অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পিছত বৈদেশিক শক্তিৰ ভাৰতলৈ আগমন

মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পিছত বৈদেশিক শক্তিৰ ভাৰতলৈ আগমন

মৌৰ্য সাম্ৰাজ্যৰ শেষৰ পিনে ( চেলুকচৰ ৰাজত্ব কালৰ পৰা ) বহুতো বিদেশী জাতি ভাৰতলৈ আহে। কোনো ঐতিহাসিকে বিদেশী জাতিৰ এই আগমনক আক্ৰমণ বুলি কোৱাতো সমীচীন নহয় বুলি ভাবে। কাৰণ এই জাতিসমূহ আলেকজেণ্ডাৰ বা চেংগিজখানৰ দৰে ভাৰতক পদানত কৰিবলৈ অহা নাছিল। তেওঁলোক আহিছিল ভাৰতত বসবাস কৰাৰ উদ্দেশ্য লৈ। মৌৰ্যযুগৰ পিছত ব্যাকট্ৰীয় গ্ৰীক বা যৱন সকলেই প্ৰথম ভাৰতলৈ আহিছিল। প্ৰাচীন কালত যৱন বুলিলে গ্ৰীক সকলক বুজাইছিল। ব্যাকট্ৰীয় গ্ৰীকসকলক বাহ্‌লিক গ্ৰীক বুলিও কোৱা হৈছিল। পাৰ্থিয়া অৰ্থাত্‌ খোৰাসন আৰু ইয়াৰ সংলগ্ন অঞ্চল আৰু ব্যাকট্ৰীয়া বা বাহ্‌লিক দেশ অৰ্থাত্‌ আফগানিস্থানৰ উত্তৰ অঞ্চল চেলিউকচৰ বংশধৰসকলৰ অধীনত আছিল। কিন্তু এণ্টিয়োকাস থিওসৰ ৰাজত্ব কালত (২৬১-৪৬ খ্ৰী:পূ:)এই দুয়োটা অঞ্চলেই স্বাধীন হৈ পৰে।

প্ৰথম ডাইওডোটাস

প্ৰথম ডাইওডোটাসে ব্যাকট্ৰিয়াত স্বাধীন গ্ৰীক ৰাজ্য স্থাপন কৰিছিল। প্ৰথমে এওঁ চেলিউকচৰ বংশধৰসকলৰ অধীনত গৱৰ্ণৰ হিচাপে কাম কৰিছিল। কিন্তু পিছলৈ এওঁ নিজকে স্বাধীন ৰজা বুলি ঘোষণা কৰে। এওঁৰ ৰাজ্য সোগডিয়ানা পৰ্যন্ত বিস্তৃত আছিল।

দ্বিতীয় ডাইওডোটাস

এওঁৰ ৰাজত্বকালত পাৰ্থিয়াৰ সৈতে সদ্‌ভাৱ অব্যাহত আছিল। এওঁ বেছিদিন ৰাজত্ব কৰিবলৈ পোৱা নাছিল। কাৰণ সিংহাসনত উঠাৰ অলপ দিনৰ ভিতৰতেই তেওঁৰ এজন সম্পৰ্কীয় ডাইওডোটাস ইউথিডেমাসে তেওঁক সিংহাসনচ্যুত কৰে।

ইউথিডেমাচ

এওঁৰ ৰাজত্বকালত তৃতীয় এণ্টিকাচে ব্যাকট্ৰিয়া পুনৰ দখল কৰিবলৈ চেষ্টা চলাইছিল। কিন্তু তেওঁ সফল হোৱা নাছিল। ইউথিডেমাচে ব্যাকট্ৰিয়াৰ ওপৰত গ্ৰীক শাসন দৃঢ়ভাবে প্ৰতিষ্ঠা কৰিছিল যাৰ ফলত পিছৰ কালত ভাৰতলৈ গ্ৰীক অনুপ্ৰবেশ সহজ হৈছিল।

ডিমিট্ৰিয়াস

ডিমিট্ৰিয়াস ইউথিডেমাচৰ পুত্ৰ। এওঁৰ ৰাজত্ব কালৰ পৰাই প্ৰকৃতপক্ষে ভাৰতত ব্যাকট্ৰীয় শক্তিৰ বিস্তাৰ হয়। তেওঁক ‘ভাৰতীয় ৰজা’ বুলিও অভিহিত কৰা হৈছে। পতঞ্জলীয়ে তেওঁৰ নামটো ‘দত্তমিত্ৰ’ বা ‘দিমিত্ৰ’ বুলি ভাৰতীয় ধৰণে লিখিছে। সাহিত্যিক আৰু প্ৰত্নতাত্ত্বিক উপাদানৰ পৰা ডিমিট্ৰিয়াসৰ ভাৰত অধিকাৰ সম্পৰ্কে জনা যায়। ডিমিট্ৰিয়াসে সিন্ধু আৰু পঞ্জাৱ জয় কৰে বুলি অনুমান কৰা হয়। ইয়াৰ উপৰিও তেওঁ কচ্ছ আৰু সৌৰাষ্ট্ৰ জয় কৰিছিল। এজন ইউৰোপীয় গৱেষকৰ মতে ডিমিট্ৰিয়াসৰ নেতৃত্বত মিনান্দাৰ এপোলোডটাস আদি গ্ৰীক সেনাপতিসকলে উত্তৰ ভাৰতৰ এটা বৃহত্‌ অংশ জয় কৰি পেলাইছিল। পশ্চিমপিনে এপোলোডটাসে সিন্ধু আৰু সৌৰাষ্ট্ৰ জয় কৰিছিল। টাৰ্নৰ মতে ডিমিট্ৰিয়াসে গোটেই মৌৰ্য সাম্ৰাজ্য জয় নকৰি গুৰুত্বপূৰ্ণ কেন্দ্ৰবোৰ অধিকাৰ কৰিছিল। অৱশ্যে ডিমিট্ৰিয়াসে সিন্ধু নদী পাৰ হৈ ভাৰতৰ ভিতৰত সাম্ৰাজ্য বিস্তাৰ কৰিছিল নে নাই সেই বিষয়ে সন্দেহ আছে। ডিমিট্ৰিয়াসে নিজৰ নামত মোহৰ মৰাইছিল আৰু মোহৰৰ এপিঠিত গ্ৰীক আৰু আন পিঠিত খৰোষ্ঠী লিপি আছিল। দ্বিভাষিক মুদ্ৰা প্ৰচলনৰ উদ্দেশ্য আছিল তেওঁ ভাৰতীয় ৰজা হিচাপে শাসন কৰিব বিচাৰিছিল। বিভিন্ন গোষ্ঠীৰ মানুহক তেওঁ ভ্ৰাতৃত্বৰ বান্ধোনেৰে বান্ধিব বিচাৰিছিল। ডিমিট্ৰিয়াস ভাৰত অধিকাৰত ব্যস্ত হৈ থাকোতে ১৬২ খ্ৰী:পূ:ত ব্যাকট্ৰিয়াত এটা বিদ্ৰোহে দেখা দিয়ে আৰু ব্যাকট্ৰিয়া ইক্ক্ৰ্যাটিডিচৰ হাতলৈ যায়। ডিমিট্ৰিয়াসে বাকী দিনকেইটা সম্ভৱ ভাৰততে কটাবলগীয়া হয়।

ইউক্ৰ্যাটিডিস

ইউক্ৰ্যাটিডিসে ডিমিট্ৰিয়াসৰ বংশধৰ সকলক ভাৰতৰ পৰা উচ্ছেদ কৰিবলৈ অভিযান চলায়। তেওঁ ডিমিট্ৰিয়াসৰ বংশৰ এপোলোডোটাসৰ মুদ্ৰাবোৰ পুনৰ খোদিত কৰে। জাষ্টিনৰ মতে ইউক্ৰ্যাটিডিসে ভাৰতবৰ্ষ দখল কৰিছিল। সম্ভৱ ডিমিট্ৰিয়াসৰ মৃত্যুৰ পিছত খ্ৰী:পূ: ১৬৫ ত ইউক্ৰাটিডিসে ডিমিট্ৰিয়াসৰ ৰাজ্য অধিকাৰ কৰিছিল। শক আক্ৰমণত তেওঁ ব্যাকট্ৰিয়াৰ পৰা বিতাৰিত ভাৰত সীমান্তত বসবাস কৰিবলৈ বাধ্য হয়।

হেলিওক্লেস

হেলিওক্লেসে কিছু সময় ধৰি ব্যাকট্ৰিয়া আৰু ভাৰতবৰ্ষত শাসন চলাই যাবলৈ সক্ষম হৈছিল। হেলিওক্লেসৰ পিছত বহুতো ইন্দো গ্ৰীক ৰজাৰ মুদ্ৰা পোৱা গৈছে। এওঁলোক কিছুমান ডিমিট্ৰিয়াসৰ বংশধৰ, কিছুমান ইউক্ৰ্যাটিডিসৰ বংশধৰ। ডিমিট্ৰিয়াসৰ বংশধৰ সকলৰ ভিতৰত এপোলোডোটাস আৰু মিনান্দাৰ প্ৰখ্যাত আছিল। এপোলোডোটাসে কশিপ-গান্ধাৰ, সিন্ধু আৰু সৌৰাষ্ট্ৰ জয় কৰিছিল।

মিনান্দাৰ

মিনান্দাৰ ইন্দো-গ্ৰীক ৰজা সকলৰ ভিতৰত বিখ্যাত আছিল। এওঁ ডিমিট্ৰিয়াসৰ বংশৰ আছিল। পঞ্জাৱৰ সাকল নামৰ ঠাইত এওঁৰ ৰাজধানী আছিল। উত্তৰ-পশ্চিম ভাৰতৰ বাজাউৰ অঞ্চলত মিনান্দাৰৰ এখন লিপি পোৱা গৈছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বাজাউৰলৈকে তেওঁৰ ৰাজ্য বিস্তৃত আছিল। তেওঁ বিপাশা নদী পাৰ হৈও ৰাজ্য বিস্তাৰ কৰিছিল। তেওঁৰ দিনৰ মুদ্ৰা কাবুল, সিন্ধু-উপত্যকা আৰু বৰ্তমানৰ উত্তৰ প্ৰদেশৰ পশ্চিমাংশত পোৱা গৈছে। ষ্ট্ৰাবোৰ মতে মিনান্দাৰে আলেকজেণ্ডাৰতকৈ অধিক ৰাজ্য জয় কৰিছিল। কাবুলৰ পৰা মথুৰালৈকে তেওঁৰ মুদ্ৰা পোৱা গৈছিল আৰু ই তেওঁৰ ৰাজ্যৰ বিশালতা প্ৰমাণ কৰিছিল। এওঁৰ ৰাজ্যৰ সীমা আফগানিস্থান, পঞ্জাৱ আদিলৈ নিশ্চয় বিস্তৃত আছিল। উত্তৰ প্ৰদেশৰ একাংশ, ৰাজপুতনাৰ কিছু অংশ আৰু সিন্ধু মিনান্দাৰৰ ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল বুলি কোনো কোনো ঐতিহাসিকে কৈছে।

কৃতিত্ব

প্লুটাৰ্কৰ বৰ্ণনাৰ পৰা জনা যায় যে মিনান্দাৰ এজন পৰাক্ৰমী, ন্যায়পৰায়ন আৰু সুশাসক আছিল। তেওঁ অতি জনপ্ৰিয় শাসনকৰ্তা আছিল আৰু মৃত্যুৰ পিছত তেওঁৰ দেহৰ ভস্ম স্মৃতি হিচাপে ৰক্ষা কৰিবৰ কাৰণে ৰাজ্যৰ বিভিন্ন চহৰৰ মাজত প্ৰতিযোগিতা আৰম্ভ হৈছিল। ভাৰতীয় কিংবদন্তিত মিনান্দাৰে সৰ্বাধিক প্ৰসিদ্ধি লাভ কৰিছে। তেওঁ অতি বিখ্যাত আৰু জনপ্ৰিয় ৰজা আছিল। ইয়াৰ কাৰণ হ’ল ভাৰতীয় সভ্যতাৰ প্ৰতি থকা মিনান্দাৰৰ শ্ৰদ্ধা আৰু তেওঁৰ বৌদ্ধ ধৰ্ম গ্ৰহণ। ভিক্ষু নাগসেনৰ সৈতে তেওঁ বৌদ্ধ শাস্ত্ৰ আলোচনা কৰিছিল। এই আলোচনা গ্ৰন্থৰ আকাৰত ৰচিত হৈছিল। গ্ৰন্থখনৰ নাম আছিল ‘মিলিন্দ প্ৰশ্ন’ বা ‘মিলিন্দ পঞহ’। মিনান্দাৰৰ কিছুমান মুদ্ৰাত ‘ধাৰ্মিকম’ উপাধি দেখা যায় আৰু মুদ্ৰাত আঠটা চৰাই থকা এটা চক্ৰ দেখিবলৈ পোৱা যায়। বহুতে এইটোক বৌদ্ধ ধৰ্মচক্ৰ বুলি কয়। বহুতে আকৌ ৰাজচক্ৰ বুলিও কয়। মিনান্দাৰৰ ৰাজত্ব কালৰ সময় আছিল ১১৫-৯০ খ্ৰী:পূ:।

এণ্টিয়ালকিডাস

মিনান্দাৰৰ পিছত আৰু কেইবাজনো ৰজা হয়। কিন্তু তেওঁলোকৰ বিষয়ে সবিশেষ একো জনা নাযায়। শেষৰ জন বিখ্যাত ইন্দো-গ্ৰীক ৰজা আছিল এণ্টিয়ালকিডাস। এওঁক ‘তক্ষশীলাৰ ৰজা’ বুলি অভিহিত কৰা হৈছিল। এওঁ শুংগ ৰজা ভাগভদ্ৰৰ ৰাজসভালৈ হেলিওডোৰাস নামৰ এজন দূত পঠিয়াইছিল। এণ্টিয়ালকিডাসৰ পিছত ইন্দো-গ্ৰীক শক্তিৰ পতন আৰম্ভ হয়। একেবাৰে শেষৰজন ইন্দো-গ্ৰীক ৰজা আছিল হাৰমেয়াচ। শক, পাৰ্থিয় আৰু ইউ-চিদ সকলে এওঁৰ ৰাজ্য আক্ৰমণ কৰিছিল, যাৰ ফলত তেওঁ ৰাজ্য হেৰুৱাব লগীয়া হয়। তেওঁৰ মুদ্ৰাত কুজলা কাদফিসবত: নাম পোৱা যায়। সম্ভৱত: কাদফিসৰ সহায় লৈ তেওঁ শক আক্ৰমণ প্ৰতিহত কৰিবলৈ যত্ন কৰিছিল।

ব্যাকট্ৰীয় বা ইন্দো-গ্ৰীক শাসনৰ গুৰুত্ব

ইন্দো-গ্ৰীক আক্ৰমণৰ গুৰুত্ব আলেকজেণ্ডাৰ আক্ৰমণতকৈ বহুত বেছি বুলি ঐতিহাসিকসকলে মন্তব্য কৰিছে। আলেকজেণ্ডাৰৰ আক্ৰমণৰ তেনে কোনো প্ৰত্যক্ষ ফল নাছিল। আনহাতেদি ডিমিট্ৰিয়াস, মিনান্দাৰ আদি ৰজাসকলে ভালেমান দিন ভাৰতত থকাৰ ফলত ভাৰতৰ ৰাজনীতি আৰু সংস্কৃতিত ইন্দো-গ্ৰীক সকলৰ প্ৰভাৱ পৰিছিল। ভাৰতীয় সভ্যতাৰ দ্বাৰা ইন্দো-গ্ৰীক সকলো প্ৰভাৱান্বিত হৈছিল। ইন্দো-গ্ৰীক সকলৰ আগমনে ভাৰতীয় জনগোষ্ঠীৰ সংখ্যা বৃদ্ধি কৰিছিল। কাৰণ ইন্দো-গ্ৰীকসকল অহা পথেদিয়েই শক, পাৰ্থিয়ান, কুষান আদি জাতিসকল ভাৰতত প্ৰবেশ কৰে আৰু ভাৰতত থাকিবলৈ লয়। এই বহিৰাগত জাতিসমূহে ভাৰতীয় জনগোষ্ঠীৰ সৈতে মিলিজুলি থাকিবলৈ লয় আৰু তাৰ ফলত ভাৰতীয় জনগোষ্ঠী সমৃদ্ধ হয়। ইন্দো-গ্ৰীক ৰজাসকলৰ জৰিয়তে ব্যাকট্ৰিয়া আৰু উত্তৰ-পশ্চিম ভাৰতৰ মাজত যোগযোগ স্থাপন হয়। ইন্দো-গ্ৰীকসকল ভাৰতলৈ অহাৰ পিছত তেওঁলোক ভাৰতীয় সভ্যতা-সংস্কৃতিৰ দ্বাৰা প্ৰভাৱান্বিত হয়। ভালেকেইজনমান গ্ৰীক ৰজাই ভাৰতীয় ধৰ্ম গ্ৰহণ কৰে, মিনান্দাৰে বৌদ্ধধৰ্ম গ্ৰহণ কৰে। এণ্টিলকিডাসৰ দূত হেলিওডোৰাসে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল। ভগৱান বিষ্ণুৰ স্মৰণৰ কাৰণে তেওঁ বিদিশাত পিতলৰ দ্বাৰা গৰুড় স্তম্ভ নিৰ্মান কৰিছিল। থিওডোৰাস নামৰ এজন গ্ৰীক কৰ্মচাৰীয়ে স্বাত উপত্যকাত বুদ্ধদেৱৰ স্মৃতিচিহ্ন স্থাপন কৰে। ভাৰতীয়সকলৰ সৈতে ইন্দো-গ্ৰীক সকলৰ সামাজিক আৰু তেজৰ সম্পৰ্কও গঢ়ি উঠে। চন্দ্ৰগুপ্ত মৌৰ্যই চেলুকচৰ কন্যাক বিয়া কৰাইছিল বুলি জনা যায়। ভাৰতীয় শিল্পকলালৈ ইন্দো-গ্ৰীকসকলে উল্লেখনীয় বৰঙণি আগ বঢ়াইছিল। গান্ধাৰ শিল্পৰ সূত্ৰপাত ব্যাকট্ৰীয় গ্ৰীক সকলৰ দিনতেই হৈছিল। বিশেষকৈ বুদ্ধ মূৰ্তি বিলাক গঠনৰ ক্ষেত্ৰত গ্ৰীক মাংসপেশী, বহুল দেহভংগীৰ প্ৰভাৱ পৰিছিল। ভাৰতীয় ধ্যানমগ্ন বুদ্ধৰ মেল নোখোৱা চকু, অভয় মুদ্ৰাৰ সৈতে মাংসপেশী বহুলতাৰ সংযোগ ঘটিছিল। ভাৰতীয় মুদ্ৰাবোৰ গ্ৰীক মুদ্ৰাৰ অনুকৰণত বনোৱা হৈছিল। জ্যোতিৰ্বিজ্ঞান, গ্ৰহ-নক্ষত্ৰৰ অৱস্থান তত্ত্বৰ ওপৰতো গ্ৰীকসকলৰ প্ৰভাৱ পৰিছিল। নাট্য মঞ্চত যৱনিকাৰ প্ৰচলন গ্ৰীকসকলৰ অৱদান। ড° সুনীতিকুমাৰ চেটাৰ্জীৰ মতে হোমাৰৰ ইলিয়াডৰ কাহিনীৰ প্ৰভাৱত ৰামায়নৰ কাহিনী ৰচিত হৈছিল। ইলিয়াডৰ কাহিনী ইন্দো-গ্ৰীকসকলৰ জৰিয়তে ভাৰতত বিয়পি পৰিছিল।

শক জাতিৰ অনুপ্ৰৱেশ

শকসকল মধ্য এছিয়াৰ এটা যাযাবৰী জাতি আছিল। ইউ-চি নামৰ জাতি এটাই শকসকলক মধ্য এছিয়াৰ পৰা বিতাৰিত কৰে। মধ্য এছিয়াৰ পৰা বিতাৰিত হৈ শক সকলে কিপিন অৰ্থাত্‌ কাবুল নদীৰ উপত্যকাত বসবাস কৰিবলৈ লয়। শকসকলে অধিকাৰ কৰা ঠাইখিনিক শকস্তান (বৰ্তমানৰ সিস্তান) বুলি কোৱা হৈছিল। কোনো কোনোৰ মতে গ্ৰীক ৰাজ্যসমূহৰ দ্বাৰা বাধাগ্ৰস্ত হৈ শকসকল হিৰাটৰ পিনে যায় আৰু তাৰ পৰা দক্ষিণে সিস্তানত উপস্থিত হৈছিল। গ্ৰীকসকলে শকসকলক স্কিথীয় (Scythians)বুলি কৈছিল আৰু তেওঁলোকৰ বাসভূমিক স্কিথীয়া (Scythia) বুলি কৈছিল। সিস্তানৰ পৰা শকসকলে ক্ৰমাত্‌ সিন্ধু উপত্যকা আৰু পশ্চিম ভাৰতত বসতি বিস্তাৰ কৰিছিল।

বোনোনেস

শক ৰজা বোনোনেসে তক্ষশীলা অঞ্চলত ৰাজত্ব কৰিছিল। এওঁৰ ৰাজত্ব কালৰ সময় খ্ৰী:পূ: ৪০। এওঁ গ্ৰীক আৰু খৰোষ্ঠী দ্বিভাষিক মুদ্ৰা মুদ্ৰিত কৰিছিল।

ময়েস

ময়েস শকসকলৰ এজন বিখ্যাত ৰজা। এওঁ খ্ৰী:পূ: ২০ ত ৰাজত্ব কৰিছিল। গান্ধাৰ, তক্ষশীলা, পুষ্কলাৱতী তেওঁৰ ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। সিন্ধু নদীৰ মোহনালৈকে তেওঁৰ ৰাজ্য বিস্তৃত আছিল বুলি কোৱা হয়। ময়েসৰ পিছত আজেস, আজিসিলেচ, দ্বিতীয় আজেস আদিয়ে ৰাজত্ব কৰিছিল।

শকসকলৰ পতন

শকসকলৰ ৰাজত্ব বেছিদিন স্থায়ী হোৱা নাছিল। পাৰ্থিয়াৰ আক্ৰমণৰ ফলত শকসকলৰ পতন হয়। পাৰ্থিয় ৰজা গোণ্ডাফাৰ্নিসে শকৰজা দ্বিতীয় আজেসক আক্ৰমণ কৰে। ইয়াৰ ফলত দ্বিতীয় আজেসৰ পতন ঘটে। অৱশ্যে বস্তুবাদী দৃষ্টিভংগীৰ ঐতিহাসিক ৰোমিলা থাপৰৰ মতে কুষাণ শক্তিৰ আক্ৰমণৰ ফলস্বৰূপেহে শক শক্তিৰ পতন হৈছিল।

শক ক্ষত্ৰপ সকল

পাৰ্চী শব্দ ‘ক্ষত্ৰ-পবন’ৰ পৰা ক্ষত্ৰপ শব্দটো উদ্ভব হৈছে। গ্ৰীকসকলে ক্ষত্ৰপ শব্দটো স্যাত্ৰাপ বুলি উচ্চাৰণ কৰিছিল। ক্ষত্ৰপ শব্দটোৰ অৰ্থ হৈছে ‘ৰাজ্যৰ ৰক্ষক’। ভাৰতত পাৰস্যৰ অধিকাৰ বিস্তৃত হৈ পৰাৰ লগে লগে পাৰ্চীসকলে শাসন চলাবৰ কাৰণে ক্ষত্ৰপ নামৰ শাসনকৰ্তা নিয়োগ কৰিছিল। খ্ৰী:পূ: প্ৰথম শতিকাত ইন্দো গ্ৰীক ৰজাসকলে ক্ষত্ৰপৰ দ্বাৰা শাসন কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰে। ক্ষত্ৰপৰ দ্বাৰা শাসন কৰাৰ ব্যৱস্থা কুষান যুগলৈকে বৰ্তি আছিল। ভাৰতত শক ক্ষত্ৰপ সকলৰ দুটা প্ৰধান শাখা আছিল। সেই দুটা হ’ল তক্ষশীলাৰ ক্ষত্ৰপ আৰু মথুৰাৰ ক্ষত্ৰপ। এওঁলোকক উত্তৰৰ ক্ষত্ৰপ বুলিও কোৱা হয়। উজ্জয়িনীৰ ক্ষত্ৰপসকলক পশ্চিম ক্ষত্ৰপ বুলিও কোৱা হয়। উত্তৰৰ ক্ষত্ৰপ সকলৰ প্ৰধান কেন্দ্ৰ আছিল তক্ষশীলা। শক সম্ৰাট ময়েসৰ অধীনত তক্ষশীলাৰ ক্ষত্ৰপ আছিল লাইকা কুশুলুকা। এওঁলোক বৌদ্ধ ধৰ্মাৱলম্বী আছিল। উত্তৰৰ ক্ষত্ৰপসকলৰ আৰু এখন শাসনকেন্দ্ৰ আছিল মথুৰা। ক্ষত্ৰপ ৰাজবুলেয়ে সম্ভৱ পূব-পঞ্জাৱত গ্ৰীক শাসনৰ অৱসান ঘটাইছিল। এওঁ মহাক্ষত্ৰপ উপাধি লৈছিল। তেওঁ এটা বৌদ্ধ স্তুপ নিৰ্মান কৰিছিল। ৰাজবুলৰ পিছত সুদান মথুৰাৰ ক্ষত্ৰপ হয়। তেওঁ ব্ৰাহ্মী লিপিত মুদ্ৰা প্ৰচাৰ কৰিছিল আৰু মহাক্ষত্ৰপ উপাধি গ্ৰহণ কৰিছিল। সুদানৰ পিছৰ পৰা মথুৰাৰ ক্ষত্ৰপসকলৰ ক্ষমতা কমি আহে। এওঁলোকে হিন্দু নাম গ্ৰহণ কৰিছিল। কুষান আক্ৰমণৰ ফলত এওঁলোকৰ পতন হৈছিল। শক ক্ষত্ৰপ সকলৰ অইন এটা শাখাই পশ্চিম ভাৰতত ৰাজত্ব কৰিছিল। এই শাখাটো দুটা ভাগত বিভক্ত আছিল। এটা ‘ক্ষহৰত’ শাখা আৰু আনটো ‘কৰ্দমাক’ শাখা। ক্ষহৰত্‌ ক্ষত্ৰপসকলে দক্ষিণ আৰু পশ্চিম ভাৰতত ৰাজ্য বিস্তাৰ কৰিছিল। ক্ষহৰত্‌ শাখাৰ প্ৰথম জন ক্ষত্ৰপ আছিল ভূমক। এই শাখাৰ প্ৰখ্যাত ক্ষত্ৰপ আছিল নহপান। তেওঁ সাতবাহন সকলৰ পৰা মহাৰাষ্ট্ৰৰ অধিকাংশ জয় কৰি লৈছিল। নহপানৰ ৰাজ্য মহাৰাষ্ট্ৰ আৰু কোংকনৰ উত্তৰাংশ, কাথিৱাৰ, মালৱ আৰু আজমীৰলৈকে বিস্তৃত আছিল। অৱশ্যে নহপানৰ ৰাজনৈতিক প্ৰাধান্য বেছি দিন স্থায়ী হবলৈ নাপালে। গৌতমী পুত্ৰ সাতকৰ্ণীয়ে নহপানক পৰাস্ত কৰি সাতবাহন শক্তি পুনৰ জীৱিত কৰে। মহাৰাষ্ট্ৰ ইয়াৰ ওচৰ চুবুৰীয়া অঞ্চল গৌতমী পুত্ৰ সাতকৰ্ণীয়ে নহপানৰ হাতৰ পৰা উদ্ধাৰ কৰে। নহপান হিন্দু ধৰ্মাবলম্বী আছিল। তেওঁ বহু তীৰ্থস্থান ভ্ৰমণ কৰিছিল আৰু হিন্দু আৰু বৌদ্ধ তীৰ্থলৈ দান-দক্ষিণা আগবঢ়াইছিল। নহপানৰ দিনত এছিয়া আৰু ইউৰোপৰ সৈতে ভৃগুকচ্ছ বন্দৰৰ যোগেদি বাণিজ্যিক সম্পৰ্ক গঢ় লৈ উঠিছিল। শক জাতিৰ কাৰ্দমক শাখাৰ ক্ষত্ৰপ সকলে উজ্জয়িনীত ৰাজত্ব কৰিছিল। এই শাখাৰ প্ৰথম জন ক্ষত্ৰপৰ নাম আছিল চষ্টন। এওঁ খ্ৰী: দ্বিতীয় শতাব্দীৰ মাজভাগত ৰাজত্ব কৰিছিল। খুব সম্ভৱ তেওঁ কুষান ৰজাসকলৰ প্ৰতিনিধি হিচাপে ৰাজত্ব কৰিছিল। অন্ধৌ লিপিৰ পৰা জনা যায় যে চষ্টনে পুতেক ৰুদ্ৰদমনৰ সৈতে যুটীয়াভাৱে ৰাজত্ব কৰিছিল।

ৰুদ্ৰদমন :

কাৰ্দম শাখাৰ ৰুদ্ৰদমন এজন শ্ৰেষ্ঠ শাসক আছিল। তেওঁৰ জুনাগড় শিলালিপিৰ পৰা তেওঁৰ শাসন সম্পৰ্কে বহুত কথা জনা যায়। এক হিচাপে জুনাগড় লিপিক ৰুদ্ৰদমনৰ প্ৰশস্তি বুলি কব পাৰি। ৰুদ্ৰদমনে গৌতমী পুত্ৰ সাতকৰ্ণীৰ অধীনত থকা ৰাজ্যসমূহ জয় কৰিছিল। ইয়াৰ পৰা বুজিব পাৰি যে ৰুদ্ৰদমনে গৌতমী পুত্ৰ সাতকৰ্ণীক পৰাস্ত কৰিছিল আৰু এই ঠাইবোৰ অধিকাৰ কৰিছিল। চুড়ান্তভাৱে পৰাজিত হোৱাৰ পৰা ৰক্ষা পাবলৈ নিজৰ পুতেকৰ সৈতে গৌতমী পুত্ৰই ৰুদ্ৰদমনৰ জীয়েকৰ বিয়া পাতিছিল। ৰুদ্ৰদমনৰ জোঁৱায়েকৰ নাম আছিল শিবস্কন্দ সাতকৰ্ণী। মালৱ, অনুপ, সৌৰাষ্ট্ৰ, কাথিওৱাড়, কোংকন, মাৰৱাড়, কচ্ছ আৰু সিন্ধু উপত্যকা ৰুদ্ৰদমনৰ ৰাজ্যৰ সীমাৰ ভিতৰত আছিল। ৰাজপুতনাৰ যৌধেয় সকলকো তেওঁ পৰাস্ত কৰিছিল। ৰুদ্ৰদমন ন্যায়পৰায়ণ, প্ৰজাহৈতেষী, সংস্কৃতিসম্পন্ন ৰজা আছিল। সংস্কৃত ভাষাৰ পৃষ্ঠপোষকতা কৰাৰ উপৰিও সংস্কৃত ভাষাত কাব্য ৰচনা কৰিছিল। “ The tact remains that the long Sanskrita inscription which was engraved by his order in A.D. 150 is the first official record in that language with the probable exception of one or two short epigraphs, out of hundreds that have so far come to light .” ন্যায়শাস্ত্ৰ, ৰাজনীতি, ব্যাকৰণ,সংগীত আদি বিষয়ত তেওঁৰ বুত্‌পত্তি আছিল। প্ৰজাৰ মংগলৰ কাৰণে ৰুদ্ৰদমনৰ এজন মন্ত্ৰীয়ে সুদৰ্শন হ্ৰদৰ পাৰত সম্পূৰ্ণ চৰকাৰী খৰচত এটা নতুন মথাউৰি বান্ধিছিল। এই মথাউৰিটো বান্ধিবৰ সময়ত প্ৰজাৰ পৰা কৰ আদায় কৰা হোৱা নাছিল। শ্ৰমদান বা স্বেচ্ছামূলক দান আদিও বিচৰা নাছিল। ৰুদ্ৰদমন ধৰ্মভীৰু ৰজা আছিল। কেৱল যুদ্ধ ক্ষেত্ৰৰ বাহিৰে অন্য ঠাইত অন্য ধৰণেৰে প্ৰাণনাশ হোৱাটো তেওঁ বিচৰা নাছিল। ৰুদ্ৰদমনে এটা উদ্দেশ্য প্ৰণোদিত বৈবাহিক নীতি অনুসৰণ কৰিছিল। তেওঁ গৰ্বিত ভাৰতীয় ৰাজবংশ বিলাকৰ যেনে – সাতবাহন, ইক্ষৱাকু, লিচ্ছৱী সকলৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল শক জাতিৰ আত্ম মৰ্যাদা প্ৰতিষ্ঠা কৰা। ৰুদ্ৰদমনৰ দিনত শকজাতিৰ ভাৰতীয় কৰণ সম্পূৰ্ণ হয়।

শক শাসনৰ অৱসান :

ৰুদ্ৰদমনৰ পিছৰ ক্ষত্ৰপসকলৰ বিষয়ে সঠিক বিৱৰণ পোৱা নাযায়। তেওঁৰ পিছৰ ক্ষত্ৰপসকলৰ ভিতৰত আভ্যন্তৰীণ বিবাদে দেখা দিয়ে। উজ্জয়িনীৰ ক্ষত্ৰপসকলৰ মাজত বিবাদে দেখা দিয়াত সাতবাহনসকলে ৰুদ্ৰদমনৰ বিস্তীৰ্ণ ৰাজ্যৰ বহুতো অংশ অধিকাৰ কৰি লয়। স্যাসানীয় আক্ৰমণৰ ফলস্বৰূপেও উত্তৰ-পশ্চিম ভাৰতত শকসকলৰ অধিকাৰ হ্ৰাস পায়। অৱশ্যে স্যাসানীয় সকলৰ দুৰ্বলতাৰ সুযোগ লৈ ৰুদ্ৰসেনে উত্তৰ-পশ্চিম ভাৰতত শক আধিপত্য পুনৰ জীৱিত কৰি তুলিছিল। কিন্তু গুপ্ত বংশৰ উত্থানৰ অলপ দিনৰ ভিতৰতে দ্বিতীয় বিক্ৰমাদিত্যৰ হাতত পশ্চিম ভাৰতত শক শাসনৰ অৱসান ঘটে।

পাৰ্থীয় বা পহ্‌লব সকলৰ অনুপ্ৰৱেশ :

আলেকজেণ্ডাৰৰ মৃত্যুৰ পিছত মেচিডনীয় সাম্ৰাজ্যৰ যিটো অংশ চেলিউকচৰ অধীনত আছিল পাৰ্থীয়সকল সেইটো অঞ্চলৰ অন্তৰ্ভুক্ত আছিল। কিন্তু চেলিউকচৰ বংশধৰ সকলৰ দিনত অৰ্সকেস বা আৰ্থাকেস নামৰ এজন সেনাপতিৰ নেতৃত্বত পহ্‌লব সকল স্বাধীন হয়। খ্ৰী:পূ: তিনি শতিকাৰ মাজ ভাগৰ পৰা খৃ: তৃতীয় শতিকালৈকে এওঁলোক অৰ্সকেস বংশৰ অধীনত থাকে। এই বংশৰ শ্ৰেষ্ঠ ৰজা আছিল মিথ্ৰিডেটিস। মিথ্ৰিডেটিসৰ ৰাজত্বকালত পাৰ্থীয়সকলৰ ৰাজনৈতিক আধিপত্য সিন্ধু উপত্যকা পৰ্যন্ত বিস্তৃত আছিল। মিথ্ৰিডেটিসৰ পিছৰ পাৰ্থীয় ৰজাজন আছিল ফ্ৰাওটিচ (Phraotes)। এওঁ তক্ষশীলাত ৰাজধানী পাতি ৰাজত্ব কৰিছিল বুলি জনা যায়। এওঁৰ পিছত ৰাজত্ব কৰিছিল গণ্ডোফাৰ্নিসে।

গণ্ডোফাৰ্নিস (Gondophernes):

গণ্ডোফাৰ্নিস পাৰ্থীয় সম্ৰাট ওৰথানজেসৰ অধীনত শাসনকৰ্তা হিচাপে আছিল। পিছত তেওঁ স্বাধীন ৰজা হিচাপে আত্মপ্ৰকাশ কৰে। তেওঁ ৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল। তেওঁ ওৰথানজেসৰ কিছু ৰাজ্য দখল কৰিছিল আৰু কাবুল উপত্যকাৰ ইন্দো-গ্ৰীক ৰজাজনক পৰাস্ত কৰি কাবুল উপত্যকা অধিকাৰ কৰিছিল। পশ্চিম পঞ্জাৱত তেওঁৰ মুদ্ৰা আৱিষ্কাৰ হোৱালৈ চাই পঞ্জাৱতো তেওঁৰ আধিপত্য বিস্তাৰ হৈছিল বুলি কব পাৰি। তেওঁ সিন্ধু, কচ্ছ আৰু কাথিৱাৰত অধিকাৰ কৰিছিল বুলি কোৱা হয়। কিন্তু এই বিষয়ে মতভেদ আছে। সিস্তান, শকস্থান, সিন্ধু, পঞ্জাৱ, দক্ষিণ আফগানিস্থান, গান্ধাৰ আৰু পাৰ্থিয় সাম্ৰাজ্যৰ কিছু অংশ গণ্ডোফাৰ্নিসৰ ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। কথিত আছে যে তেওঁৰ ৰাজত্ব কালত এজন খৃষ্টান ধৰ্ম যাজক তেওঁৰ ৰাজ্যলৈ আহিছিল আৰু গণ্ডোফাৰ্নিস আৰু তেওঁৰ ভায়েক গুড়নকক খৃষ্টান ধৰ্মত দীক্ষিত কৰিছিল। গণ্ডোফাৰ্নিসৰ মৃত্যুৰ পিছত পাৰ্থিয় সাম্ৰাজ্যৰ পতন হয়। তেওঁৰ সামন্তসকলে বিদ্ৰোহ ঘোষণা কৰে। ৰাজ্যত মহামাৰীয়ে দেখা দিয়ে আৰু বহুত প্ৰজাৰ মৃত্যু হয়। এই সুযোগতে কুষান সকলে পাৰ্থিয় সাম্ৰাজ্য আক্ৰমণ কৰে আৰু পাৰ্থিয় সাম্ৰাজ্যৰ পতন ঘটায়।

কুষাণ সাম্ৰাজ্য

ভাৰতবৰ্ষৰ প্ৰাচীন ইতিহাসত কুষাণসকলে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। চীনৰ উত্তৰ-পশ্চিম অংশত ইউ-চি নামৰ জাতি বাস কৰিছিল। খ্ৰী:পূ: দ্বিতীয় শতিকাত হিউং নু নামৰ তুৰ্কী যাযাবৰ জাতি এটাই ইউ-চি সকলক উত্তৰ-পশ্চিম অংশৰ পৰা খেদাই পঠায়। গতিকে ইউ-চি সকলে নতুন বাসভূমিৰ সন্ধানত পশ্চিম পিনে যাত্ৰা আৰম্ভ কৰে আৰু টাক্‌লামাকান নামৰ মৰুভূমিৰ পিনেদি আগবাঢ়ি যাবলৈ ধৰিলে। অৱশেষত তেওঁলোক ইলি নদীৰ উপত্যকা পায়হি। সেই ঠাইতে উ-সুন নামৰ অইন এটা জাতি বাস কৰিছিল। ইউ-চি সকলে উ-সুন নামৰ জাতিটোক পৰাস্ত কৰে আৰু পশ্চিম অভিমুখে দুনাই যাত্ৰা আৰম্ভ কৰে। যাত্ৰা পথত তেওঁলোকৰ এটা দল ফালৰি কাটি আহি তিব্বতৰ পিনে গুচি যায়। এই দলটো পিছলৈ ক্ষুদ্ৰ ইউ-চি শাখা বুলি চিনাক্ত হয়। ইউ-চি সকলৰ ডাঙৰ শাখাটো (The great Yue Chi) আহি চিৰদৰিয়া নদীৰ পাৰ পায়হি। তাতে শকসকলৰ সৈতে তেওঁলোকৰ সংঘৰ্ষ হয় আৰু শকসকল পৰাজিত হৈ ভাৰতবৰ্ষত প্ৰৱেশ কৰে। চিৰদৰিয়া নদীৰ অৱবাহিকাত ইউ-চি সকলে কিছুদিন শান্তিৰে বাস কৰে। উ-সুন জাতিৰ সৈতে সংঘৰ্ষ হোৱাৰ সময়ত ইউ-চি সকলে উ-সুন জাতিৰ সেনাপতি এজনক হত্যা কৰিছিল। সেই সেনাপতি জনৰে পুতেক এজনে হিউং-মু জাতিৰ সহায় লৈ ইউ-চি জাতিক আক্ৰমণ কৰি পিতৃ হত্যাৰ প্ৰতিশোধ লয়। ইউ-চি সকলে চিৰদৰিয়া অঞ্চল ত্যাগ কৰিবলৈ বাধ্য হয় আৰু তেওঁলোক আহি আমুদৰিয়া অঞ্চল পায়হি। আমুদৰিয়া অঞ্চলতেই ইউ-চি সকল বাস কৰিবলৈ লয় আৰু কৃষিকাৰ্য গ্ৰহণ কৰে। ক্ৰমাত্‌ তেওঁলোক পাঁচটা দলত বিভক্ত হৈ যায় আৰু পাঁচটা বেলেগ বেলেগ অঞ্চলত বাস কৰিবলৈ লয়। এই পাঁচটা দলৰে এটা শাখাৰ নাম আছিল কুষাণ। আটাইকেউটা শাখাৰ ভিতৰত এই শাখাটোৱেই শেষত অধিক শক্তিশালী হৈ পৰে।

কুজুল বা কুসুলক কদ্‌ফিসিস

কুজুল কদ্‌ফিসিসে অন্যান্য চাৰিটা দলক পৰাজিত কৰি ওয়াং অৰ্থাত্‌ উপাধি গ্ৰহণ কৰে। তেওঁ পাৰ্থিয়ান ৰাজ্য আক্ৰমণ কৰিছিল আৰু কাবুল, কাবুলৰ ওচৰত অবস্থিত পো-টা, কিপিন আদি দখল কৰিছিল। কিপিন সম্ভব গান্ধাৰ আছিল। প্ৰথম কদ্‌ফিসিসৰ (কুজুল কদ্‌ফিসিস) ৰাজ্যৰ সীমা পাৰস্যৰ পৰা সিন্ধু উপত্যকালৈকে বিস্তৃত আছিল। কোনো কোনো ঐতিহাসিকৰ মতে এওঁ বৌদ্ধধৰ্ম গ্ৰহণ কৰিছিল। কাৰণ তেওঁৰ মুদ্ৰাত তেওঁক ‘সত্যধৰ্মস্থিত’ বুলি কোৱা হৈছে। কুজুল কুসুলকে ৮০ বছৰ ৰাজত্ব কৰিছিল।

দ্বিতীয় কদ্‌ফিসিস

কুজুল কদ্‌ফিসিসৰ পিছত তেওঁৰ পুতেক বীম কদ্‌ফিসিস (দ্বিতীয় কদ্‌ফিসিস) ৰাজপাটত উঠে। কুষাণ জাতিক এখন স্থায়ী বাসভূমি দিয়াৰ উদ্দেশ্যৰে তেওঁ ভাৰতবৰ্ষৰ ভিতৰলৈকে ৰাজ্য বিস্তাৰ কৰিছিল। তেওঁৰ ৰাজ্যৰ সীমা পঞ্জাৱ পাইছিলহি। বীমে গংগা উপত্যকাৰ বাৰানসী পৰ্যন্ত তেওঁৰ ৰাজ্যৰ সীমা বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল। সিন্ধু উপত্যকাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ পাৰ্থিয় ৰাজ্যবোৰ জয় কৰিছিল আৰু পাৰ্থিয় শাসনৰ অৱসান ঘটাইছিল। সেই সময়ত অৰ্থাত্‌ খ্ৰী: প্ৰথম শতিকাত প্যানচাও নামৰ এজন চীনা সেনাপতি পৰাক্ৰমী হৈ উঠি ৰোমান সাম্ৰাজ্যৰ পূব সীমালৈকে চীন সাম্ৰাজ্য বিস্তাৰ কৰিছিল। তেওঁৰ পৰাক্ৰম দেখি বীমে ভয় খাই চীনা সেনাপতিজনৰ লগত মিত্ৰতা স্থাপন কৰিছিল। বীমে চীনৰ সম্ৰাটলৈ সম্ৰাটৰ কন্যাক বিয়া কৰোৱাৰ প্ৰস্তাব আগবঢ়াই দূত প্ৰেৰণ কৰিছিল। এই কথাত চীন সেনাপতিজনৰ খং উঠিল আৰু বীমৰ দূতজনক বন্দী কৰি চীন দেশলৈ পঠিয়াই দিলে। বীমে এই কথাৰ প্ৰতিশোধ লবৰ কাৰণে সি (Si) নামৰ এজন অধিনায়কৰ অধীনত এটা বিৰাত অশ্বাৰোহী বাহিনী প্যানচাওৰ বিৰুদ্ধে পঠিয়াই দিলে। কাসগড় প্ৰান্তৰত দুয়ো পক্ষৰে যুদ্ধ হ’ল। এই যুদ্ধত দ্বিতীয় কদ্‌ফিসিস শোচনীয় ভাৱে পৰাজিত হয় আৰু চীনৰ সম্ৰাটক বছৰি কৰ শোধাই থাকিবলৈ মান্তি হয়। দ্বিতীয় কদ্‌ফিসিসে ৰোমৰ সম্ৰাটৰ ৰাজসভালৈ দূত প্ৰেৰণ কৰিছিল। অৱশ্যে প্ৰথম কদ্‌ফিসিসৰ দিনৰ পৰাই ৰোমান সাম্ৰাজ্যৰ সৈতে কুষাণ সাম্ৰাজ্যৰ যোগাযোগ স্থাপন হৈছিল। দ্বিতীয় কদ্‌ফিসিসে তেওঁৰ কিছুমান সুবৰ্ণ মুদ্ৰা গ্ৰীক মুদ্ৰাৰ আৰ্হিত প্ৰস্তুত কৰিছিল। এওঁ শিৱ উপাসক আছিল। কাৰণ তেওঁৰ মুদ্ৰাত তেওঁ ‘মাহীশ্বৰ’ উপাধি গ্ৰহণ কৰাৰ উল্লেখ আছে।

কনিষ্ক

দ্বিতীয় কদ্‌ফিসিসৰ মৃত্যুৰ পিছত কনিষ্ক সিংহাসন আৰোহণ কৰিছিল। কোন চনত কনিষ্কই সিংহাসনত আৰোহণ কৰিছিল সেই বিষয়ে সবিশেষ একো জনা নাযায়। তদুপৰি দ্বিতীয় কদ্‌ফিসিসৰ সৈতে তেওঁৰ সম্পৰ্ক কি আছিল সেই বিষয়েও সবিশেষ একো জনা নাযায়। তথাপি কনিষ্ক,

দ্বিতীয় কদ্‌ফিসিসৰ বংশধৰ আছিল বুলিয়েই প্ৰায় সকলো পণ্ডিতে মত প্ৰকাশ কৰিছে। কনিষ্কই কোন চনত সিংহাসনত আৰোহণ কৰিছিল সেই বিষয়ে মতভেদ আছে যদিও বেছিভাগ পণ্ডিতেই ৭৮ খ্ৰী:টোৱেই কনিষ্কৰ সিংহাসন আৰোহণৰ তাৰিখ বুলি মানি লৈছে।

কনিষ্কৰ সাম্ৰাজ্য বিস্তাৰ

দ্বিতীয় কদ্‌ফিসিসৰ গোটেই ৰাজ্য তেওঁ উত্তৰাধিকাৰী সূত্ৰে পাইছিল। এই সাম্ৰাজ্য গংগা উপত্যকাৰ পৰা ব্যাকট্ৰিয়ালৈকে বিস্তৃত আছিল। পূব ভাৰতত কনিষ্কৰ সাম্ৰাজ্য সাৰনাথ, বাৰানসী, সাকেত বা অযোধ্যা পৰ্যন্ত বিস্তৃত আছিল। দ্বিতীয় কদ্‌ফিসিসে এই অঞ্চলত ৰাজত্ব কৰিছিল। কোনো ঐতিহাসিকৰ মতে সাৰনাথ পাৰ হৈ পূবে পাটলিপুত্ৰ, পশ্চিমবংগ, উৰিষ্যা পৰ্যন্ত কনিষ্কৰ ৰাজ্য বিস্তৃত আছিল। পশ্চিম ভাৰতৰ শক ক্ষত্ৰপ সকলে কনিষ্কৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিছিল বুলি কোৱা হয়। মধ্যভাৰত অৰ্থাত্‌ সাঁচী প্ৰভৃতি অঞ্চলটো কনিষ্কৰ আধিপত্য বিস্তাৰ হৈছিল। মধ্যভাৰতৰ হীৰাৰ খনি আছিল কনিষ্কৰ সম্পদৰ অন্যতম উত্‌স। ৰাজতৰংগিনীত উল্লেখ থকা মতে কশ্মীৰো কনিষ্কৰ ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। পঞ্জাৱ, সিন্ধু, গান্ধাৰ দেশ তেওঁৰ ৰাজ্যৰ ভিতৰত আছিল। ভাৰতৰ ভিতৰত কনিষ্কৰ ৰাজ্য পূবে সাৰনাথ, বাৰানসী, পশ্চিমে সিন্ধু উপত্যকা, দক্ষিণে সাঁচী আৰু উত্তৰে কাশ্মীৰ পৰ্যন্ত বিস্তৃত আছিল।

ভাৰতৰ বাহিৰত ৰাজ্য বিস্তাৰ

বৌদ্ধ গ্ৰন্থৰ চীনা অনুবাদকৰ পৰা জনা যায় যে কিছুদিনৰ কাৰণে তেওঁ পাৰ্থিয় অধিকাৰ কৰিছিল। দ্বিতীয় কদ্‌ফিসিসৰ দিনৰ পৰাই ব্যাকট্ৰিয়া কুষানসকলৰ অধীনত আছিল। সেই কাৰণে ব্যাকট্ৰিয়া কনিষ্কৰ অধীনতো আছিল।কাসগড়, খোটান, ইয়ৰখণ্ড কনিষ্কই জয় কৰিছিল। পূব তুৰ্কীস্থান অধিকাৰ কৰাৰ প্ৰশ্নটো লৈ চীন সম্ৰাটৰ সৈতে কনিষ্কৰ যুদ্ধ হয়। কিন্তু চীন সম্ৰাট হো-তিৰ সেনাপতি প্যান চাওৱে কনিস্কক শোচনীয় ভাবে পৰাজিত কৰে। কনিষ্কই হো-তিক কৰ দিবলৈ বাধ্য হয়। অৱশ্যে চীন সম্পৰ্কে কনিষ্কই কেনে নীতি গ্ৰহণ কৰিছিল সেই বিষয়ে নিৰ্ভৰযোগ্য ভাবে একো জনা নাযায়।

মধ্য এছিয়াত কনিষ্কৰ ৰাজ্য সীমা

ভাৰতৰ বাহিৰত কনিষ্কৰ ৰাজ্যৰ সীমা এইখিনি অঞ্চললৈকে বিস্তৃত আছিল –

(১) ব্যাকট্ৰিয়া অঞ্চল,

(২) তুৰ্কীস্থানৰ কিছু অংশ যেনে – খোটান, কাসগড়, ইয়ৰখণ্ড ,

(৩) পামীৰ অঞ্চল আৰু সিং কিয়াংৰ কিছু অংশ ,

(৪) সিস্থান বাদ দি আফগানিস্থান ।

এই বিশাল সাম্ৰাজ্যখন কনিষ্কই ক্ষত্ৰপ সকলৰ দ্বাৰা শাসন কৰোৱাইছিল। কনিষ্কৰ শাসনৰ বিশালতাৰ পৰা জনা যায় যে ৰাজ্যখনত বহু ভাষা-ভাষী আৰু বহুত জনগোষ্ঠীৰ মানুহ বাস কৰিছিল। সেই কাৰণে কনিষ্কই তেওঁৰ মুদ্ৰা আৰু লিপিত ব্যাকট্ৰীয় গ্ৰীক ভাষা ব্যৱহাৰ কৰিছিল।

বৌদ্ধধৰ্ম আৰু কনিষ্ক

কনিষ্কই বৌদ্ধধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল। তেওঁ অশ্বঘোষৰ পৰা বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল আৰু ৰাজধানী পুৰুষপুৰ বা পেছোৱাৰত চৈত্য নিৰ্মাণ কৰিছিল। এই চৈত্য তেওঁ মহাযান পন্থী বৌদ্ধ ভিক্ষুসকলক প্ৰদান কৰিছিল। গ্ৰীক স্থপতি এজেসিলাসে এই চৈত্যৰ আৰ্হি প্ৰস্তুত কৰিছিল। অৱশ্যে কনিষ্কই কেতিয়া বৌদ্ধধৰ্ম গ্ৰহণ কৰিছিল সেই বিষয়ে সঠিককৈ জনা নাযায়। কনিষ্কই বৌদ্ধধৰ্ম প্ৰচাৰৰ কাৰণেও বিশেষ যত্ন লৈছিল। তেওঁৰ ৰাজত্বকালতে চতুৰ্থ বৌদ্ধ মহামেল অনুষ্ঠিত হৈছিল। এই বৌদ্ধ মহামেলৰ উদ্দেশ্য আছিল বৌদ্ধ ধৰ্মৰ বিভিন্ন গোষ্ঠীৰ মাজত থকা পাৰ্থক্যবোৰ আঁতৰাই সৰ্বসন্মত গৃহীত এটা আচাৰ পদ্ধতি উদ্ভাৱন কৰা। বিখ্যাত পণ্ডিত অশ্বঘোষ আৰু পাৰ্শ্বই বৌদ্ধ ত্ৰিপিটকৰ সম্পাদনা আৰু টীকা ৰচনা কৰে। কনিষ্কৰ দিনত অনুষ্ঠিত হোৱা বৌদ্ধ মহামেলতে মহাযান বৌদ্ধধৰ্মৰ উদ্ভৱ ঘটে। মহাযান ধৰ্মৰ মূল কথা হ’ল ব্যক্তিৰ মুক্তিৰ পৰিৱৰ্তে সমষ্টিৰ মুক্তিৰ বিষয়ে চিন্তা কৰা। সেই কাৰণেই এই পন্থাক মহাযান বুলি কোৱা হয়। মহাযান পন্থাত বৌদ্ধৰ মূৰ্তি পূজাই স্থান পায়। কনিষ্কই মহাযান ধৰ্মক ভৰতৰ বাহিৰত প্ৰচাৰ কৰিবলৈকো বিশেষ ব্যৱস্থা গ্ৰহণ কৰে। মহাযান ধৰ্মই মধ্য এছিয়া, চীন, জাপান, কোৰিয়ালৈকে বিস্তৃতি লাভ কৰে। কনিষ্কৰ দিনতে বুদ্ধৰ মূৰ্তিক কেন্দ্ৰ কৰি গান্ধাৰ শিল্পৰ বিকাশ ঘটে। ধ্যানস্থ বুদ্ধৰ মূৰ্তি গ্ৰীক দেৱতা এপলৰ আংগিকত নিৰ্মাণ কৰা হয়। এই গান্ধাৰ শিল্পৰ প্ৰধান কেন্দ্ৰ আছিল মথুৰা। পেছোৱাৰত নিৰ্মাণ কৰা বৌদ্ধ বিহাৰৰ উপৰিও তক্ষশীলা, মথুৰা আৰু কাশ্মীৰতো কনিষ্কই বহুত চৈত্য নিৰ্মাণ কৰিছিল।

কনিষ্কৰ কৃতিত্ব

আৰ.চি. মজুমদাৰে কৈছে –“ The kushan emperor is probably the familiar figure in ancient India after Asoka .” কনিষ্কৰ গাত চন্দ্ৰগুপ্ত মৌৰ্যৰ সামৰিক ক্ষমতা আৰু অশোকৰ ধৰ্মানুৰক্তিৰ সমন্বয় সাধন হৈছিল। কনিষ্কই নিজ বাহুবলেৰে মধ্য এছিয়া সহ এখন বিশাল সাম্ৰাজ্য গঢ়ি তুলিবলৈ সক্ষম হৈছিল। তেওঁৰ আগতে কোনো ভাৰতীয় ৰজাৰ পক্ষে ইমান এখন বিশাল সাম্ৰাজ্য গঢ়ি তোলা সম্ভৱপৰ হোৱা নাছিল। কনিষ্কই তেওঁৰ ৰাজ্যখনত মথুৰা, তক্ষশীলা, উজ্জয়িনী, বাৰানসী প্ৰভৃতি ভালেমান সমৃদ্ধিশালী চহৰ গঢ়ি তুলিছিল। অন্তৰ্বাণিজ্য আৰু বহিৰ্বাণিজ্যৰ বিশেষ উন্নতি সাধন হোৱাৰ কাৰণে কনিষ্কৰ ৰাজ্য সমৃদ্ধিশালী আছিল। চীন আৰু ৰোমৰ সৈতে বাণিজ্যিক যোগাযোগ স্থাপিত হৈছিল। বৌদ্ধধৰ্মৰ মাজত ঐক্য আৰু এই ধৰ্ম প্ৰসাৰৰ বাবে কনিষ্ক যত্নবান হৈছিল। তেওঁৰ দিনত বৌদ্ধধৰ্ম ১৮ টা সম্প্ৰদায়ত বিভক্ত আছিল আৰু সম্প্ৰদায়সমূহৰ মাজত থকা বিৰোধে বৌদ্ধধৰ্ম দুৰ্বল কৰি পেলাইছিল। সেইকাৰণে তেওঁ বৌদ্ধ মহামেল আহ্বান কৰি ধৰ্মীয় তত্বৰ বিৰোধবিলাক আঁতৰাই সৰ্বসন্মত গৃহীত এটা সিদ্ধান্তলৈ আহিবলৈ প্ৰচেষ্টা হাতত লয়। কনিষ্কই এই নৱগঠিত মহাযান ধৰ্মক প্ৰচাৰ কৰিবৰ কাৰণে সক্ৰিয় ব্যৱস্থা হাতত লয়। কনিষ্কৰ যত্নৰ ফলতেই চীন আৰু পূব এছিয়াত বৌদ্ধধৰ্মৰ বিস্তাৰ হয়। কনিষ্ক কেৱল এজন বিজেতা বা ধৰ্মানুৰাগী ৰজাই নাছিল। তেওঁ শিক্ষা, শিল্প, সাহিত্যৰো পৃষ্ঠপোষক আছিল। তেওঁৰ দিনত গান্ধাৰ শিল্পৰ বিকাশ ঘটে। উত্তৰ পশ্চিম বা গান্ধাৰ অঞ্চল এই শিল্পৰ কেন্দ্ৰ আছিল এই শিল্পক গান্ধাৰ শিল্প বুলি কোৱা হয়। গ্ৰীক আৰু ভাৰতীয় ৰীতিৰ সংমিশ্ৰণত বুদ্ধ মূৰ্তি নিৰ্মাণ কৰা হৈছিল। গান্ধাৰ শিল্পৰ সমান্তৰালভাৱে ব্যাকট্ৰিয় শিল্প ৰীতিও উদ্ভৱ হৈছিল। এই শিল্প ৰীতি গান্ধাৰ শিল্প ৰীতিৰ পৰা কিছু পৃথক আছিল। ব্যাকট্ৰিয় ৰীতিত মূৰ্তিৰ চুলিবোৰ কেঁকোৰা-কেকুৰিকৈ দিয়া হৈছিল। কনিষ্কৰ দিনত সংস্কৃত সাহিত্যৰ উন্নতি হৈছিল। সাহিত্য আৰু ধৰ্মপ্ৰচাৰৰ কাৰণে কথ্য ভাষ্য প্ৰাকৃতক বাদ দি তেওঁ সংস্কৃত ভাষাক মাধ্যম হিচাপে গ্ৰহণ কৰিছিল। এওঁৰ ৰাজত্ব কালত ভালেমান লব্ধ প্ৰতিষ্ঠ লিখকে ভালেমান গ্ৰন্থ সংস্কৃত ভাষাত ৰচনা কৰিছিল। কনিষ্কৰ ৰাজসভাত সংস্কৃত ভাষাৰ কবি আছিল মাতৃচেত। অশ্বঘোষে যুদ্ধচৰিত আৰু কুমাবলতাই সূত্ৰালংকাৰ গ্ৰন্থ ৰচনা কৰিছিল। নাগাৰ্জুন তেওঁৰ ৰাজত্ব কালৰ আন এজন দাৰ্শনিক পণ্ডিত আছিল। এওঁৰ ৰাজসভাত ভালেমান গুণী ব্যক্তিৰ যেনে – অশ্বঘোষ, ৰাষ্ট্ৰনীতিবিদ মাথব, বৌদ্ধপণ্ডিত বসুমিত্ৰ, বৈদ্যশাস্ত্ৰ বিদ চৰক, গ্ৰীক স্থপতি এজেচিলাস আদিৰ সমাবেশ ঘটিছিল। শৰীৰ বিদ্যা আৰু শৈল্য বিদ্যাৰো তেওঁৰ দিনত উন্নতি হৈছিল। “Kaniska is indoubtably the most striking figure among the kushan kings of India. A great conqueror and a Patron of Buddhism he combined in himself the military ability of Chandragupta Maurya and the religious zeal of Asoka.” (History of Ancient India – R.S. Tripathi)

কনিষ্কৰ পৰৱৰ্তী ৰজাসকল

বশিষ্ক

সমসাময়িক লিপিৰ পৰা জনা যায় যে কনিষ্কৰ পিছত বশিষ্ক সিংহাসনত বহে। অৱশ্যে এই সময়তে বাজিষ্ক আৰু জুষ্ক নামৰ আৰু দুজন ৰজাৰ নাম পোৱা যায়। বহুতে বশিষ্ক, বাজিষ্ক আৰু জুষ্ক একেজন ব্যক্তিয়েই আছিল বুলি মত প্ৰকাশ কৰিছিল। বশিষ্কৰ ৰাজধানী আছিল মথুৰা।

হুবিষ্ক

হুবিষ্কই ‘মহাৰাজ ৰাজাধিৰাজ দেৱপুত্ৰ’ উপাধি গ্ৰহণ কৰিছিল। আফগানিস্থান এওঁৰ ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। কনিষ্কৰ দৰেই এওঁ বৌদ্ধধৰ্মৰ পৃষ্ঠপোষক আছিল আৰু বৌদ্ধ বিহাৰ নিৰ্মাণ কৰাইছিল। হুবিষ্কৰ মুদ্ৰাৰ ওপৰত পাৰ্চী, ভাৰতীয় আদি বিভিন্ন দেশীয় দেৱমূৰ্তিৰ ছাপ আছিল। হুবিষ্ক বিষ্ণু উপাসক আছিল যদিও অন্য ধৰ্মৰ প্ৰতিও তেওঁ সহনশীল আছিল।

দ্বিতীয় কনিষ্ক

দ্বিতীয় কনিষ্ক আছিল বশিষ্কৰ পুতেক। তেওঁ কিছুদিন হুবিষ্কৰ সৈতে যুটীয়াভাবে শাসন কৰিছিল। দ্বিতীয় কনিষ্কই ‘কাইজাৰ’ উপাধি গ্ৰহণ কৰিছিল। ইয়াৰ দ্বাৰা ৰোমৰ প্ৰভাৱ পৰিলক্ষিত হৈছে।

বাসুদেব

দ্বিতীয় কনিষ্কৰ পিছৰ জন ৰজা আছিল বাসুদেব। এওঁ শিৱ উপাসক আছিল। বাসুদেব আছিল ভাৰতীয়। বুৰঞ্জীবিদ সকলে কয় যে ক্ৰমবৰ্দ্ধমান গতিত কুষানসকল যে ভাৰতীয় হৈ পৰিছিল বাসুদেব নামটোৱে সেই কথা প্ৰমাণ কৰে। তেওঁ ১৪২ খ্ৰী:ত ৰাজত্ব কৰিছিল।

বাসুদেবৰ পিছত কুষান সকলৰ প্ৰাধান্য লোপ পাই আহে। কুষান সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত বিভিন্ন অংশ স্থানীয় শাসকসকলে অধিকাৰ কৰি লয়। পশ্চিম ভাৰতৰ শক ক্ষত্ৰপ সকলেও স্বাধীনতা ঘোষণা কৰিছিল। অৱশ্যে উত্তৰ-পশ্চিম ভাৰতত কুষান সাম্ৰাজ্য তেতিয়াও বৰ্তি আছিল। গুপ্ত যুগত ‘দেৱপুত্ৰ শাহী’ ‘শাহানশাহী’ উপাধিধাৰী এজন কুষান ৰজাৰ নাম পোৱা যায়। খৃষ্টীয় পঞ্চম শতিকাত হুনসকলে কুষান সাম্ৰাজ্য আক্ৰমণ কৰিছিল। সপ্তম শতাব্দীত আৰব সকলে কুষান সকলক আক্ৰমণ কৰিছিল।

কুষান যুগৰ গুৰুত্ব

কুষান যুগ ভাৰতীয় ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ যুগ। মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পিছত ভাৰতৰ ৰাজনৈতিক ইতিহাসত এটা উশৃংখলতাই দেখা দিছিল। এই উশৃংখলতা আঁতৰ কৰি কুষানসকলে উত্তৰ ভাৰতৰ অধিকাংশ ঠাই নিজৰ অধীনলৈ আনি ৰাজনৈতিক শৃংখলা স্থাপন কৰিছিল আৰু গংগা-যমুনা উপত্যকাৰ পৰা পশ্চিম ভাৰত হৈ মধ্য এছিয়ালৈকে এই কুষান সাম্ৰাজ্য বিস্তাৰ হৈ পৰিছিল। ইউফ্ৰেটিস হৈ গংগা নদী পৰ্যন্ত গোটেই অঞ্চল কুষান শাসনৰ অধীনলৈ অহাত এটা মিশ্ৰিত সভ্যতা সংস্কৃতিৰ উদ্ভৱ হৈছিল। গান্ধাৰ শিল্পই এই মিশ্ৰিত সভ্যতাৰ সাক্ষ্য বহন কৰিছিল। ভাৰতলৈ প্ৰসাৰিত হোৱাৰ আগতে কুষান সাম্ৰাজ্য মধ্য এছিয়াৰ ব্যাকট্ৰিয়া, পাৰ্থিয়া, কাসগড়, খোটান, পামীৰ মালভূমি পৰ্যন্ত বিস্তৃত আছিল। কুষান সাম্ৰাজ্যৰ এই বৈদেশিক চৰিত্ৰ আছিল বা কুষান সাম্ৰাজ্যৰ প্ৰাণকেন্দ্ৰ ব্যাকট্ৰিয়া আছিল যদিও পিছলৈ এই সাম্ৰাজ্যৰ ভাৰতীয়কৰণ হৈছিল। কাৰণ এই বংশৰ ৰজা কনিষ্ক আছিল বৌদ্ধ উপাসক, বাসুদেব আছিল শিৱ উপাসক। আনহাতে কুষান যুগৰ মুদ্ৰাত যেনেকৈ দেৱতা হেৰাক্লেস, হেলিয়াস আদিৰ মূৰ্তি দেখা যায়, তেনেকৈ শিৱ, কাৰ্তিকৰ মূৰ্তিও দেখা যায়। গান্ধাৰ শিল্পৰ বিকাশৰ লগতে মথুৰা শিল্পৰো বিকাশ হয়। কুষান যুগত ধৰ্মশাস্ত্ৰ ৰচনা কৰাৰ ক্ষেত্ৰত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হয়। কুষানসকলে ভাৰতীয় সংস্কৃতিক নিজৰ কৰিবলৈ সেই সংস্কৃতিক ভাৰতৰ বাহিৰত প্ৰচাৰ কৰিবলৈ ব্ৰতী হৈছিল।

কুষান সাম্ৰাজ্যৰ পতনৰ কাৰণ

বাণিজ্যৰ ওপৰত ভিত্তি কৰি কুষান সাম্ৰাজ্যৰ সমৃদ্ধি গঢ় লৈ উঠিছিল। কিন্তু যেতিয়া স্থানীয় শক্তিবিলাকে বিদ্ৰোহ কৰি স্বাধীনতা ঘোষণা কৰিলে তেতিয়া কেন্দ্ৰীয় শক্তি দুৰ্বল হৈ পৰিল আৰু তাৰ ফলত বেহা-বেপাৰ কৰাৰ পৰিবেশ নোহোৱা হ’ল। এসময়ত মথুৰা, বাৰণসী, পেছোৱাৰ, তক্ষশীলা আদি ঠাইয়ে যি প্ৰসিদ্ধি লাভ কৰিছিল সেই প্ৰসিদ্ধি নষ্ট হ’ল। এখন ৰাষ্ট্ৰৰ শাসন নথকাত মাল সৰবৰাহত বাধাৰ সৃষ্টি হ’ল। ৰুদ্ৰদমনে সিন্ধু অঞ্চল দখল কৰি লোৱাৰ কাৰণে সেই অঞ্চলৰ বন্দৰবোৰত কুষানসকলে অধিকাৰ হেৰুৱাই পেলায় তদুপৰি আৰব আৰু ৰোমৰ বণিকসকলে পালতৰী দিয়া নাৱেৰে মৌচুমী বায়ুৰ গতি নিৰীক্ষণ কৰি পোনে পোনে দক্ষিণ ভাৰত পোৱাৰ সুবিধা কৰি লোৱাত কুষান অধিকৃত সিন্ধু বন্দৰৰ গুৰুত্ব হ্ৰাস পায়। ইতিমধ্যে সাসানীয় শক্তি উত্তৰ-পশ্চিম ভাৰতত বিস্তৃত হৈ পৰাৰ কাৰণে মধ্য এছিয়াৰ সৈতে কুষান সাম্ৰাজ্যৰ স্থল-বাণিজ্য নষ্ট হয়। অন্তৰ্বিদ্ৰোহ কুষান সাম্ৰাজ্যৰ পতনৰ আন এটা কাৰণ। উত্তৰ-প্ৰদেশৰ নাগ আৰু মাঘবংশীয় ৰজাসকলে, পঞ্জাৱৰ বৌধেয়, ৰাজপুতনাৰ মালৱ, উত্তৰ-পশ্চিমৰ কাক, খৰপাৰিক, অৰ্জুনায়ন প্ৰভৃতি উপজাতি সকলৰ বিদ্ৰোহে কুষান সাম্ৰাজ্য ধ্বংস কৰে। ইতিমধ্যে শক ক্ষত্ৰপসকলে স্বাধীনতা ঘোষণা কৰে। এই ৰাজনৈতিক অৱস্থাৰ সুযোগ লৈ সাসানীয়সকলে কুষান সাম্ৰাজ্য আক্ৰমণ কৰে আৰু এই সাম্ৰাজ্যৰ পতন ঘটায়।

উৎস:  ভাৰত বুৰঞ্জী

শেহতীয়া উন্নীতকৰণ: : 4/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate