছে যে সমিতিত জনসাধাৰণ “স্ংগচ্ছধবম” (ঐক্যবদ্ধ) হৈ থাকে, “স্ংবদ্ধম” (একেদৰেই কথা কয়), সহমনন (এটা মন হয়) আৰু একেই চিত্তবৃত্তি প্ৰকাশ কৰে (সহবিত্তম, সহমনম)।জনতা একমত হৈ থাকিলে ৰজা স্বেচ্ছাচাৰী হব নোৱাৰে।

সামাজিক ব্যৱস্থা

ঋকবেদৰ যুগত আৰ্যসকলে স্থায়ীভাবে সমাজ পাতি বাস কৰিবলৈ লৈছিল। কেইবাটাও পৰিয়াল লগ লাগি একোখন সমাজ পাতিছিল। পৰিয়ালবোৰ পিতৃতান্ত্ৰিক। ঘৰবোৰ বাঁহ আৰু খেৰেৰে সজা হৈছিল। প্ৰতি ঘৰত একোটাকৈ অগ্নিকুণ্ড আছিল। আৰ্যসকলে চাউল আৰু চাউলৰ বনোৱা বস্তু, গম, যব, গাখীৰ, গাখীৰৰ বস্তু যেনে- ঘিউ, মাখন খাইছিল। পীঠা আৰ্যসকলৰ প্ৰিয় খাদ্য আছিল। এওঁলোকে মাছ, ঘোৰাৰ মাংস, চৰাইৰ মাংস, ছাগলীৰ মাংস খাইছিল। গৰুৰ মাংস নিষিদ্ধ নাছিল। অৱশ্যে গাখীৰ দিয়া গৰু হত্যা কৰাতো নিষিদ্ধ আছিল। এওঁলোকে সুৰাপান কৰিছিল। উতসৱৰ সময়ত এওঁলোকে এবিধ লতাৰ পৰ উলিওৱা সোমৰস মাদকদ্ৰব্য হিচাপে পান কৰিছিল। সুৰাপান আছিল যদিও সমাজত সুৰা পান নিন্দনীয় আছিল। ফল-মূল, শসক-পাচলি আদি আৰ্যসকলৰ দৈনন্দিন খাদ্য আছিল।

আৰ্যসকলে কপাহী আৰু ৰেচম কাপোৰ ব্যৱহাৰ কৰিছিল। পুৰুষ সকলে শৰীৰৰ তলভাগত ধূতি আৰু ওপৰ ভাগত উত্তৰীয় পৰিধান কৰিছিল। চুৰিয়া, চাদৰ আৰু হলৌ চোলা এওঁলোকে পৰিধান কৰিছিল। কপাহ, ঊল আৰু হৰিণৰ ছালেৰে নানান ৰঙৰ সাজ-পোচাক এওঁলোকে কৰি লৈছিল। তিৰোতাসকলে কোমৰ বন্ধনী ব্যৱহাৰ কৰিছিল। পুৰুষ নাৰী উভয়ে সোণ, ৰুপ আৰু দামী পাথৰৰ অলঙ্কাৰ পৰিধান কৰিছিল। কন্যাই আৰু নৰ্তকীয়ে বিশেষ ধৰণৰ সাচ পোচাক পিন্ধাৰ নিয়ম আছিল। তিৰোতাসকলে নানান ধৰণেৰে খোপা বান্ধিছিল, মূৰত তেল সানি মূৰ আচুৰিছিল আৰু প্ৰসাধন কৰিছিল। পুৰুষসকলে দাড়ি গোফ ৰাখিছিল। কেতিয়াবা অৱশ্যে সিবোৰ খুৰাই পেলাইছিল।

সমাজত নাৰীৰ স্থান

সমাজত নাৰীৰ স্থান উচ্চ আছিল। সমাজ যদিও পিতৃ তান্ত্ৰিক আছিল তথাপিও কন্যা সন্তান জন্ম হ’লে অৱহেলা কৰা হোৱা নাছিল। ঋকবেদৰ যুগত পৰ্দা প্ৰথা নাছিল। দৈনন্দিন জীৱনত নাৰী জাতি বহু বিষয়ত স্বাধীন আছিল। এওঁলোকে শিক্ষা আৰু ধৰ্মশাস্ত্ৰ চৰ্চাত অতিশয় উচ্চ আসন লাভ কৰিছিল। আৰ্য মহিলাই ৰচনা কৰা মন্ত্ৰ সমূহে বৈদিক সাহিত্যত ঠাই পাইছিল।

ভাৰত বুৰঞ্জী

 

শেহতীয়া উন্নীতকৰণ: : 3/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate