অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খৃ:পূ: ষষ্ঠ শতিকাৰ ভাৰতৰ অৱস্থা, মগধৰ অভ্যূত্থান

খৃ: পূ: ষষ্ঠ শতিকাটো ৰাজনৈতিক আৰু ধৰ্মীয় দিশৰ পৰ ভাৰতবৰ্ষৰ  ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ শতিকা। এই শতিকাতে ব্ৰাহ্মণ্যধৰ্মৰ প্ৰতিবাদী ধৰ্ম জৈনধৰ্ম আৰু বৌদ্ধৰ্ধৰ্মৰ উতপ্ত্তি হয়। ৰাজনৈতিক দিশত ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যবোৰৰ ঠাইত বিশাল সাম্ৰাজ্য গঢ় লৈ উঠে। এই শতিকাৰে পৰা ভাৰতৰ বুৰঞ্জী স্পষ্ট হৈ পৰে। খৃ: পূ: ষষ্ঠ শতিকাৰ ভাৰতৰ ইতিহস সম্পৰ্কে বৌদ্ধ গ্ৰন্থ আৰু হিন্দু পুৰাণ আৰু জৈন উপাদানৰ পৰা জানিব পাৰি।

ৰাজনৈতিক অৱস্থা

খৃ: পূ: ষষ্ঠ শতিকাত ভাৰতত কেন্দ্ৰীভূত শাসন নাছিল। অখণ্ড সৰ্বভাৰতীয় ৰাষ্ট্ৰ সেই সময়ত নাছিল। সেই সময়ত ভাৰতবৰ্ষ কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ খণ্ড ৰাজ্যত বিভক্ত আছিল। এই ৰাজ্যবোৰৰ মাজত সঘনাই হাই কাজিয়া লাগি আছিল আৰু তাৰ ফলত ৰাষ্ট্ৰীয় ঐক্যৰ অভাৱ পৰিলক্ষিত হৈছিল। এই ৰাজ্যবোৰক মহাজনপদ বোলা হৈছিল আৰু ১৬ খন এনে মহাজনপদ আছিল। ইয়াৰে কিছুমানত ৰাজতন্ত্ৰ আছিল, কিছুমানত গণতান্ত্ৰিক শাসন পদ্ধতি আছিল। অৱশেষত এই ম্মহাজনপদবোৰৰ মাজৰ পৰাই মগধ অধিক শক্তিশালী হৈ উঠি কেন্দ্ৰীভূত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰে। ভাৰতীয় ইতিহাসৰ ৰাজনৈতিক তাৎপৰ্যই হ’ল বিকেন্দ্ৰীকৰণ আৰু কেন্দ্ৰীভূত শাসন্ব্যৱস্থাৰ মাজত নিৰন্তৰ স্ংঘাত। এই ষোলখন জনপদ হ’ল-

(১)কাশী,

(২)কোশল,

(৩) অঙ্গ,

(৪) মগধ,

(৫) বৃজি,

(৬) মল্ল,

(৭) চেদি,

(৮) বতস,

(৯) কুৰু,

(১০)পাঞ্চাল,

(১১) মতস,

(১২)সুৰসেন,

(১৩) অস্মক,

(১৪) অৱন্তী,

(১৫) গান্ধাৰ,

(১৬) কন্বোজ।

এই ষোলখন মহাজনপদৰ উপৰিও খৃ: পূ: ষষ্ঠ শতিকাত বহুতো প্ৰজাতান্ত্ৰিক ৰাজ্য আছিল। তাৰ ভিতৰত কপিলাবস্তুৰ শাক্য, ৰামগাঁওৰ কোলিয়, পিপলিবনৰ মোৰিয়, কেশপুত্তৰ কালামা, সুমসুমাৰৰ ভাগগ উল্লেখযোগ্য।

মগধৰ বভ্যুত্থান

মগধৰ প্ৰাকৃতিক অৱস্থা আৰু আভ্যন্তৰীণ সম্পৰ্কে মগধৰ অভ্যুত্থানত অভূতপূৰ্ব ভাৱে সহায় কৰিছিল। মগধৰ এপিনে আছিল সোণ আৰু গঙ্গা নদী: আনপিনে আছিল পৰ্বতমালা। সেইপিনৰ পৰা মগধ সুৰক্ষিত আছিল। তদুপৰি মগধ আছিল উৰ্বৰা, ধনেধানে ভৰপুৰ সমৃদ্ধিশালী। গঙ্গানদীৰ মাজেদি মগধৰ বেহাবেপাৰ চলিছিল। মগধৰ হাবিত প্ৰচুৰ কাঠ পোৱা গৈছিল। সেইবোৰেৰে যুদ্ধজাহাজ নিৰ্মাণ কৰাত সুবিধা হৈছিল। খনিজ সম্পদত মগধ চহকী আছিল। মগধৰ খনিত প্ৰচুৰ পৰিমাণৰ লোহা পোৱা গৈছিল আৰু লোহাৰে ডাঙৰ নাঙল, অস্ত্ৰ-শস্ত্ৰ, গৃহস্থালীৰ যন্ত্ৰপাতি নিৰ্মাণ কৰিব পৰা অৱস্থাও আছিল। সেইকাৰণেই কৌটিল্যই মগধৰ খনিবিলাকক মগধৰ গৰ্ভগৃহ বুলিছিল। পৰিস্থিতি আৰু পৰিৱেশৰ সৈতে যেতিয়া সমৰ্থবান ব্যক্তিৰ প্ৰচেষ্টাৰ স্ংযোগ ঘটে তেতিয়াই ইতিহাস ৰচনা হয়। মগধৰ তেনে এজন ব্যক্তি আছিল ৰজা বিম্বিসাৰ।

বিম্বিসাৰ

সিংহাসনত আৰোহণ কৰিয়েই বিম্বিসাৰে সৈন্যবাহিনী পুনৰ গঠন কৰিছিল। নতুন সেনা নিয়োগ কৰিছিল আৰু সৈন্যবোৰে ৰজাৰ প্ৰতি ব্যক্তিগত আনুগত্যৰ শপথ লব লাগিছিল। ইয়াৰ পিছত তেওঁ বিভিন্ন ৰাজ্যৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰি নিজৰ ক্ষমতা বৃদ্ধি কৰিছিল আৰু নিজৰ স্থান সুদৃঢ় কৰি লৈছিল। এনেদৰে বিবাহ-ৰাজনীতি ইউৰোপত হেবচবাৰ্গ পৰিয়ালৰ ৰজাসকলেও কৰিছিল।

বিম্বিসাৰে কোশলৰাজ কন্যা কোশলদেৱীক বিয়া কৰইছিল। কোশলৰাজ মহাকোশলে বৰাণসীখন জীয়েকৰ লগত যৌতুক হিচাপে দিছিল। কাশী বা বাৰাণসীৰ পৰা বিম্বিসাৰে একলাখ মুদ্ৰা ওপৰঞ্চি ৰাজহ পাইছিল। তদুপৰি কাশী এখন বাণিজ্যকেন্দ্ৰিক ৰাজ্য আছিল। ইয়াৰ পিছত তেওঁ লিচ্ছবী ৰাজকন্যা চেল্লনাক বিয়া কৰায়।এই বিবাহৰ ফলত মগধৰ ক্ষমতা আৰু মৰ্যদা বৃদ্ধি পায়। বিদেহ ৰাজকন্যা বাসবীকো তেওঁ বিয়া কৰায়। তাৰ পিছত তেওঁ পঞ্জাৱৰ মদ্ৰ ৰাজকন্যা ক্ষেমাক বিয়া কৰায়। এইদৰে বৈবাহিক সম্পৰ্ক স্থাপন কৰাৰ সুফল হৈছিল। কাৰণ বিম্বিসাৰে যেতিয়া অঙ্গ ৰাজ্য আক্ৰমণ কৰিছিল তেতিয়া কোশল আৰু লিবচ্ছি নিৰপেক্ষ হৈ আছিল। নোহোৱা হ’লে উত্তৰ-পশ্চিম দিশত এই দুয়োখন ৰাজ্যই মগধ আক্ৰমণ কৰা হ’লে বিম্বিসাৰৰ অসুবিধা হ’লহেঁতেন।

এইদৰে সুদৃঢ় হৈ লৈ বিম্বিসাৰে অঙ্গ আক্ৰমণ কৰিছিল আৰু ৰাজ্যবিস্তাৰৰ সূচনা কৰিছিল। অশোকৰ কলিঙ্গ জয়ৰ পিছতহে তাৰ অন্ত পৰিছিল। বিম্বিসাৰে অঙ্গৰাজ্য ব্ৰহ্মাদত্তাক যুদ্ধত পৰাজিত কৰিছিল আৰু অঙ্গক মগধৰ অন্তৰ্ভুক্ত কৰিছিল। অঙ্গ জয় কৰাৰ কাৰণে মগধৰ কেইবাটাও লাভ হৈছিল। কাৰণ অঙ্গৰাজ্যৰ চম্পা বন্দৰটো এটা ডাঙৰ বাণিজ্যিক কেন্দ্ৰ আছিল। এই বন্দৰটো মগধৰ বৰ্হিবাণিজ্য বৃদ্ধি পায় আৰু মগধৰ সম্পদ বৃদ্ধি পায়। সেই সম্পদেৰে বিম্বিসাৰে মগধখন, সৈন্য স্ংখ্যা বৃদ্ধি কৰি দৃঢ়ভাৱে শাসন কৰাৰ সুবিধা পাইছিল আৰু অজাতশত্ৰুকো দীঘলীয়াকৈ যউদ্ধ চলাই থাকিবলৈ সহজ হৈছিল।

বিম্বিসাৰৰ শাসন প্ৰণালী উন্নত আছিল। ভৱিষ্যত পাৰস্যৰ আক্ৰমনৰ সন্মুখীন হব পৰাকৈ তেওঁ গান্ধাৰৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল। তেওঁ মাটি পিয়ল কৰি ৰাজহ নিৰ্দ্ধাৰণ কৰিছিল, গাঁৱৰ কৰ্মচাৰী সকলৰ লগত তেওঁ যোগাযোগ ৰাখিছিল। অযোগ্য কৰ্মচাৰীক তেওঁ বৰখাস্ত কৰিছিল। শাসনৰ সুবিধাৰ অৰ্থে তেওঁ তিনিটা নতুন বিভাগ খুলিছিল। সেইকেইটা হ’ল তোহৰিক(বিচাৰ বিভাগ), সবাৰ্থক(শাসন বিভাগ) আৰু সমৰ বিভাগ। বিম্বিসাৰে বৌদ্ধধৰ্ম গ্ৰহণ কৰিছিল নে নাই সেই বিষয়ে মতবিৰোধ আছে। জৈনধৰ্মগ্ৰন্থত তেওঁ জৈনধৰ্ম গ্ৰহণ কৰিছিল বুলি উল্লেখ আছে। সম্ভৱ তেওঁ দুয়োটা ধৰ্মৰ প্ৰতিয়েই সমান শ্ৰদ্ধাশীল আছিল।

অজাতশত্ৰু (খৃ: পূ: ৪৯৩): ৰাজ্যবিস্তাৰৰ কাৰণে অজাতশত্ৰুৰ অসুবিধা হোৱা নাছিল। কাৰণ দেউতাক বিম্বিসাৰে তেওঁক এখন সুশৃঙ্খল, সমৃদ্ধিশালী মগধ ৰাজ্য দি থৈ গৈছিল। দেউতাক বিম্বিসাৰক হত্যা কৰি  অজাতশত্ৰু ৰাজপাটত উঅঠে। এই দুখতে কোশল ৰাজকন্যাই স্বামীৰ মৃত্যুৰ শোক সহিব নোৱাৰি আত্মহত্যা কৰে। ভনীয়েকৰ মৃত্যুত কৌশলৰাজ প্ৰসেনজিতে মগধ আক্ৰমণ কৰি কাশী পুনৰ অধিকাৰ কৰে। কৌশলেও মগধৰ দৰে সাম্ৰাজ্যবাদী নীতিত বিশ্বাস কৰিছিল। দুয়োখন ৰাজ্যৰ মাজৰ বিৰোধৰ মূল কাৰণ আছিল দুয়োখন ৰাজ্যই গ্ৰহণ কৰা সাম্ৰাজ্যবাদী নীতি। যুদ্ধত প্ৰসেনজিতৰ পৰাজয় হয়। প্ৰসেনজিতে ভনীয়েক ভজিৰাকুমাৰীক অজাতশত্ৰুলৈ বিয়া দিয়ে আৰু কাশী যৌতুক হিচাপে দিয়ে। গঙ্গা উপত্যকাৰ ওপৰত প্ৰভুত্ব বিস্তাৰৰ প্ৰশ্নটো লৈ মগধ আৰু কোশলৰ মাজত পম্ম্পৰাগত বিৰোধিতা আছিল। এই কাৰণেই অজাতশত্ৰুৱে কোশল আক্ৰমণ কৰিছিল।

ইয়াৰ পিছত লিচ্ছবী ৰাজ্যৰ বিৰুদ্ধে অজাতশত্ৰুৱে যুধ আৰম্ভ কৰে। গঙ্গাৰ উত্তৰ উপকূল অধিকাৰ কৰটোৱেই আছিল অজাতশত্ৰুৰ প্ৰধান লক্ষ্য। বৌদ্ধজাতকৰ মতে গঙ্গাৰ এটা বন্দৰ আৰু এটা খনি অধিকাৰ কৰা প্ৰশ্নটোৱেই মগধ আৰু লিচ্ছবী ৰাজ্যৰ মাজত বিৰোধ আৰম্ভ হয়। ইতিমধ্যে চম্পা বন্দৰ মগধে অধিকাৰ কৰিছে। তাৰ দ্বাৰা গঙ্গাৰ পথেদি চলা বাণিজ্যৰ ওপৰত মগধৰ প্ৰভুত্ব বিস্তাৰ হৈছে। এতিয়া লিচ্ছবী ৰাজ্যক দমন কৰি গঙ্গাৰ উত্তৰ পাৰৰ উৰ্বৰা অঞ্চল দখল কৰাই অছিল অজাতশত্ৰুৰ প্ৰধান লক্ষ্য। কোশল আৰু মগধৰ যুদ্ধত লিচ্ছবী ৰাজ্যই কোশলক সহায় কৰিছিল। অজাতশত্ৰুৱে লিচ্ছবী ৰাজ্য আক্ৰমণ কৰাৰ সিও এটা কাৰণ আছিল।

মল্ল বৃজি সহ ৩৬ খন গণৰাজ্যৰ সহযোগ লিচ্ছবীয়ে মগধৰ বিৰুদ্ধে লাভ কৰে। কোশল আৰু অবন্তিও মগধৰ বিপক্ষে যায়। অজাতশত্ৰুৱে আত্মৰক্ষাৰ বাবে পাটল গ্ৰামত এটা দুৰ্গ নিৰ্মাণ কৰে। পাটল গ্ৰাম সোণ আৰু গঙ্গানদীৰ সঙ্গমস্থলত অৱস্থিত আছিল। এই যুদ্ধত লিচ্ছবীসকলে গৌতম বুদ্ধৰ সহানুভূতি লাভ কৰিছিল আৰু বুদ্ধই যুদ্ধৰ সময়ত তেওঁলোকক ঐক্যবদ্ধ হৈ থাকিবলৈ পৰামৰ্শ দিছিল। কিন্তু ১৬ বছৰ যুদ্ধ কৰাৰ পিছত লিচ্ছবী প্ৰমুখ্যে গণৰাজ্য বিলাকৰ পৰাজয় হয়। পৰাজয়ৰ মূল কাৰণ আছিল অজাতশত্ৰুৰ মন্ত্ৰী কুটনীতিবিদ বস্‌সাকে গুপ্তচৰৰ যোগেদি গণৰাজ্যবিলাকৰ মাজত অনৈক্যৰ বীজ সুমুৱাই দিবলৈ সক্ষম হৈছিল। পৰাজয়ৰ পিছত গণৰাজ্যবিলাক মগধৰ অন্তৰ্ভুক্ত হৈছিল। গঙ্গাৰ উত্তৰ পাৰ অধিকাৰ কৰাৰ উপৰিও মগধে আৰু ২০০ যোজন ৰাজ্য বিস্তাৰ লাভ কৰে। মগধ এটা ডাঙৰ শক্তিলৈ ৰুপান্তৰিত হয়। ইয়া পিছত অজাতশত্ৰুৱে বৈশালী দখল কৰে। শুনা যায় লিচ্ছবী গণৰাজ্যৰ বিৰুদ্ধে যুদ্ধত অজাতশত্ৰুৱে “মহাশীলা কৰ্টক” আৰু “মুষলৰথ” নামৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিল। প্ৰথমখনেদি শিলাবৃষ্টি কৰা হৈছিল। “মুষলৰথ” খন শত্ৰুৰ অস্ত্ৰই ভেদ কৰিব নোৱাৰিছিল।

ভাৰহুতৰ চিত্ৰ ফলকত তথাগতৰ সৈতে অজাতশত্ৰুৰ সাক্ষাতকাৰৰ ছবি আছে। তাৰ পৰা বুজা যায় যে অজাতশত্ৰুৱে বৌদ্ধ ধৰ্মৰ অনুৰাগী আছিল। আনাহাতেদি জৈন গ্ৰন্থত উল্লেখ থকা মতে অজাতশত্ৰুৱে জৈনধৰ্ম গ্ৰহণ কৰিছিল।

অজাতশত্ৰু পিতৃহত্যাকাৰী আছিল বুলি বৌদ্ধসকলে বিশ্বস কৰিছিল। ইয়াৰ কাৰণে তেওঁ বুদ্ধদেৱক সাক্ষাত কৰি শোকপ্ৰকাশ কৰিছিল।

উদয়িন

বৌদ্ধ সাহিত্যৰ মতে অজাতশত্ৰুৰ পিছত উদয়িন মগধৰ সিংহাসনত আৰোহন কৰে। আনহাতেদি পুৰাণত আছে যে অজাতশত্ৰুৰ পিছত দৰ্শক নামৰ এজন মগধৰ সিংহাসনত উঠে আৰু দৰ্শকৰ পিছতহে উদয়িন সিংহাসনত বহে। যি কি নহওঁক উদয়িন বা উভয়ভদ্ৰই পাটলিপুত্ৰলৈ ৰাজধানী তুলি আনে। পাটলিপুত্ৰ সোণ আৰু গঙ্গাৰ সঙ্গমস্থলত অৱস্থিত। ইয়াৰ ফলত মগধৰ বাণিজ্যিক সম্পদ বৃদ্ধি পায়।এওঁৰ ৰাজত্বকালত অৱন্তীৰাজে এওঁৰ বিৰোধিতা কৰে। উদয়িনে অৱন্তীৰাজ পালকক পৰাস্ত কৰিব নোৱাৰিলেও অৱন্তীৰ ক্ষমতা হ্ৰাস কৰে।

উদয়িনৰ উত্তৰাধিকাৰী সকল দুৰ্বল ৰজা আছিল। তেওঁলোকৰ আটাইবোৰ পিতৃহন্তা আছিল। এওঁলোকৰ শাসনত প্ৰজাসাধাৰণ অসন্তুষ্ট হৈ পৰিছিল। তেওঁলোকে এই বংশৰ শেষৰজন ৰজাক ভাঙি মন্ত্ৰী শিশুনাগক ৰজা পাতে। শিশুনাগ ৰাজসিংহাসনত আৰোহন কৰাৰ লগে লগে বিন্বিসাৰৰ হৰ্থঙ্ক বংশৰ শাসনৰ অন্ত পৰে আৰু শিশুনাগ বংশৰ শাসন আৰম্ভ হয়।

শিশুনাগ বংশ

শিশুনাগ ৰাজ সিংহাসনত আৰোহণ কৰাৰ পিছত প্ৰথমে গীৰিব্ৰজলৈ আৰু তাৰ পিছত বৈশালীলৈ নিৰাপত্তাৰ কাৰণে ৰাজধানী স্থানান্তৰ কৰে। শিশুনাগে অৱন্তী ৰাজ্যৰ শক্তি আৰু ক্ষমতা ধ্বংস কৰে। শিশুনাগে সম্ভৱ বতসও অধিকাৰ কৰিছিল।

শিশুনাগৰ পিছত কালাশোকক সিংহাসনত আৰোহণ কৰে। এওঁৰ দিনত বৈশালীত দ্বিতীয় বৌদ্ধ ধৰ্ম মহাসভা অনুষ্ঠিত হয়। সম্ভৱ এওঁক মহাপদ্মনন্দই হত্যা কৰি মগধৰ সিংহাসনত আৰোহন কৰে। তেতিয়াৰ পৰা মগধত নন্দ বংশৰ ৰাজত্ব আৰম্ভ হয়।

মহাপদ্মনন্দ

মহাপদ্মনন্দ জাতত শূদ্ৰ অছিল। গ্ৰীক লিখক কুইণ্টাচ কাৰ্টিয়াচৰ লিখাৰ পৰা জনা যায় যে মগধৰ ৰজা কালাশোকৰ ৰাণীৰ শুদ্ৰজাতৰ মানুহ এজন প্ৰেমিক আছিল। সেই শূদ্ৰলোকজনে ৰাণীৰ সহায়ত ষড়যন্ত্ৰ কৰি কালাশোক আৰু তেওঁৰ দহজন পুত্ৰক হত্যা কৰি মগধৰ সিংহাসন অধিকাৰ কৰিছিল। এই শূদ্ৰজনেই আছিল ইতিহাস প্ৰসিদ্ধ নন্দবংশৰ প্ৰতিষ্ঠাতা মহাপদ্মনন্দ।

মহাপদ্মনন্দ এজন অতি যোগ্যতাসম্পন্ন ৰজা আছিল। পুৰাণৰ মতে এওঁ ভালেমান ক্ষত্ৰিয় ৰাজবংশ উচ্চেদ কৰিছিল। সেই ক্ষত্ৰিয় ৰাজবংশবোৰ আছিল-কোশলৰ ইক্ষাকু বংশ, গঙ্গা-যমুনা অঞ্চলৰ পাঞ্চাল ৰাজ্য, কাশী ৰাজ্য, কুৰু ৰাজ্য, মথুৰাৰ সুৰসেন বংশ, মিথিলা অঞ্চলৰ ৰাজ্য, পশ্চিম অঞ্চলৰ ধিতিহোত্ৰ, গোদাবৰী অঞ্চলৰ অস্মক আৰু কাশী। সেই কাৰণে মহাপদ্মনন্দক “সৰ্বক্ষত্ৰিয়োচ্ছেত্তা” অৰ্থাত ক্ষত্ৰিয় উতখাতকাৰী বুলি কোৱা হৈছিল। এওঁৰ ৰাজ্য পঞ্জাৱৰ পৰা গোদাবৰীলৈকে বিস্তৃত আছিল। ৰাধাকুমুদ মুখাৰ্জীৰ মতে-“Mahapadma is the firsat great historical emperor of northern India” তেওঁ প্ৰতিষ্ঠা কৰি যোৱা সাম্ৰাজ্যৰ ভেটিটেই চন্দ্ৰগুপ্ত মৌৰ্যই সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। মহাপদ্মনন্দ কেৱল এজন বিজেতাই নাছিল, তেওঁ সাংস্কৃতিক সেৱক আছিল। তেওঁৰ দিনতে পাটলিপুত্ৰ সাংস্কৃতিক কেন্দ্ৰলৈ ৰুপান্তৰিত হৈছিল। আনকি গ্ৰীক সকলেও পাটলিপুত্ৰৰ কথা জানিছিল। পাণিনি, কাত্যায়ন প্ৰভৃতি ভালেমান পণ্ডিত লোক পাটলিপুত্ৰত বসবাস কৰিছিল। ভাষাৰ ক্ষেত্ৰত এওঁলোকে পাণিনিৰ ব্যাকাৰণ পঢ়িছিল আৰু গ্ৰীক লিপিৰ পাঠ উদ্ধাৰ কৰিছিল।

শূদ্ৰজাতিৰ মহাপদ্মনন্দৰ অধীনত শূদ্ৰ জাতিৰ অভ্যুত্থানৰ ঘটনাটো তাতপৰ্যপূৰ্ণ। খৃ:পূ: পঞ্চম, ষষ্ঠ শতিকাত প্ৰখ্যাত বুৰঞ্জীবিদ নীলকান্ত শাস্ত্ৰীৰ মতে-ধৰ্মৰ ক্ষেত্ৰত ব্ৰাহ্মণ্যধৰ্মৰ প্ৰতিবাদী ধৰ্মহিচাপে জৈনধৰ্ম আৰু বৌদ্ধধৰ্ম গঢ় লৈ উঠাৰ দৰে ৰাজনীতিৰ ক্ষেত্ৰত ক্ষত্ৰিয়বংশৰ প্ৰতিপত্তিৰ প্ৰতিবাদৰুপে শূদ্ৰবংশৰ অভ্যুত্থান হৈছিল। শাস্ত্ৰীৰ মতে এই দুয়োটা ঘটনা বেলেগ কৰি চাব নোৱাৰি।

মহাপদ্মনন্দ এজন সুশাসকো আছিল। তেওঁ মহাপাত্ৰ, প্ৰাদেশিক আৰু ৰাষ্ট্ৰীয় কৰ্মচাৰীৰ দ্বাৰা দেশখন শাসন কৰিছিল। পানী যোগান ব্যৱস্থাৰ জৰিয়তে তেওঁ কৃষিৰ উন্নতিৰ কাৰণে যত্ন কৰিছিল। খাৰভেলৰ হাতীগুম্ফা শিলালিপিত ইয়াৰ উল্ল্লেখ পোৱা যায়। মহাপদ্মনন্দৰ এটা বিৰাট সৈন্যবাহিনী আছিল। মহাপদ্মনন্দৰ অন্য এটা নাম অছিল উগ্ৰমেনা। গ্ৰীকসকলে উগ্ৰসেনাটো আগ্ৰামেচ হিচাপে উচ্চৰণ কৰিছে।

ধননন্দ

নন্দবংশৰ আন এজন পৰাক্ৰমী ৰজা আছিল ধননন্দ। এওঁ নন্দবংশৰ শেষ ৰজা। তেওঁৰ আগতে আৰু সাতজন ৰজাই মগধত ৰাজত্ব কৰিছিল। কোনো কোনোৰ মতে এই আঠোজন ৰজা মহাপদ্মনন্দৰ ভায়েকহে আছিল, পুতেক নাছিল। ধনন্দৰ ২০ হাজাৰ অশ্বাৰোহী, ২,০০,০০০ পদাতিক, ২০০০ খন ৰথ আৰু ৩০০০ হাতীৰে গঠিত এটা বিৰাট সৈন্যবাহিনী আছিল। এই সৈন্যবাহিনীটো পোহপাল দি ৰাখিবৰ কাৰণে তেওঁ প্ৰজাৰ ওপৰত কৰ বহুৱাইছিল। মগধ সাম্ৰাজ্যৰ সীমা অটুট ৰখাৰ উপৰিও গঙ্গাৰ বদ্বীপ অঞ্চল নিজ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰি লৈছিল।

ধননন্দৰ বিৰুদ্ধে কেইবাটাও কাৰণত প্ৰজাবিদ্ৰোহৰ সূত্ৰপাত হৈছিল। প্ৰথমতে তেওঁ তেওঁৰ সাম্ৰাজ্যবাদী নীতি অটুট ৰাখিবৰ কাৰণে প্ৰজাৰ ওপৰত কৰ বহুৱাইছিল। দ্বিতীয়তে, তেওঁ আছিল নিম্নজাতৰ। প্ৰজা বিক্ষোভৰ সুবিধা লৈ ক্ষত্ৰিয় ৰজা চন্দ্ৰগুপ্তই ব্ৰাহ্মণমন্ত্ৰী কৌটিল্যৰ লগলাগি ধননন্দক সিংহাসনচ্যুত কৰে। আনন্দৰে সৈতে কৌটিল্যই ঘোষণা কৰে-“নন্দবংশ উচ্ছেদৰ ফলস্বৰুপে অনুচাৰীবিলাকৰ হাতৰ পৰা ধৰ্ম আৰু শাস্ত্ৰ ৰক্ষা কৰা হ’ল।“

পাৰস্যৰ আক্ৰমণ

খৃ:পূ: ৫৫৮ ৰ পৰা ৫৩০ ৰ ভিতৰত সম্ৰাট পাৰস্য কইৰাসে ভাৰত আক্ৰমণ কৰে আৰু আফগানিস্থান আৰু গান্ধাৰ জয় কৰে। ইয়াৰ পিছত অকোমনীয় বংশৰ তৃতীয় সম্ৰাট ডেৰিয়াসে (৫২২-৪৮৬) ভাৰত আক্ৰমণ কৰে। তেওঁ গান্ধাৰ বা পঞ্জাৱৰ পশ্চিমাঞ্চল জয় কৰে। গান্ধাৰ, সিন্ধু আৰু পঞ্জাৱ ডেৰিয়াসৰ ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। তেওঁ তেওঁৰ ৰাজধানী সুসাত থকা ৰাজধানী নিৰ্মাণ কৰিবলৈ গান্ধাৰৰ পৰা চেগুণ কাঠ নিছিল। তেওঁ ভাৰতীয় প্ৰদেশবোৰৰ পৰা ৩৬০ ট্যালেণ্ট সোণৰ মুদ্ৰা কৰ হিচাপে পাইছিল। উত্তৰ-পশ্চিম ভাৰতৰ সৈতে সমুদ্ৰ পথেদি যোগাযোগৰ সুবিধাৰ কথা বিবেচনা কৰি চাবলৈ সিন্ধু নদীৰ মোহনাৰ বিষয়ে বিস্তৃত অধ্যয়ন চলাবলৈ তেওঁ স্কাইঅলেক্সৰ নেতৃত্বত এটা নৌবাহিনী পঠিয়াইছিল।

ডেৰিয়াচৰ পিছৰ জন ৰজা জাৰেক্সিৰ শাসন কাল গুৰুত্বপূৰ্ণ নাছিল। তেওঁ গ্ৰীচৰ সৈতে যুদ্ধত ব্যস্ত থকাত ভাৰতৰ পিনে অভিযান চলাবলৈ সুযোগ পোৱা নাছিল। তেওঁৰ সৈন্যদলত গান্ধাৰীয় আৰু ভাৰতীয় সৈন্য আছিল বুলি হিৰডটাচে উল্লেখ কৰিছে। এওঁৰ শাসনকালতে পাৰস্যৰো পতন হয় বুলি জনা যায়।

ভাৰত বুৰঞ্জী

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate