অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

১৮৫৭ খ্ৰীষ্টাব্দৰ পিছত নৱভাৰতৰ বিকাশ ধৰ্মীয় আৰু সামাজিক সংস্কাৰসমূহ

১৮৫৭ খ্ৰীষ্টাব্দৰ পিছত নৱভাৰতৰ বিকাশ ধৰ্মীয় আৰু সামাজিক সংস্কাৰসমূহ

পটভূমি

ঊনবিংশ শতিকাত ভাৰতত পশ্চিমীয়া শিক্ষাৰ যথেষ্ট প্ৰসাৰ ঘটে। সেই পশ্চিমীয়া শিক্ষাৰ পোহৰে বহু ভাৰতীয় মানুহৰ মন অধিক মুকলি কৰি তোলে। ফলত ভাৰতীয় মানুহৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰো বহু সাল-সলনি ঘটিবলৈ ধৰে। পশ্চিমৰ উদাৰ যুক্তিবাদী চিন্তাধাৰাৰে নতুনকৈ শিক্ষিত হোৱা ভাৰতীয়ৰ মনত নতুন আশাৰ সঞ্চাৰ ঘটে। ফলত যুগ যুগ ধৰি চলি অহা পৰম্পৰা ৰীতি-নীতি, অন্ধবিশ্বাস, গোড়ামী, জাতিভেদ প্ৰথাৰ কু-নিয়মবোৰ পশ্চিমীয়া শিক্ষা ব্যৱস্থাৰ প্ৰভাৱত দূৰ হোৱাৰ উপক্ৰম হ’ল। ধৰ্মৰ নামত ব্যক্তিৰ যি এটা অমানৱীয় অস্তিত্ব ভাৰতীয় সমাজ ব্যৱস্থাৰ অন্তৰ্গত কথা হৈ পৰিছিল সি বাৰুকৈ সমালোচনাৰ সন্মুখীন হ’ল। অস্পৃশ্যতাৰ নিচিনা সামাজিক কু-প্ৰথাই বহু যুগ ধৰি ভাৰতীয় সমাজক কলুষিত কৰি ৰাখিছিল। ধৰ্ম শাস্ত্ৰ অধ্যয়নৰ অধিকাৰৰপৰা সমাজৰ তলৰ শ্ৰেণীৰ লোকক সততে বঞ্চিত কৰি ৰখা হৈছিল। বিবেকৰদ্বাৰা পৰিচালিত হোৱাৰ সলনি মানুহ যন্ত্ৰৱত্‌ অনুশাসনৰদ্বাৰাহে পৰিচালিত হৈছিল। সমাজত নাৰীৰ পদ মৰ্যাদা অতি তলত ৰখা হৈছিল। ধৰ্মৰ আমত বহু কদৰ্য অনাচাৰ চলিছিল। পৌত্তলিকতা অতি সাধাৰণ কথা আছিল। সামাজিক বিভেদতাৰ ব্যাধিয়ে ভাৰতীয় লোকক একৰকম পংগু কৰি তুলিছিল। গতিকে তেনে স্থবিৰ আৰু পিছপৰা সমাজ এখনত নতুন যুগৰ পোহৰ বিলোৱা এক বাস্তৱ প্ৰয়োজন হৈ পৰিছিল। ইষ্ট-ইণ্ডিয়া কোম্পানীৰ ৰাজত্ব দৃঢ় হৈ অহাৰ লগে লগে পশ্চিমীয়া শিক্ষাই ভাৰতত গা কৰি উঠে। পশ্চিমৰ যুক্তিবাদী চিন্তাধাৰাৰে পুৰঠ হৈ উঠা বহু ভাৰতীয় লোকে ধৰ্মীয় আৰু সামাজিক সংস্কাৰৰ হকে কাম কৰিবলৈ আগবাঢ়ি আহে। তেওঁলোকে ইউৰোপীয় শিল্প, সাহিত্য, দৰ্শন, বিজ্ঞান, যুক্তিনিষ্ঠতা, মানৱতা, ব্যক্তি স্বাতন্ত্ৰ্যবাদ, স্বাধীনতা প্ৰীতি, প্ৰকৃতিবাদ,কৰ্মনিষ্ঠ আদি আধুনিক যুগৰ বহু কথাৰ সমাদৰ কৰিবলৈ লয়। আধুনিক যুগৰ পোহৰ দেখা তেনে এচাম লোকৰ মনত ভাৰতীয় ধৰ্ম, আচাৰ-অনুষ্ঠান, সাহিত্য, শিল্প-বাণিজ্য, শিক্ষা, সমাজ, অৰ্থনীতি, ৰাজনীতি, বিচাৰ-বিশ্লেষণ কৰি প্ৰকৃত আত্মপ্ৰকাশৰ এক প্ৰবল আকাংক্ষা জাগি উঠে। তাৰে ফলশ্ৰুতি হিচাপে ভাৰতত ঊনবিংশ শতিকাত এক নৱোন্যাসৰ আৰম্ভণি হয়। আধুনিক ভাৰতৰ জন্মদাতাসকলৰ ভিতৰত ৰাজা ৰামমোহন ৰায়ৰ নাম সৰ্বপ্ৰথমে লব লাগিব। ৰামমোহনে ভাৰতীয় সমাজত ৰাজনৈতিক, সামাজিক, ধৰ্মীয় চেতনা জগাই তুলিবলৈ চেষ্টা কৰাৰ ফলত এক শুভ প্ৰতিক্ৰিয়াৰ যুগ আৰম্ভ হয়। সেয়েহে ভাৰতীয় নৱজাগৰণৰ বাটকটীয়া হিচাপে তেখেতৰ নাম চিৰস্মৰণীয়। ঠিক তেনেধৰনে ন্যায়মূৰ্তি মহাদেৱ গোবিন্দ ৰাণাডে, স্বামী দয়ানন্দ সৰস্বতী, পণ্ডিত ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰ, ব্ৰহ্মানন্দ কেশৱ চন্দ্ৰ সেন, ৰামকৃষ্ণ পৰমহংস, স্বামী বিবেকানন্দ প্ৰমুখ্যে মহান ভাৰতীয় সমাজ সংস্কাৰক সকলৰ অৱদানৰ মাজেদি আধুনিক ভাৰতৰ জন্ম হ’ল বুলিব পাৰি। এইসকল প্ৰাত:স্মৰণীয় ব্যক্তিৰ উপৰিও ঊনবিংশ শতিকাত ভাৰতৰ বহু প্ৰান্তত বিভিন্ন সংস্কাৰক তথা ভৱিষ্যত্‌ দ্ৰষ্টাৰ গঠনমূলক কামে ভাৰতীয় নৱজাগৰণক খৰতকীয়া কৰি তোলে। ঊনবিংশ শতিকাত ভাৰতৰ বিভিন্ন প্ৰান্তত ভালেমান স্বেচ্ছাসেৱী সংগঠনে ধৰ্মীয় আৰু সামাজিক সংস্কাৰৰ কাম হাতত লৈছিল। ধৰ্মীয়, অন্ধবিশ্বাস, সামাজিক কুসংস্কাৰ, পৌত্তলিকতাৰ সলনি একেশ্বৰবাদী বেদান্ত দৰ্শনৰ কথা উপলব্ধি কৰোৱা, নাৰীৰ নায্য অধিকাৰ তথা সামাজিক সন্মান সুপ্ৰতিষ্ঠিত কৰা, নাৰীমুক্তি আন্দোলনক সমৰ্থন দিয়া, সামাজিক সাম্য প্ৰতিষ্ঠা, বৰ্ণভেদৰ বিৰোধিতা, সকলোৰে বাবে শিক্ষা আদিক সুনিশ্চিত কৰাই স্বেচ্ছাসেৱী সংগঠনসমূহৰ উমৈহতীয়া সংস্কাৰ কাৰ্যসূচী হৈ পৰিছিল। সতীদাহ নিবাৰণ, শিশুবধ আৰু নৰবলি দিয়া প্ৰথা বন্ধ কৰা, বাল্য বিবাহৰ প্ৰতিৰোধ, বিধৱা বিবাহৰ প্ৰচলন, স্ত্ৰী শিক্ষাৰ প্ৰসাৰ, ইংৰাজী ভাষা শিকাত উদ্‌গনি দিয়া, মানৱ সেৱা ধৰ্ম আচৰণ কৰিবলৈ শিকোৱা, নাৰী পুৰুষৰ সম অধিকাৰ সাব্যস্ত, সাম্প্ৰদায়িক সম্প্ৰীতি বঢ়োৱা, দাস প্ৰথাৰ বিলোপ ঘটোৱা, ভাতৃত্বৰ ভাৱ জগাই তোলা আদি প্ৰগতিশীল ব্যৱস্থাৱলীৰ যোগেদি ভাৰতত এক নতুন যুগৰ পাতনি মেলা হৈছিল। ভাৰতীয় পুনৰ জাগৰণৰ অন্তৰ্গত ধৰ্মীয় সংস্কাৰ আন্দোলনৰ ক্ষেত্ৰত ব্ৰাহ্ম সমাজ, প্ৰাৰ্থনা সমাজ ,আৰ্য সমাজৰ ভূমিকা বিশেষভাৱে মন কৰিবলগীয়া।

  • ব্ৰাহ্মসমাজ :

ভাৰতীয় ধৰ্ম সংস্কাৰ আন্দোলনৰ কথা কবলৈ যাওঁতে ব্ৰাহ্মসমাজৰ বিষয়ে কিছু আলোচনাৰ দৰকাৰ হয়। ৰাজা ৰামমোহন ৰায়ৰ চেষ্টাত ১৮২৮ খ্ৰী:ত কলিকতাত ব্ৰাহ্মসমাজ প্ৰতিষ্ঠিত হয়। ১৮৩৩ খ্ৰী:ত ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু হয়। তেওঁৰ পিছত যথাক্ৰমে মহৰ্ষি দেবেন্দ্ৰ নাথ ঠাকুৰ, ব্ৰহ্মানন্দ কেশৱ সেন, পণ্ডিত শিৱনাথ শাস্ত্ৰী আদিয়ে ব্ৰাহ্মসমাজ পৰিচালনা কৰে। ব্ৰাহ্মসমাজৰ প্ৰভাৱ অসময়ত ভাৰতৰ চাৰিওদিশতে পৰে। ১৮৬৬ ৰ পৰা ১৮৭৮ খ্ৰী:ৰ ভিতৰত মূল ব্ৰাহ্মসমাজ ‘আদি ব্ৰাহ্মসমাজ’, ‘ভাৰতৰ ব্ৰাহ্ম সমাজ’ আৰু ‘সাধাৰণ ব্ৰাহ্মসমাজ’ হিচাপে তিনিভাগ হৈ পৰে।

  • ব্ৰাহ্মসমাজৰ অৱদান :

ব্ৰাহ্মসমাজে ধৰ্মীয় আৰু সামাজিক এই দুয়ো দিশৰে সংস্কাৰ বিচাৰিছিল। হিন্দু ধৰ্মৰ নামত আড়ম্বৰপূৰ্ণ কৰ্মকাণ্ডৰ সলনি বেদান্ত দৰ্শনৰ একেশ্বৰবাদ মানি মাথো উপাসনা কৰা, মূৰ্তি পূজা বাদ দিয়া, বৰ্ণভেদৰ বিৰোধিতা, অন্ধবিশ্বাস আৰু কু-প্ৰথাৰ বিলোপ ঘটোৱা, সকলোৰে মাজত শিক্ষাৰ পোহৰ বিলোৱা, মহিলাৰ সামাজিক মৰ্যাদা উন্নত কৰা, সামাজিক সাম্য, যুক্তিবাদী সমাজ, মানৱতা, ব্যক্তি স্বাধীনতা আদিৰ হকে ঠিয় দি ব্ৰাহ্ম সমাজে ভাৰতীয় সমাজত এক আলোড়নৰ সৃষ্টি কৰিছিল। তাৰ উপৰিও হিন্দু সমাজত বহু বিবাহৰ বিৰোধিতা কৰা, বিধবা বিবাহৰ সমৰ্থন, পৰ্দা প্ৰথাৰ বিলুপ্তি ঘটোৱা, বাল্য বিবাহ বন্ধ কৰা, স্ত্ৰী শিক্ষাৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়োৱা আদি কাৰ্যসূচীৰে ব্ৰাহ্ম সমাজে ভাৰতত এখন প্ৰগতিশীল সমাজ গঢ়াৰ চেষ্টা কৰিছিল।

  • প্ৰাৰ্থনা সমাজ :

ব্ৰাহ্ম সমাজৰ আদৰ্শ বিলোৱাৰ উদ্দেশ্যৰে কেশৱ চন্দ্ৰ সেনে ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰে। ব্ৰহ্মানন্দ কেশৱ চন্দ্ৰ সেনৰ দ্বাৰা পৰিচালিত ব্ৰাহ্ম সমাজৰ প্ৰেৰণাৰে ১৮৬৭ খ্ৰী:ত মহাৰাষ্ট্ৰত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠিত হয়। আত্মাৰাম পাশুৰাংগ নামৰ এজন মহাৰাষ্ট্ৰীয় সমাজ সেৱকৰ উদ্যোগত প্ৰাৰ্থনা সমাজ গঢ়ি উঠে। আত্মাৰাম পাশুৰাংগৰ উপৰিও ন্যায়মূৰ্তি মহাদেৱ গোবিন্দ ৰাণাডে, আৰ. জি. ভাণ্ডাৰকাৰ প্ৰাৰ্থনা সমাজৰ অন্যতম গুৰি ধৰোঁতা আছিল। ঈশ্বৰৰ উপাসনা আৰু সমাজ সংস্কাৰ এই দুটা দিশত নিজ কাৰ্যসূচী সীমাবদ্ধ ৰাখি আগবাঢ়ি যোৱাই প্ৰাৰ্থনা সমাজৰ লক্ষ্য আছিল। হিন্দু সমাজতে থাকি কেনেকৈ নামদেৱ, তুকাৰাম, ৰামদাস আদি সন্ত মহাপুৰুষসকলৰ অমৰ শিকনি পালন কৰি মানৱ সমাজৰ কল্যাণ সাধিব পাৰি তাকেই প্ৰাৰ্থনা সমাজৰ গুৰি ধৰোঁতা সকলে প্ৰচাৰ কৰিছিল।

  • প্ৰাৰ্থনা সমাজৰ অৱদান :

ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্দ্ধত মহাৰাষ্ট্ৰৰ এনে এটা আৰ্থ-সামাজিক আৰু সাংস্কৃতিক দিশ নাই য’ত গোবিন্দ ৰাণাডেৰ ভূমিকা নাছিল। ৰাণাডেৰ মহান চেষ্টাতে ১৮৮৪ খ্ৰীৰ্ত ‘ডেক্কান এডুকেচন ছছাইটি’ প্ৰতিষ্ঠিত হয়। সেইধৰণে ১৮৬১ খ্ৰী:ত তেওঁৰ চেষ্টাতে ‘বিধবা বিবাহ সমিতি’ স্থাপিত হৈছিল। এইবোৰ স্বেচ্ছাসেৱী সংগঠনৰ প্ৰভাৱ একালত সমগ্ৰ দাক্ষিণাত্যত প্ৰবল হৈ পৰে। জাতিভেদ প্ৰথা দূৰ কৰা, বিধৱা বিবাহ প্ৰচলন, স্ত্ৰী শিক্ষাৰ প্ৰসাৰ, পৰ্দা প্ৰথা দূৰ কৰা, বাল্য-বিবাহ বন্ধ কৰা আদি সমাজ সংস্কাৰক কাৰ্যসূচীৰ ৰূপ দিয়াই প্ৰাৰ্থনা সমাজৰ মূল লক্ষ্য আছিল। সামাজিক, অৰ্থনৈতিক, ধৰ্মীয়, শিক্ষা এই সকলো দিশতে সামগ্ৰিক সংস্কাৰ সাধন কৰি এক প্ৰগতিশীল ভাৰতীয় সমাজ গঢ়ি তোলাৰ বাবে প্ৰাৰ্থনা সমাজৰ অনুগামীসকল কৃত সংকল্প আছিল। প্ৰাৰ্থনা সমাজৰ উদ্যোক্তাসকলৰ জীৱনৰ ব্ৰত আছিল সততে সামাজিক গঠনমূলক কৰা। মহাৰাষ্ট্ৰীয় লোকৰ উপৰিও তেলেগু ভাষীসকলৰ মাজতো প্ৰাৰ্থনা সমাজৰ আদৰ্শই সমাদৰ লাভ কৰিছিল। প্ৰাৰ্থনা সমাজে নাৰী আৰু শিশু কল্যাণৰ হকে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি মহাৰাষ্ট্ৰত এক প্ৰগতিশীল যুগৰ পাতনি মেলে। শিশু সদন, অনাথ আশ্ৰম, বিধৱা আশ্ৰম, চিকিত্‌সালয় আদি প্ৰতিষ্ঠা কৰি প্ৰাৰ্থনা সমাজে প্ৰকৃত সমাজ উন্নয়নৰ কাম কৰি দেখুৱাব পাৰিছিল।

  • ৰামকৃষ্ণ মিছন :

ঊনবিংশ শতিকাৰ ভাৰতত যি ধৰ্মীয় সংস্কাৰ আন্দোলন হৈছিল তাৰ চুড়ান্ত পৰিণতি হিচাপে ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠাৰ কথা কব লাগিব। ৰামকৃষ্ণ পৰমহংস আদিতে গদাধৰ চট্টোপাধ্যায় নামেৰে জনাজাত আৰু বিশেষ লিখা পঢ়া জনা মানুহ নাছিল। কিন্তু আধ্যাত্মিক দিশত চৰম উন্নতি লাভ কৰি তেওঁ মহাপুৰুষ হয়। যৌগিক শক্তি আৰু ধ্যান মাৰ্গৰ যোগেদি চৰম উত্‌কৰ্ষতা লাভ কৰি সহজ সৰলভাৱে ভগৱত্‌ তথা মানৱ প্ৰেমৰ কথা কৈ পৰমপুৰুষ ৰামকৃষ্ণ পৰমহংসই এক নব্য হিন্দু ধৰ্মৰ জোৱাৰ আনিছিল। ৰামকৃষ্ণ পৰমহংসৰ আধ্যাত্মিক বিশ্বজনীনতাই ভাৰতীয় সমাজত এক নতুন চেতনাৰ সঞ্চাৰ কৰিছিল।পৰমহংসই সততে সকলো ধৰ্মৰ সাৰমৰ্ম যে একেই তাকেই কৈছিল। ‘নৰনাৰায়ণৰ সেৱাই পৰম ধৰ্ম’ এয়ে আছিল পৰমহংসদেৱৰ মূল বাণী। ৰামকৃষ্ণ পৰমহংসই কলিকতাৰ দক্ষিণেশ্বৰৰ কালী মন্দিৰৰ কালী গোসানীতে জগতকৰ্তাৰ পূৰ্ণৰূপ দেখা পাইছিল। ৰামকৃষ্ণৰ শিকনিয়ে হিন্দু ধৰ্মৰ পুনৰুত্থানক এক নৈতিক অনুমোদন, দাৰ্শনিক ভিত্তি আৰু এক নতুন আধ্যাত্মিক বৈশিষ্ট্য প্ৰদান কৰে। তেওঁ আছিল মানুহৰ মহত্বত অটল বিশ্বাসী। হতাশাগ্ৰস্ত মানুহক আত্মবিশ্বাসৰ অগ্নিমন্ত্ৰৰে দীক্ষিত কৰাই তেওঁৰ লক্ষ্য আছিল। মানুহৰ অন্তৰ্নিহিত শক্তি জাগ্ৰত কৰাতো ৰামকৃষ্ণ পৰমহংসই সততে বিচাৰিছিল। ৰামকৃষ্ণই মানুহৰ শ্ৰেষ্ঠত্ব, নাৰীমুক্তি, সেৱাদৰ্শ আৰু মানৱ হিতৈষণাৰ বাণীকে প্ৰচাৰ কৰিছিল। প্ৰেম, শান্তি আৰু সহানুভূতিৰ আদৰ্শৰে মানৱজীৱন মহান কৰি তোলাৰ কথাকেই পৰমহংসই সততে কৈছিল। ৰামকৃষ্ণ পৰমহংসৰ সাৰ্থক উত্তৰাধিকাৰী, জ্বলন্ত দেশপ্ৰেম আৰু আত্মবিশ্বাসৰ মূৰ্ত প্ৰতীক আছিল স্বামী বিবেকানন্দ। দাৰিদ্ৰ্য, অস্পৃশ্যতা, নিৰক্ষৰতা, দাসত্ব, জাতিভেদ, নাৰী নিৰ্যাতন, পৰানুকৰণ, ধৰ্মীয় বিৰোধ আদি কথাবোৰৰ বিৰুদ্ধে মুক্ত কণ্ঠে তীব্ৰ বিষোদ্‌গাৰ কৰি বিবেকানন্দই সমগ্ৰ ভাৰতত নতুন জাগৰণৰ সৃষ্টি কৰে। বিদেশী শাসনৰ অধীনত নিৰ্যাতিত, টোপনিত লাল কাল হৈ পৰা, হীনমন্যতাত ভুগি থকা, মুমূৰ্ষ ভাৰতবাসীক জগাই তোলাই বিবেকানন্দৰ জীৱনৰ ব্ৰত আছিল। ভাৰত মুক্তিয়েই আছিল বিবেকানন্দৰ জীৱনৰ লক্ষ্য। মানুহ গঢ়ি তোলাৰ ধৰ্ম শিকিবলৈ স্বামী বিবেকানন্দই ১৮৯৭ খ্ৰী:ত ‘ৰামকৃষ্ণ মিছন’ প্ৰতিষ্ঠা কৰে। ইতিমধ্যে ৰামকৃষ্ণ পৰমহংসৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ১৮৮৭ খ্ৰী:ত বংগদেশৰ বৰাহ নগৰত প্ৰথম মঠ প্ৰতিষ্ঠা হৈছিল। স্বামী বিবেকানন্দৰ পূৰ্ণ বিশ্বাস আছিল যে নৱভাৰত গঢ়ি তুলিবলৈ হ’লে সমাজৰ ধনী-দুখীয়া, উচ্চ-নীচৰ ভেদাভেদ, অস্পৃশ্যতা, শোষণ ওফৰাই একমুঠ হৈ সমগ্ৰ দেশবাসী ঠিয় দিব লাগিব। ঐক্য, সংহতি, ধৰ্ম নিৰপেক্ষতাক বাদ দি মহান ভাৰত গঢ়িব পৰা অসম্ভৱ। প্ৰাচ্য-পাশ্চাত্য, প্ৰাচীন আৰু আধুনিক জীৱন দৰ্শনৰ মাজেদি নৱভাৰত সৃষ্টি সম্ভৱপৰ হ’ব। এয়ে আছিল বিবেকানন্দৰ বিশ্বাস।

  • ৰামকৃষ্ণ মিছনৰ অৱদান :

ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠাৰ মূলতে আছিল আধ্যাত্মিকতা আৰু মানৱ সেৱাৰ হকে কাম কৰিবলৈ এদল সেৱকৰ সৃষ্টি কৰা। ভাৰতীয় জাতি গঠনৰ বাবে যি চৰিত্ৰ, নিষ্ঠা, আচৰণ বিধি, গঠনমূলক কামৰ নেতৃত্ব আৰু প্ৰকৃত কৰ্ম দৰ্শন দৰকাৰ সেই প্ৰয়োজন পূৰণ কৰাই ৰামকৃষ্ণ মিছনৰ মুখ্য লক্ষ্য। ই কোনো ধৰ্ম প্ৰচাৰৰ সংগঠন নহয়। আতুৰ মানুহক সেৱা কৰা, শিক্ষানুষ্ঠান গঢ়ি তোলা, চিকিত্‌সালয় প্ৰতিষ্ঠা, স্বাস্থ্য সেৱা, দুৰ্যোগৰ সময়ত প্ৰয়োজনীয় সহায় কৰা, সমাজ সেৱা আদি ৰামকৃষ্ণ মিছনৰ মুখ্য কাৰ্যসূচী। বহিৰ্ভাৰততো ৰামকৃষ্ণ মিছনে কাম কৰি আহিছে। স্বেচ্ছাসেৱী অনুষ্ঠান হিচাপে ৰামকৃষ্ণ মিছনে মানৱ সেৱা তথা বিশ্ব মানৱতাৰ হকে কৰা কামবোৰ অতুলনীয়।

  • আৰ্য সমাজ :

স্বামী দয়ানন্দ সৰস্বতীয়ে ১৮৭৫ খ্ৰী:ৰ ১০ এপ্ৰিলত বোম্বাই বৰ্তমানৰ মুম্বাই চহৰত আৰ্যসমাজ আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰে। স্বামী দয়ানন্দৰ জন্ম হৈছিল গুজৰাটৰ মৰ্ভি ৰাজ্যৰ অন্তৰ্গত টনকাৰা নামৰ সৰু চহৰ এখনত। স্বামী দয়ানন্দই ব্ৰাহ্ম সমাজৰ গুৰি ধৰোঁতা কেশৱ চন্দ্ৰ সেনৰ সংস্পৰ্শলৈ আহি অনুপ্ৰাণিত হয়। স্বামী দয়ানন্দই ভাৰতৰ বিভিন্ন ঠাইত ঘূৰি আৰ্যসমাজৰ লক্ষ্য আৰু কাৰ্যসূচী জনসাধাৰণৰ আগত দাঙি ধৰে। পঞ্জাৱ, উত্তৰ প্ৰদেশ, ৰাজপুতনা আৰু গুজৰাটৰ জনসাধাৰণে স্বামী দয়ানন্দৰ প্ৰতি বিপুল সঁহাৰি জনায়। স্বামী দয়ানন্দই সত্যাৰ্থ প্ৰকাশ, বেদভাষ্য ভূমিকা আৰু বেদভাষ্য নামৰ তিনিখন বিখ্যাত পুথি লিখি গৈছে।

  • লক্ষ্য আৰু কাৰ্যসূচী :

ঊনবিংশ শতিকাৰ ভাৰতত ধৰ্মীয় আৰু সামাজিক সংস্কাৰৰ ক্ষেত্ৰত আৰ্য সমাজৰ ভূমিকা বিশেষ উল্লেখযোগ্য। স্বামী দয়ানন্দ সৰস্বতীয়ে মূৰ্তি পূজা, বহু বিবাহ, জাতি ভেদ আদিৰ তীব্ৰ বিৰোধিতা কৰিছিল। বেদৰ প্ৰাধান্য স্বীকাৰ কৰি হিন্দু সমাজৰ সংস্কাৰ সাধন কৰা আৰ্য সমাজৰ মূল লক্ষ্য আছিল। একেশ্বৰবাদ মানি চলা, সমাজত নাৰীৰ মৰ্যাদা উন্নত কৰা আৰু সুৰক্ষা দিয়া, বাল্য বিবাহ বন্ধ কৰা, বিধবা বিবাহ প্ৰচলন কৰা, জাতিভেদৰ গোড়ামি ত্যাগ কৰা, শিক্ষা বিস্তাৰৰ কাৰ্যসূচী লোৱা আদি প্ৰকৃত সংস্কাৰধৰ্মী আন্দোলন জগাই তোলাত আৰ্যসমাজ যথেষ্ট কৃতকাৰ্য হৈছিল। আৰ্য সমাজৰ আন এটি উল্লেখযোগ্য কাৰ্যসূচী আছিল ‘শুদ্ধি আন্দোলন’। অৰ্থাত্‌ বৈদিক প্ৰথাৰে আন মানুহকো সনাতন হিন্দু ধৰ্মৰ অনুগামী হিচাপে গ্ৰহণ কৰা। সনাতন হিন্দু ধৰ্মৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা আৰ্যসমাজী লোকসকলৰ অন্যতম লক্ষ্য বুলিব পাৰি। স্বামী শ্ৰদ্ধানন্দই ‘শুদ্ধি আন্দোলন’ ৰ গুৰি ধৰিছিল। আৰ্য সমাজৰ আদৰ্শই প্ৰধানকৈ পশ্চীমীয়া ব্যৱস্থাৰে শিক্ষিত এচাম বিশিষ্ট লোককহে আকৰ্ষিত কৰিছিল। আৰ্য সমাজৰ ব্যাপক প্ৰভাৱ প্ৰধানকৈ উত্তৰ ভাৰত আৰু পঞ্জাৱত পৰিছিল।

  • আৰ্য সমাজৰ অৱদান :

স্বামী দয়ানন্দ সৰস্বতীয়ে ধৰ্মীয় শিক্ষাৰ উপৰিও লোক হিতৈষণা কামতো যথেষ্ট গুৰুত্ব দিছিল। সামাজিক সেৱা হিচাপে দুৰ্ভিক্ষৰ সময়ত সাহায্য দান আৰু ইংৰাজী শিক্ষাৰ প্ৰসাৰৰ হকে কৰা কাম উল্লেখনীয়। স্বামী দয়ানন্দৰ অনুগামীসকল শাৰীৰিক, সামাজিক, আধ্যাত্মিক উন্নতি সাধিব পৰা কামত ব্ৰতী হৈছিল। তেওঁৰ উত্তৰাধিকাৰী লাল হন্সৰাজ, পণ্ডিত গুৰুদত্ত, লালা লাজপত্‌ ৰায়ৰ চেষ্টাত আৰ্য সমাজে ভাৰতীয় সমাজৰ উন্নতিকল্পে পশ্চিমীয়া শিক্ষা বিস্তাৰৰ বিভিন্ন কাৰ্যসূচী লৈছিল। ‘দয়ানন্দ এংগল’ চমুকৈ ‘ডি. এ. ভি.’ স্কুল আৰু কলেজ প্ৰতিষ্ঠা কৰি বৈদিক আদৰ্শ আৰু পশ্চিমীয়া যুক্তিবাদৰ সমন্বয় ঘটুৱাই ভাৰতীয় সমাজৰ এক নৱজাগৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত আৰ্য সমাজৰ ভূমিকা অতি প্ৰশংসনীয়। এই দিশৰপৰা বিচাৰ কৰিলে আৰ্য সমাজে ঊনবিংশ শতিকাৰ শেষভাগত ভাৰতত এক যুক্তিবাদী আন্দোলন গঢ়ি তোলাত ব্ৰাহ্ম সমাজতকৈ কিছু আগবাঢ়ি গৈছিল। হিন্দু সমাজৰ পুনৰ জাগৰনৰ কথাত আস্থা ৰাখি আৰ্য সমাজী সকলে বহু কাম কৰি গৈছে। সেই ধৰণে স্বামী শ্ৰদ্ধানন্দই বৈদিক আদৰ্শক সাৱটি লৈ হৰিদ্বাৰৰ ওচৰত গুৰুকুল কাংগাৰাই শিক্ষানুষ্ঠান গঢ়ি তোলাত নিজকে সমৰ্পিত কৰে। বৰ্তমান ই বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হৈছে। আৰ্য সমাজৰ ধৰ্মীয় আৰু সামাজিক সংস্কাৰৰ কাৰ্যসূচী প্ৰকৃত বৈদিক আৰ্থ সামাজিক আদৰ্শৰে পৰিপুষ্ট। এই স্বেচ্ছাসেৱী সংগঠনৰ বিভিন্ন কাৰ্যসূচীয়ে ভাৰতীয় নৱজাগৰণ গঢ়ি তোলাত যথেষ্ট বৰঙনি যোগাইছিল। ভাৰতীয় সভ্যতা সংস্কৃতিৰ বিশ্বজনীনভাৱ পুনৰ সজীৱ কৰি তোলাত আৰ্য সমাজে এক সাৰ্থক ভূমিকা লৈছিল। ঐতিহাসিক ড° অমলেশ ত্ৰিপাঠীৰ মতে ভাৰতত চৰমপন্থী ৰাজনীতি বিকাশত স্বামী দয়ানন্দ সৰস্বতী আৰু আৰ্য সমাজৰ ভূমিকা উল্লেখনীয়। এটা সময়ত পঞ্জাবত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে আৰ্য সমাজকে জগৰীয়া বুলি ধৰা হয়। আৰ্য সমাজে এহাতেদি বহুতো সংস্কাৰ কাৰ্যসূচীৰে ভাৰতত এখন প্ৰগতিশীল সমাজ গঢ়াৰ হকে খাটিছিল আনহাতেদি তেওঁলোকৰ অত্যাধিক বেদ প্ৰাধান্যৰ কথাই পৰোক্ষভাৱে সাম্প্ৰদায়িক মৌলবাদৰ বাবে ইন্ধন যোগাইছিল বুলি কোৱা হয়। আৰ্য সমাজে হিন্দুৰ মাজত ঐক্য প্ৰতিষ্ঠা কৰাত সাৰ্থক হৈছিল যদিও হিন্দু, মুছলমান, পাৰ্চী, খ্ৰীষ্টিয়ান এই সকলো সম্প্ৰদায়ৰ ভাৰতীয়ৰ মাজত সম্প্ৰীতিৰ বান্ধ কটকটীয়া কৰাত অৰিহণা যোগাব পৰা নাছিল।

  • থিয়চফিকেল ছচাইটি :

সনাতন হিন্দু ধৰ্মৰ প্ৰভাৱ পশ্চিমৰ জগততো নপৰাকৈ থকা নাছিল। ভাৰতৰ আধ্যাত্মিক প্ৰভাৱৰ ফলতে এদিন আমেৰিকাৰ নিউইয়ৰ্ক চহৰত থিয়চফিকেল ছচাইটি স্থাপিত হৈছিল। ১৮৭৫ খ্ৰী:ৰ ১৭ নৱেম্বৰত মাডাম এইছ. পি. ব্লাভাত্‌স্কি আৰু কৰ্ণেল এইছ. এছ. অ’লকট নামৰ দুগৰাকী ব্যক্তিৰ আশাসুধীয়া চেষ্টাত থিয়চফিকেল ছচাইটিৰ জন্ম হয়। ১৯০৫ খ্ৰী:ৰ ৩ এপ্ৰিলত চেন্নাইৰ আদায়াৰত থিয়চফিকেল ছচাইটিৰ ভাৰতীয় শাখাৰ মূল কাৰ্যালয় স্থাপিত হয়। এই স্বেচ্ছাসেৱী সংগঠনটো মূলত: সত্য সন্ধানী আধ্যাত্মিকতাৰ আদৰ্শৰে মানৱতাৰ সেৱাত ব্ৰতী এটি অনুষ্ঠান। বস্তুবাদক বাধা দিয়া আৰু ধৰ্মীয় আদৰ্শক পুনৰ জীৱিত কৰা থিয়চফিকেল ছচাইটিৰ অন্যতম লক্ষ্য।

  • উদ্দেশ্য আৰু মূল কথা :

থিয়চফিকেল ছচাইটিৰ উদ্দেশ্য হিচাপে তিনিটা কথা আছে :

(১) জাতি, সম্প্ৰদায়, ধৰ্ম, লিংগ, বৰ্ণৰ ভেদাভেদ দূৰ কৰি মানুহৰ মাজত বিশ্বভাতৃত্ব গঢ়ি তোলা।

(২) ধৰ্ম, দৰ্শন আৰু বিজ্ঞানৰ তুলনামূলক অধ্যয়নক গুৰুত্ব দিয়া।

(৩) প্ৰকৃতিৰ ব্যাখ্যা নোহোৱা নিয়মবোৰ অনুসন্ধান কৰি তাৰ সহায়ত মানুহৰ মাজত সুপ্ত হৈ থকা ঐশ্বৰিক শক্তিৰ বিকাশ ঘটোৱা।

ভাৰতত থিয়চফিকেল ছচাইটিৰ লক্ষ্য হ’ল আধ্যাত্মিক চিন্তা চৰ্চাৰ বিকাশ, বেদ উপনিষদৰ সাৰমৰ্মৰ গৌৰৱক পুনৰ প্ৰতিষ্ঠা কৰা। আধ্যাত্মিক চিন্তা চৰ্চাৰ উপৰিও সকলো শ্ৰেণীৰ মানুহৰ মাজত শিক্ষা বিস্তাৰ থিয়চফিকেল ছচাইতিৰ অন্যতম কাৰ্যসূচী। থিয়চফিকেল ছচাইটিৰ মতে সত্যতকৈ ওপৰত কোনো ধৰ্ম নাই। অধ্যয়ন, অনুচিন্তন, শুদ্ধ জীৱন যাপন, উচ্চ আদৰ্শৰ প্ৰতি নিষ্ঠা প্ৰদৰ্শনৰ মাজেদি সত্যক পাব পাৰি। আনে জাপি দিয়া প্ৰমাণবিহীন মতবাদৰ যোগেদি সত্য উপলব্ধি নহয়। সত্যক একমাত্ৰ অন্বেষণৰ যোগেদিহে পাব পাৰি।

  • থিয়চফিকেল ছচাইটিৰ অৱদান :

থিয়চফিষ্টসকলৰ প্ৰচেষ্টাতে ১৮৯৮ খ্ৰী:ত বেনাৰসত চেণ্ট্ৰেল হিন্দু স্কুল প্ৰতিষ্ঠিত হয়। সেই অনুষ্ঠানটিকে গইনা লৈ ১৯১৫ খ্ৰী:ত বেনাৰস হিন্দু বিশ্ববিদ্যালয় হয়। ১৮৮৯ খ্ৰী:ৰ পিছৰপৰা ড° এনি বেছান্তে থিয়চফিকেল ছচাইটিৰ গুৰি ধৰিবলৈ লয়। তেওঁ ১৮৯৩ খ্ৰী:ত ভাৰতলৈ আহে। এনি বেছান্তে ভাৰতত ‘হ’ম ৰুল’ আন্দোলনৰ সৃষ্টি কৰি এক শক্তিশালী ৰাজনৈতিক ভূমিকা লৈছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত এনি বেছান্তৰ অৱদান অতুলনীয়। এনি বেছান্ত হিন্দু ধৰ্ম আৰু সংস্কৃতিৰ এক নিষ্ঠাৱান সেৱিকা আছিল। থিয়চফিকেল ছচাইটিৰ প্ৰচেষ্টাত মহাৰাষ্ট্ৰ ৰাজ্যত ভালেমান শিক্ষানুষ্ঠান গঢ়ি উঠিছিল। এটা সময়ত ভাৰতৰ বহু গন্য-মান্য ব্যক্তি এই সংগঠনৰ সদস্য আছিল। আধ্যাত্মিক, সামাজিক আৰু পিছলৈ দেশপ্ৰেমৰ মহান আদৰ্শৰে ভাৰতীয় লোকক উদ্ধুদ্ধ হ’বলৈ থিয়চফিকেল ছচাইটিয়ে বাট দেখুৱাইছিল।।

  • আলিগড় আন্দোলন :

ভাৰতত ব্ৰিটিছ শাসন আৰম্ভ হোৱাৰ সময়ৰপৰা হিন্দুসকলে পৰিৱৰ্ত্তী ব্যৱস্থাক আদৰি লৈছিল। হিন্দুসকলৰ বহুতেই ইংৰাজী ভাষা শিকি, লগতে পশ্চিমীয়া শিক্ষা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহে। তেনেলোকক ব্ৰিটিছ চৰকাৰে বিভিন্ন পৰ্যায়ৰ চাকৰি দি অনুগত প্ৰজা কৰি তোলে। অথচ সেই একে সময়তে ভাৰতীয় মুছলমান সকলে ব্ৰিটিছ শাসনৰ প্ৰতি বিৰূপ মনোভাৱ দেখুৱালে। মুছলমানসকলে ভাৰতত ৰাজনৈতিক কৰ্তৃত্ব হেৰুৱাই বিতুষ্ট হৈ পৰে। পশ্চিমীয়া শিক্ষা গ্ৰহণ, ইংৰাজী ভাষা শিকা আদি কথাৰ প্ৰতি নেতিবাচক মনোভাৱ দেখুৱাবলৈ লয়। ওৱাহাবি আন্দোলন আৰু ১৮৫৭ খ্ৰী:ৰ মহাবিদ্ৰোহৰ অন্তত ব্ৰিটিছ শাসক গোষ্ঠীও মুছলমান সকলৰ প্ৰতি নাৰাজ হৈ পৰে। ফলত মুছলমানসকল শিক্ষা-দীক্ষা, চাকৰি আৰু অন্যান্য ৰাজ অনুগ্ৰহৰ পৰা বঞ্চিত হৈ পৰিল। ভাৰতৰ এক বুজন সংখ্যক জনসাধাৰণ নিৰক্ষৰতা, দৰিদ্ৰতা আৰু অনগ্ৰসৰতাৰ মেৰপাকত সোমাই পৰাত সমস্যা ক্ৰমান্বয়ে জটিল হৈ পৰিল। তেনে সমস্যাবহুল অৱস্থাৰ ওৰ পেলাবলৈ ভাৰতীয় মুছলমানসকলৰ মাজত ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত ধীৰে ধীৰে এটি জাগৰণ জাগি উঠে। হিন্দু সমাজৰ সৰ্বতোপ্ৰকাৰৰ উন্নতিৰ হকে ৰাজা ৰামমোহন ৰায়ে যি কাম কৰিছিল তেনেধৰণে মুছলমানসকলৰ বাবেও এজন ত্ৰাণকৰ্তাৰ আবিৰ্ভাৱ হয়। সেই গৰাকী ব্যক্তিৰ নাম আছিল চাৰ চৈয়দ আহমদ খাঁন। চাৰ চৈয়দ আহমদে ভাৰতীয় মুছলমান সকলৰ দুখ-দুৰ্দশা, হতাশা আৰু স্থবিৰতা দূৰ কৰাৰ হকে বহু কাম কৰি গ’ল। আলিগড়ক কেন্দ্ৰ কৰি গঢ়ি উঠা বাবেই ভাৰতীয় মুছলমানসকলৰ মাজত ঊনবিংশ শতিকাত হোৱা পুনৰ জাগৰণ আন্দোল ‘আলিগড় আন্দোলন’ নামেৰে পৰিচিত হৈ ৰ’ল। সেই আলিগড় আন্দোলনৰ প্ৰধান গুৰি ধৰোঁতা আছিল চাৰ চৈয়দ আহমদ খাঁন।

  • চাৰ চৈয়দ আহমদ খাঁনৰ অৱদান :

১৮১৭ খ্ৰী:ত জন্মগ্ৰহণ কৰা চৈয়দ আহমদ খাঁন কুৰি বছৰ বয়সত চৰকাৰী চাকৰিত সোমায়। সময়ত তেওঁ চাব-অৰদিনেট্‌ জাজ হিচাপে পদোন্নতি লাভ কৰে। ১৮৫৭ খ্ৰী:ৰ মহাবিদ্ৰোহৰ সময়ত তেওঁ বিজনৌৰ চহৰত সদৰ আমীন আছিল। সেই সময়ত চৈয়দ আহমদ খাঁন ইংৰাজৰ সম্পূৰ্ণ অনুগত লোক আছিল। ১৮৬৯ খ্ৰী:ত তেওঁ ইংলেণ্ড ভ্ৰমণলৈ যায়। চৈয়দ আহমদ খাঁনে ১৮৭৬ খ্ৰী:ত চৰকাৰী চাকৰিৰ পৰা অৱসৰ লয়। তেওঁক ব্ৰিটিছ চৰকাৰে ১৮৮৮ খ্ৰী:ত ‘নাইট হুদ’ প্ৰদান কৰে। তেতিয়াৰ পৰা তেওঁ চাৰ চৈয়দ আহমদ খাঁন নামেৰে পৰিচিত হয়। তেওঁ গৱৰ্ণৰ জেনেৰেল কাউন্সিলৰ সদস্যও হৈছিল। ১৮৯৮ খ্ৰী:ত চাৰ চৈয়দ আহমদ খাঁনৰ মৃত্যু হয়। চাৰ চৈয়দ আহমদ খাঁনে জীৱনৰ আৰম্ভণিৰে পৰা ভাৰতীয় মুছলমান সম্প্ৰদায়ৰ দুখ-দুৰ্দশা কেনেকৈ দূৰ কৰিব পাৰি তাৰ বাবে সততে চিন্তা কৰিছিল। ১৮৫৭ খ্ৰী:ৰ বিদ্ৰোহৰ পিছতে ইংৰাজ চৰকাৰে ভাৰতীয় মুছলমানসকলক ঘোৰ অবিশ্বাস কৰিবলৈ লয়। সেয়েহে চৰকাৰৰ ঘৰত মুছলমান সকল অৱহেলিত লোক হৈ পৰে। তাৰ উপৰিও সাম্ৰাজ্যবাদী চৰকাৰে বিভেদ নীতিৰে শাসন কৰিবলৈ লৈ হিন্দু-মুছলমানৰ মাজত এক বিৰাট ব্যৱধানৰ সৃষ্টি কৰিছিল। এনেবোৰ কাৰণতে ভাৰতীয় মুছলমানসকলৰ মাজত আধুনিক গতিশীলতা কম আছিল। পুৰণি গোড়ামি, শিক্ষাৰ অভাৱ, অনগ্ৰসৰতা আদি সমস্যাই মুছলমান সকলক আগুৰি আছিল। চাৰ চৈয়দ আহমদ খাঁনে ভাৰতীয় মুছলমান সম্প্ৰদায়ৰ মাজত আধুনিক শিক্ষাৰ প্ৰসাৰ ঘটাই যুক্তিবাদী নতুন সমাজ এখন গঢ়ি তোলাৰ আঁচনি লয়। সেই দিশৰ প্ৰথম পদক্ষেপ হিচাপে ১৮৬৪ খ্ৰী:ত আহমদ খাঁনে গাজীপুৰত মুছলমান সকলৰ বাবে এখন ইংৰাজী শিক্ষাৰ বিদ্যালয় খোলে। তাৰ পিছৰ বছৰত তেওঁ ‘চাইণ্টিফিক ছচাইটি’ নামৰ এটি সংগঠন গঢ়ি তোলে। সেই সংগঠনৰ উদ্দেশ্য আছিল ইংৰাজী ভাষাৰ সকলো প্ৰয়োজনীয় পুথি উৰ্দু ভাষালৈ তৰ্জমা কৰা। চাৰ চৈয়দ আহমদ খাঁনৰ প্ৰচেষ্টাতে ১৮৭৭ খ্ৰী:ত আলিগড়ত ‘মহমেদান এংগল’ অৰিয়েণ্টেল কলেজ’ নামৰ ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠানটো প্ৰতিষ্ঠিত হয়। উক্ত শিক্ষানুষ্ঠানৰ উদ্দেশ্য আছিল মুছলমানসকলৰ মাজত আধুনিক কলা-বিজ্ঞানৰ জ্ঞান বিলোৱা। ১৯২৭ খ্ৰী:ত উক্ত অনুষ্ঠানেই ‘আলিগড় মুছলিম ইউনিভাৰচিটি’ ত পৰিণত হয়গৈ। মুছলমান সম্প্ৰদায়ৰ মাজত উদাৰ ধ্যান-ধাৰণা জগাই তুলিবৰ বাবে তেওঁ ‘মেহেমেদান এডুকেছনেল কনফাৰেঞ্চ’ নামৰ সংগঠন এটাও গঢ়ি তুলিছিল। আহমদ খাঁনৰ এই সকলোবোৰ প্ৰচেষ্টাৰ মূল উদ্দেশ্য আছিল অৱহেলিত মুছলমান সম্প্ৰদায়ৰ মাজৰ পৰা অজ্ঞতা দূৰ কৰি এক প্ৰগতিশীল বাতাবৰণৰ সৃষ্টি কৰা। তেওঁৰ এনে প্ৰচেষ্টাই ভাৰতীয় মুছলমান সকলৰপৰা যথেষ্ট সঁহাৰি পাইছিল। চাৰ চৈয়দ আহমদ খাঁনৰ আলিগড় আন্দোলন সময়ত এক ভাৰতীয় জাতীয় কংগ্ৰেছ বিৰোধী মুছলমান ৰাজনীতিলৈ পৰিৱৰ্তিত হয়। ইয়াৰ মূলতে আছিল সাম্ৰাজ্যবাদী ইংৰাজ চৰকাৰৰ বিভেদ নীতিৰ কূট-কৌশল প্ৰয়োগ। এই কামত আলিগড়ৰ প্ৰথম ইংৰাজ অধ্যক্ষ থিয়দ’ৰ বেক নামৰ ব্যক্তি গৰাকীৰ ভূমিকা উল্লেখযোগ্য। অধ্যক্ষ বেকৰ সম্পাদনাত প্ৰকাশিত ‘ইন্সটিটিউট গেজেট’ নামৰ পত্ৰিকাত ভাৰতত সংসদী চৰকাৰ প্ৰতিষ্ঠাৰ বিৰুদ্ধে যুক্তি দেখুৱাই ৰাজনৈতিক প্ৰবন্ধ ছপোৱা হৈছিল। প্ৰকৃতাৰ্থত সেই প্ৰবন্ধত ভাৰতীয় হিন্দু-মুছলমানৰ বিভেদ দেখুৱাৰ প্ৰচেষ্টাহে প্ৰকাশ পায়। থিয়দ’ৰ বেকে প্ৰণালীবদ্ধ ভাৱে আহমদ খাঁনক ভাৰতীয় জাতীয় আন্দোলনৰ বিৰুদ্ধে পৰিচালিত কৰিছিল। ভাৰতীয় মুছলমানসকলৰ উন্নতি সধাতকৈ ব্ৰিটিছ সাম্ৰাজ্যবাদী স্বাৰ্থ অটুট ৰখাৰ হকেহে বেকে কাম কৰিছিল। ১৮৯৩ খ্ৰী:ত ‘মেহেমেদান এংগল’ অৰিয়েণ্টাল ডিফেঞ্চ এচছিয়েছন’ নাম দি যি সংগঠন কৰা হৈছিল তাৰ মূল উদ্দেশ্যই আছিল মুছলমান সাম্প্ৰদায়িকতা জগাই তোলা। ইংৰাজৰ এনে কূট কৌশলৰ মাজতো বহু সংখ্যক উদাৰপন্থী মুছলমানে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা লোৱাটো মন কৰিবলগীয়া কথা ; অৰ্থাত্‌ ভাৰতত জাতীয়তাবাদী মুছলমান লোকৰ অভাৱ হোৱা নাছিল। ৰাজনৈতিক ভূমিকাৰ কথা বাদ দি চাৰ চৈয়দ আহমদ খাঁনে ভাৰতীয় মুছলমানৰ সামাজিক, সাংস্কৃতিক উন্নতিৰ হকে যিখিনি কাম কৰিছিল তাক নশলাগি নোৱাৰি। পশ্চিমীয়া শিক্ষা লাভ কৰাৰ ফলত মুছলমান সমাজত প্ৰচলিত বহু অন্ধবিশ্বাস, ধৰ্মীয় গোড়ামি কমি গৈছিল। বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি থকা অৱস্থাৰ উন্নতি হৈছিল। আহমদ খাঁনে ভাৰতীয় মুছলমানৰ দুৰ্দশাগ্ৰস্ত অৱস্থাৰ অন্ত পেলাবলৈ ইংৰাজৰ সাহায্য অপৰিহাৰ্য বুলি এক বদ্ধমূল ধাৰণা পোষণ কৰিছিল। চতুৰ ইংৰাজ প্ৰশাসক সকলে তেনে এক ভাৱ জগাই তোলাত সততে সচেষ্ট আছিল। গতিকে ঊনবিংশ শতিকাৰ ভাৰতীয় জাতীয় জাগৰণৰ মূল সুঁতিৰপৰা মুছলমানসকলক আঁতৰাই নিয়াৰ চেষ্টাৰ অন্তৰালত ইংৰাজৰ সাম্ৰাজ্যবাদী স্বাৰ্থৰ সক্ৰিয় ভূমিকা দেখা যায়। চাৰ চৈয়দ আহমদ খাঁনে গোটেই জীৱনজুৰি পৰম্পৰাৰ প্ৰতি অন্ধ আনুগত্য, ৰাজনীতিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল আৰু অযুক্তিবাদৰ বিৰুদ্ধে যুঁজ দিছিল। তেওঁ আনকি পৱিত্ৰ কোৰাণ পুথিকো সমকালীন যুক্তিবাদী বৈজ্ঞানিক ব্যাখ্যাৰ ভিত্তিতহে গ্ৰহণ কৰিব বিচাৰিছিল। ধৰ্মান্ধতা, ঠেক মনোবৃত্তি আৰু অপৰবৰ্ধিতা দলিয়াই বহল মন এটা আৰু সহনশীলতাৰ গুণেৰে মুছলমান ছাত্ৰসকলক বিভূষিত হ’বলৈ আহ্বান জনাইছিল। ধৰ্মীয় সহনশিলতাত চৈয়দ আহমদ খাঁনৰ পূৰা বিশ্বাস আছিল। তেওঁ সাম্প্ৰদায়িক বিৰোধৰ বিৰোধিতা কৰিছিল। আহমদ খাঁনৰ আন এটি বিশ্বাস আছিল যে চিন্তা-চৰ্চা আৰু কাম-কাজত আধুনিক হ’ব পাৰিলেহে ইংৰাজ ৰাজত্বৰ বিৰুদ্ধে সাৰ্থকভাৱে যুঁজিব পৰা যাব। পৰ্দাপ্ৰথা আঁতৰাই স্ত্ৰী শিক্ষাৰ প্ৰসাৰ ঘটুৱাই সমাজলৈ এক গতিশীলতা আনিব পৰা যাব বুলি আহমদ খাঁনে দৃঢ় মত পোষণ কৰিছিল। তেওঁ মুছলমানসকলৰ মাজত প্ৰচলিত বহু বিবাহক নিন্দা কৰিছিল। সামগ্ৰিকভাৱে বিচাৰ কৰিলে দেখা যায় যে ভাৰতীয় মুছলমান অনুন্নত অৱস্থাৰপৰা আধুনিক যুগৰ বাবে উপযোগী কৰি তুলিবলৈ চাৰচৈয়দ আহমদ খাঁনে অশেষ যত্ন লৈছিল। আলিগড় আন্দোলনৰ আন বিশিষ্ট নেতাসকল আছিল চিৰাগ আলি, উৰ্দু কবি আলতাফ হোচেন আলি, মৌলানা শিবলি নোমানি, নাজিৰ আহমেদ, কবি হালি, শিক্ষাবিদ খোদা বক্স। দ্বিজাতি তত্ব আৰু সাম্প্ৰদায়িক মতাদৰ্শ প্ৰচাৰৰ বাবে ঐতিহাসিকসকলে আলিগড় আন্দোলনক জগৰীয়া কৰিব বিচাৰে। আনহাতেদি ড° ৰমেশ চন্দ্ৰ মজুমদাৰৰ মতে ঊনবিংশ শতিকাত হিন্দুসকলৰ কাৰণে নৱজাগৰণ আৰু জাতীয়তাবাদী আন্দোলন যেনে আছিল, মুছলমানসকলৰ কাৰণেও আলিগড় আন্দোলন ঠিক তেনে আছিল।

আলিগড় আন্দোলনৰ কেইটিমান বৈশিষ্ট্য

(১) চাৰ চৈয়দ আহমদ খাঁনৰ সাম্প্ৰদায়িক কাৰ্যকলাপ ব্ৰিটিছৰ প্ৰভাৱ নীতিৰ ফলতহে গা কৰি উঠে। তেওঁ ব্ৰিটিছ বিৰোধী আন্দোলনৰ অংশীদাৰ হোৱাতকৈ মুছলমানসকলৰ স্বাৰ্থত ব্ৰিটিছ নীতিৰ লগত তাল মিলাই চলিবলৈহে বিচাৰিছিল।

(২) এই আন্দোলনৰ লগত সাধাৰণ দুখীয়া আৰু পিছপৰি থকা মুছলমান লোকসকলৰ কোনো সম্পৰ্ক নাছিল। উত্তৰ প্ৰদেশৰ কিছু সংখ্যক জমিদাৰ, উচ্চবিত্ত মানুহ আৰু চাকৰিজীৱি লোকৰ স্বাৰ্থই সামাজিক ভিত্তি আছিল।

(৩) ব্ৰিটিছ চৰকাৰে আলিগড় আন্দোলনক ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিকল্প হিচাপে ঠিয় কৰোৱা নাছিল। কিন্তু ওৱাহাবী আৰু ফৰাচী আন্দোলনৰ সময়ত দেখা দিয়া ধৰ্ম উন্মাদনা আৰু হিংসাৰ ভয় ব্ৰিটিছ চৰকাৰে পাহৰা নাছিল। গতিকে আলিগড় আন্দোলনৰ পৃষ্ঠপোষকতা ব্ৰিটিছ সাম্ৰাজ্যবাদী স্বাৰ্থৰ বাবে প্ৰয়োজনীয় হৈ পৰে।

শিখসকলৰ ধৰ্মীয় সংস্কাৰ

ঊনবিংশ শতিকাৰ শেষৰ ফালে অমৃতসৰ আৰু লাহোৰত শিখসকলৰ মাজত ‘সিংহসভা’ নামেৰে এক সংগঠন স্থাপিত হয়। এই সংগঠনৰ যোগেদি শিখসকলৰ মাজত ধৰ্ম আৰু সমাজ সংস্কাৰৰ আন্দোলন আৰম্ভ হয়। সেই সময়তে অমৃতসৰত বিখ্যাত খালচা কলেজ স্থাপিত হয়। খালচা কলেজ প্ৰতিষ্ঠাই শিখসকলৰ মাজত ধৰ্মীয় আৰু সামাজিক সংস্কাৰ কাৰ্যসূচী খৰতকীয়া কৰি তোলে। অৱশ্যে ১৯২০ খ্ৰী:ৰ আগতে শিখ জনসাধাৰণে তেনে সংস্কাৰ আন্দোলনৰ আও ভাও পোৱা নাছিল। ১৯২০ খ্ৰী:ত শিখসকলৰ আকালি দল গঠন হয়। আকালি দলৰ গঠনে সংস্কাৰ আন্দোলনক শক্তিশালী কৰি তোলে। আকালিসকলৰ মূল লক্ষ্য আছিল গুৰুদ্বাৰবোৰ দুৰ্নীতিমুক্ত আৰু পৱিত্ৰ কৰি তোলা। লগতে ইয়াৰ পৰিচালনাৰ এক সু বন্দবস্ত কৰি তোলা। দীৰ্ঘকাল ধৰি গুৰুদ্বাৰবোৰত ভক্তসকলৰ দান-বৰঙনিৰে থুপ খাই থকা ধন সম্পত্তিৰ দুৰ্ব্যবহাৰ হৈছিল। ইয়াৰ মূলতে আছিল গুৰুদ্বাৰৰ দায়িত্বত থকা দুৰ্নীতিগ্ৰস্ত ব্যক্তিসকল। ধৰ্মৰ নাম লৈ বৈষয়িক ভোগ সুখত ব্যস্ত থকা তেনে এচাম লোকৰ বিৰুদ্ধে আকালিসকলে এক আন্দোলন আৰম্ভ কৰে। এই আন্দোলনৰ ফলশ্ৰুতি স্বৰূপে ১৯২২ খ্ৰী:ত চৰকাৰে ‘শিখ গুৰুদ্বাৰ আইন’ প্ৰবৰ্তন কৰে। সেইমতে গুৰুদ্বাৰ প্ৰবন্ধক সমিতি গঠন কৰি দুৰ্নীতিগ্ৰস্ত মহন্তসকলৰ কবলৰপৰা শিখ ধৰ্ম আৰু ধৰ্মানুষ্ঠানক সুৰক্ষা দিয়া হ’ল। শিখসকলৰ সংস্কাৰ আন্দোলন মূলত: ধৰ্মকেন্দ্ৰীক হ’লেও ইয়াৰ সামাজিক তাত্‌পৰ্য আছিল।

ধৰ্মীয় সংস্কাৰ আন্দোলনৰ বৈশিষ্ট্য

ঊনবিংশ শতিকাত ভাৰতত হোৱা ধৰ্মীয় সংস্কাৰ আন্দোলন বিশ্লেষণ কৰিলে কেইটিমান বৈশিষ্ট্য ওলাই পৰে। পোন প্ৰথমে যুক্তিবাদৰ প্ৰভাৱৰ কথা ক’ব লাগিব। পৰম্পৰাগত ধৰ্মীয় আচাৰ অনুষ্ঠানবোৰ চালি-জাৰি চাই অৰ্থহীন কথাবোৰ বাদ দিবলৈ সংস্কাৰকসকলে আহ্বান জনায়। তেনে আহ্বানৰ প্ৰতি ঘাইকৈ পশ্চিমীয়া শিক্ষাৰে শিক্ষিত উঠি অহা মধ্যবিত্ত শ্ৰেণী আকৰ্ষিত হৈছিল। সংস্কাৰক সকলে ধৰ্মীয় গোড়ামি, অন্ধ বিশ্বাস, অযুক্তিকৰ, দুৰ্বোধ্য আচাৰ অনুষ্ঠান ত্যাগ কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি মধ্যবিত্ত, নগৰবাসী শ্ৰেণী লোকৰ সঁহাৰি মনকৰিবলগীয়া। দ্বিতীয়তে, সংস্কাৰক সকলৰ ভালেমান প্ৰাচীন শুদ্ধনীতি, বিশ্বাস আৰু কৰ্মৰ পুনৰ প্ৰতিষ্ঠা হোৱাতো বিচাৰিছিল। সেইসকলে পূৰ্বৰ সৰল ব্যবস্থাবোৰ পুনৰ জীৱিত কৰি আড়ম্বৰপূৰ্ণ আৰু ব্যয়বহুল কৰ্মকাণ্ড গুচাব খুজিছিল। অতীতলৈ ঘূৰি যোৱা নীতিয়ে ধৰ্মৰ নামত উদ্ভৱ হোৱা সমস্যাবোৰৰ বিজ্ঞানসন্মত সমাধান কিমান দিব পাৰিছিল সি বিচাৰ্য কথা। সংস্কাৰকসকলৰ প্ৰগতিশীল চিন্তাধাৰাৰ ব্যাপক সমাদৰ বহুক্ষেত্ৰত হোৱা নাছিল। বৰঞ্চ মৌলবাদীসকলে তেনেলোকৰ বিৰুদ্ধে কুত্‌সা ৰটনা কৰিছিল। উদাহৰণস্বৰূপে ব্ৰাহ্মসমাজ আৰু চৈয়দ আহমদ খাঁনৰ বিৰুদ্ধ পন্থীসকলৰ কাৰ্যকলাপৰ কথা কব পাৰি। ধৰ্মীয় আন্দোলনে পুৰোহিততন্ত্ৰ আৰু কৰ্মকাণ্ডৰ প্ৰাধান্যৰ বিৰোধিতা কৰি সহজ-সৰল ধৰ্মী আচৰণ তথা ভগৱত্‌ সেৱা আৰু মানৱ কল্যাণৰ ওপৰতহে গুৰুত্ব দিছিল।দুৰ্বোধ্য জটিলতা বাদ দি ধৰ্মক কেনেকৈ মানৱীয় নৈতিকতাৰ উন্নতিৰ হকে লগাব পাৰি তাৰ বাবে সংস্কাৰক সকলে মত দাঙি ধৰিছিল। ভাৰতীয় ধৰ্মীয় সংস্কাৰ আন্দোলনৰ ফলত বহুলোক আধুনিক জগতখনৰ লগত পৰিচিত হৈ পৰে। সেইসকললোকে জাতপাত, ধৰ্মীয় গোড়ামি আদিৰ ঠেক মনোবৃত্তি ত্যাগ কৰি এক বিশ্বজনীনতা, ধৰ্মনিৰপেক্ষতা আৰু ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে সকলো কথা বিচাৰ কৰিবলৈ লয়। তেওঁলোকৰ কিছুমানে পশ্চিমৰ অন্ধ অনুকৰণ কৰিবলৈ গৈ সময়ত নিজৰ ভুল বুজি পাইছিল। সংস্কাৰ আন্দোলনৰ ফলত এচাম শিক্ষিত ভাৰতীয় নিজ দেশৰ প্ৰাচীন ঐতিহ্যৰ প্ৰতি সচেতন হৈ পৰে। আধুনিকতা আৰু প্ৰাচীন ঐতিহ্য, এই দুইৰ সমন্বয় কেনেকৈ ঘটাব পাৰি সেই বিষয়েও চিন্তা চৰ্চা কৰা লোক ওলাইছিল। তেনে চিন্তাশীল আৰু উদাৰপন্থী লোকৰ চেষ্টাত ভাৰতীয় সংস্কৃতিৰ মূলধাৰাই আধুনিকতাৰ পৰশ পাবলৈ ধৰে। ঊনবিংশ শতিকাৰ ধৰ্মীয় সংস্কাৰ আন্দোলনে অগণন ভাৰতীয় জনতাক প্ৰকৃততে স্পৰ্শ কৰিছিল নে নাই সেয়া বিচাৰ্য বিষয়। আগতেই কোৱা হৈছে যে সংস্কাৰ আন্দোলনে ঘাইকৈ সীমিত সংখ্যক নগৰীয়া মধ্যবিত্ত তথা পশ্চিমীয়া শিক্ষাৰে শিক্ষিত লোকক আকৰ্ষণ কৰিছিল। কোটি কোটি গ্ৰামীণ জনতাক ধৰ্মীয় সংস্কাৰ আন্দোলনৰ প্ৰতি সচেতন কৰি তোলাৰ কোনো ব্যবস্থা নাছিল। ফলত পৰম্পৰাগত ৰীতি- নীতিৰ বোজাই ভাৰতীয় গ্ৰামীণ জনতাৰ জীৱন দুৰ্বহ কৰি তুলিছিল। ধৰ্মীয় সংস্কাৰ আন্দোলনৰ আন এটি নেতিবাচক দিশো আছে। সংস্কাৰক সকলৰ ভাৰতীয় সংস্কৃতিৰ প্ৰাচীন ঐতিহ্যত গুৰুত্ব আৰোপৰ ফলত আন এক সমস্যাৰ সৃষ্টি হয়। মাথো অতীতলৈকে ঘূৰি যোৱা নীতিয়ে সামাজিক গতিশীলতাক বাধা দিয়ে। একমাত্ৰ প্ৰাচীন কালৰ সংস্কৃতিৰ কথা কৈ থাকিলে সাধাৰণতে পৰৱৰ্তী কালৰ অৱদান অস্বীকাৰ কৰা হয়। ভাৰতীয় সংস্কৃতিৰ বিৱৰ্তন যুগে যুগে হৈ আহিছ। গতিকে একমাত্ৰ প্ৰাচীন যুগতে আবদ্ধ থাকিলে ঐতিহাসিক আৰু সামাজিক দৃষ্টিকোণৰপৰা ভুল কৰা হ’ব। তাৰ উপৰিও ভাৰতীয় জনতাৰ জীৱন অকল ধৰ্মতে সীমাবদ্ধ নহয়। শিল্প-কলা, সাহিত্য, সংগীত, গীত-মাত, বিজ্ঞান, প্ৰযুক্তিবিদ্যা এই সকলোবোৰ ক্ষেত্ৰতে জনতা জড়িত আৰু অৱদান আছে। ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ এক সামগ্ৰিক বিচাৰ নকৰাকৈ ধৰ্মীয় সংস্কাৰৰ হকে কাম কৰিবলৈ লোৱাত কিছু অসম্পূৰ্ণতা ৰৈ গৈছিল বুলি সমালোচকসকলে কয়। হিন্দু, ইছলাম, জৰোষ্ট্ৰিয়ান, শিখ আদি ধৰ্মৰ সংস্কাৰ আন্দোলনে নিজ ধৰ্মৰ অনুগামীসকলক অনুপ্ৰাণিত কৰিছিল ; কিন্তু আনহাতেদি প্ৰতি ধৰ্মৰ সুকীয়া অস্তিত্ব প্ৰকাৰান্তৰে প্ৰকট হৈ পৰে। সেই কথাই সময়ত সাম্প্ৰদায়িকতাক ইন্ধন যোগাইছিল বুলি কোৱা হয়। যুগ যুগ ধৰি সম্প্ৰীতিৰ মাজেৰে বাস কৰি অহা বিভিন্ন ধৰ্মাবলম্বী ভাৰতীয় জনতাই এক সংমিশ্ৰিত সংস্কৃতি গঢ় দি অহা স্বত্বেও একো সময়ত তাত ফাট মেলিছে। ভাৰতীয় জাতীয় জাগৰণৰ লগতে সাম্প্ৰদায়িকতাই গা কৰি উঠাতো আধুনিক ভাৰত বুৰঞ্জীৰ এটি মন কৰিবলগীয়া দিশ। সাম্প্ৰদায়িকতাৰ আৰ্থ-সামাজিক কাৰণবোৰৰ উপৰিও অত্যধিক ধৰ্মীয় সচেতনতা অন্যতম কাৰণ বুলিব পাৰি।

নাৰীমুক্তি আন্দোলন

প্ৰাচীন কালত ভাৰতীয় সমাজত নাৰীৰ মৰ্যাদা যথেষ্ট উচ্চ আছিল। বৌদ্ধ যুগতো তাৰ বিশেষ হীনদেঢ়ি ঘটা নাছিল। মধ্যযুগৰ পৰা ভাৰতীয় নাৰীৰ সামাজিক স্থিতিৰ সাল-সলনি ঘটে। ৰাজনৈতিক অস্থিৰতা, ধৰ্মীয়, সামাজিক পটভূমি সলনি আদি কথাই লাহে লাহে পূৰ্বৰ অৱস্থা নাইকিয়া কৰিলে। নাৰী-পুৰুষৰ সমমৰ্যাদা নোহোৱা হ’ল। ভাৰতীয় নাৰী জাতি নানান সামাজিক কঠোৰ নিয়মৰ তলতীয়া হৈ পৰিল। ফলত নাৰীজাতিয়ে নিজ সন্মান হেৰুৱাই পুৰুষ প্ৰধান সমাজ এখনত নিৰ্যাতিত ভাৱে জীৱন যাপন কৰিব লগা হ’ল। এটা সময়ত ভাৰতত শিশু বধ, বাল্য বিবাহ, সতী প্ৰথা, পৰ্দা ব্যৱস্থা, বহু বিবাহ, কঠোৰ বৈধব্য জীৱন যাপন, শিক্ষা-দীক্ষাৰপৰা বঞ্চিত অন্ধ বিশ্বাস আৰু কু প্ৰথাই নাৰী সমাজক জৰ্জৰিত কৰি তুলিছিল। ইউৰোপীয় জাতিবোৰ ভাৰতলৈ অহাৰ লগে লগে এক ব্যাপক পৰিবৰ্তনৰ যুগ আৰম্ভ হয়। বিশেষকৈ ইংৰাজী শিক্ষা বিস্তাৰৰ লগে লগে ভাৰতীয় মানুহৰ দৃষ্টিভংগী আৰু মনোভাৱ সলনি হ’বলৈ ধৰে। নাৰী আৰু পুৰুষৰ সম অধিকাৰৰ কথা স্বীকাৰ কৰি যুক্তিবাদৰ ওপৰত প্ৰতিষ্ঠিত সমাজ এখন গঢ়াৰ বাবে বহু দেশী-বিদেশী লোক আগবাঢ়ি আহিল। সেইসকল ব্যক্তিয়ে ভাৰতত নাৰী শিক্ষা আৰু নাৰীকল্যাণমূলক আদি আঁচনিৰ বাস্তৱ ৰূপ দিয়াত উঠি পৰি লাগিছিল। এইখিনিতে খ্ৰীষ্টান মিচনেৰীসকলৰ ভূমিকা মন কৰিবলগীয়া। পশ্চিমৰ যুক্তিবাদী আৰু বিজ্ঞানসন্মত ধ্যান ধাৰণাৰে পুষ্ট ভাৰতীয় সমাজ সংস্কাৰকসকলেও ভাৰতত লোপ পাই যোৱা নাৰীৰ সন্মান, মৰ্যাদা, আৰ্থ- সামাজিক স্বীকৃতি, ব্যক্তি স্বাধীনতা পুনৰুদ্ধাৰৰ বাবে কিছুমান কাৰ্যকৰী আঁচনি আগবঢ়ায়। চৰকাৰেও আইন প্ৰণয়নৰদ্বাৰা পৰিস্থিতিৰ কিছু উন্নতি সাধনত আগ্ৰহ দেখুৱাইছিল। উদাহৰণস্বৰূপে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ সমৰ্থনত ১৮৫৬ খ্ৰীষ্টাব্দত বিধবা বিবাহ আইনসংগত কৰা ব্যবস্থা। এসময়ত সামাজিক কু-প্ৰথাবোৰ ইমানেই প্ৰবল আছিল যে ভাৰতীয় নাৰীৰ জীৱন দুখ-দুৰ্দশা, অত্যাচাৰ, নিষ্পেষণৰ মাজত অতিবাহিত হৈছিল। হিন্দু নাৰী সম্পত্তিৰ অধিকাৰী হোৱা নাইবা বিবাহ বিচ্ছেদৰ অধিকাৰৰপৰা বঞ্চিত আছিল। মুছলমান নাৰীৰ জীৱনো তদ্ৰুপ আছিল। এনে পদদলিত অৱস্থাৰ মাজত থাকিবলগীয়া হোৱা হেতুকে আমাৰ দেশত নাৰী জাতিৰ স্বাভাবিক প্ৰতিভা বিকশিত হোৱাৰ কোনো সুযোগ সুবিধাই নাছিল।

ঊনবিংশ শতিকাত যুক্তিবাদী আৰু মানৱতাবাদী ভাবধাৰাৰ প্ৰসাৰ হোৱাৰ লগে লগে ভাৰতীয় নাৰীৰ মৰ্যাদা সুপ্ৰতিষ্ঠিত কৰাৰ বাতাবৰণ সৃষ্টি হয়। নিৰক্ষৰতাৰ মাজত সোমাই থকা অবস্থাৰ অবসান ঘটে। বিভিন্ন সংস্কাৰকসকলে নাৰীৰ ব্যক্তি স্বাধীনতা আৰু সমতাৰ কথাত জোৰ দিলে। আন কিছুমানে হিন্দু, ইছলাম, জৰোষ্ট্ৰিয়ান এই সকলো ধৰ্মতে যে নাৰীৰ মৰ্যাদা মূলত: আছে সেই কথা সদৰি কৰিবলৈ ললে। বহুতো ব্যক্তি, সংস্কাৰ সংগঠন, ধৰ্মীয় সংগঠনে বিধবা বিবাহ প্ৰচলন, বাল্য বিবাহ আৰু বহু বিবাহ নিবাৰণ, স্ত্ৰী শিক্ষা প্ৰসাৰ ঘটোৱা কামত ব্ৰতী হৈ পৰে। ৰাজা ৰামমোহন ৰায়, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, মহাত্মা জ্যোতি ফুলে, ন্যায়মূৰ্তি ৰাণাডে, ভি.কে.কাৰ্ভে., ই.ভি. ৰামস্বামী আদি মহান সংস্কাৰক সকলে ঊনবিংশ শতিকাত ভাৰতৰ বিভিন্ন প্ৰান্তত নাৰীমুক্তি আন্দোলনৰ জোৱাৰ তোলে। ভাৰতীয় জাতীয়তাবাদী আন্দোলন আৰম্ভ হোৱাৰ পিছৰপৰা নাৰীমুক্তিৰ কথাই ৰাজনৈতিক মঞ্চতো বিশেষ স্থান পাবলৈ ধৰে। বিংশ শতাব্দীৰ আৰম্ভণিৰ পৰা ভাৰতৰ স্বাধীনতা সংগ্ৰামত নাৰীৰ ভূমিকা আৰু শক্তিশালী হৈ পৰে। বংগভংগৰ পিছত স্বদেশী আন্দোলনত বহু ভাৰতীয় নাৰীয়ে সক্ৰিয় অংশ গ্ৰহণ কৰিবলৈ লয়। এনী বেচান্তৰ হ’ম ৰুল আন্দোলনে দেশৰ ৰাজনৈতিক ক্ষেত্ৰত নাৰীৰ নেতৃত্ব সৰ্বজন স্বীকৃত কৰি তোলে। বিংশ শতাব্দীৰ আৰম্ভণিৰেপৰা বহু ভাৰতীয় নাৰীয়ে, জাতীয় কংগ্ৰেছ, ট্ৰেড ইউনিয়ন, কৃষক আন্দোলন আদিত আগ ভাগ লোৱাতো মন কৰিবলগীয়া। পূৰ্বৰ অনগ্ৰসৰ, বন্ধনযুক্ত ভাৰতীয় নাৰীৰ জীৱনলৈ এক নৱজাগৰণ আহি পৰে। বিংশ শতিকাৰ প্ৰথমাৰ্ধতে ভাৰতত স্ত্ৰী শিক্ষাৰ প্ৰসাৰ আৰু লগতে বহু মহিলা সংগঠন গঢ় লৈ উঠে। চৰকাৰী পিয়লৰ তথ্যমতে ১৮৯১ খ্ৰী:ত ভাৰতত স্ত্ৰী শিক্ষাৰ হাৰ আছিল ০০.৫ ভাগ। ১৯০১ খ্ৰী:ত সেই হাৰ ০০.৭ ভাগ হয়। ১৯৪১ খ্ৰী:ত ভাৰতীয় নাৰীৰ শিক্ষিতৰ হাৰ ৬.৯ লৈ উন্নিত হয়। ১৯৯১ খ্ৰী:ৰ পিয়লমতে সেই সংখ্যা ৩৯.২৯ লৈ বৃদ্ধি পায়। ভাৰতীয় নাৰীৰ সন্মান আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ হকে ১৮৮৫ খ্ৰী:ত প্ৰতিষ্ঠা হোৱা ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ দিনৰ পৰা বৰ্তমানলৈকে বিভিন্ন ৰাজনৈতিক দলবোৰৰো সক্ৰিয় ভূমিকা দেখা যায়। ১৯২৭ খ্ৰী:ত সৰ্বভাৰতীয় মহিলা কনফাৰেন্স গঠিত হোৱাত ভাৰতীয় নাৰীসকল সংগবদ্ধভাৱে আগবাঢ়ি অহাৰ সুযোগ আহি পৰে। দেশখন স্বাধীন হোৱাৰ পিছত গৃহীত হোৱা সংবিধানে ভাৰতীয় নাৰীৰ মৰ্যাদা সুৰক্ষাৰ ভালেমান ব্যবস্থা দিছে। সেইধৰণে ১৯৫৬ খ্ৰী:ৰ হিন্দু উত্তৰাধিকাৰী আইনে ল’ৰাৰ লগতে ছোৱালীকো সম্পত্তিৰ সম অধিকাৰী কৰিলে। ১৯৫৫ খ্ৰী:ৰ হিন্দু বিবাহ আইনে বিশেষ ক্ষেত্ৰত বিবাহ বিচ্ছেদৰ অনুমতি দিলে। ভাৰতীয় সংবিধানৰ ১৪ আৰু ১৫ নম্বৰ অনুচ্ছেদৰ মতে নাৰী আৰু পুৰুষৰ মাজত সমতা প্ৰতিষ্ঠিত হৈছে। ঠিক তেনেধৰণে নিৰ্দেশাত্মক নীতিৰ যোগেদি ভাৰতীয় নাৰীয়ে একে কামৰ বাবে পুৰুষৰ সমানে দা-দৰমহা পোৱাৰ ব্যবস্থা হৈছে। ভাৰতীয় নাৰীমুক্তি অন্দোলনৰ বেলিকা আন্তৰ্জাতিক সংগঠনবোৰৰ প্ৰভাবো সময়ে সময়ে পৰি আহিছে। এই আন্দোলনৰ সমাপ্তি ঘটা দেখা যায়; কিন্তু বিগত প্ৰায় দুটা শতিকাত বহু পৰিবৰ্তন ঘটিল।

বৰ্ণবাদৰ বিৰুদ্ধে সংগ্ৰাম

ভাৰতীয় সমাজ পৰম্পৰাগতভাৱে বৰ্ণবাদৰ ওপৰত প্ৰতিষ্ঠিত। তেনে বৰ্ণবাদ বা জাতিভেদ সমস্যাই ভাৰতীয় সমাজখনক আজিও দুৰ্বল কৰি ৰাখিছে। উচ্চ জাতি বা নিম্ন জাতি এনেবোৰ কৃত্ৰিম বিভাজনে সমাজত অকল সম্প্ৰীতিকে ব্যাহত কৰি ৰাখিছে এনে নহয়। শোষণ আৰু অত্যাচাৰৰ পথ সুগম কৰি দিছে। অস্পৃশ্যতাৰ নিচিনা ঘৃণনীয় কথাই ভাৰতীয় সমাজক যুগ যুগ ধৰি কলংকিত কৰি ৰাখিছে। ভাৰতৰ মুঠ জনসংখ্যাৰ এক বুজন পৰিমাণৰ মানুহ অনুসূচীত জাতি আৰু সম্প্ৰদায়ৰ। সেই শ্ৰেণীৰ লোকৰ মাজত অনগ্ৰসৰতা আজিও বেছি। দেশখনৰ বিভিন্ন প্ৰান্তত অনুন্নত জাতিৰ, দলিত শ্ৰেণীৰ অসংখ্য লোক আছে। তেনে শ্ৰেণীৰ মানুহক আৰ্থ-সামাজিকভাৱে বঞ্চিত কৰি অহা এক অমানৱীয় কথা। অস্পৃশ্যতাৰ নামত বহু ভাৰতীয় মানুহ যুগ যুগ ধৰি শোষণ আৰু অত্যাচাৰৰ বলি হৈ আহিছে। বহুতক জীয়াই থকাৰ সামান্য অধিকাৰৰপৰা বঞ্চিত কৰি অহা হৈছে। গতিকে সেই মানুহবোৰ অনাহাৰ, অনাশ্ৰয়, নিৰক্ষৰতা, দৰিদ্ৰতা আৰু নিষ্পেষণত ভুগিছে। আজিৰ দিনতো প্ৰবল অনগ্ৰসৰতাই সেই শ্ৰেণীৰ মানুহক আগুৰি আছে। পশ্চিমীয়া শিক্ষাই ভাৰতীয় মানুহক যুক্তিবাদ আৰু মানৱতাবাদৰ লগত সুপৰিচিত কৰি দিয়ে। আমাৰ দেশত অমানৱীয় আৰু অগণতান্ত্ৰিক আচৰণৰ প্ৰাদুৰ্ভাৱৰ ফলত এক বুজন সংখ্যক মানুহ সততে ক্ষতিগ্ৰস্ত হৈ আহিছে। ঊনবিংশ শতিকাৰ শেষলৈ বহুকেইজন সমাজ সংস্কাৰকে বৰ্ণবাদৰ নামত চলি অহা সামাজিক অন্যায়ৰ বিৰুদ্ধে ঠিয় দিয়ে। বৰ্ণবাদৰ গোড়ামিক যুক্তিৰে সমালোচনা কৰি এক উদাৰ দৃষ্টিভংগী গ্ঢ়ি তোলাৰ বাবে সেইসকল সমাজ সংস্কাৰকে আহ্বান জনায়। দেশখনৰ বিভিন্ন প্ৰান্তত কিছুসংখ্যক স্বেচ্ছাসেৱী সংগঠনেও বৰ্ণবাদৰ নিচিনা ভালেমান জ্বলন্ত সামাজিক সমস্যা সমাধানৰ আঁচনি হাতত লয়। বংগ দেশ, পঞ্জাৱ, মহাৰাষ্ট্ৰ আদি ৰাজ্যত তেনে স্বেচ্ছাসেৱী সংগঠনৰ কাৰ্যাৱলীৰ বিষয়ে ইতিমধ্যে আলোচনা কৰা হৈছে। এইখিনিতে মন কৰিবলগীয়া কথা যে জাতি প্ৰথাৰ সমস্যা অকল হিন্দুসকলৰ মাজতে সীমাবদ্ধ নহয়। মুছলমান, খ্ৰীষ্টিয়ান আৰু শিখসকলৰ মাজতো বিশেষকৈ বিয়া-বাৰুৰ ক্ষেত্ৰত স্বজাতিৰ মাজতে উচ্চ-নীচৰ ভেদাভেদ কিছু নথকা নহয়। অৱশ্যে তেওঁলোকৰ মাজৰ সেই ভেদাভেদ হিন্দুসকলৰ দৰে কঠোৰ নহয়। ভাৰতত ব্ৰিটিছ ৰাজত্ব আৰম্ভ হোৱাৰ লগে লগে ভালেমান আৰ্থ-সামাজিক পৰিৱৰ্তন ঘটিবলৈ লয়। বিশেষকৈ ঊনবিংশ শতিকাৰ মাজভাগত ৰেলসেৱা প্ৰৱৰ্তন, নতুন যোগাযোগ ব্যৱস্থা, পিছলৈ আধুনিক জল আৰু ভূতল পৰিবহণ ব্যবস্থা, ঔদ্যোগীকৰণ, শিল্প বাণিজ্যৰ প্ৰসাৰ, নগৰীকৰণ আদিয়ে পৰম্পৰাগত কঠোৰ জাতিভেদক শিথিল কৰি তোলে। নতুন ব্যবস্থাৱলীয়ে পূৰ্বাপৰ চলি অহা জাতিগত সামাজিক ব্যবধান কমালে। সেইধৰণে জাতি আৰু পেশা এই দুইৰ অভিন্ন স্বৰূপটো ঔদ্যোগীকৰণৰ লগে লগে সলনি হ’বলৈ ধৰিলে। ব্ৰিটিছ প্ৰশাসনে ভাৰতীয় সামাজিক গাঁথনিৰ অপৰিৱৰ্তনীয় স্বৰূপটোৰ ওপৰতো হেঁচা দিবলৈ ধৰে। চৰকাৰে আইনৰ চকুত সকলো সমান এই নীতি গ্ৰহণ কৰাত জাতিগত ব্যৱধানৰ অৰ্থ নাইকিয়া হৈ পৰে। সেই ধৰণে চৰকাৰী চাকৰিৰ অধিকাৰ সকলোৰে বাবে মুকলি কৰি দিয়াত সমাজৰ নিম্নবৰ্গৰ লোকো উপকৃত হ’ল। পশ্চিমীয়া শিক্ষাৰ ধৰ্মনিৰপেক্ষতায়ো জাতিভেদ বা বৰ্ণবাদী দৃষ্টিভংগী দূৰ কৰাত অৰিহণা যোগালে। ভাৰতীয় জাতীয় আন্দোলনে জাতিভেদ, অস্পৃশ্যতা বৰ্জন আদি কাৰ্যসূচী সমৰ্থন কৰিবলৈ লোৱাত দেশব্যাপী এক আলোড়নৰ সৃষ্টি হয়। সাম্ৰাজ্যবাদী ব্ৰিটিছ শাসনৰ ওৰ পেলাবলৈ হ’লে সকলো ভাৰতীয় একগোট হৈ ভেদাভেদ ত্যাগ কৰিব লাগিব। এই কথা ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰিত হোৱাত বৰ্ণভেদৰ কঠোৰতা শিথিল হ’বলৈ ধৰিলে। স্বাধীনতা, সমতা আৰু ভাতৃত্বৰ আদৰ্শ অনুকৰণ কৰি স্বাধীনতা সংগ্ৰামত আগুৱাই যাবলৈ যি আহ্বান দিয়া হৈছিল তাৰ সুফল পোৱা গৈছিল। নিম্ন জাতিৰ লোকসকলৰ মাজত শিক্ষাৰ প্ৰসাৰ হোৱাৰ ফলত তেওঁলোকো জাতিভেদ প্ৰথাৰ কু-ফলৰ প্ৰতি সচেতন হৈ পৰে। তেওঁলোকো যে মানৱ অধিকাৰৰ পৰা বঞ্চিত হ’ব নোৱাৰে এই কথা বুজি উঠিল। ভাৰতত জাতিভেদ, অস্পৃশ্যতা আদি সামাজিক অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়া লোকসকলৰ ভিতৰত মহাৰাষ্ট্ৰৰ জ্যোতিবা ফুলে, কেৰেলাৰ শ্ৰীনাৰায়ণ গুৰু, মহাত্মা গান্ধী, ড° ভীমৰাও আম্বেদকাৰ আদি মহান ব্যক্তিসকলৰ অৱদান উল্লেখযোগ্য। ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্দ্ধত আৰম্ভ হোৱা জাতিভেদ বা বৰ্ণবাদ বিৰোধী আন্দোলনে বিংশ শতাব্দীত এক সু-সংগঠিত আৰু পূৰ্ণ ৰূপ পায়। ১৯৩২ খ্ৰী:ত গান্ধীজীৰ দ্বাৰা প্ৰতিষ্ঠিত অখিল ভাৰতীয় হৰিজন সংঘ, ড° আম্বেদকাৰৰ নেতৃত্বত অখিল ভাৰতীয় অনুসূচিত জাতি ফেদাৰেচন, অখিল ভাৰতীয় অনুন্নত শ্ৰেণী এছচিয়েচন আদিৰ ভূমিকা বিশেষ মনকৰিবলগীয়া। এসময়ত ভাৰতত জাতিভেদৰ প্ৰাদুৰ্ভাৱ ইমানেই বেছি আছিল যে সমাজৰ নিম্ন বৰ্ণৰ মানুহে উচ্চ বৰ্ণৰ কাষকে চাপিব নোৱাৰিছিল। তাৰ উপৰিও ৰাজহুৱা স্থান, যেনে — পুখুৰী, কুঁৱা, যান-বাহন ব্যৱহাৰ , মঠ-মন্দিৰত প্ৰবেশ দলিত শ্ৰেণীৰ লোকৰ বাবে নিষিদ্ধ আছিল। সেয়েহে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম কাৰ্যসূচী আছিল এনেধৰণৰ সামাজিক অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়া। সেইধৰণে স্বাধীনোত্তৰ যুগতো দলিত সমাজৰ সুৰক্ষা আৰু উন্নয়নৰ হকে ভালেমান চৰকাৰী আৰু স্বেচ্ছাসেৱী সংগঠন, ৰাজনৈতিক দলৰ অৱদান লেখত লবলগীয়া। ভাৰতীয় সংবিধানে অস্পৃশ্যতাক চিৰকালৰ বাবে বিদায় দিলে। বৰ্তমানে আইনগতভাৱে ভাৰৰ্ত কোনো ধৰণৰ অস্পৃশ্যতা থাকিব নোৱাৰে। অস্পৃশ্যতা আইনগতভাবে দণ্ডনীয় অপৰাধ বুলি স্বীকৃত। জাতিভেদৰ কু-ফল দূৰ কৰাৰ উদ্দেশ্যে আইন প্ৰণয়নে ভাৰতত সামাজিক নিৰাপত্তা নিশ্চিত কৰিছে। সংবিধানৰ নিৰ্দেশাত্মক নীতিয়ে সকলো ভাৰতীয় নাগৰিকৰ বাবে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ আদৰ্শ দাঙি ধৰিছে। কল্যানকামী ৰাষ্ট্ৰ এখন প্ৰতিষ্ঠা কৰা পথ নিদেৰ্শনা ভাৰতৰ সংবিধানত সুস্পষ্টভাৱে আছে। অৱশ্যে জাতিভেদ, অস্পৃশ্যতা আদি সামাজিক ব্যাধিৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম এতিয়াও শেষ হোৱা নাই।

অশোক

বিন্দুসাৰৰ মৃত্যুৰ পিছত ২৭৩ খৃ: পূ: অশোক মগধৰ সিংহাসনত আৰোহণ কৰে। অশোক বিশ্ব ইতিহাসৰ এজন উল্লেখযোগ্য ব্যক্তি আছিল – “One of the greatest names in the history of the world”। অশোকৰ সম্পৰ্কে আৰ. চি. মজুমদাৰে কৈছে – “No figure in ancient Indian History is more familiar to us, and none leaves a more abiding impression of a towering personality, than this immortal son of Bindusara” (Ancient India). অশোকৰ শিলালিপি, সিংহলী পুথি মহাবংশ, দ্বীপবংশ, বৌদ্ধ কাহিনী দিব্যাবদান আদিৰ পৰা অশোকৰ আদি জীৱন আৰু শাসনকালৰ কথা জনা যায়। অৱশ্যে এইবোৰ পুথিৰ পৰা অশোকৰ আদি জীৱন সম্পৰ্কে বিশেষ একো জনা নাযায়। গতিকে অশোকৰ শিলালিপিবোৰেই আছিল অশোকৰ ৰাজত্বকালৰ বিষয়ে জনাৰ প্ৰধান উপাদান।

আদিকাল

সিংহলী উপাখ্যানৰ পৰা জনা যায় যে ৯৯ জন ভায়েকক হত্যা কৰি অশোক সিংহাসনত আৰোহণ কৰে। এই কাৰণে তেওঁক ‘চণ্ডাশোক’ বুলি কোৱা হয়। ভায়েকসকলৰ লগত গৃহযুদ্ধত লিপ্ত হবলগীয়া কাৰণেই বোলে অশোকৰ সিংহাসনত আৰোহণ কৰা চাৰি বছৰ পলম হয়। কিন্তু বহু পণ্ডিতে সিংহলী উপাখ্যানত থকা এই কথাষাৰ মানি লোৱা নাই। কাৰণ সিংহলী ইতিহাস বহু পিছৰ ৰচনা আৰু সেইকৰণে নিৰ্ভৰযোগ্য নহয়। তদুপৰি অশোকৰ শিলালিপিত অশোকে ভায়েকসকলৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰা দেখা গৈছে আৰু প্ৰিয়জনৰ প্ৰতি মৰমৰ ভাষা (endearing terms) প্ৰয়োগ কৰিছে। অশোকে সিংহাসনত বহাৰ তেৰবছৰ পিছলৈকে তেওঁৰ ভায়েকসকল জীয়াই আছিল বুলি কোনো কোনোৱে মন্তব্য প্ৰকাশ কৰিছে। গতিকে ভাণ্ডাৰকাৰৰ মতে বৌদ্ধ ধৰ্মৰ প্ৰভাৱত চণ্ডাশোক অশোক কেনেদৰে ‘ধৰ্মাশোক’ অশোকলৈ ৰূপান্তৰিত হৈছিল সেইটো দেখুৱাবলৈ বৌদ্ধ পুথিবিলাকত অশোকৰ চৰিত্ৰৰ বৈপৰিত্য হিংসাত্মক ৰূপটোৰ অৱতাৰণা কৰা হৈছে। অৱশ্যে অশোকৰ ভায়েক সুশিমাৰ সৈতে তেওঁৰ বিবাদ হোৱাতো সত্য আৰু এই বিবাদৰ কাৰণেই তেওঁৰ সিংহাসনত আৰোহণ কৰা চাৰি বছৰ পলম হৈছিল। এই সময়ছোৱাক “One of the dark spaces in the spectrum of Indian History” বুলি অভিহিত কৰা হৈছে। প্ৰথমে অশোক উজ্জয়িনীৰ শাসনকৰ্তা আছিল। তক্ষশীলাৰ বিদ্ৰোহ দমন কৰি তেওঁ নিজৰ যোগ্যতা প্ৰমাণ কৰে আৰু তাৰ পিছত দেউতাকৰ মৃত্যুৰ পিছত পাটলিপুত্ৰত সিংহাসনত বহে। এওঁৰ মাকৰ নাম আছিল সুভদ্ৰাংগী। কোনো কোনোৰ মতে অশোকৰ মাক বিন্দুসাৰৰ গ্ৰীকজাতীয় পত্নী।

কলিংগ বিজয়

অশোকৰ ৰাজত্বকালৰ নৱম বছৰত (কোনো কোনোৰ মতে অষ্টম বছৰত) অশোকে ২৬০ খৃ: পূ: ত (২৬১ খৃ: পূ:) কলিংগ জয় কৰে। সুৱৰ্ণৰেখা আৰু গোদাৱৰী নদীৰ মাজত কলিংগ অৱস্থিত আছিল আৰু নি:সন্দেহে কলিংগ এখন জনবসতি পূৰ্ণ শক্তিশালী ৰাজ্য আছিল। অশোকে কলিংগ আক্ৰমণ কৰাৰ কাৰণ আছিল ৰাজনৈতিক আৰু বাণিজ্যিক। কাৰণ কলিংগই মগধৰ আধিপত্য মানি লোৱা নাছিল। তদুপৰি মগধৰ অধীনস্থ অন্ধ্ৰৰ ওচৰচুবুৰীয়া ৰাজ্য হিচাপে দুখন শত্ৰু ৰাজ্য আছিল –এখন কলিংগ আৰু আনকেইখন ৰাজ্য চোল আৰু পাণ্ড্য সকলৰ অধীনত আছিল। চোল আৰু পাণ্ড্যসকলৰ সৈতে অশোকৰ সদ্‌ভাৱ নাছিল। ওচৰচুবুৰীয়া ৰাজ্য হিচাপে শত্ৰুৰাজ্য থকাটো বিপদজনক বুলি অশোকে ভাৱিছিল আৰু সেইকাৰণে কলিংগ আক্ৰমণ কৰিছিল। আনহাতেদি মগধ এখন বাণিজ্য প্ৰধান চহৰ হিচাপে গঢ় লৈ উঠিছিল। মগধৰ বাণিজ্য দক্ষিণৰ মাজেদি তাম্ৰলিপি হৈ বংগোপসাগৰৰ পথেদি ব্ৰহ্ম, সুমাত্ৰা, জাভা পৰ্যন্ত বিস্তৃত হৈ পৰিছিল। কিন্তু দক্ষিণৰ সৈতে যোগাযোগৰ পথত কলিংগ বাধাস্বৰূপ হৈ পৰিছিল। কলিংগ আক্ৰমণত অশোকে নিজে নেতৃত্ব দিছিল। যুদ্ধত কলিংগ পৰাজিত হৈছিল আৰু বহুত লোকৰ মৃত্যু হৈছিল, বহুত লোক বন্দী হৈছিল।অশোকৰ ত্ৰয়োদশ শিলালিপিত কলিংগ যুদ্ধৰ ক্ষয় ক্ষতিৰ বিৱৰণ এনেদৰে দিয়া আছে – “ তেওঁলোকৰ এক লাখ মানুহ নিহত হয়, ডেৰলাখ মানুহ বন্দী হয়, আৰু বহুত মানুহ বিতাৰিত হয় আৰু নানাভাৱে প্ৰাণ হেৰুৱায়”। অশোকে দিয়া নিহত আৰু বন্দীৰ সংখ্যা প্লিজিয়ে দিয়া সংখ্যাতকৈ বহুত বেছি। এই যুদ্ধত চোল আৰু পাণ্ড্যসকলেও কলিংগৰ পক্ষ লৈ যুদ্ধ কৰিছিল। কলিংগ যুদ্ধত বহুত মানুহে প্ৰাণ হেৰুৱাব লগীয়া হোৱাত অশোকৰ মনত যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সেই প্ৰতিক্ৰিয়া অশোকে ত্ৰয়োদশ শিলালিপিত এনেদৰে প্ৰকাশ কৰিছে –“এইদৰেই মহামহিমান্বিত ৰজাৰ অন্তৰত কলিংগ জয়ৰ প্ৰতি তীব্ৰ অনুশোচনাৰ উদয় হৈছিল। কাৰণ আগতে জয় নকৰা ৰাজ্য এখন ৰাজ্য জয় কৰিবলৈ যোৱা মানেই হত্যাকাণ্ড, মৃত্যু আৰু বন্দী কামত লিপ্ত হোৱা। মহামহিমান্বিত ৰজাৰ কাৰণে এয়া গভীৰ শোক আৰু পৰিতাপৰ বিষয় হৈ পৰিল”।

কলিংগ যুদ্ধৰ ফলাফল

কলিংগ যুদ্ধত বহুতো মানুহৰ মৃত্যু হোৱা দেখি অশোকৰ মন অনুশোচনাত জৰ্জৰিত হৈ পৰে। গতিকে অশোকে ৰাজ্য জয় নীতি পৰিহাৰ কৰি ধৰ্মবিজয় নীতি গ্ৰহণ কৰে। মানসিক শান্তি লাভৰ কাৰণে তেওঁ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে। যুদ্ধনীতি পৰিহাৰ কৰি শান্তি বাদী নীতি গ্ৰহণ কৰে। ৰণধ্বনিক তেওঁ শান্তিধ্বনিলৈ ৰূপান্তৰিত কৰে। কলিংগ যুদ্ধৰ প্ৰধান ফল দুটা –

(১) কলিংগ যুদ্ধৰ পিছৰ মৌৰ্য্য সাম্ৰাজ্য শান্তিবাদী ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হয়।

(২) বিম্বিসাৰে আৰম্ভ কৰা সাম্ৰাজ্যবাদী নীতিৰ পৰিসমাপ্তি ঘটে।

কলিংগ যুদ্ধৰ পৰোক্ষ ফল অশোকৰ শাসন নীতিৰ ওপৰতো পৰে। অশোকে ৰাষ্ট্ৰক জনকল্যাণমুখী কৰি গঢ়ি তোলে। ষষ্ঠ শিলালিপিত আছে –“সমগ্ৰ মানৱ জাতিৰ কল্যাণ সাধন কৰাৰ নিচিনা মহত্‌ কাম অইন একো নাই। মই যি সামান্য কৰিছো তাৰ উদ্দেশ্য হ’ল জীৱ জগতৰ ওচৰত মোৰ ঋণ পৰিশোধ কৰা”। মনকৰিবলগীয়া যে অৰ্থশাস্ত্ৰত উল্লেখ আছে ৰজা সৰ্বশক্তিৰ আধাৰ। তেওঁ কাৰো ওচৰত দায়বদ্ধ নহয়। কিন্তু চন্দ্ৰগুপ্ত মৌৰ্যৰ বংশধৰ অশোকে নিজেই কৈছে যে তেওঁ প্ৰজাৰ ওচৰত ঋণগ্ৰস্ত। এই পৰিৱৰ্তিত শাসননীতিৰ সফল ৰূপায়ণৰ কাৰণে অশোকে ধৰ্ম মহামাত্ৰ নামৰ এক শ্ৰেণীৰ বিষয়াৰ সৃষ্টি কৰিছিল। এই কৰ্মচাৰীসকলে প্ৰজাৰ আধ্যাত্মিক আৰু নৈতিক উন্নতি সাধনৰ কাৰণে কাম কৰিছিল। অশোকে উপলব্ধি কৰিছিল যে জনকল্যাণ মানে প্ৰজাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাকে নুবুজায় বা কেৱল শাৰীৰিক উন্নতি সাধনকে নুবুজায়। জনকল্যাণ সাধন কৰাৰ অৰ্থ হ’ল, অশোকৰ ধাৰণা মতে , জনগণৰ আধ্যাত্মিক উন্নতি সাধন কৰি যুগমীয়া সুখ-শান্তি প্ৰদান কৰা। তেওঁ ৰাজুক, যুত আৰু মহামাত্ৰসকলক তিনি বা পাঁচ বছৰৰ মূৰে মূৰে “অনসংযান”ত ওলাবলৈ নিৰ্দেশ দিছিল। জনকল্যাণমূলক কামৰ অংশ হিচাপে তেওঁ কুঁৱা খন্দাইছিল, মানুহ আৰু পশুৰ কাৰণে চিকিত্‌সালয় স্থাপন কৰিছিল, গছ ৰোৱাইছিল আৰু জনসাধাৰণৰ দুখ-কষ্ট নিবাৰণ কৰিবলৈ যত্নবান হৈছিল। তেওঁ জীৱ হত্যা নিষিদ্ধ কৰি দিছিল। ৰাজপ্ৰাসাদৰ ৰান্ধনীঘত্ত কেৱল মাত্ৰ দুটা প্ৰাণী বধ কৰাৰ নিৰ্দেশ দিছিল। অশোকে চিকাৰ যাত্ৰাক ধৰ্মযাত্ৰালৈ ৰূপান্তৰিত কৰিছিল।

[অৱশ্যে বস্তুবাদী ঐতিহাসিক সকলে অশোকে যুদ্ধ যাত্ৰা পৰিহাৰ কৰাৰ কাৰন হিচাপে দেখুৱাব খোজে যে কলিংগ জয় কৰাৰ পিছত আৰু ৰাজ্য জয় কৰিবলৈ নাছিল। কলিংগ জয় কৰাৰ পিছত মৌৰ্য সাম্ৰাজ্যৰ সংহতি পূৰ্ণ হৈছিল। অশোকে যুদ্ধ নীতি এৰি অন্য নীতি গ্ৰহণ কৰি সাম্ৰাজুঅখন সংগঠিত কৰিবলৈ বিচাৰিছিল। কিয়নো অশোকে অহিংস নীতি গ্ৰহণ কৰিছিল বুলি ক’ব নোৱাৰি। কাৰণ তেওঁ সৈন্যবাহিনী ভংগ কৰি দিয়া নাছিল আৰু কোনো বিদ্ৰোহীক ক্ষমা কৰা নাছিল। আনহাতেদি অশোকৰ সময়ত সমাজখনৰ অৰ্থনৈতিক ভেটিটো আছিল কৃষিভিত্তিক আৰু খাদ্য উত্‌পাদনকাৰী। অশোকে উপলব্ধি কৰিছিল যে তেওঁৰ বৃহত্‌ সাম্ৰাজ্যখনত কৃষি আৰু খাদ্য উত্‌পাদন বৃদ্ধি কৰিবলৈ হ’লে এটা শান্তিৰ পৰিবেশৰ প্ৰয়োজন হ’ব। সেই কাৰণে তেওঁ যুদ্ধ নীতি পৰিহাৰ কৰিছিল।]

অশোকৰ ধৰ্ম

অশোকৰ ব্যক্তিগত ধৰ্ম আছিল বৌদ্ধ ধৰ্ম। কলিংগ যুদ্ধত বহুতো নৰ-নাৰী নিহত হোৱা দেখি অশোকৰ মন অনুতাপত দগ্ধ হয় আৰু মনত শান্তি লাভৰ আশাৰে বৌদ্ধ ভিক্ষু উপগুপ্তৰ পৰা বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে। ত্ৰয়োদশ শিলালিপিত অশোকে বৌদ্ধ ধৰ্মৰ প্ৰতি, বৌদ্ধ সংঘৰ প্ৰতি অগাধ ভক্তি থকাৰ কথা উল্লেখ কৰিছে। তেওঁ বুদ্ধগয়াকে ধৰি বুদ্ধৰ জীৱনৰ সৈতে সম্পৰ্ক থকা সকলো ঠাইলৈকে গৈছে। বুদ্ধৰ অহিংসাৰ বাণী প্ৰজাৰ মাজত প্ৰচাৰ কৰিছে, বুদ্ধৰ বাণী পাহাৰ, স্তম্ভ আদিত খোদাই কৰি দিছে। বৈৰাট, ভাবৰু, এলাহাবাদ শিলালিপিৰ পৰা অশোকৰ বৌদ্ধ ধৰ্মৰ প্ৰতি থকা গভীৰ অনুৰক্তিৰ কথা জনা যায়। আনকি বৌদ্ধ সংঘ বিলাকৰ মাজত সংহতি স্থাপন কৰিবলৈকো তেওঁ অশেষ যত্ন কৰিছিল। সংহতি বিনষ্ট হোৱা দেখিলেই তেওঁ বৌদ্ধমেল আহ্বান কৰিছিল। দেশ বিদেশত বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে তেওঁ প্ৰচাৰক পঠাইছিল। কিন্তু তথাপি প্ৰশ্ন হয় অশোক বৌদ্ধ হয় নে নহয়? নে তেওঁ হিন্দু সম্ৰাট। মনকৰিবলগীয়া যে অশোকে “দেবানাম প্ৰিয়” উপাধি গ্ৰহণ কৰিছিল। প্ৰশ্ন হয় কোন ঈশ্বৰৰ তেওঁ প্ৰিয়? বৌদ্ধ ধৰ্মত ঈশ্বৰ নাই। গতিকে তেওঁ নিশ্চয় আৰ্য দেৱতাৰ প্ৰিয় হ’ব লাগিব। তদুপৰি তেওঁ বৌদ্ধ শ্ৰমণ সকলক দিয়াৰ দৰে ব্ৰাহ্মণসকলকো উপহাৰ দিছিল ইত্যাদি কাৰণত বহুতে কব খোজে “Asoka was essentially a Hindu”. অশোকে তেওঁৰ শিলালিপি সমূহত বিশেষকৈ সপ্তম স্তম্ভলিপি, অষ্টম স্তম্ভলিপি, সপ্তম শিলালিপি আদিত যি ধৰ্মৰ প্ৰচাৰ কৰিছিল সেই ধৰ্ম বৌদ্ধ ধৰ্ম নাছিল। কাৰণ বৌদ্ধ ধৰ্মৰ অনুশাসনবোৰৰ উল্লেখ তাত নাই। তদুপৰি তেওঁ তেওঁৰ ধৰ্মক বৌদ্ধধৰ্ম বুলি নকৈ ‘ধম্ম’ বুলি কৈছে। গতিকে এইটো ঠিক যে অশোকৰ ‘ধম্ম’ তেওঁৰ নিজৰ আৱিষ্কাৰ। তেওঁৰ ‘ধম্ম’ সকলো ধৰ্মৰে সাৰমৰ্ম। তদুপৰি অশোকৰ ‘ধম্ম’ কোনো ধৰ্মীয় তত্ত্বৰ আধাৰত প্ৰতিষ্ঠিত নহয়। তেওঁৰ ধম্ম আছিল কিছুমান আচৰণ বিধি (code of conduct)। অশোকৰ ধম্মৰ প্ৰধান উদ্দেশ্য আছিল ব্যক্তিজীৱন আৰু সমাজ জীৱন শুদ্ধ কৰা। ব্যক্তি জীৱন শুদ্ধ কৰিবৰ কাৰণে তেওঁ প্ৰতিজন ব্যক্তিকে কিছুমান নৈতিক অনুশীলন যেনে – দয়া, দান, সত্যকথা কোৱা, পৱিত্ৰতা পালন কৰা, ভদ্ৰতা আৰু নম্ৰতা পালন মানি চলিবলৈ আহ্বান জনাইছিল। দৈনন্দিন জীৱনত যাতে কিছুমান সত্‌ কৰ্ম পালন কৰা হয় তাৰ কাৰণে অশোকে কিছুমান আচৰণ বিধি প্ৰণয়ন কৰিছিল। যেনে- প্ৰাণী হত্যাৰ পৰা বিৰত থকা, প্ৰাণী বধ নকৰা, পিতৃ-মাতৃ গুৰুজনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা, গুৰুক শ্ৰদ্ধা জ্ঞাপন কৰা, দাস ভৃত্য আদিৰ প্ৰতি সত্‌ ব্যৱহাৰ কৰা, অহিংস নীতি পালন কৰা, সঞ্চয় কৰা, পাপ আৰু কলুষতাৰ পৰা মুক্ত থকা, উগ্ৰতা, হিংসা, নিষ্ঠুৰতা, ক্ৰোধ, ইৰ্ষা আদিৰ পৰা মুক্ত থকা ইত্যাদি। এইখিনি প্ৰজাই পালন কৰিছিল নে নাই সেইটো চাবলৈ তেওঁ বিষয়া নিযুক্ত কৰা নাছিল। তেওঁ কৈছিল এইখিনি পালন কৰা হৈছে নে নাই সেইটো চাবলৈ প্ৰতিজন ব্যক্তিয়েই আত্মসমালোচনা কৰা উচিত।সমাজখনৰ উন্নতিৰ কাৰণে অৰ্থাত্‌ সমাজখন পৰিশুদ্ধ কৰিবৰ কাৰণে তেওঁ কিছুমান নীতি পালনৰ কথা কৈছিল। সেইকেইটা হৈছে –

(১) ধৰ্ম সহিষ্ণুতা অৰ্থাত্‌ অন্যৰ ধৰ্মক নিন্দা বা ঘৃণা কৰাৰ পৰা বিৰত থকা ।

(২) পাৰস্পৰিক বুজাবুজিৰ কাৰণে সকলো সম্প্ৰদায়ৰ মানুহ একেলগে বসবাস কৰি পৰস্পৰে পৰস্পৰৰ শাস্ত্ৰ শ্ৰৱণ কৰা। ইয়াৰ ফলত মনৰ সংকীৰ্ণতা দূৰ হ’ব বুলি তেওঁ বিশ্বাস কৰিছিল।

(৩) মহামাত্ৰসকলে সকলো সম্প্ৰদায়ৰ মংগলৰ কাম কৰা। সকলো সম্প্ৰদায়ৰ প্ৰতি শ্ৰদ্ধাবান হ’বলৈ তেওঁ নিৰ্দেশ দিছিল।

(৪) জীৱহিংসা আৰু প্ৰাণী বধ বন্ধ কৰা। জীৱ হত্যা তেওঁ নিষিদ্ধ কৰি দিছিল।

(৫) গৃহপতি, ব্ৰাহ্মণ, গৃহিণীসকলৰ ধৰ্মমংগল পালনত উত্‌সাহ যোগাবলৈ মহামাত্ৰসকলক আহ্বান জনাইছিল।

(৬) মৃত্যুৰ পিছত স্বৰ্গলাভৰ কথা কোৱা হৈছিল সাধাৰণ মানুহে বুজিব পৰাকৈ। কাৰণ বৌদ্ধ ধৰ্মৰ নিৰ্বাণ বা জন্মান্তৰবাদ আদিৰ কথা সাধাৰণ মানুহে বুজি নাপায়।

অৱশ্যে অশোকৰ ‘ধম্ম’ বৌদ্ধ ধৰ্ম নে অশোকৰ নিজৰ আৱিষ্কাৰ সেই বিষয়ে বিতৰ্কৰ স্থল আছে। ড° ভাণ্ডাৰকাৰৰ মতে অশোকে প্ৰচাৰ কৰা ‘ধম্ম’ আছিল লৌকিক বৌদ্ধধৰ্ম। বৌদ্ধধৰ্মৰো দুটা ভাগ আছিল। কিছুমান নীতি নিয়ম আছিল বৌদ্ধ সন্ন্যাসী সকলৰ কাৰণে। সেইবোৰৰ নিয়ম কঠোৰ আছিল। কিছুমান নীতি আছিল গৃহস্থীসকলৰ কাৰণে, যাতে গৃহস্থীসকলেও এই নিয়মবোৰ পালন কৰিব পাৰে। এইবোৰ ‘গৃহীবিনয়’ বোলা হৈছিল। এই ‘গৃহীবিনয়’ বা গৃহস্থীসকলে পালন কৰিবলগীয়া ধৰ্মকেই অশোকে প্ৰচাৰ কৰিছিল বুলি বহুতে মত প্ৰকাশ কৰিছে।

[অন্যমত – পিছৰ চিন্তা :- এগৰাকী ৰুছ গৱেষকৰ মতে –“স্বেচ্ছাচাৰী ৰাজতন্ত্ৰৰ অধীনত সাম্ৰাজ্যখনক ঐক্যবদ্ধ কৰি ৰখাৰ উদ্দেশ্যৰে অশোকে বৌদ্ধ ধৰ্মক তত্ত্বগতভাৱে প্ৰচাৰ কৰিছিল”। ৰমিলা থাপাৰে ক’ব খোজে যে “ ধৰ্ম-নীতি প্ৰচাৰ কৰি জনসংযোগ বৃদ্ধি কৰি, উদাৰ ব্যক্তিসকলৰ আস্থা লাভ কৰি কেন্দ্ৰীভূত শাসন ব্যৱস্থাৰ বিৰুদ্ধে যাতে বিদ্ৰোহ হ’ব নোৱাৰে সেই উদ্দেশ্যৰেই অশোকে তেওঁৰ ‘ধম্ম’ৰ ব্যবহাৰিক দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। কৌশম্বীৰ মতে সেই সময়ত কৃষি বাণিজ্যৰ উন্নতিৰ ফলত শ্ৰেণীৰ সৃষ্টি হৈছিল আৰু সেই কাৰণে শ্ৰেণী সংঘাতৰ সম্ভাৱনা আঁতৰ কৰি ৰাষ্ট্ৰীয় ঐক্য ৰক্ষা কৰিবৰ কাৰণে ‘ধম্ম’ প্ৰচাৰ কৰিছিল।– এইখিনি কথাৰ পৰিপ্ৰেক্ষিতত ইছলাম ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, একেশ্বৰবাদৰ ধাৰণা, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ (Trinity) ধাৰণা – আদি ধৰ্মীয় ঐক্য সদায় ৰাজনৈতিক ঐক্যৰ খাটিৰতেই যে প্ৰয়োজন হৈছিল মননশীল ব্যক্তিসকলে পিছত কৰি চাব।]

অশোকৰ ধৰ্ম প্ৰচাৰ

ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে অশোকে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁ ধৰ্মৰ বাণীবিলাক উপযুক্ত স্থানত, সকলোৱে দেখাকৈ শিলৰ গাত অথবা শিলৰ স্তম্ভত খোদাই কৰি দিছিল। তেওঁ নিজেও ধৰ্মযাত্ৰা কৰিছিল। এই ধৰ্মযাত্ৰা গতানুগতিক ৰাজকীয় ভ্ৰমণ নাছিল। ধৰ্মযাত্ৰাৰ পথত তেওঁ ব্ৰাহ্মণ আৰু শ্ৰমণসকলক দেখা কৰি উপহাৰ দিছিল। প্ৰজাসকলক ধৰ্ম বিষয়ক পৰামৰ্শ দিছিল আৰু ধৰ্ম বিষয়ে আলোচনা কৰিছিল। কিন্তু ইমান এখন ডাঙৰ সাম্ৰাজ্যৰ ৰজা জনৰ কাৰণে নিজে ধৰ্ম প্ৰচাৰ কৰাটো সম্ভৱপৰ নাছিল। গতিকে অশোকে তেওঁৰ উচ্চপদস্থ বিষয়া ‘প্ৰাদেশিক’, ‘যুক্ত’ আৰু ‘ৰাজুক’ সকলক তেওঁলোকৰ পাঁচ বছৰীয়া পৰিক্ৰমা কালত ধৰ্মবিষয়ক পৰামৰ্শ দিবলৈ আদেশ দিছিল। ইয়াৰ দ্বাৰা চৰকাৰী কামৰ লগত ধৰ্ম প্ৰচাৰৰ কাম সাঙুৰি দিয়া হৈছিল। সাধাৰণ মানুহৰ মন ধৰ্মমুখী কৰিবলৈ ‘অশোকে বিভিন্ন দেৱতাৰ সমুজ্জ্বল ৰূপ গুণ, স্বৰ্গত থকা তেওঁলোকৰ প্ৰাসাদ, হাতী আদিৰ প্ৰদৰ্শনী’ পাতিছিল। তেওঁ ধৰ্ম মহামাত্ৰ নামৰ একশ্ৰেণীৰ নতুন বিষয়াৰ সৃষ্টি কৰিছিল। এওঁলোকৰ প্ৰধান কাম আছিল প্ৰজাৰ আধ্যাত্মিক উন্নতিৰ কাৰণে লক্ষ্য ৰখা। আৰ. এচ. ত্ৰিপাঠীৰ মতে –“ The appointment of Dharma-Mahamatras was an important step, for they were expected to look after both the material and spiritual needs of the people.” (History of Ancient India)। অশোকৰ ধৰ্ম প্ৰচাৰৰ কাম তেওঁৰ ৰাজ্যৰ চাৰিসীমাৰ ভিতৰতে আৱদ্ধ নাছিল। তেওঁ তেওঁৰ ৰাজ্যৰ দশ যোজনৰ আঁতৰত থকা সীমান্ত অঞ্চলতো ধৰ্ম প্ৰচাৰৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিল। সিংহলীয় ঘটনাপঞ্জীত অশোকে সিংহল আৰু সুবৰ্ণভূমিলৈ ধৰ্ম প্ৰচাৰক পঠোৱাৰ বিশদ বিৱৰণ আছে। সিংহললৈ যোৱা দলটোৰ নেতৃত্ব গ্ৰহণ কৰিছিল তেওঁৰ পুত্ৰ মহেন্দ্ৰই (বহুতৰ মতে ভায়েক)। অশোকৰ পৰিচালনাত চিৰিয়া, ইজিপ্ত, মেচিডনিয়া, এপিৰাচ আৰু চাইৰিণত ধৰ্ম প্ৰচাৰ হৈছিল। খুব সম্ভৱ এইবোৰ ঠাইলৈ ধৰ্ম প্ৰচাৰৰ কাৰণে তেওঁ তেওঁৰ কটকী পঠিয়াইছিল। তেওঁ কৈছিল –‘যিবোৰ ঠাইলৈ মহামহিমান্বিত সম্ৰাটৰ কটকী যোৱা নাছিল সেইবোৰ ঠাইৰ মানুহেও ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত সম্ৰাটৰ আদৰ্শ আৰু তেওঁৰ ধৰ্ম বিষয়ক নিৰ্দেশ মানি চলিছে আৰু চলিবও’। সম্ভৱ চীন আৰু ব্ৰহ্মদেশলৈ অশোকৰ মানুহ যাব পৰা নাছিল। অশোকৰ অনুশাসনত মৌৰ্য সাম্ৰাজ্যৰ ভৌগোলিক সীমাৰেখাৰ বাহিৰত কৰা ধৰ্মপ্ৰচাৰৰ কাৰ্যক ‘ধৰ্মবিজয়’ বুলি আখ্যা দিয়া হৈছে। ৰাইচ ডেভিদে অশোকৰ এই বিবৃতিক ‘ৰাজকীয় দাম্ভিকতা’ বুলি উলাই কৰিছে। কিন্তু কোনো কোনো পণ্ডিতৰ মতে বৌদ্ধধৰ্মৰ প্ৰভাৱ ইহুদীসকলৰ ধৰ্মৰ ওপৰত পৰিছিল। লগতে বৌদ্ধ ধৰ্মই আদি খৃষ্ট ধৰ্মৰ বিশ্বাস আৰু প্ৰচলিত ৰীতিকো গঢ় দিছিল।

অশোকৰ বৌদ্ধ ধৰ্ম প্ৰচাৰৰ সফলতা

দেশৰ ভিতৰত অশোকে বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰাত সফল হৈছিল বুলি ক’ব পাৰি। কাৰণ বৈদিক যুগৰ চাৰিটা শ্ৰেণীৰ উপৰিও সমাজৰ পৰিৱৰ্তনৰ লগে লগে আৰু বহুত শ্ৰেণী যেনে – গৃহপতি, বণিক, শ্ৰেষ্ঠী আদি শ্ৰেণীৰ উদ্ভৱ হৈছিল। এই শ্ৰেণীবোৰ সৃষ্টি হোৱাৰ ফলত শ্ৰেণী সংঘাতো আৰম্ভ হৈছিল। সেই ক্ষেত্ৰত অশোকে বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰি দেশৰ সংহতি ৰক্ষা কৰিব পাৰিছিল। কাৰণ অশোকৰ ‘ধম্ম’ আছিল মানৱতা প্ৰসূত। ই কেইটামান নীতিৰ সমষ্টি যি নীতি পালন কৰিলেই সমাজত শান্তি-সম্প্ৰীতি, সংহতি ৰক্ষা পৰিব বুলি ভৱা হৈছিল। মানৱতা প্ৰসূত অশোকৰ ‘ধম্ম’ই সকলোৰে মনত প্ৰভাৱ পেলাইছিল। ই আছিল সকলো ধৰ্মৰে সাৰমৰ্ম। গতিকে অশোকৰ ধৰ্মৰ এটা ব্যৱহাৰিক দিশ আছিল। এগৰাকী বুৰঞ্জীবিদে কোৱাৰ দৰে অশোকে সমাজখন ঐক্যবদ্ধ কৰি ৰাখিবৰ কাৰণে বৌদ্ধধৰ্মক তত্ত্বগতভাৱে ব্যৱহাৰ কৰিছিল। কিন্তু বিদেশত বৌদ্ধ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত অশোকে  সফলতা লাভ কৰিব পাৰিছিল নে নাই সেই বিষয়ে মতবিৰোধ আছে। চিৰিয়া, ব্যাকট্ৰিয়া আৰু সিংহলৰ বাহিৰে অন্য ঠাইত অশোকৰ ধৰ্ম প্ৰচাৰকসকলে সিমান সফলতা লাভ কৰিব পৰা নাছিল বুলি কোনোৱে মত প্ৰকাশ কৰে। অশোকৰ পুত্ৰ মহেন্দ্ৰ আৰু কন্যা সংঘমিত্ৰাৰ যত্নত সিংহলৰ ৰজা তিষ্য আৰু সিংহলবাসীয়ে বৌদ্ধধৰ্ম গ্ৰহণ কৰিছিল। কোনো কোনো ঐতিহাসিকৰ মতে গ্ৰীকসকলৰ মাজত বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰাতো সম্ভৱ হোৱা নাছিল।কাৰণ গ্ৰীকসকল আছিল বৰ আত্মগৰ্বী জাতি আৰু সেইকাৰণে তেওঁলোকে অইনৰ ধৰ্মমত গ্ৰহণ কৰিব বুলি ভাবিবই নোৱাৰি। কিন্তু খৃ: পূ: দ্বিতীয় শতিকাত সিংহলত এটা বৌদ্ধস্তুপ স্থাপন কৰাৰ সময়ত আলেকজেন্দ্ৰিয়াৰ পৰা ত্ৰিশ হাজাৰ বৌদ্ধ ভিক্ষুকে যোগদান কৰিছিল আৰু তাৰ অধিকাংশই আছিল গ্ৰীক। গতিকে গ্ৰীকসকলক প্ৰভাৱান্বিত কৰাত বৌদ্ধ ধৰ্মৰ প্ৰচাৰকসকল ব্যৰ্থ হৈছিল বুলি ক’ব নোৱাৰি। ব্যাকট্ৰিয়াৰ পৰা অশোকৰ ধৰ্ম প্ৰচাৰকসকল চীন দেশলৈ গৈছিল। ড° পি. টি. বাগচীৰ মতে পশ্চিম এছিয়াৰ ইৰাণ অঞ্চলতো বৌদ্ধধৰ্ম প্ৰতিষ্ঠা কৰা হৈছিল। ম্যাক্সমুলাৰৰ মতে গ্ৰীক সকলৰ জৰিয়তেই বৌদ্ধ ধৰ্মই খৃষ্টান ধৰ্মক প্ৰভাৱান্বিত কৰিছিল। তদুপৰি নেপালৰ তৰাই অঞ্চল, খোটান আদি যিবোৰ ঠাইত অশোকৰ প্ৰভাৱ আছিল সেইবোৰ ঠাইত বৌদ্ধধৰ্ম প্ৰচাৰ হৈছিল বুলি ভাবিবৰ থল নোহোৱা নহয়।

অশোকৰ ৰাজ্যৰ সীমা

অশোকৰ শিলালিপি আৰু স্তম্ভলিপিবোৰৰ প্ৰতিষ্ঠাৰ স্থানৰ পৰা অশোকৰ ৰাজ্যৰ সীমা সম্পৰ্কে জনা যায়। “The extent of Asoka’s empire may be guessed from the distribution of the rock edicts which were engraved along the confines of his territories.” উত্তৰে অশোকৰ সাম্ৰাজ্য চিৰিয়াৰ দ্বিতীয় এণ্টিয়কচ থিয়চৰ সাম্ৰাজ্যৰ ওচৰলৈকে বিস্তৃত আছিল আৰু ইয়াৰ ভিতৰত চেলিউকচে এৰি থৈ যোৱা ৰাজ্যসমূহ ( এৰিয়া, আৰাকবিয়া, পেৰপেমিচেদি আৰু গেদ্ৰচিয়া) অন্তৰ্ভুক্ত হৈছিল। উত্তৰ-পশ্চিম ভাৰতৰ বহুতো ঠাইত যেনে – চাহবাজগৰহী, মানচেহৰা, তক্ষশীলা, আৰু আফগানিস্থানত তেওঁৰ অনুশাসন পোৱা গৈছে। উত্তৰ-পশ্চিম অঞ্চলত তেওঁৰ ৰাজ্যৰ ভিতৰত থকা লোকসকল আছিল কাম্বোজ, গান্ধাৰ আৰু সম্ভৱত: নভক নভপংক্তিসকল। ‘ৰাজতৰংগিনী’ আৰু হিউৱেন চাঙৰ বৰ্ণনাত উল্লেখ থকা মতে কাশ্মীৰ অশোকৰ ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। কালচি(Kalsi) আৰু ৰুমি নদীত পোৱা অনুশাসন মতে নেপালৰ তৰাই অঞ্চল অশোকৰ ৰাজ্যৰ উত্তৰ-পূব সীমা আছিল। কালচি গাঁৱত পোৱা অশোকৰ চতুৰ্দশ শিলালিপিয়ে হিমালয় ভূখণ্ডৰ ওপৰত অশোকৰ প্ৰতিপত্তি থকাৰ কথা কয়। পূব বংগত অশোকৰ অনুশাসন পোৱা নাই। কিন্তু হিউৱেন চাঙে তাম্ৰলিপি (তমলুক, পশ্চিমবংগৰ দক্ষিণ অঞ্চলত) আৰু পুণ্ড্ৰবৰ্ধনত (পূব পাকিস্তানৰ উত্তৰ অঞ্চলত) তেওঁৰ ‘স্তুপ’ দেখিবলৈ পাইছিল। ঢৌউলা আৰু জউগড়ত পোৱা অনুশাসনে পূব উপকূললৈকে অশোকৰ সাম্ৰাজ্য বিস্তাৰৰ কথা সূচায়। পূব পাকিস্তানৰ বগৰা জিলাত পোৱা মহাষ্ঠানগড় শিলালিপিৰ পৰা জনা যায় যে বংগদেশ মৌৰ্য সাম্ৰাজ্যৰ অন্তৰ্গত আছিল। হিউৱেন চাঙৰ দিনত কামৰূপত অশোকৰ স্তুপ দেখিবলৈ পোৱা নগৈছিল। দক্ষিণে খুব সম্ভৱ তেওঁৰ ৰাজ্য পেন্নাৰ নদীলৈকে বিস্তৃত আছিল। দক্ষিণে অশোকৰ প্ৰতিবেশী আছিল চোল, পাণ্ড্য, সতিয়পুত্ৰ আৰু কেৰলসকল। গতিকে এইটো ধৰি ল’ব পাৰি যে এই অঞ্চল বাদ দি দক্ষিণৰ বাকী অঞ্চল অশোকৰ অধীনত আছিল। গ্ৰীক সূত্ৰৰ পৰা জনা যায় যে পশ্চিমদিশত উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ পাৰ হৈ হিন্দুকোশ পৰ্বতলৈকে অশোকৰ সাম্ৰাজ্য বিস্তৃত আছিল। জানালাবাদ (আফগানিস্থান) আৰু গান্ধাৰৰ তক্ষশীলাত অশোকৰ শিলালিপি পোৱা গৈছে। পশ্চিমৰ অনুশাসনবিলাকত ৰাষ্ট্ৰিক, ভোজ, অন্ধ্ৰ, পৰিষদ সকলৰ উল্লেখ পোৱা যায়। সোপাৰাত পোৱা অনুশাসনৰ পৰা এইটো প্ৰমাণিত হয় যে তেওঁৰ ৰাজ্য পশ্চিম উপকূললৈকে বিস্তৃত আছিল। গতিকে সুদূৰ দক্ষিণ আৰু পূব পিনে কামৰূপ আৰু আফগানিস্থান আৰু বেলুচিস্থানৰ বাহিৰে গোটেই ভাৰতবৰ্ষ অশোকৰ সাম্ৰাজ্যৰ অধীনত আছিল। “Asoka empire brought about that political and cultural unity which is the dream of modern India. Symbolised by her emblem of the capital of an Asoka Pillar.”

প্ৰজা আৰু পশুৰ কাৰণে হিতকৰ কাম

প্ৰজা আৰু পশুৰ কাৰণে অশোকে কৰা হিতকৰ কামখিনি তেওঁৰ ধৰ্ম সম্পৰ্কে থকা ধাৰণাৰ এটা অংগ আছিল। অশোকে কৈছে –“ গোটেই পৃথিৱীৰ হিত সাধন কৰাতকৈ ডাঙৰ কাম একো নাই আৰু মই যিকণ কৰিছো সেইয়া এই বাবেই কৰিছো যাতে জীৱ জন্তুৰ ওচৰত থকা মোৰ ঋণ পৰিশোধ কৰিব পাৰোঁ। যাতে মই সিহঁতৰ এই জীৱন সুখী কৰিব পাৰো আৰু সিহঁতে যাতে মৃত্যুৰ পিছত স্বৰ্গগামী হ’ব পাৰে”। অশোকে বাটৰ কাষত গছ, বটগছ আদি মানুহ আৰু জন্তুক ছাঁ দিবৰ কাৰণে ৰুই দিছিল। আমগছৰ বাগিচা কৰিছিল আৰু প্ৰতি আঠ ক্ৰোশৰ আঁতৰে আঁতৰে কুঁৱা খন্দাই দিছিল। মানুহ আৰু জন্তুৰ চিকিত্‌সাৰ কাৰণেও ব্যৱস্থা গ্ৰহণ কৰিছিল – “য’ত মানুহ আৰু জন্তুৰ কাৰণে উপকাৰী ঔষধৰ গছ পোৱা নগৈছিল সেই ঠাইত বাহিৰৰ পৰা বিচাৰি আনি তেনে গছ ৰোৱা হৈছিল, ফল মূল য’ত পোৱা নগৈছিল তেনে ঠাইত ফলমূলৰ গছ আমদানি কৰা হৈছিল। প্ৰাণী হত্যা আৰু প্ৰানীৰ অংগক্ষত তেওঁ নিষিদ্ধ কৰি দিছিল। তেওঁ নিজৰ খাদ্যও নিয়ন্ত্ৰণ কৰিছিল। দ্বিপদী আৰু চতুষ্পদী জন্তু, চৰাই চিৰিকতি আৰু জলচৰ প্ৰাণীকো বিভিন্ন ধৰণেৰে উপকাৰ কৰিছিল। অশোকে এনে ধৰণৰ জনহিতকৰ ব্যৱস্থাসমূহ কেৱল যে মৌৰ্য সাম্ৰাজ্যৰ ভিতৰতহে লৈছিল এনে নহয়। ওচৰ চুবুৰীয়া গ্ৰীক ৰাজ্যসমূহতো এই ব্যৱস্থাসমূহ লোৱা হৈছিল।

অশোকৰ শাসন ব্যবস্থা

কিছুমান ক্ষেত্ৰত অশোকৰ শাসন ব্যবস্থা চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসন ব্যৱস্থাতকৈ পৃথক আছিল। অৱশ্যে অশোকৰ শাসনো চন্দ্ৰগুপ্তৰ শাসনৰ দৰে কেন্দ্ৰীভূত আছিল আৰু কেন্দ্ৰীয় শাসন ব্যবস্থা ক্ষেত্ৰত চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনৰ লগত বিশেষ অমিল নাছিল। প্ৰাদেশিক শাসন ব্যবস্থাৰ ক্ষেত্ৰতহে অশোকে কেইটামান নতুনত্ব আনিছিল। তেওঁ কিছুমান বিষয়াৰ সৃষ্টি কৰিছিল। কাৰণ অশোকে চৰকাৰৰ সৈতে স্থানীয় ৰাইজৰ এটা সংযোগ স্থাপন কৰিবলৈ যত্ন কৰিছিল। শাসনৰ সুবিধাৰ্থে সাম্ৰাজ্যখন পাঁচখন প্ৰদেশত বিভক্ত কৰিছিল। গুৰুত্বপূৰ্ণ প্ৰদেশত যুবৰাজসকলক শাসনকৰ্তা হিচাপে নিযুক্তি দিছিল। অবশ্যে সৌৰাষ্ট্ৰত যৱনৰাজ তুসাসফকক শাসনকৰ্তা হিচাপে নিযুক্তি দিছিল। মগধ অশোকে নিজে শাসন কৰিছিল। প্ৰদেশৰ শাসন ব্যবস্থাত তেওঁ একেধৰণৰ দণ্ডবিধি আৰু প্ৰশাসনিক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। তেওঁৰ উদ্দেশ্য আছিল প্ৰশাসনিক ঐক্য স্থাপন কৰা। তেওঁ ফৌজদাৰী আইন সংস্কাৰ আৰু আইনৰ বিধিবিলাক যাতে সফলভাৱে পালন কৰা হয় সেইবিষয়ে চকু দিবলৈ ‘নগৰ ব্যবহাৰিক’ আৰু ‘মহামাত্ৰ’ সকলক নিৰ্দেশ দিছিল। কোনো দোষীৰ প্ৰাণদণ্ড হ’লে দোষীক প্ৰাণদণ্ড দিয়াৰ আগতে তিনিদিন সময় দিয়াৰ নিয়ম কৰিছিল। তেওঁ তেওঁৰ সিংহাসনত উঠা দিনটো বছৰি পালন কৰিছিল আৰু সেইদিনা কাৰাগাৰত বন্দী হৈ থকা বন্দীসকলক মুক্তি দিছিল। এইদৰে অশোকে ফৌজদাৰী আইনক মানৱিক গুণসম্পন্ন কৰিবলৈ যত্ন কৰিছিল। অশোকে প্ৰাদেশিক শাসন বিভাগত চকু দিবলৈ সৃষ্টি কৰা অন্যান্য বিষয়াসকল আছিল ‘প্ৰাদেশিক’, ‘ৰাজুক’, ‘যুক্ত’, ‘নগৰ ব্যৱহাৰিক’, ‘ধৰ্ম মহামাত্ৰ’, ‘প্ৰতিবেদক’, ‘স্ত্ৰী অধ্যক্ষ’, ‘অন্ত- মহামাত্ৰ’, ‘ব্ৰজভূমিক’ ইত্যাদি। ‘প্ৰাদেশিক’ সকলৰ দায়িত্ব সম্পৰ্কে সঠিকভাৱে জনা নাযায়। ‘ৰাজুক’ সকল প্ৰথমে যদিও মাটিৰ জৰীপ কৰা কামত নিয়োগ কৰিছিল পিছলৈ এওঁলোকৰ পদৰ উন্নতি সাধন কৰি অশোকে এওঁলোকক জিলাৰ সৰ্বময় শাসনকৰ্তা পাতিছিল। ‘যুক্ত’ সকল চৰকাৰী সম্পত্তিৰ দায়িত্বত আছিল। ‘নগৰ ব্যৱহাৰিক’ সকল দণ্ডাধীশ আছিল। ‘ধৰ্ম মহামাত্ৰ’ সকলৰ কাম আছিল জনসাধাৰণৰ মাজত ধৰ্ম প্ৰচাৰ কৰা আৰু প্ৰজাৰ কায়িক, মানসিক, নৈতিক উন্নতি সাধনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা। অশোকৰ সকলোবোৰ শাসন সংস্কাৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত মহামাত্ৰসকলে চকু দিব। ‘প্ৰতিবেদক’ সকলে গুৰুত্বপূৰ্ণ কথাবিলাক যথাসময়ত ৰজাক অৱগত কৰিব লাগিব। নাৰীৰ মাজত ধৰ্ম প্ৰচাৰ আৰু নাৰীক ধৰ্ম মংগল কামত উত্‌সাহ যোগোৱাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ‘স্ত্ৰী অধ্যক্ষ’ৰ ওপৰত। সীমান্ত অঞ্চল আৰু জনকল্যাণমূলক কাম কৰাৰ দায়িত্ব ন্যস্ত আছিল ‘অন্ত মহামাত্ৰ’ সকলৰ ওপৰত। ‘ব্ৰজভূমিক’ সকল গোশালা আৰু গৰু চৰা পথাৰৰ অধিকৰ্তা। কিন্তু অশোকৰ শাসন ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ মন কৰিবলগীয়া কথা হ’ল যে তেওঁৰ শাসন ব্যৱস্থা কিছুমান নীতি বোধৰদ্বাৰা পৰিচালিত হৈছিল। প্ৰজাৰ প্ৰতি তেওঁৰ এটা কৰ্তব্যবোধ আছিল আৰু তেওঁ প্ৰজাৰ ওচৰত ঋণগ্ৰস্ত বুলি বিবেচনা কৰিছিল। এই ঋণ তেওঁ পৰিশোধ কৰিব বিচাৰিছে প্ৰজা হিতকৰ কিছুমান কামৰ মাজেদি। ষষ্ঠ শিলালিপিত অশোকে কৈছে – “ মই সকলো ঠাইতে সকলো সময়তে জনতাৰ কাম কৰিবলৈ প্ৰস্তুত। জনগণৰ ওচৰত মোৰ যি ঋণ আছে সেই ঋণ এনেদৰে কাম কৰিয়েই মই পৰিশোধ কৰিব বিচাৰো”। জনগণৰ সুখ-দুখৰ বিষয়ে জনাটো আৰু সেইবোৰ নিজ চকুৰ চোৱাটো তেওঁ এটা কৰ্তব্য বুলি বিবেচনা কৰিছিল। তদুপৰি অশোকে প্ৰজাৰ প্ৰতি থকা তেওঁৰ কৰ্তব্যৰ কথা অষ্টম শিলালিপিৰ জৰিয়তে প্ৰচাৰ কৰিছে আৰু তেওঁ কি ব্যৱস্থা গ্ৰহণ কৰিব খুজিছে সেই বিষয়ে জনসভাত প্ৰজাক জনাই দিবলৈ কৰ্মচাৰী সকলক নিৰ্দেশ দিছে। তেওঁ যেন প্ৰজাৰ সৈতে এটা চুক্তিত উপনীত হ’ব বিচাৰিছে। ৰজাৰ কৰ্তব্যবিলাক জনতাক অৱগত কৰাই তেওঁ প্ৰজাক তেওঁলোকৰ অধিকাৰ সম্পৰ্কে সচেতন কৰি তুলিছিল। প্ৰতি তিনিবছৰ বা পাঁচবছৰৰ মূৰে মূৰে মহামাত্ৰ, ৰাজুক আদি কৰ্মচাৰীসকলক প্ৰজাৰ সৈতে সংযোগ স্থাপন কৰাৰ উদ্দেশ্যৰে ৰাজ্য প্ৰদক্ষিণ কৰিবলৈ অশোকে দিয়া নিৰ্দেশটো তেওঁৰ শাসনব্যৱস্থাৰ এটা শক্তিশালী স্তম্ভ। অশোকৰ ৰাজত্বকালত ভাৰতীয় ললিত কলাৰ বিশেষ উন্নতি হৈছিল। স্থাপত্য আৰু ভাস্কৰ্য্য শিল্পৰ প্ৰতি তেওঁৰ অৱদানৰ ভিতৰত ৰাজপ্ৰাসাদ, ‘স্তুপ’ আৰু ‘বিহাৰ’, পাহাৰৰ শিল কাটি তৈয়াৰ কৰা গুহা আৰু একক শিলাস্তম্ভই প্ৰধান। চীনা পৰিব্ৰজক ফাহিয়ানে অশোকৰ ৰাজপ্ৰাসাদ দেখি স্তম্ভিত হৈছিল। তেখেতে লিখিছিল – “ভৌতিক প্ৰতিক্ৰিয়াৰ দ্বাৰাহে যেনিবা দ’মে দ’মে শিল পেলোৱা হৈছিল, দেৱাল আৰু তোৰণ সজা হৈছিল, সুৰুচিপূৰ্ণভাৱে খোদাই কাম আৰু ভাস্কৰ্য্য খচিত কৰা হৈছিল, কাৰণ এইবোৰ কাম পৃথিৱীৰ কোনো মানুহৰ পক্ষে সম্ভৱ নহয়”। প্ৰবাদ মতে অশোকে গোটেই ভাৰতবৰ্ষত ৮৪,০০০ খন নগৰত ৮৪,০০০ ‘স্তুপ’ বা ‘বিহাৰ’ সজোৱাইছিল। এই বিহাৰবোৰত বুদ্ধৰ স্মৃতিচিহ্ন সযত্নে ৰখা হৈছিল। বৰাবৰ আৰু নাগাৰ্জুনী পৰ্বতৰ শিলত কটা গুহাৰ মিহি দেৱালবোৰ শতাব্দী জুৰি চিক্‌চিকাই আছিল। একক শিলৰ স্তম্ভবোৰ সৌন্দৰ্য্য আৰু কাৰিকৰী দিশৰ পৰা শ্ৰেষ্ঠ অৱদান আছিল। এইবোৰে অশোকৰ ৰাজত্বকালৰ অভিযান্ত্ৰিক নিপুনতাৰ কথা ঘোষণা কৰে। সাৰনাথৰ অশোকস্তম্ভৰ কথা ভিনচেণ্ট স্মিথে এনেদৰে কৈছে –‘ পশুমূৰ্তি ভাস্কৰৰ এই সুন্দৰ সৃষ্টিৰ সমতুল্য বা ইয়াতকৈ ভাল গাঁথনি কোনো দেশতে বিচাৰি পোৱা নাযায়। ইয়াত বাস্তৱ প্ৰতিৰূপৰ লগত আদৰ্শনীয় গাম্ভীৰ্য কৃতকাৰ্যতাৰে সম্পন্ন কৰাহৈছে আৰু সকলো ক্ষেত্ৰতে কামবোৰ নিখুঁত শুদ্ধতাৰে সম্পন্ন কৰা হৈছে’। স্থাপত্য শিল্পীসকলে একক শিলাস্তম্ভৰ কাম কৰোতে শিলবোৰ ইফাল সিফাল কৰিবলগীয়া হৈছিল।তথাপিতো স্তম্ভসমূহৰ সৌন্দৰ্য্য বিনষ্ট হোৱা নাছিল। অভিযান্ত্ৰিক শিল্প নিপুনতাৰ আন এটা উল্লেখযোগ্য নিদৰ্শন হ’ল জুনাগড়ৰ ওচৰত চন্দ্ৰগুপ্তই নিৰ্মাণ কৰা জলাধাৰটোৰ(Reservoir) পুনৰ নিৰ্মাণ। অশোকৰ ৰাজত্বকালত নলা, জলাধাৰ খান্দি ইয়াক সুসজ্জিত কৰা হৈছিল আৰু বাহিৰৰ পৰা যাতে বেয়া বস্তু আহি সোমাব নোৱাৰে তাৰ ব্যৱস্থা লোৱা হৈছিল।

অশোকৰ শিলালিপিসমূহ

অশোকৰ শিলালিপিসমূহ তিনি ভাগত ভাগ কৰিব পাৰি –

(১) পৰ্বতৰ গাত খোদাই কৰা লিপি ।

(২) স্তম্ভলিপি ।

(৩) গুহাৰ গাত খোদাই কৰা লিপি ।

অধিকাংশ শিলালিপি পালি ভাষাত ৰচিত। উত্তৰ-পশ্চিমৰ কিছুমান শিলালিপি আৰমাইক লিপিত লিখা হৈছিল। অশোকে উত্তৰ-পশ্চিমৰ যৱনসকলৰ কাৰণেই আৰমাইক লিপি ব্যৱহাৰ কৰিছিল। কোনো কোনো ঐতিহাসিকে কব খোজে যে শিলালিপিৰ জৰিয়তে চৰকাৰী নিৰ্দেশ আৰু সংবাদ প্ৰচাৰ কৰা কথাটো অশোকে পাৰস্য সম্ৰাট দাৰায়ুসৰ পৰা লৈছিল। অৱশ্যে এটা পাৰ্থক্য আছিল। দাৰায়ুসৰ শিলালিপিত প্ৰকাশ পাইছিল এজন মদমত্ত ৰজাৰ অহং ভাৱৰ প্ৰকাশ। অশোকৰ শিলালিপিত প্ৰকাশ পাইছিল অশোকৰ দয়া আৰু কৰুণাৰ ভাৱ। অশোকৰ শিলালিপি বিলাকৰ পৰা কলিংগ যুদ্ধৰ বিৱৰণ, কলিংগ যুদ্ধৰ পিছত তেওঁৰ মনৰ প্ৰতিক্ৰিয়া আৰু বৌদ্ধধৰ্ম গ্ৰহণ, বৌদ্ধ ধৰ্মৰ সংহতি ৰক্ষা আৰু প্ৰচাৰ, তেওঁৰ ধৰ্ম নীতি, ধৰ্ম প্ৰচাৰ, শাসন সংস্কাৰ, বৈদেশিক সম্পৰ্ক, ভাৰতৰ সাধাৰণ অৱস্থা ইত্যাদি কথা জনা যায়। অশোকৰ ১ ৰ পৰা ১৪ লৈকে প্ৰস্তৰ লিপিবিলাক ভাৰতৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ আছে। ইয়াৰ উপৰিও তেওঁ কলিংগবাসী সকলৰ কাৰণে দুখন লিপি ৰচনা কৰিছিল। ইয়াৰ নাম হ’ল স্বতন্ত্ৰ কলিংগ লিপি। ইয়াত কলিংগ কেনেদৰে শাসন কৰা হ’ব সেই কথা লিখা আছিল। তদুপৰি অশোকৰ বাৰখন অপ্ৰধান শিলালিপি আছিল। এইবোৰ সৰু সৰু আকৃতিৰ পাথৰৰ ফলকত খোদিত কৰা হৈছিল। অশোকৰ স্তম্ভলিপিৰ সংখ্যা আছিল সাতখন। বৰাবৰ গুহা, কান্দাহাৰ আৰু লাঘমান নামৰ ঠাইত অশোকৰ গুহালিপি পোৱা গৈছে।

অশোকৰ লিপিসমূহৰ ঐতিহাসিক গুৰুত্ব

অশোকৰ লিপিসমূহ অতি বিশ্বাসযোগ্য আৰু নিৰ্ভৰশীল আছিল। এই লিপিবোৰত অশোকৰ জীৱন, তেওঁৰ সাম্ৰাজ্যৰ বিস্তাৰ, প্ৰশাসনিক ব্যৱস্থা, অশোকৰ ধৰ্ম, তেওঁৰ ব্যক্তিগত জীৱন আৰু চৰিত্ৰ সম্পৰ্কে সকলোবোৰ কথা উল্লেখ আছে। মুঠতে অশোকৰ শাসনকালৰ সকলোবোৰ কথাই তেওঁৰ লিপিবোৰৰ পৰা জনা যায়। অশোকৰ ধৰ্মনো কি আছিল সেই বিষয়েও লিপিবোৰৰ পৰা জনা যায়। লিপিত উল্লেখ থকা মতে অশোক আছিল বৌদ্ধধৰ্মৰ অনুগামী। কলিংগ যুদ্ধৰ পিছত তেওঁ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। অশোকে তেওঁৰ ধৰ্ম প্ৰচাৰ কৰিবলৈ কি ব্যবস্থা লৈছিল সেই কথাও লিপিত উল্লেখ আছে। কিন্তু অশোক বৌদ্ধ হ’লেও ধৰ্মসহিষ্ণু আছিল আৰু বলপূৰ্বকভাবে অইনক বৌদ্ধ ধৰ্মলৈ ৰূপান্তৰিত কৰা নাছিল। তেওঁ বিশ্বক এনে এটা ধৰ্ম দিছিল, যিটোত সকলো ধৰ্মৰে মূলমন্ত্ৰবোৰ সোমাই আছিল। অশোকে মানুহৰ নৈতিক চৰিত্ৰৰ উত্‌কৰ্ষ সাধনত গুৰুত্ব আৰোপ কৰিছিল আৰু সেই কাৰণে স্তম্ভ বিলাকত তেওঁ বাণীবোৰ খোদিত কৰিছিল। তেনেদৰে অশোকে তেওঁৰ ধৰ্ম দেশৰ ভিতৰে বাহিৰে প্ৰচাৰ আৰু জনপ্ৰিয় কৰি তোলাত সফল হৈছিল। অশোকৰ লিপিসমূহত মূলত: যদিও ধৰ্মৰ বাণীবিলাকেই খোদিত কৰা আছিল তথাপি লিপিসমূহৰ পৰা অশোকৰ ৰাজ্যৰ সীমা সম্পৰ্কেও কিছু কথা জনা যায়। যিবোৰ প্ৰদেশত অশোকৰ লিপিবোৰ পোৱা গৈছিল সেইবোৰ প্ৰদেশেই অশোকৰ ৰাজ্যৰ ভিতৰত আছিল। উদাহৰণস্বৰূপে অশোকৰ লিপি ৰূমিন্দী আৰু নিগলিভাত পোৱা গৈছিল। এই দুয়োখন ঠাই নেপালত। ইয়াৰ পৰা এইটো ধাৰণা কৰিব পাৰি যে অশোকৰ সাম্ৰাজ্য নেপাললৈকে বিস্তাৰিত আছিল। সীমান্তত পোৱা লিপিৰ পৰা এইটো ঠাৱৰ কৰিব পাৰি যে অশোকৰ সাম্ৰাজ্য দক্ষিণে মহীশুৰলৈ, পশ্চিমে আৰৱ সাগৰলৈ, পূবে উৰিষ্যা আৰু পূৰ্ব বংগলৈ আৰু উত্তৰে পেছোৱাৰলৈকে বিস্তৃত আছিল। স্মিথৰ মতে তেওঁৰ ৰাজ্য খোটানলৈকে বিস্তৃত আছিল। অশোকৰ লিপিবোৰৰ পৰা অশোকৰ শাসনব্যৱস্থাৰ কথাও জানিব পৰা যায়। অশোকে শাসনৰ ক্ষেত্ৰত কিছুমান পৰিৱৰ্তন সাধন কৰিছিল। তেওঁ ধৰ্ম, নীতিশাস্ত্ৰ আৰু নৈতিক আদৰ্শক তেওঁৰ শাসনৰ ভেটি কৰিছিল। তেওঁ আলি-পদুলি বন্ধাইছিল, গছ-গছনি ৰোৱাইছিল, ৰাস্তাৰ দুয়োকাষে কুঁৱা খন্দাইছিল আৰু পশু পক্ষী আৰু মানুহৰ কাৰণে চিকিত্‌সালয় নিৰ্মাণ কৰোৱাইছিল।এইবোৰ কথা অশোকৰ লিপিৰ পৰা জনা যায়। উদাহৰণস্বৰূপে Rock pillar Edict (IV)-ত উল্লেখ আছে যে অশোকে প্ৰজাক যিকোনো মুহুৰ্ততে যিকোনো ধৰণৰ সহায় কৰিব পৰাকৈ সাজু হৈ থাকিবলৈ তেওঁৰ বিষয়াসকলক নিৰ্দেশ দিছিল। লিপিবোৰৰ পৰা আৰু জনা যায় যে ধৰ্ম প্ৰচাৰৰ কাৰণে অশোকে ধৰ্ম মহামাত্ৰ নামৰ এক শ্ৰেণীৰ বিষয়া সৃষ্টি কৰিছিল। যি কোনো সম্প্ৰদায়ৰ লোকেই ধৰ্ম মহামাত্ৰ হ’ব পাৰিছিল। অশোকৰ লিপিবোৰৰ পৰা অশোকৰ চৰিত্ৰৰ বিষয়েও জানিব পাৰি। লিপিবোৰৰ পৰা জনা যায় যে অশোকে ব্যক্তিগত সুখৰ কাৰণে চিন্তা নকৰি সদায় প্ৰজাৰ সুখৰ কাৰণে চিন্তা কৰিছিল। কলিংগ যুদ্ধৰ পিছৰ পৰা অশোকৰ মনৰ পৰিৱৰ্তন হৈছিল আৰু জীৱৰ প্ৰতি সহানুভূতিশীল হৈ পৰিছিল। দ্বিগ্বীজয়ৰ ঠাইত তেওঁ ধৰ্ম বিজয়ৰ নীতি ঘোষণা কৰিছিল। কলিংগ যুদ্ধৰ পিছত তেওঁ হিংসাৰ পথ পৰিহাৰ কৰি সত্য আৰু অহিংসাৰ পথ লৈছিল। ৰজাৰ কৰ্তব্যনো কি সেইবিষয়ে তেওঁ নতুনকৈ ব্যাখ্যা কৰিছিল। কৌটল্যৰ অৰ্থশাস্ত্ৰত থকা ৰজাৰ কৰ্তব্যৰ সূত্ৰ তেওঁ খণ্ডন কৰিছিল আৰু কৈছিল যে ৰজাই প্ৰজাক পিতৃয়ে পুত্ৰক পালন কৰাৰ দৰে পালন কৰিব লাগে – “All men are my children and just as I desire for my children that they may enjoy every kind of prosperity and happiness both in this world and next, so also do I desire for all men.” ওচৰ চুবুৰীয়া ৰাষ্ট্ৰবোৰৰ সৈতে অশোকৰ সম্বন্ধ কেনে ধৰণৰ আছিল সেইবিষয়েও লিপিবোৰৰ পৰা জনা যায়। চিৰিয়া, ইজিপ্ত, চীন আদিৰ সৈতে তেওঁৰ সু সম্পৰ্ক আছিল। তেওঁ বৌদ্ধধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশলৈ ধৰ্ম প্ৰচাৰক পঠিয়াইছিল। অশোকৰ লিপিবোৰ শিলত, স্তম্ভত আৰু গুহাৰ দুৱাৰ মুখত কটা হৈছিল। এওঁ আছিল নিপুন শিল্পী। গতিকে লিপিবোৰৰ পৰা অশোকৰ দিনৰ আৰ্টৰ উন্নতিৰ বিষয়েও জানিব পাৰি। এই লিপিবোৰ প্ৰাকৃত ভাষাত লিখা হৈছিল। ইয়াৰ ফলত প্ৰাকৃত ভাষাৰ লগতে শিক্ষাৰো প্ৰচলন হৈছিল। মুঠতে অশোকৰ লিপিবোৰ আছিল তেওঁৰ শাসনকালৰ নিৰ্ভৰযোগ্য তথ্য। ক্ৰম অনুসৰি V.A. Smith এ অশোকৰ লিপিসমূহ আঠোটা পৰ্যায়ত ভাগ কৰিছে। সেই কেইটা হ’ল –

(১) Two Minor Rock Edicts – ইয়াৰ পৰা অশোকৰ ব্যক্তিগত জীৱন আৰু নৈতিকতাৰ আচৰণ বিধি সম্পৰ্কে জানিব পাৰি। বিহাৰ(চাহবাজ), ৰাজস্থানৰ (বৈৰাত্‌) আৰু মধ্যপ্ৰদেশৰ জহ্বলপুৰত এই লিপি পোৱা গৈছে।

(২) Bhabru Rock Edict – বৈৰাত্‌-ত এই শিলালিপি পোৱা গৈছে। ইয়াত অশোক যে বৌদ্ধধৰ্মৰ এজন ভক্ত আছিল সেই কথা উল্লেখ আছে। ইয়াত বৌদ্ধ সন্ন্যাসীসকলৰ প্ৰতি নীতি-নিদেৰ্শনা দিয়া আছে।

(৩) Fourteen Rock Edicts – অশোকৰ ধৰ্ম আৰু শাসনৰ বিষয়ে এই শিলালিপি সমূহৰ পৰা জনা যায়। বিশেষকৈ ইয়াত অশোকৰ নীতিশাস্ত্ৰ বিষয়ক নীতি আৰু ৰাজনৈতিক নীতিৰ কথা লিখা আছে। এই শিলালিপিসমূহৰ সময় খ্ৰী: পূ: ২৫৭ আৰু ২৫৬ ৰ ভিতৰত নিৰ্ণয় কৰা হৈছে। এই লিপিসমূহ সীমান্ত অঞ্চলত যেনে – চাহবাজগাটি (পেছোৱাৰ জিলা), মানচেৰা (হাজাৰা জিলা), কলচি (দেৰাডুন জিলা), গিৰনাৰ (জুনাগড় জিলা), সোপাৰা (থানা জিলা), টৌলি (পুৰী জিলা), জানগড় (গঞ্জাম জিলা) আৰু ইৰা-গুৰহি (কৰনাল জিলা) ত পোৱা গৈছিল। ৰজাৰ আদৰ্শ, নৈতিকতাৰ আচৰণ বিধি, অহিংসা অশোকৰ ধৰ্ম, আত্মনিয়ন্ত্ৰণ, অশোকৰ তীৰ্থযাত্ৰা, জনহিতকৰ কাম, ধৰ্ম সহিষ্ণুতা আৰু কলিংগ যুদ্ধৰ বিৱৰণ আদি আছিল এই লিপিসমূহৰ বিষয়বস্তু।

(৪) Kalling Rock Edict –ইয়াত কলিংগৰ প্ৰশাসনীয় ব্যবস্থাৰ কথা লিপিবদ্ধ কৰা আছে। কলিংগৰ (উৰিষ্যা) টৌলী আৰু জৌগড়া নামৰ ঠাইত এই শিলালিপি পোৱা গৈছে। ইয়াৰ সময় আছিল খ্ৰী:পূ: ২৫৬।

(৫) Cave Inscriptions – এই লিপি তিনিখনৰ পৰা অশোকৰ ধৰ্ম সহিষ্ণুতাৰ বিষয়ে জনা যায়। এই লিপি কেইখন গয়াৰ ওচৰৰ বৰাবৰ পৰ্বতত পোৱা গৈছিল।

(৬) Terai Pillar Inscriptions – ইয়াত অশোকৰ ধৰ্ম যাত্ৰাৰ কথা উল্লেখ আছে। নেপালৰ টিৰাই অঞ্চলৰ ৰুমিণদেই আৰু নিগলিভাত এই লিপি পোৱা গৈছে।

(৭) Seven Pillar Inscriptions – এই স্তম্ভ কেইটা খ্ৰী:পূ: ২৪২ ত নিৰ্মাণ কৰা হৈছিল বুলি কোৱা হৈছে। এই লিপিৰ পৰা প্ৰজাৰ ভালৰ কাৰণে অশোকে কি ব্যবস্থা লৈছিল আৰু ধৰ্ম প্ৰচাৰৰ কাৰণে কি ব্যবস্থা লৈছিল সেই বিষয়ে জনা যায়। টোপাৰা (দিল্লী), মিৰাট (দিল্লী), কৌশম্বী (এলাহাবাদ), ৰামপুৰ (চামপৰন), লৌৰিয়া (আৰাৰাজ) আৰু লৌৰিয়া (নন্দগড়) আদি ঠাইত এই স্তম্ভলিপি পোৱা গৈছিল।

(৮) Four Minor Pillar Edict – এই চাৰিখন স্তম্ভলিপিৰ দুখন সান্সি আৰু সাৰনাথত আৰু বাকী দুখন প্ৰয়াগত পোৱা গৈছে। এই লিপিকেইখনৰ পৰা বৌদ্ধ ধৰ্ম পণ্ডিতসকলৰ মাজত থকা মতভেদ আঁতৰ কৰিবলৈ কি ব্যৱস্থা লৈছিল সেই বিষয়ে উল্লেখ আছে। খ্ৰী:পূ: ২৪২ ৰ পৰা খ্ৰী:পূ: ২৩২ ৰ ভিতৰত এই লিপিৰ সময় নিৰ্ণয় কৰা হৈছে।

অশোকৰ কৃতিত্ব (The achievements of Asoka) বা অশোকৰ মূল্যায়ন (Estimate of Asoka):

অশোক আছিল দেৱতাসকলৰ প্ৰিয় – দেৱানাম প্ৰিয় আৰু প্ৰিয়দৰ্শী – দেখাত সুন্দৰ। তেওঁ কেৱল ভাৰতৰ ইতিহাসতে নহয় বিশ্বৰ ইতিহাসতেই উজ্জ্বল নক্ষত্ৰ হিচাপে আজিও জীৱিত। তেওঁ গঢ় দিয়া মৌৰ্য সাম্ৰাজ্যৰ পতন হৈছিল কিন্তু অশোক বিশ্বৰ মানুহৰ মানসপটত আজিও জীয়াই আছে। এইছ. জি. ওৱেলচে সঠিক ভাবেই অশোকক ইতিহাসৰ অসংখ্য ৰজাসকলৰ ভিতৰত উজ্জ্বল নক্ষত্ৰ বুলি অভিহিত কৰিছে। অশোকৰ প্ৰধান কৃতিত্ব আছিল তেওঁৰ শিলালিপিসমূহ। ৰাজ্যশাসন নীতি কাৰ্যকৰী কৰাৰ উদ্দেশ্যৰে , দেশ শাসনৰ নীতিক প্ৰজাক অৱগত কৰাৰ উদ্দেশ্যেৰে শিলালিপিৰ ব্যাপক ব্যৱহাৰ ভাৰতৰ কোনো জনা সম্ৰাটেই কৰা নাছিল। শিলালিপি সমূহত প্ৰতিফলন হৈছিল প্ৰজাৰ প্ৰতি থকা অশোকৰ দায়বদ্ধতাৰ ধাৰণা। আদি জীৱনত অশোক ৰক্তপিপাসু ভাতৃহন্তা আছিল বুলি কোৱা হয়। কিন্তু সেইষাৰ কথাৰ সত্যতা দৃঢ় নহয়। ধৰ্মাশোক অশোক ঐতিহাসিক ব্যক্তি। কিন্তু চণ্ডাশোক অশোক আছিল কিংবদন্তীৰ অশোক। কিংবদন্তীক ইতিহাস বুলি ধৰিব নোৱাৰি। অশোকক ভাতৃহন্তা বা ৰক্তলোলুপ বুলি কোৱাৰ কোনো ভিত্তি নাই। কাৰণ অশোকৰ ভায়েক তিষ্য অশোকৰ ৰাজত্বৰ বহুদিন পিছলৈকে জীয়াই আছিল। তদুপৰি চতুৰ্থ আৰু পঞ্চম শিলালিপিত আত্মীয়সকলৰ ওপৰত নিষ্ঠুৰ আচৰণ কৰাক তেওঁ নিন্দা কৰিছে। যোদ্ধা আৰু শাসক হিচাপে তেওঁ সমানে নিপুন আছিল। কলিংগৰ নিচিনা এখন পৰাক্ৰমী আৰু শক্তিশালী ৰাজ্য তেওঁ এবছৰৰ ভিতৰতে পৰাস্ত কৰিব পাৰিছিল। মনকৰিবলগীয়া কথা যে কলিংগৰ ৰণাংগনত তেওঁ কলিংগ, চোল আৰু পাণ্ড্যৰ মিলিত শক্তিক পৰাজিত কৰিছিল। চোল আৰু পাণ্ড্যই কলিংগক সহায় কৰিছিল। তাৰ দ্বাৰা তেওঁ মৌৰ্য সাম্ৰাজ্যৰ সংহতি বৃদ্ধি কৰিছিল। আৰ. এছ. ত্ৰিপাঠীৰ মতে কলিংগ যুদ্ধ অশোকৰ শাসনকালৰ এটা উল্লেখযোগ্য ঘটনা। শাসননীতিৰ ক্ষেত্ৰত অশোকৰ চিন্তা ধাৰা আছিল সম্পূৰ্ণ ব্যৱহাৰিক। তেওঁ উপলব্ধি কৰিছিল যে কেন্দ্ৰীভূত শাসন ব্যবস্থা এটা বৰ্তি থাকিবলৈ হ’লে প্ৰজাৰ সহযোগিতাৰ প্ৰয়োজন। সেইকাৰণে তেওঁ ‘ৰাজুক’, ‘ধৰ্ম মহামাত্ৰ’ আদি পদ সৃষ্টি কৰি প্ৰজাৰ সৈতে গভীৰ সংযোগ ৰক্ষা কৰাৰ ব্যবস্থা কৰিছিল। তেওঁৰ ধৰ্ম প্ৰচাৰৰ অন্তৰালতো এনে এটা চিন্তাই আছিল। কাৰণ তেওঁৰ ধৰ্ম আছিল কিছুমান আচৰণ বিধিহে। সেই আচৰণ বিধিৰ জৰিয়তে তেওঁ ব্যক্তি জীৱন আৰু সমাজ জীৱন পৰিশুদ্ধ কৰিব বিচাৰিছিল। সাম্ৰাজ্য বা দেশ এখন তিষ্ঠি থাকিবলৈ হ’লে দুয়োটা কথাৰে অতি প্ৰয়োজন। অশোকৰ ধৰ্ম নীতিৰ মূল নীতি আছিল সহিষ্ণুতা। ৰাজনৈতিক, সামাজিক, ধৰ্মীয় সকলো ক্ষেত্ৰতে সহিষ্ণুতা থাকিলে কোনো সংঘাত নহয়। সংঘাত নাথাকিলেই সাম্ৰাজ্য বা দেশৰ ভেটি সুদৃঢ় হয়। সেইকাৰণে অশোকে বিশেষকৈ ধৰ্মৰ ক্ষেত্ৰত এটা উদাৰ নীতি গ্ৰহণ কৰিছিল। Dr. H.C. Roychoudhury ৰ ভাষাত – “Asoka had the energy of Chandragupta, the versatility of Samudragupta and the catholicity of Akbar.” অশোক আছিল ধৰ্মীয় সংকীৰ্ণতাৰ উৰ্দ্ধত। তেওঁ মানৱ ধৰ্মক শ্ৰেষ্ঠ আসন দিছিল।কলিংগ যুদ্ধৰ পিছত অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। অশোকৰ বৌদ্ধ ধৰ্ম গ্ৰহণ এটা তাত্‌পৰ্যপূৰ্ণ ঘটনা। কাৰণ অশোক নোহোৱা হ’লে বৌদ্ধধৰ্ম কেৱল ভাৰতৰেই ধৰ্ম হৈ থাকিলেহেঁতেন। কিন্তু অশোকে এটা স্থানীয় ধৰ্মক বিশ্বধৰ্মলৈ ৰূপান্তৰিত কৰিলে। দেশৰ ভিতৰে বাহিৰে তেওঁ বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল। দেশৰ ভিতৰত বৌদ্ধধৰ্মৰ বাণী নিজেও প্ৰচাৰ কৰিছিল – “For it must be set largely to his credit that even today more than two thousand years after his death, one third of the people of the world follow the teachings of Buddha”. অশোকৰ বৌদ্ধধৰ্ম প্ৰচাৰে পৃথিৱথ্ৰ পৰা হিংসা আঁতৰ কৰিব পাৰিছিল নে নাই সেইটো বেলেগ কথা। সেয়ে হ’লেও এইছ. জি. ওৱেলচে কোৱা কথাষাৰৰ সত্যতা নোহোৱা নহয়। এইছ. জি. ওৱেলচে কৈছে – “His reign of eight and twenty years was one of the brightest interlude in the troubled history of mankind.” অশোকৰ আটাইতকৈ ডাঙৰ কৃতিত্ব আছিল যে তেওঁ এখন কল্যাণকামী ৰাষ্ট্ৰৰ সূচনা কৰিছিল। সেইকাৰণে সম্ভৱ তেওঁ এইছ. জি. ওৱেলচে ক’বৰ দৰে ‘ভলগাৰ পৰা জাপানলৈকে স্মৰণীয়’। কল্যাণকামী ৰাষ্ট্ৰৰ পৰিকল্পনাৰ অংগ তেওঁ উচ্চ কৰ্মচাৰীবৃন্দক ‘অনুসন্ধান’ বৃদ্ধি কৰিবলৈ কৈছিল। আৰ. চি. মজুমদাৰে কৈছে – “No figure in ancient Indian history is more familiar to us, and none leaves amore abiding impression of a towering personality, than this immortal son of Bindusara.” (Ancient Indian History) অশোক যুগে যুগে স্মৰণীয় এই কাৰণেই যে তেওঁ নিজৰ শক্তিক ৰাজ্য জয় বা নিজকে প্ৰতিষ্ঠা কৰাৰ কামত প্ৰয়োগ নকৰি সকলোৰে ভালৰ কাৰণে নিয়োগ কৰিছিল। এনে উদাহৰণ ইতিহাসত বিৰল। অৱশ্যে ভালেমান ঐতিহাসিকে অশোকৰ অহিংস নীতিৰ কাৰণে মৌৰ্য সাম্ৰাজ্যৰ পতন হৈছিল বুলি ক’ব খোজে। কিন্তু এইষাৰ কথা সত্য নহয়। এইটো এটা ধাৰণাহে। অশোকৰ অহিংস নীতিৰ কাৰণে মৌৰ্য সাম্ৰাজ্যৰ পতন হোৱা বুলি ভবাসকলে ভাবে যে দেশৰ চাৰিসীমাত বিদেশী আক্ৰমণৰ ছাঁ ঘনীভূত হৈ অহাৰ সময়ত অশোকে সৈন্যবাহিনী নিষ্ক্ৰিয় কৰি ৰাখি সৈন্যবাহিনীক অলস কৰি পেলাইছিল। এনে এটা সময়ত ‘ৰণভেৰী’ ‘ধৰ্মভেৰী’লৈ পৰিণত কৰাটো উচিত হোৱা নাছিল। প্ৰকৃততে অশোকে সৈন্যবাহিনী বগংগ কৰি দিয়া নাছিল। নাইবা দেশত বিদ্ৰোহ হ’লে সেই বিদ্ৰোহ দমন নকৰাকৈও থকা নাছিল। তদুপৰি প্ৰয়োজন হ’লে ৰাজ্য জয়ৰ কথাও অশোকে উল্লেখ কৰিছিল। কিন্তু তেওঁ সকলোকে অত্যাচাৰী নহ’বলৈ কৈছিল – “That if still, in the face of his exhortation, conquest should yet have its attractions for them, they should be gentle and mericifu in the pursuit of their plans and never lose sight of true conquest –(Snha & Banerjee).” ইয়াৰ পৰা ধাৰণা কৰিব পাৰি অশোক অবাস্তব অহিংসপন্থী নাছিল। তদুপৰি মৌৰ্য সাম্ৰাজ্যৰ পতন হৈছিল অশোকৰ মৃত্যুৰ পঞ্চাশ বছৰৰ পিছত। ভাৰতীয় ললিত কলাৰ উন্নতিৰ কাৰণে অশোকে যিখিনি কৰি থৈ গ’ল সেইখিনিৰ কাৰণেও অশোকে এখন বিশিষ্ট আসন গ্ৰহণ কৰি আছে – “ Asoka’s claim to the remembrance of posterity rests not merely on his victories of ‘Dhamma’, but also on his achievements in the dormain of art and architecture.” (History of Ancient India- R.S. Tripathi Page – 175).

অশোকৰ উত্তৰাধিকাৰী সকল

অশোকৰ উত্তৰাধিকাৰীসকলৰ বিষয়ে জানিবলৈ নিৰ্ভৰযোগ্য তথ্য নাই। এই সম্পৰ্কে ধাৰাবাহিক বংশ তালিকাও নাই।

মহেন্দ্ৰ

মহেন্দ্ৰ অশোকৰ পুত্ৰ। বহুতৰ মতে মহেন্দ্ৰ অশোকৰ ভায়েকহে আছিল। অশোকৰ তীব্ৰ নামৰ আৰু এজন পুত্ৰৰ নাম পোৱা যায়। কলহনৰ ৰাজ তৰংগিনীত অশোকৰ উত্তৰাধিকাৰী হিচাপে জলৌকাৰ নাম আছে। তেওঁ কাশ্মীৰত ৰাজত্ব কৰিছিল। অশোকৰ পুত্ৰ কুনালে সম্ভৱ পাটলিপুত্ৰত ৰাজত্ব কৰিছিল অশোকৰ মৃত্যুৰ পিছত।

দশৰথ

কুনালৰ মৃত্যুৰ পিছত পাটলিপুত্ৰৰ সিংহাসনত কোনে আৰোহণ কৰিছিল সেই বিষয়ে মতবিৰোধ আছে। কোনো কোনোৰ মতে সম্প্ৰতি আৰু কোনো কোনোৰ মতে দশৰথ সিংহাসনত আৰোহণ কৰিছিল। যি কি নহওক স্মিথৰ মতে প্ৰধান মৌৰ্য সম্ৰাটসকলৰ শেষ ব্যক্তি হিচাপে সম্প্ৰতিকেই ভাবিব লাগে। এওঁ জৈন ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল। এওঁ ভালেমান জৈন বিহাৰ আৰু মন্দিৰ নিৰ্মাণ কৰি দিছিল।

শালিসুখ আৰু বৃহদ্ৰথ

সম্প্ৰতি আৰু দশৰথৰ পিছত শালিসুখ সিংহাসনত বহে। এওঁৰ দিনত প্ৰাদেশিক শাসনকৰ্তা সকলে বিদ্ৰোহ কৰে আৰু স্বাধীনতা ঘোষণা কৰে। একেবাৰে শেষৰজন ৰজা আছিল বৃহদ্ৰথ। এওঁৰ দিনতে সৈনাধ্যক্ষ পুষ্যমিত্ৰই বলেৰে মৌৰ্য সিংহাসন অধিকৰ কৰি মৌৰ্য সাম্ৰাজ্যৰ পতন ঘটায়।

মৌৰ্য শাসন ব্যবস্থা

মৌৰ্য যুগৰ শাসন ব্যবস্থাৰ বিষয়ে জানিবলৈ সাধাৰণতে পাঁচটা সম্বলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। সেই কেইটা হৈছে –

(১) কৌটিল্যৰ অৰ্থশাস্ত্ৰ

(২) মেগাস্থিনিচৰ ইণ্ডিকা

(৩) অশোকৰ শিলালিপি

(৪) গিৰিনাগৰ লিপি আৰু

(৫) অন্যান্য সূত্ৰ ।

মৌৰ্য শাসন ব্যবস্থা চন্দ্ৰগুপ্ত মৌৰ্যৰ উদ্ভাৱন বুলি ক’ব নোৱাৰি। কৌটিল্যৰ অৰ্থশাস্ত্ৰত থকাৰ দৰেই চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্যশাসন ব্যবস্থাৰ ভেটি বান্ধিছিল। অৰ্থশাস্ত্ৰত উপজাতিক ক্ষুদ্ৰৰাষ্ট্ৰবোৰক গ্ৰাস কৰি এখন ডাঙৰ ৰাষ্ট্ৰৰ পৰিকল্পনা ঘোষণা কৰা হৈছিল। অৱশ্যে বহুতে কব খোজে যে চন্দ্ৰগুপ্তৰ আগৰপৰাই মগধত এটা শাসন ব্যবস্থা গঢ়ি উঠিছিল আৰু চন্দ্ৰগুপ্ত মৌৰ্যই সেই শাসন ব্যবস্থাৰ আধাৰতেই মৌৰ্য শাসন ব্যবস্থা গঢ়ি তুলিছিল। বৈদিক যুগৰ উপজাতীয় ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যবোৰ ধ্বংস হৈ ডাঙৰ ৰাজ্য গঢ় লোৱাৰ ফলত শাসন ব্যবস্থাৰ পৰিৱৰ্তনৰো প্ৰয়োজন হৈছিল। মৌৰ্য শাসন ব্যবস্থাত ৰজা আছিল সকলো ক্ষমতাৰ অধিকাৰী। কিন্তু ৰজাই নিজকে দৈৱ শক্তিৰ অধিকাৰী বুলি ভবা নাছিল। অৱশ্যে মৌৰ্য ৰজাসকলে ‘দেবনাং প্ৰিয়’ উপাধি গ্ৰহণ কৰিছিল। বহুতে কব খোজে যে এই উপাধি গ্ৰহণৰ দ্বাৰা তেওঁলোকে সাধাৰণ মানুহতকৈ নিজৰ শ্ৰেষ্ঠত্ব দাবী কৰিছিল। যি কি নহওক ৰজাই পিতৃস্বৰূপে দেশখন শাসন কৰাৰ আৰু প্ৰজাৰ সুখ শান্তিক অগ্ৰাধিকাৰ দিয়াই ৰজাৰ দায়িত্ব বুলি বিবেচনা কৰা হৈছিল। অশোকৰ শাসন কালত এই কথা প্ৰকটভাৱে দৃষ্টিগোচৰ হৈছিল। ঐতিহাসিক কাৰণতে মৌৰ্য সম্ৰাট সকলৰ ক্ষমতা বৃদ্ধি পাইছিল। কাৰণ বৈদিক যুগৰ ক্ষুদ্ৰ ৰাজ্যবিলাক ধ্বংস হোৱাৰ ফলত ডাঙৰ ৰাজ্য মগধৰ উত্থান হয়। স্থানীয় শাসন কেন্দ্ৰবিলাকৰ বিলুপ্তি হোৱাৰ কাৰণে মগধৰ ক্ষমতা বৃদ্ধি পায় আৰু লগে লগে ডাঙৰ ৰাজ্য মগধৰ ৰজাৰ ক্ষমতাও বৃদ্ধি পায়। ৰজাই বংশানুক্ৰমে শাসন কৰাৰ অধিকাৰ লাভ কৰে। ৰজাৰ অধিকাৰ বৃদ্ধি পোৱাৰ লগতে ৰজাৰ কৰ্তব্যও বৃদ্ধি পায়। মেগাস্থিনিচৰ টোকাৰ পৰা জনা যায় যে ৰজাই দেশ ৰক্ষাৰ প্ৰয়োজনত যুদ্ধ যাত্ৰা কৰিব আৰু ৰাষ্ট্ৰৰ প্ৰধান বিচাৰক হিচাপে বিচাৰ বিভাগৰ দায়িত্বত থাকিব। কৌটিল্যই কোৱা মতে বিচাৰ দানত পলম হ’লে অবিচাৰ হোৱাৰ আশংকা থাকে। সেইকাৰণে চন্দ্ৰগুপ্ত মৌৰ্যই গোটেই দিনটো ৰাজসভাত বহি আছিল। কৌটিল্যৰ মতে ৰাজ শাসনবিলাক আৰু ৰজাৰ হুকুম বিলাকেই দেশৰ আইন হিচাপে পৰিগণিত হৈছিল। প্ৰয়োজন সাপেক্ষে ৰজাই প্ৰথা, ৰীতি পৰিৱৰ্তন কৰি নতুন আইন ৰচনা কৰিব পাৰিছিল। অৰ্থশাস্ত্ৰত ৰজাক সকলো আইনৰ উত্‌স বুলি কোৱা হৈছে। ৰজা আছিল ন্যায়বিচাৰ আৰু আইনৰ প্ৰৱৰ্তক। ইয়াৰ উপৰিও ৰজাৰ অন্যান্য কৰ্তব্য আছিল –

(১) ধৰ্ম আৰু প্ৰজাৰ ধন, প্ৰাণ ৰক্ষা কৰা আৰু বলীৰ হাতৰ পৰা দুৰ্বলীক ৰক্ষা কৰা।

(২) যোগ্য লোকক বিভিন্ন পদত নিয়োগ কৰা আৰু তেওঁলোকৰ আৰ্হি হিচাপে ‘শাসন’ আৰু ‘ধৰ্ম নিয়ম’ ৰচনা কৰা।

(৩) গুপ্তচৰ বা প্ৰতিবেদকৰ পৰা ৰাজ্যৰ অৱস্থা জনা।

(৪) ৰজাৰ শাসন আৰু আদেশবিলাক সাধাৰণ ৰাইজক জনাই দিয়া।

(৫) আইন ভংগকাৰীক শাস্তি দিয়া।

(৬) ৰাজহ আদায় কৰা আৰু কৰ্মচাৰীক বেতন দিয়া।

(৭) বিভিন্ন সৈন্যবাহিনী পৰিদৰ্শন কৰা।

ইয়াৰ উপৰিও ৰজাই প্ৰজাৰ সুখক নিজৰ সুখ বুলি বিবেচনা কৰিব। বিশেষভাবে মন কৰিবলগীয়া কথা যে ৰাজনৈতিক প্ৰজ্ঞা বৃদ্ধি কৰিবৰ বাবে ৰজাই নিৰ্দ্দিষ্ট এটা সময় অধ্যয়ন আৰু মনন কাৰ্যত ব্যয় কৰিব লাগিব। দেখাত মৌৰ্য ৰাজতন্ত্ৰ স্বৈৰতন্ত্ৰী যেন লাগিলেও বা স্মিথে কোৱাৰ দৰে untempered autocracy (কটকটীয়া স্বৈৰতন্ত্ৰ) যেন ধাৰণা হ’লেও প্ৰকৃততে মৌৰ্য শাসন ব্যবস্থা স্বৈৰতন্ত্ৰী নাছিল। কাৰণ ৰজাই প্ৰজাক পুত্ৰবত্‌ পালন কৰিছিল আৰু প্ৰজাই ৰজাক আনুগত্য আৰু কৰ দিব আৰু ৰজাই প্ৰজাৰ ধন ৰক্ষা কৰিব – এনেধৰণৰ এটা চুক্তি ৰজা আৰু প্ৰজাৰ মাজত হৈছিল। যিটো শাসন ব্যবস্থাত ৰজাই প্ৰজাৰ মংগলৰ কাৰণেই নিজৰ শ্ৰম, চিন্তা, উদ্যোগ ব্যয় কৰিছিল সেইটো শাসন ব্যবস্থাক স্বৈৰতন্ত্ৰী বুলি কব নোৱাৰি। কিন্তু এজন ব্যক্তিৰ কাৰণে শাসনৰ বৃহত্‌ আৰু গধুৰ বোজা বহন কৰাটো সম্ভৱপৰ নাছিল –‘ it was impossible for a single individual to support the Atlantean load of administration.’ গতিকে শাসন কাৰ্যত ৰজাক সহায় কৰিবৰ কাৰণে মন্ত্ৰী আৰু মন্ত্ৰী পৰিষদ আছিল। দক্ষ, অভিজ্ঞ আৰু বিশ্বাসী ব্যক্তিকহে মন্ত্ৰী পদত নিযুক্তি দিয়া হৈছিল। ইয়াৰ উপৰিও সাধাৰণ মন্ত্ৰীসকল আছিল। তেওঁলোকেও জৰুৰী অবস্থাত মন্ত্ৰী পৰিষদত আসন গ্ৰহণ কৰি ৰজাক ৰাজকাৰ্যত পৰামৰ্শ দিছিল। মন্ত্ৰী পৰিষদত মতবিৰোধ হ’লে সংখ্যাগৰিষ্ঠ মত গ্ৰহণ কৰা হৈছিল। অৱশ্যে ৰজা মন্ত্ৰী পৰিষদৰ সিদ্ধান্ত মানিবলৈ বাধ্য নাছিল।মৌৰ্য সাম্ৰাজ্যৰ নিচিনা এখন বিশাল সাম্ৰাজ্য এজন ৰজাৰ পক্ষে শাসন কৰাটো সম্ভৱপৰ নাছিল। সেই কাৰণে ৰজাই অমাত্য আৰু সচিব নিযুক্তি দিছিল। এটা বিশেষ শ্ৰেণীৰ পৰা এই বিষয়া বএগ নিযুক্তি দিয়াৰ কাৰণে কালক্ৰমত গৈ সেই শ্ৰেণীটো শাসক শ্ৰেণীত পৰিণত হৈছিল। সেই কাৰণেই সম্ভৱ মেগাস্থিনিচে এই শ্ৰেণীটোক এটা স্বতন্ত্ৰ শ্ৰেণী বিবেচনা কৰি এই শ্ৰেণীটোক উপদেষ্টা আৰু ৰাজহ সংগ্ৰাহক (Councillors and Assessors) বুলি আখ্যা দিছে। সেইদৰে বৌদ্ধ সাহিত্যতো ‘অমাত্যকুল’ শব্দটো পোৱা যায়। অমাত্যসকলৰ হাতত ৰাজহ, অৰ্থ, বিচাৰ, প্ৰশাসন আদিৰ দায়িত্ব আছিল। অৰ্থশাস্ত্ৰত ‘সমহিতা’ আৰু ‘সান্নিধাতা’ নামৰ দুই শ্ৰেণীৰ অমাত্যৰ কথা উল্লেখ আছে। সমহিতা আছিল ৰাজহ বিভাগৰ প্ৰধান আৰু সান্নিধাতা আছিল কোষাধ্যক্ষ। অন্যান্য অমাত্যসকল দেৱানী, ফৌজদাৰী আৰু প্ৰশাসন বিভাগত নিযুক্ত হৈছিল। অৰ্থশাস্ত্ৰত থকা বিৱৰণৰ পৰা ধাৰণা হয় যে অধ্যক্ষ সকলেই আছিল মৌৰ্য শাসন ব্যবস্থাৰ ভেঁটি। অধ্যক্ষসকলৰ ভিতৰত নগৰ অধ্যক্ষ, কৃষি অধ্যক্ষ, খনি অধ্যক্ষ, সেনা অধ্যক্ষ, নৌ অধ্যক্ষ, গো, অশ্ব আৰু হস্তী অধ্যক্ষ উল্লেখযোগ্য আছিল। ইয়াৰ উপৰিও বহুত নিম্নবৰ্গৰ কৰ্মচাৰীৰ দ্বাৰা শাসনকাৰ্য পৰিচালিত হৈছিল। কৰ্মচাৰীবোৰে নগদ বেতন পাইছিল। শাসনৰ সুবিধাৰ কাৰণে মৌৰ্য সাম্ৰাজ্য কেইবাটাও ভাগত ভাগ কৰা হৈছিল। এই ভাগবোৰক প্ৰদেশ বোলা হৈছিল (কেতিয়াবা দেশ বুলিও উল্লেখ কৰা হৈছিল)। প্ৰদেশবোৰক ‘অহৰ’ বা ‘বিষয়ত’ (জিলা) আৰু বিষয়বোৰক জনপদত ভাগ কৰা হৈছিল। গুৰুত্বপূৰ্ণ প্ৰদেশবোৰৰ শাসন পৰিচালনাৰ দায়িত্ব ৰাজ পৰিয়ালৰ লোকক  দিয়া হৈছিল। তেওঁলোকক ‘আৰ্য্যপুত্ৰ’ বুলিছিল। প্ৰদেশৰ উপৰিও মৌৰ্য সাম্ৰাজ্যত কিছুমান স্বাধীন ৰাজ্যও আছিল বুলি জনা যায়। গ্ৰীক লেখক এৰিয়ানে গণতান্ত্ৰিক নগৰৰ কথা উল্লেখ কৰিছে। প্ৰদেশৰ শাসন কৰ্তাৰ ওপৰত ৰজাৰ নিয়ন্ত্ৰণ আছিল। গুপ্তচৰৰ জৰিয়তে প্ৰাদেশিক শাসন কৰ্তাসকলৰ ওপৰত ৰজাই চোকা দৃষ্টি ৰাখিছিল। তদুপৰি ৰজাৰ প্ৰতি আনুগত্য থকা মহামাত্ৰ নামৰ এক শ্ৰেণী বিষয়া নিযুক্ত কৰিছিল। অশোকে জিলা কৰ্মচাৰী ‘ৰাজুক’ সকলৰ ক্ষমতা বঢ়াই দিয়াত উৰ্দ্ধতন কৰ্মচাৰীসকলৰ ক্ষমতা বিনষ্ট হৈছিল। প্ৰদেশৰ পৰা নিয়মীয়াকৈ ৰাজক শোধাই থকাতো প্ৰাদেশিক শাসন কৰ্তাৰ প্ৰধান দায়িত্ব আছিল। প্ৰদেশ বিলাকত শাসনৰ কাৰণে বিভিন্ন বৰ্গৰ কৰ্মচাৰী আছিল। সেই কৰ্মচাৰী সকলৰ ভিতৰত ৰাজুক, মহামাত্ৰ, পদেষ্ট্ৰি, ধৰ্ম মহামাত্ৰ আদি উল্লেখযোগ্য। প্ৰাদেশিক শাসনৰ একেবাৰে তলৰ স্তৰত আছিল গাঁও। গাঁওবোৰ গ্ৰামিক নামৰ কৰ্মচাৰীয়ে শাসন কৰিছিল। কেইবাখনো গাঁওঅৰ ওপৰত ‘গোপ’ নামৰ একোজন কৰ্মচাৰী আছিল আৰু ‘গোপ’ৰ ওপৰত ‘স্থানিক’ নামৰ কৰ্মচাৰী আছিল। স্থানিকসকলে জনপদত ৰাজহ আদায়, আইন শৃংখলা ৰক্ষা প্ৰভৃতি কাম কৰিছিল। স্থানীয় শাসনৰ একেবাৰে শীৰ্ষত আছিল ‘সমহিতা’ নামৰ কৰ্মচাৰী। ৰাজহ আদায়, শুল্ক আদায়, বাণিজ্যৰ অনুমতি প্ৰদান। মদৰ ব্যবসায় নিয়ন্ত্ৰণ আদি সমহিতা সকলৰ কামৰ ভিতৰত পৰিছিল। মৌৰ্য যুগত ভূমি ৰাজহৰ পৰিমাণ আছিল ১/৬ আৰু ১/৪ । ‘ভাগ’ আৰু ‘বলি’ নামৰ দুই প্ৰকাৰৰ কৰৰ ব্যবস্থা আছিল। ইয়াৰ উপৰিও পাৰঘাট, বন, হাত-বজাৰ, খনি, আমদানি-ৰপ্তানিন্বস্তুৰ পৰা শুল্ক আদায় কৰা হৈছিল। গাঁৱৰ পৰি থকা মাটি ‘গ্ৰাম ভূতক’ৰ (সম্ভৱ ক্ৰীতদাস) দ্বাৰা চহোৱা হৈছিল। জলসিঞ্চন ব্যবস্থা থকা মাটিৰ ৰাজহ বেছি আছিল। মৌৰ্য যুগত পৌৰ শাসন ব্যবস্থা আৰু পৌৰ সংস্থা থকাৰ কথা জনা যায়। মেগাস্থিনিচে পাটলিপুত্ৰ নগৰ খনৰ শাসনৰ কাৰণে ত্ৰিশজন সদস্যৰে গঠিত ছখন কমিটিৰ কথা উল্লেখ কৰিছে। কমিটিবোৰ আছিল –

(ক) শ্ৰম-শিল্প ।

(খ) বিদেশী-তদাৰক ।

(গ) জন্ম-মৃত্যুৰ হিচাপ ৰক্ষক কমিটি ।

(ঘ) খুচুৰা আৰু পাইকাৰী বিক্ৰী ।

(ঙ) শিল্পজাত দ্ৰব্য উত্‌পাদন আৰু বিক্ৰী ।

(চ) বিক্ৰী সামগ্ৰীৰ ১/১০ কৰ আদায় ।

এই পৌৰ শাসন ব্যবস্থাক সমালোচনা কৰি ঐতিহাসিক বাচামে মৌৰ্য শাসন ব্যবস্থাক পুলিচী ৰাষ্ট্ৰ বুলি কৈছে। কাৰণ ৰাষ্ট্ৰই সকলো বিষয়ৰ ওপৰতে নিয়ন্ত্ৰণ স্থাপন কৰিছিল। সামৰিক বিভাগৰ ক্ষেত্ৰটো মেগাস্থিনিচে ত্ৰিশজন সদস্যৰ ছখন কমিটি থকাৰ কথা কৈছে। এই কমিটি কেইখন নৌ বাহৰ।, যোগাযোগ আৰু সৰবৰাহ, পদাতিক, অশ্বাৰোহী। ৰথ আৰু হস্তী বিভাগৰ দায়িত্বত আছিল। ইয়াৰ পৰা এইটো বুজা যায় যে মৌৰ্য যুগত এটা বিশাল সৈন্যবাহিনী আছিল।ৰজা নিজে বিচাৰ বিভাগৰ দায়িত্বত আছিল যদিও দূৰ অঞ্চলৰ গাঁও আৰু চহৰৰ কাৰণে বেলেগ বিচাৰালয় আছিল। গাঁৱত ৰাজুক সকলে আৰু চহৰত ‘পৌৰ ব্যবহাৰিক’ বা’ মহামাত্ৰ’ সকলে বিচাৰৰ কাম কৰিছিল। দেওবাণী (ধৰ্মাস্থিয়) আৰু ফৌজদাৰী (কণ্টক শোধন) নামৰ দুই প্ৰকাৰৰ আদালত আছিল। মৌৰ্য যুগৰ ফৌজদাৰী আইন কঠোৰ আছিল। জৰিমনা, প্ৰাণদণ্ড, অংগচ্ছেদ, কাৰাদণ্ড আদি শাস্তি দিয়া হৈছিল। মৌৰ্যযুগৰ জীৱিকাৰ প্ৰধান উপায় আছিল কৃষি। মাটিত হাল বাবৰ কাৰণে লোহাৰ নাঙল ব্যৱহাৰ কৰা হৈছিল। খনিবোৰত প্ৰচুৰ পৰিমাণৰ কাৰণে লোহাৰ নাঙল বনোৱা সহজ হৈছিল। প্ৰতিটো পৰিয়ালৰ মাটি খাল বা নলাৰ দ্বাৰা চিহ্নিত কৰা হৈছিল। মৌৰ্য যুগত প্ৰধানকৈ ধান আৰু গমৰ খেতি কৰা হৈছিল। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ দাইল, তিল, সৰিয়হ।, শাক-পাচলিৰ খেতিও কৰা হৈছিল। জলসিঞ্চন প্ৰণালীৰ ব্যাপক ব্যবস্থা থকাৰ কাৰণে খেতিৰ উত্‌পাদন বৃদ্ধি পাইছিল। কৃষকে নিজৰ মাটিত কৰা খেতিৰ কাৰণে ১/৬ ভাগ কৰ দিব লগা হৈছিল। ৰজাৰ মাটিত কৰা খেতিৰ কাৰণে ৰজাই কিছু অংশ কৃষকক দি বাকী অংশ নিজে লৈছিল। মানুহে গৰু, ঘোঁৰা, উট আদি পুহিছিল। ‘আভীৰ’ নামৰ সম্প্ৰদায়টোৱে কেৱল গৰু-ম’হ পুহিছিল। নিষাদ বিলাকে বনৰীয়া জন্তু চিকাৰ কৰিছিল। মৌৰ্য যুগত হস্তশিল্পৰ প্ৰসাৰ ঘটিছিল। লোহা, কাঠ, চামৰা, মাতি, বাঁহ আৰু পাথৰৰ শিল্পৰ প্ৰসাৰ ঘটিছিল। যুদ্ধৰ ৰথ আৰু মালবস্তু কঢ়িয়াবলৈ গাড়ী তৈয়াৰ কৰিবলগীয়া হোৱাত কাঠ মিস্ত্ৰীৰ চাহিদা বাঢ়িছিল। ধাতু শিল্পৰ উন্নতি হৈছিল আৰু সোণ ৰূপৰ অলংকাৰ নিৰ্মাণ কৰা হৈছিল। দেশৰ ভিতৰে বাহিৰে বয়ন শিল্পৰ প্ৰচুৰ উন্নতি হৈছিল। গংগা উপত্যকাত কাপোৰৰ ভিতৰত মচলিন কাপোৰৰ বিশেষ আদৰ আছিল। তেনেকৈ কাশ্মীৰ, গান্ধাৰ আদি ঠাই পচম শিল্পৰ কাৰণে বিখ্যাত আছিল। মৌৰ্য যুগৰ শিল্প আছিল অঞ্চলভিত্তিক যেনে- বাৰানসী, মথুৰা, উজ্জয়িনী বস্ত্ৰশিল্পৰ কাৰণে, মগধ লৌহ শিল্পৰ কাৰণে, ৰাজপুতনা তামৰ খনি আৰু পঞ্জাৱ নিমখ শিল্পৰ কাৰণে প্ৰখ্যাত আছিল।শিল্প উদ্যোগ ৰাষ্ট্ৰৰ হাতত আছিল যদিও ব্যক্তিগত  উদ্যোগ গঢ় লৈ উঠাৰো উদাহৰণ আছিল। মৌৰ্যযুগত ৰাজনৈতিক ঐক্য গঢ় লৈ উঠাৰ কাৰণে ব্যবসায় বাণিজ্যৰ প্ৰসাৰ বাঢ়িছিল। স্থলপথেদি বিভিন্ন ঠাইৰ মাজত ব্যবসায় বাণিজ্য চলিছিল। বাট-পথৰ উন্নতি হোৱাৰ কাৰণে বাণিজ্যইক যোগাযোগ বৃদ্ধি পাইছিল। দক্ষিণ ভাৰতত প্ৰচুৰ পৰিমাণে সোণ আৰু লোহাৰ খনি থকাৰ কাৰণে দেশী বিদেশী ব্যবসায়ী ব্যবসায়ৰ কাৰণে দক্ষিণলৈ গৈছিল। কৌশম্বীৰ মতে কালেগুহাৰ ওচৰত ধান্যকটক নামৰ গাঁৱত গ্ৰীক ব্যবসায়ীসকলৰ এখন গাঁওৱেই আছিল। মৌৰ্য যুগত দেশৰ বাহিৰতো ব্যবসায় বাণিজ্য চলিছিল। ভাৰতীয় বস্তু তক্ষশীলা হৈ ব্যাকট্ৰিয়া, কাস্পিয়ান সাগৰ আৰু ককেচাচ হৈ ইউৰোপলৈ গৈছিল। ভাৰতীয় পণ্যদ্ৰব্য কাবুল, কান্দাহাৰ, পাৰস্য হৈ পশ্চিম এচিয়া পাইছিলগৈ। গুজৰাটৰ ভৃগুকুচ্ছ, মহাৰাষ্ট্ৰৰ সোপাৰ আৰু কল্যাণ বংগদেশৰ তাম্ৰলিপ্ত প্ৰসিদ্ধ বন্দৰ আছিল। পাটলিপুত্ৰ এটা প্ৰসিদ্ধ জল আৰু স্থল বন্দৰ আছিল। তাম্ৰলিপ্ত বন্দৰেদি বস্তু ব্ৰহ্ম দেশ আৰু সুৱৰ্ণ ভূমিলৈ গৈছিল (দক্ষিণ পূব এছিয়া)। অন্তৰ্বাণিজ্য আৰু বহিৰ্বাণিজ্যৰ ওপৰত কটকটীয়া চৰকাৰী নিয়ন্ত্ৰণ আছিল। একে ঠাইতে বস্তু বেচা কিনাত বাধা আৰোপ কৰা হৈছিল। মৌৰ্য যুগত ডাঙৰ ডাঙৰ নগৰৰ ব্যবসায়ী আৰু কাৰিকৰ সকলে গিলড বা নিগম গঠন কৰিছিল। ব্যবসায়ৰ মাধ্যম হিচাপে মুদ্ৰা ব্যবহাৰ কৰা হৈছিল। কাৰিকৰ, শ্ৰমিক আৰু ব্যবসায়ী শ্ৰেণীয়ে নিজৰ নিজৰ ব্যবসায়িক স্বাৰ্থ ৰক্ষাৰ কাৰণেই নিগম গঠন কৰিছিল। বিভিন্ন শিল্পৰ কাৰিকৰ সকলে নিজৰ নিজৰ সংঘ গঠন কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল স্থানীয় শিল্পৰ উত্‌পাদনত তেওঁলোকৰ একচেতীয়া অধিকাৰ স্থাপন কৰা। বহিৰাগতক হঠাত্‌ স্থানীয় শিল্প আৰম্ভ কৰিবলৈ দিয়া হোৱা নাছিল। নিগমৰ নিয়মকাৰণবোৰ কঠোৰ আছিল। দৰাচলতে ধনিক শ্ৰেণীটোৱেই নিগমবোৰত প্ৰাধান্য বিস্তাৰ কৰিছিল। গিলড বা নিগমবোৰে চৰকাৰৰ স্বীকৃতি লাভ কৰিছিল। নিগমৰ ব্যবস্থা থাকিলেও গৃহপতি শ্ৰেণী আৰু শ্ৰেষ্ঠ শ্ৰেণী মহাজন শ্ৰেণীত পৰিণত হৈছিল আৰু শতকৰা ১৫% ভাগ সুতলৈ টকা ধাৰে দিছিল। বণিকসকলৰ পৰা আনকি ৬০% সুতত এই মহাজন শ্ৰেণীটোৱে লৈছিল।

মৌৰ্য যুগৰ সামাজিক অবস্থা ( Social life in the Maurya Age) :

মেগাস্থিনিচে চাৰিটা জাতিৰ পৰিৱৰ্তে সমাজত সাতোটা জাতি থকাৰ কথা উল্লেখ কৰিছে। সেইকেইটা হ’ল –

(১) দাৰ্শনিক (ব্ৰাহ্মণ) ।

(২) কৃষক ।

(৩) ব্যাধ আৰু চিকাৰী ।

(৪) শিল্পী আৰু কাৰিকৰ ।

(৫) যোদ্ধা ।

(৬) পৰিদৰ্শক ।

(৭) ৰজাৰ পৰামৰ্শদাতা আৰু সম্পাত্তিৰ মূল্য নিৰ্ধাৰক ।

মনকৰিবলগীয়া কথা যে এই শ্ৰেণীকেইটা আছিল বৃত্তি ভিত্তিক; জাতি ভিত্তিক নহয়। ইয়াৰপৰা এইটো ধাৰণা কৰিব পাৰি যে মৌৰ্য যুগত জাতিভেদ প্ৰথাৰ তীব্ৰতা হ্ৰাস পাইছিল। সম্ভৱ বৌদ্ধ ধৰ্মৰ প্ৰভাৱত আৰু গ্ৰীক আক্ৰমণৰ ফলত জাতিভেদ প্ৰথাৰ তীব্ৰতা কমি গৈছিল। অৱশ্যে কৌশম্বীয়ে কৈছে যে সমাজত অৰ্থনৈতিক পৰিৱৰ্তন হোৱাৰ ফলত জাতিভেদ প্ৰথাৰো ভালেখিনি পৰিৱৰ্তন হৈছিল।অৱশ্যে সমাজত যাতে জাতিভেদ প্ৰথাৰ আৰু অধিক পৰিৱৰ্তন নঘটে তাৰ কাৰণে ৰক্ষণশীল সকলে বিশেষভাৱে যত্ন কৰিছিল। চাণক্যই ৰজাক ৰজাৰ দণ্ডনীতি প্ৰয়োগ কৰি সমাজ ব্যবস্থাক ৰক্ষা কৰিবলৈ কোৱা কথাষাৰে এইটো প্ৰতিপন্ন কৰে। অৱশ্যে মৌৰ্য যুগত ক্ষত্ৰিয় সকলৰ অধিকাৰ ক্ৰমশ: বৃদ্ধি পায়। কাৰণ সামাজিক আৰু ৰাজনৈতিক ক্ষমতা ক্ষত্ৰিয়সকলৰ হাতাত আছিল। মগাস্থিনিচৰ মতে মৌৰ্য সমাজত দাস প্ৰথা নাছিল। তেওঁৰ মতে সকলো ভাৰতীয় স্বাধীন। তেওঁলোকৰ মাজত এজনো ক্ৰীতদাস নাই। আনহাতেদি অৰ্থশাস্ত্ৰ আৰু অশোকৰ শিলালিপিত দাস প্ৰথা থকাৰ কথা উল্লেখ আছে। সম্ভৱ গ্ৰীচত থকাৰ দৰে ভাৰতত দাস প্ৰথা নাছিল কাৰণেই মেগাস্থিনিচে দাস প্ৰথা দেখা নাছিল। প্ৰকৃততে ভাৰতত দাস প্ৰথা আছিল ভাৰতীয় দাস সকল আছিল গৃহদাস। অৰ্থশাস্ত্ৰ আৰু অশোকৰ শিলালিপিৰ উপৰিও বৈদিক সাহিত্য, বৌদ্ধজাতক, মহাভাৰত, মনুসংহিতাত দাস প্ৰথাৰ কথা কোৱা হৈছে। বিভিন্ন অপৰাধৰ শাস্তি হিচাপে আৰু জন্মসূত্ৰত দাস প্ৰথা অবলম্বন কৰাৰ কথা মনুসংহিতাত আছে। যুদ্ধবন্দী বিলাককো দাস হিচাপে গ্ৰহণ কৰা হৈছিল আৰু গৰাকীয়ে দাসক বেচি দিবও পাৰিছিল। কলিংগ যুদ্ধৰ ডেৰলাখ যুদ্ধবন্দীকো দাসত পৰিণত কৰা হৈছিল বুলি অনুমান কৰা হৈছিল। যি কি নহওক অৰ্থশাস্ত্ৰত দাস-দাসী সকলৰ কিছুমান অধিকাৰৰ কথা উল্লেখ কৰা হৈছে। যেনে –

  • ওপৰঞ্চি সময় শ্ৰম কৰা ধন দাসবিলাকৰ নিজা ধন হ’ব ।
  • গৰাকীৰ দাসীৰ সৈতে অবৈধ মিলন হ’লে আৰু সন্তান জন্ম হ’লে দাসী আৰু সন্তানে ক্ষতিপূৰণ সহ মুক্তি পাব ।
  • দাসৰ কোনো উত্তৰাধিকাৰী নাথাকিলে দাসজনৰ প্ৰভুৱেই শ্ৰাদ্ধ আদি কৰি দিব লাগিব ।
  • অবাধ্য দাসক শাস্তি দিলেও বুকু আৰু মূৰত যাতে দুখ নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।

দাসবিলাকক এনে ধৰণৰ অধিকাৰ দিয়াৰ এটা প্ৰধান কাৰণ আছিল যে ধৰ্মশাস্ত্ৰ বিলাকত দাস প্ৰথাৰ বিৰোধিতা কৰা হৈছিল। ভাৰতীয় মানুহৰ আচাৰ ব্যবহাৰ সম্পৰ্কে গ্ৰীক আৰু লেটিন লেখকসকলৰ পৰা জনা যায় যে ভাৰতীয় মানুহ মিতব্যয়ী আছিল আৰু তেওঁলোকৰ শৃংখলাবোধ আছিল। কৃষকবিলাক নম্ৰ আৰু ভদ্ৰ আছিল। চুৰি ডকাইতি নাছিল আৰু ভাৰতীয় মানুহে মিছা কথা নকৈছিল। টকা পইচাৰ লেনদেন পাৰস্পৰিক বিশ্বাসৰ ওপৰতে চলিছিল। চীল, মোহৰ, ৰচিদ আদিৰ প্ৰচলন নাছিল। পহৰা নৰখাকৈয়ে মানুহ ঘৰ বাৰী এৰি যাব পাৰিছিল আৰু কোনো প্ৰকাৰৰ গোচৰ নাছিল বুলিবই পাৰি। ভাৰতীয় মানুহে উত্‌সৱ আদিৰ বাহিৰে সুৰাপান নকৰিছিল। ভাৰতীয় মানুহবোৰ বৰ সৰল প্ৰকৃতিৰ আছিল। কিন্তু গ্ৰীক আৰু লেটিন লিখকসকলে ভাৰতীয় মানুহে লিখিব নাজানিছিল বুলি কোৱা কথাষাৰ নিৰ্ভৰযোগ্য নহয়। কাৰণ নিয়েৰকচক উদ্ধৃতি দি ষ্ট্ৰেৰ’ই কৈছে যে ভাৰতীয়ই লিনেনত আখৰ লিখিছিল। আনহাতে ‘কাৰটিয়াচ’ৰ (Curtius) ভাৰতীয়ই লিখিবৰ কাৰণে গছৰ ছাল ব্যবহাৰ কৰিছিল। শিলালিপিবোৰত উল্লেখ থকা মতে মৌৰ্য্য যুগত ‘উত্‌সৱ’ আৰু ‘সমাজ’ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। এই উত্‌সৱ বোৰত ৰজাই অংশগ্ৰহণ কৰিছিল আৰু তাৰ দ্বাৰা ৰজাই সহানুভূতি প্ৰকাশ কৰিছিল। উত্‌সৱত নৃত্য, গীত আৰু বাদ্যযন্ত্ৰৰ সমাবেশ ঘটিছিল। দেৱ-দেৱীৰ যেনে – ব্ৰহ্মা, শিৱ, সৰস্বতীৰ সন্মানাৰ্থে ‘সমাজ’ অনুষ্ঠিত হৈছিল। ‘সমাজ’ত মল্লযুদ্ধৰ উপৰিও মানুহ আৰু জন্তুৰ মাজতো যুদ্ধ প্ৰদৰ্শন কৰা হৈছিল। ‘সৌভিক’ সকলে নাট প্ৰদৰ্শন কৰিছিল। জুৱাখেলো হৈছিল। জৈন ‘সূত্ৰকৃতংগ’ত উল্লেখ থকা মতে দবাখেল অতি জনপ্ৰিয় আছিল। সমাজত নাৰীৰ স্থান খুব উচ্চ আছিল বুলি কব নোৱাৰি। পুৰুষে বিশেষকৈ অভিজাত বংশৰ পুৰুষে বহু বিবাহ কৰিব পাৰিছিল। মানুহে নিজৰ ভিতৰতে বিবাহ কৰিছিল আৰু মেগাস্থিনিচে কোৱা মতে চাৰি প্ৰকাৰৰ বৈধ শাস্ত্ৰীয় বিবাহ প্ৰণালী আছিল। বিশেষকৈ উচ্চ জাতিৰ নাৰীসকলে পৰ্দা প্ৰথা মানিব লাগিছিল। লিপিত উল্লেখ থকা ‘আলোধান’ নামৰ শব্দটোৰ পৰা পৰ্দা প্ৰথা আছিল বুলি ধৰা হৈছে। অভিজাত বংশৰ নাৰীয়ে লিখা-পঢ়া কৰিছিল আৰু দৰ্শনৰ চৰ্চা কৰিছিল। অৱশ্যে স্বামীৰ সৈতে সমানে ধৰ্মশাস্ত্ৰৰ জ্ঞান আহৰণ কৰাত বাধা দিয়া হৈছিল। অৱশ্যে ইয়াৰ ব্যতিক্ৰমো আছিল। অশোকৰ ৰাণী ‘কোৰবকী’য়ে অশোকৰ সৈতে সমানে ধৰ্ম কাৰ্যত অংশ গ্ৰহণ কৰিছিল। নাসিক লিপিত উল্লেখ থকা মতে মৃত ৰজাৰ মাক গৌতমী বালাশ্ৰীয়ে এটা ধৰ্মীয় জীৱন যাপন কৰিছিল। নাৰীক ৰজাৰ দেহৰক্ষীৰ কামত আৰু গুপ্তচৰৰ কামত নিয়োগ কৰা হৈছিল। নাৰীৰ অৱস্থাৰ ওপৰত চকু দিবলৈ চুপাৰিনডেণ্ট নিয়োগ কৰা হৈছিল যদিও মেগাস্থিনিচে উল্লেখ কৰা মতে বিধবা আৰু অসহায় নাৰীয়ে বহুতো দুখ কষ্ট ভোগ কৰিবলগীয়া হৈছিল। উচ্চশ্ৰেণীৰ শিক্ষাৰ মাধ্যম আছিল সংস্কৃত ভাষা। ছাত্ৰই বাৰ বছৰলৈকে গুৰুগৃহত শিক্ষা লাভ কৰিব লাগিছিল। বাৰানসী, উজ্জয়িনী, তক্ষশীলা, পাঞ্চাল আদি উচ্চ শিক্ষাৰ কেন্দ্ৰ আছিল। সাধাৰণ মানুহে প্ৰাকৃত আৰু ব্ৰাহ্মী ভাষা বুজি পাইছিল। সাহিত্য, ছন্দ, ব্যাকৰণৰ উপৰিও মানুহে চিকিত্‌সাশাস্ত্ৰ অধ্যয়ন কৰিছিল। অৰ্থশাস্ত্ৰ, ‘কল্পসূত্ৰ’ আৰু বৌদ্ধ ‘কথাভথু’ৰ উপৰিও আৰু ভালেমান পুথি মৌৰ্য যুগতে ৰচনা কৰা হৈছিল বুলি মত পোষণ কৰা হৈছে। ৰামায়ণ আৰু মহাভাৰতৰ কিছু অংশ মৌৰ্যযুগতে ৰচনা কৰা হৈছিল বুলি ভবা হয়। মৌৰ্য সম্ৰাটসকলে ধৰ্ম সহিষ্ণুতাৰ নীতি মানি চলিছিল। মৌৰ্যযুগত বৌদ্ধধৰ্মৰ বহুল প্ৰচাৰ হৈছিল যদিও ব্ৰাহ্মণ ধৰ্ম, আজীৱিক ধৰ্ম, লৌকিক শিৱ, কাৰ্ত্তিক আদিৰ পূজাও প্ৰচলিত আছিল। পূজা উত্‌সৱৰ সময়ত বলি দিয়া প্ৰথা আছিল যদিও অশোকে সেই প্ৰথা বন্ধ কৰিছিল। ‘অশ্বমেধ’ আৰু ‘বাজপেয়ী’ যজ্ঞ পালন কৰা হৈছিল। অশোকে বৌদ্ধধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল আৰু অশোকৰ যত্নতেই এই ধৰ্মই বিশ্বত খ্যাতি অৰ্জন কৰিছিল। বৈষ্ণৱ ধৰ্মই এই যুগত প্ৰসাৰ লাভ কৰিছিল। অশোকৰ শাসন ব্যবস্থা আৰু চন্দ্ৰগুপ্তৰ শাসন ব্যৱস্থাৰ মাজত এটা মূলগত পাৰ্থক্য আছিল। সেইটো হৈছে চন্দ্ৰগুপ্তই তেওঁৰ স্বৈৰতন্ত্ৰ চুলিডালমানো ইফাল সিফাল কৰা নাছিল। কিন্তু অশোকে তেওঁৰ ক্ষমতাৰ লগত প্ৰজাৰ প্ৰতি কৰ্তব্যবোধক সংযুক্ত কৰিছে। অশোকে তেওঁৰ স্বৈৰতন্ত্ৰক কিছুমান নীতিবোধৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিছে। তদুপৰি ৰজাৰ ক্ষমতাৰ বিষয়ে প্ৰজাক অৱগত কৰাই প্ৰজাক তেওঁলোকৰ অধিকাৰ সম্পৰ্কে জনাই দিয়াটো অশোকৰ শাসনব্যৱস্থাৰ নতুনত্ব আছিল। ধৰ্মযাত্ৰাৰ দ্বাৰা প্ৰজাৰ মাজত সোমাই পৰি প্ৰজাৰ অভাৱ অভিযোগৰ কথা শুনিবলৈ লৈ অশোকে মৌৰ্য শাসন ব্যৱস্থাক নতুনত্ব প্ৰদান কৰিছিল। পাটলিপুত্ৰৰ শাসন ব্যৱস্থাত মৌৰ্য সম্ৰাট অশোকে কোনো পৰিৱৰ্তন সাধন কৰা নাছিল। কিন্তু তেওঁ ‘দণ্ডসমতা’ আৰু ‘ব্যৱহাৰসমতা’ ৰ পৰিৱৰ্তন সাধন কৰিছিল। অৰ্থাত্‌ ৰাজ্যৰ সকলো ঠাইতে একে প্ৰকাৰৰ ব্যৱহাৰ বা আইনবিধি আৰু একে প্ৰকাৰৰ দণ্ড বা শাস্তিৰ ব্যৱহাৰৰ প্ৰচলন কৰিছিল। ইয়াৰদ্বাৰা শাসনগত ঐক্য প্ৰতিষ্ঠা হৈছিল। প্ৰাণদণ্ডেৰে দণ্ডিত দোষীক তিনিদিনৰ সময় দি আৰু ৰাজ অভিষেকৰ বৰ্ষপূৰ্তিৰ দিনা বন্দীক মুকলি কৰি দি অশোকে বিচাৰ বিভাগক মানৱীয় কৰি তুলিছিল। প্ৰাদেশিক শাসনৰ ক্ষেত্ৰত নতুনকৈ যুক্ত, ৰাজুক আৰু প্ৰাদেশিক – এই তিনি প্ৰকাৰৰ নতুন কৰ্মচাৰীৰ পদ অশোকে সৃষ্টি কৰিছিল আৰু কোনো ক্ষেত্ৰত পুৰণি কৰ্মচাৰীৰ ক্ষমতা আৰু পদমৰ্যাদা বৃদ্ধি কৰিছিল। অশোকে ‘ধৰ্ম মহামাত্ৰ’ নামৰ পদৰ সৃষ্টি কৰি তেওঁলোকৰ হাতত বহুতো দায়িত্ব অৰ্পণ কৰিছিল। ইয়াৰ উপৰিও অশোকে ‘প্ৰতিবেদক’, ‘স্ত্ৰী অধ্যক্ষ’, ‘অন্ত মহামাত্ৰ’, ‘ব্ৰজভূমিক’, ‘নগৰ ব্যৱহাৰিক’, ‘পুৰুষ’ আদি কৰ্মচাৰীৰ পদ সৃষ্টি কৰিছিল।

মৌৰ্য সাম্ৰাজ্য পতনৰ কাৰণ

অশোকৰ মৃত্যুৰ পিছতেই ভাৰতীয় ইতিহাসৰ প্ৰথম সাম্ৰাজ্য মৌৰ্য সাম্ৰাজ্যৰ পতন ঘটে। বহুতো ঐতিহাসিকৰ মতে বিশেষকৈ H. C. Roychoudhury ৰ মতে অশোকৰ অহিংসনীতি মৌৰ্য সাম্ৰাজ্য পতনৰ এটা প্ৰধান কাৰণ। যুক্তি তৰ্কৰ মাজেৰে বিচাৰ কৰি চালে এইষাৰ কথা সম্পূৰ্ণ সত্য বুলি কব নোৱাৰি। (দ্ৰষ্টব্য – অশোকৰ কৃতিত্ব )। আনহাতেদি পণ্ডিত হৰপ্ৰসাদ শাস্ত্ৰীয়ে ভাবে যে অশোকৰ ধৰ্ম নীতিৰ ফলস্বৰূপে ব্ৰাহ্মণ সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু এই প্ৰতিক্ৰিয়াৰ ফলস্বৰূপেই মৌৰ্য সাম্ৰাজ্যৰ পতন হৈছিল। মৌৰ্য সেনাবাহিনীৰ ব্ৰাহ্মণ সেনাপতি পুষ্যমিত্ৰ শুংগই ব্ৰাহ্মণ সকলৰ ষড়যন্ত্ৰৰ সুযোগ লৈ শেষৰজন মৌৰ্য সম্ৰাট বৃহদ্ৰথক পৰাস্ত কৰি মৌৰ্য সিংহাসন অধিকাৰ কৰি মৌৰ্য সাম্ৰাজ্যৰ পতন ঘটায়। কিন্তু ব্ৰাহ্মণসকলে মুঠ বান্ধি অশোক বা তেওঁৰ উত্তৰাধিকাৰী সকলৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ কোনো প্ৰমাণ নাই। বৰঞ্চ কাশ্মীৰৰ ব্ৰাহ্মণসকলে কুনালৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰাৰ প্ৰমাণহে পোৱা গৈছে। অশোকে যিবোৰ ব্ৰাহ্মণ বিৰোধী নীতিৰ অৱতাৰণা কৰা বুলি কোৱা হৈছে সেইবোৰ উপনিষদে কেতিয়াবাই নিষিদ্ধ কৰি থৈ গৈছে। অশোকে ব্ৰাহ্মণসকলৰ বিৰুদ্ধে সকলোৰে কাৰণে কৰাৰ দৰে কঠোৰ ভাবে আইন আৰু শাস্তি বিধান কৰাৰ কাৰণে ব্ৰাহ্মণসকল বিতুষ্ট হৈছিল বুলি কোৱা হৈছে। কিন্তু আনহাতেদি অৰ্থশাস্ত্ৰতেই ৰাজদ্ৰোহৰ অপৰাধত অপৰাধী ব্ৰাহ্মণক পানীত ডুবাই মৰাৰ নিৰ্দেশ দিয়া আছে। আচলতে পুষ্যমিত্ৰ শুংগইও এই ব্ৰাহ্মণ বিদ্ৰোহক নেতৃত্ব দিয়া নাছিল – “Sunga coup d etat was just a dynastic revolution or a successful mutiny.” (Sinha & Banerjee P. 94) বৰঞ্চ পুষ্যমিত্ৰ শুংগই ভাৰতৰ বৌদ্ধ স্তুপৰ চাৰিওকাষে বেৰা দিয়াই দিছে। (Coup d etat) বস্তুবাদী ঐতিহাসিকসকলে মৌৰ্য সাম্ৰাজ্যৰ পতনৰ এটা অৰ্থনৈতিক কাৰণ আছে বুলি কৈছে। দেশ এখনৰ উন্নতিৰ ক্ষেত্ৰত ভাৰসাম্য নাথাকিলে জাতীয় ঐক্য সুদৃঢ় নহয়। মৌৰ্য সাম্ৰাজ্যৰ উত্তৰ অঞ্চলৰ যিমান উন্নতি হৈছিল দক্ষিণ অঞ্চলৰ উন্নতি সিমান হোৱা নাছিল। আনহাতেদি দক্ষিণ অঞ্চল উত্তৰ অঞ্চলৰ সমান উৰ্বৰা নাছিল। গংগা উপত্যকা আছিল অগ্ৰসৰ। দক্ষিণ অঞ্চল আছিল অনগ্ৰসৰ। তদুপৰি সকলো ঠাইৰ পৰা সমানে ৰাজহ সংগ্ৰহ কৰাটোও সম্ভৱ নাছিল। গতিকে মৌৰ্য সামাজ্যই অৰ্থনৈতিক সংকটৰ সন্মুখীন হবলগীয়া হৈছিল।চৰকাৰী কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰা হৈছিল; নতুন পদবীৰ সৃষ্টি কৰা হৈছিল। চৰকাৰী কৰ্মচাৰী সকলক বেতন দিবলৈকে বহুত অৰ্থৰ প্ৰয়োজন হৈছিল। অভিনেতা আৰু গণিকাবিলাকৰ ওপৰত কৰ বহুৱাব লগীয়া কথাটোৱে মৌৰ্যসাম্ৰাজ্যৰ অৰ্থনৈতিক সংকটৰ কথা সূচায়। অৰ্থনৈতিক ব্যৱস্থাটো টনকিয়াল হলেহে এখন ৰাষ্ট্ৰই শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰে। মৌৰ্য শাসনব্যৱস্থাও ত্ৰুটিপূৰ্ণ আছিল। কৰ্মচাৰীসকলে প্ৰশাসনিক ব্যৱস্থাটোৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিবলৈ শিকা নাছিল। তেওঁলোকে ৰজাৰ ওচৰতহে আনুগত্য প্ৰকাশ কৰিছিল। তেওঁলোকে আত্মপ্ৰতিষ্ঠাৰ পথহে বাছি লৈছিল। প্ৰশাসনিক ভেটিটো ঠিক থাকিলেও কৰ্মচাৰীসকলক নৈতিক গুণৰ অধিকাৰী একো একোজন ব্যক্তি হিচাপে গঢ়ি তুলিব নোৱাৰিলে প্ৰশাসনিক ভেটি ভাঙি পৰাটোৱেই স্বাভাৱিক। কেন্দ্ৰীভূত শাসন ব্যৱস্থাৰ সকলো খিনি দোষ মৌৰ্য শাসনব্যৱস্থাত পৰিলক্ষিত হৈছিল। প্ৰাদেশিক শাসনকৰ্তাসকলে দেশৰ বৃহত্তৰ স্বাৰ্থৰ দ্বাৰা পৰিচালিত নহৈ ব্যক্তি স্বাৰ্থৰ দ্বাৰাহে পৰিচালিত হৈছিল। এনে এটা ব্যৱস্থাত কেন্দ্ৰ যেতিয়াই দুৰ্বল হৈ পৰে তেতিয়াই অৰাজকতাই দেখা দিয়ে। বিদেশী শক্তিয়ে আক্ৰমণ কৰে। ভাৰতৰ ইতিহাসত এনে দৃষ্টান্ত বহুত আছে। অশোকৰ মৃত্যুৰ পিছতে অশোকৰ দুৰ্বল উত্তৰাধিকাৰীসকলে বিদ্ৰোহ কৰে। অশোকে ৰাজুক, মহামাত্ৰ আদি বিষয়াসকলক ইমান ক্ষমতা প্ৰদান কৰিছিল যে অশোকৰ মৃত্যুৰ পিছত তেওঁলোকক নিয়ন্ত্ৰণ কৰিব পৰা শাসক নাছিল। এই বিষয়াসকলে ৰাষ্ট্ৰৰ কথা পাহৰি বিদ্ৰোহ ঘোষণা কৰি স্বাধীন ৰাজ্য স্থাপন কৰিছিল। অশোকৰ উত্তৰাধিকাৰীসকলৰ মাজত মিল নথকাত বিৰোধৰ সৃষ্টি হৈছিল আৰু সেই বিৰোধৰ ফলত মৌৰ্য সাম্ৰাজ্য বিপদাপন্ন হৈছিল। অশোকৰ বংশধৰসকলে বেলেগে বেলেগে ৰাজ্য শাসন কৰিছিল। ভাৰতীয় ইতিহাসৰ যি কেন্দ্ৰাতিগ (centrifugal) বৈশিষ্ট্য সেই বৈশিষ্ট্যও মৌৰ্য সাম্ৰাজ্য পতনৰ কাৰণে অনেক পৰিমাণে দায়ী। তদুপৰি অশোকৰ উত্তৰাধিকাৰীসকলৰ সৈন্যবাহিনীৰ সৈতে সম্পৰ্ক ক্ষীণ আছিল। পুষ্যমিত্ৰ শুংগই ইয়াৰ সুযোগ লৈছিল। গতিকেমৌৰ্য সাম্ৰাজ্য পতনৰ কাৰণে অশোককে কেৱল জগৰীয়া কৰিব নোৱাৰি। আৰ. চি. মজুমদাৰে কৈছে – “ It may be easily surmised that the mighty Maurya Empire must have in any case come to an end, sooner or later, even without the policy of Asoka .”

শুংগ বংশৰ শাসন – পুষ্যমিত্ৰ শুংগ

শেষৰজন মৌৰ্য সম্ৰাট বৃহদ্ৰথক নিহত কৰি খ্ৰী:পূ: ১৮৫ বা ১৮৭ ত ৩৬ বছৰ বয়সত পুষ্যমিত্ৰ শুংগ সিংহাসনত আৰোহণ কৰে। বহুতৰ মতে শুংগসকল ব্ৰাহ্মণ আছিল। পুষ্যমিত্ৰ শুংগৰ ৰাজ্যৰ সীমা পাটলিপুত্ৰৰ পৰা নৰ্মদা নদীলৈকে বিস্তৃত আছিল। অযোধ্যা আৰু বিদিশা শুংগৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। সম্ভৱ পঞ্জাৱৰ জলন্ধৰ আৰু শিয়ালকোটত পুষ্যমিত্ৰ শুংগই ৰাজত্ব কৰিছিল। পুষ্যমিত্ৰ শুংগই মগধৰ সিংহাসন অধিকাৰ কৰাৰ সময়ত দেখা দিয়া খেলি মেলি অৱস্থাৰ সুযোগ লৈ বিদৰ্ভই স্বাধীনতা ঘোষণা কৰিছিল। কিন্তু যুদ্ধত পৰাজিত কৰি পুষ্যমিত্ৰই বিদৰ্ভৰ ওপৰত আধিপত্য বিস্তাৰ কৰে। কোনো কোনো পণ্ডিতৰ মতে কলিংগৰ ৰজা খাৰভেলই মগধ আক্ৰমণ কৰে আৰু পুষ্যমিত্ৰক পৰাস্ত কৰে। কিন্তু এই কথা সত্য নহয়। কাৰণ সম্ভৱ খাৰভেল পুষ্যমিত্ৰৰ সমসাময়িক নাছিল। শুংগসকলৰ ৰাজত্বকালত গ্ৰীকসকলে মগধ আক্ৰমণ কৰিছিল। এই গ্ৰীক আক্ৰমণকাৰী কোন আছিল সেই বিষয়ে সঠিককৈ জনা নাযায়। গ্ৰীক আক্ৰমণকাৰীয়ে অযোধ্যা, চিতোৰ(মধ্যমিকা) অৱৰোধ কৰিছিল। বুৰঞ্জীবিদৰ মতে আক্ৰমণকাৰীজন আছিল ডিমিট্ৰিয়াস। কালিদাসৰ মালবিকাগ্নিমিত্ৰ নাটকত উল্লেখ কৰা মতে আক্ৰমণকাৰীজন আছিল মিলিন্দ বা মিলিন্দাৰ। পুষ্যমিত্ৰ শুংগই দুবাৰ অশ্বমেধ পাতিছিল। পুষ্যমিত্ৰ শুংগক বৌদ্ধ বিদ্বেষী বুলি কোৱা হয়। তেওঁ বৌদ্ধবিহাৰ ধ্বংস কৰিছিল, বৌদ্ধ ভিক্ষুসকলক বিতাৰিত কৰিছিল আৰু ভিক্ষু হত্যাকাৰীক পুৰস্কাৰ দিছিল। কিন্তু বহুতো পণ্ডিতে এইষাৰ কথা মানি লব খোজা নাই। কাৰণ পুষ্যমিত্ৰই বৌদ্ধবিহাৰৰ বেষ্টনী নিৰ্মাণ কৰি দিয়া উদাহৰণহে আছে। অৱশ্যে যিসকল বৌদ্ধ ভিক্ষুকে গ্ৰীকসকলৰ পক্ষ গ্ৰহণ কৰিছিল সেই সকলৰ বিৰুদ্ধেহে দমনমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল। এইটো এটা ৰাজনৈতিক প্ৰক্ৰিয়াহে আছিল। ৰাজদ্ৰোহৰ বিৰুদ্ধে দমনমূলক নীতি গ্ৰহণ কৰাৰ কাৰণে পুষ্যমিত্ৰক বৌদ্ধ বিদ্বেষী বুলি কব নোৱাৰি।

পুষ্যমিত্ৰ শুংগৰ মূল্যায়ন

পুষ্যমিত্ৰই বিশ্বাসঘাটকতা কৰি শেষৰ জন মৌৰ্য সম্ৰাটক হত্যা কৰি সিংহাসনত আৰোহণ কৰিছিল। তেওঁ শেষৰ জন মৌৰ্য সম্ৰাট বৃহদ্ৰথৰ সেনাপতি আছিল। পিছত তেওঁ যদিও এখন বিশাল সাম্ৰাজ্যৰ অধিকাৰী হৈছিল তথাপি তেওঁ ৰজা উপাধি গ্ৰহণ কৰা নাছিল। তেওঁ আগৰ সেই সেনাপতি উপাধিটোকে ৰাখিছিল। তেওঁ খ্ৰী:পূ: ১৪৮ ত সিংহাসনত আৰোহণ কৰিছিল আৰু ছবছৰ কাল ৰাজত্ব কৰিছিল। তেওঁ ভালেমান সমস্যাৰ সন্মুখীন হৈছিল আৰু সেইবোৰ সফলভাবে সমাধা কৰিছিল। তেওঁ বিদৰ্ভ, গ্ৰীক আৰু কলিংগৰ সৈতে যুদ্ধ কৰিবলগীয়া হৈছিল। গ্ৰীক আক্ৰমণক তেওঁ সফলভাবে বাধা দিছিল। বিদৰ্ভ ৰজা যজ্ঞসেনক পৰাস্ত কৰিছিল আৰু কলিংগ ৰজাৰ সৈতে যুদ্ধত লিপ্ত হৈছিল। তেওঁ যে বিশ্বাসঘাটকতা কৰি সিংহাসনত আৰোহণ কৰিছিল সেই অপবাদ আঁতৰ কৰিবলৈ ৰাজ্যখন সুসংগঠিত কৰা কামত নিজকে ব্যস্ত ৰাখিছিলতেওঁ তেওঁৰ বিজয়যাত্ৰা সম্পূৰ্ণ কৰি দুবাৰকৈ অশ্বমেধ যজ্ঞ পাতিছিল। অশ্বমেধ যজ্ঞ পতাটোৱে বুজাইছিল যে তেওঁ ৰাজ্যখনত শান্তি, শৃংখলা আৰু সমৃদ্ধি স্থাপন কৰিব পাৰিছিল। তদুপৰি ‘পাঁচ শতাব্দীৰ পিছত সমুদ্ৰগুপ্ত আৰু তেওঁৰ উত্তৰাধিকাৰী সকলৰ দিনত ব্ৰাহ্মণ্যবাদৰ যি উত্থান হৈছিল পুষ্যমিত্ৰৰ অশ্বমেধ যজ্ঞ তাৰ আৰম্ভণি আছিল’। (স্মিথ)। পুষ্যমিত্ৰ বৌদ্ধবিদ্বেষী বুলি এটা অপবাদ আছে । বৌদ্ধ পুথিবোৰত কোৱা হৈছে যে পুষ্যমিত্ৰ নৃশংস আৰু ধৰ্মৰ ক্ষেত্ৰত অতি গোড়া আছিল। তেওঁ বৌদ্ধ ভিক্ষুসকলক বিতাৰিত কৰিছিল বৌদ্ধ ভিক্ষু হত্যাকাৰীক এশ দিনৰ পুৰস্কাৰ দিছিল। তেওঁ বহুতো বৌদ্ধ স্তুপ আৰু মঠ ধ্বংস কৰিছিল বুলি বৌদ্ধ পুথিত উল্লেখ আছে। কিন্তু পুষ্যমিত্ৰৰ বিৰুদ্ধে থকা এই অপবাদ সত্য নহয়। Dr. R.S. Tripathy, Dr. R.K. Mukherjee, Dr. H.C. Roy Choudhury আদি বুৰঞ্জীবিদসকলে পুষ্যমিত্ৰ যে বৌদ্ধবিদ্বেষী আছিল সেই কথা মানি লোৱা নাই। বৰঞ্চ পুষ্যমিত্ৰই বৌদ্ধবিহাৰৰ বেষ্টনী নিৰ্মাণ কৰি দিয়াৰ উদাহৰণ আছে। অৱশ্যে যিসকল বৌদ্ধ ভিক্ষুকে গ্ৰীকসকলৰ পক্ষ গ্ৰহণ কৰিছিল সেইসকলৰ বিৰুদ্ধেহে পুষ্যমিত্ৰই দমনমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল। এইটো এটা ৰাজনৈতিক প্ৰক্ৰিয়াহে আছিল। Havell ৰ মতে যিবোৰ স্তুপ আৰু মঠ ৰাজনৈতিক ষড়যন্ত্ৰৰ কেন্দ্ৰ হৈ পৰিছিল সেইবোৰ স্তুপ আৰু মঠহে পুষ্যমিত্ৰই ধ্বংস কৰিছিল।

পুষ্যমিত্ৰ শুংগৰ পৰৱৰ্তী ৰজাসকল

১৪৯ খ্ৰী:পূ: (১৫১ খ্ৰী:পূ:)ত পুষ্যমিত্ৰৰ মৃত্যু হয়। তেওঁৰ পিছত তেওঁৰ পুত্ৰ অগ্নিমিত্ৰ সিংহাসনত বহে আৰু আঠ বছৰ কাল ৰাজত্ব কৰে। তেওঁৰ ৰাজত্বকালৰ তেনে কোনো উল্লেখযোগ্য ঘটনা নাই। কালিদাসৰ মালবিকাগ্নিমিত্ৰ নাটকৰ তেওঁ নায়ক আছিল। অগ্নিমিত্ৰৰ পিছত ক্ৰমান্বয়ে সুজ্যেষ্ঠ্য, সুমিত্ৰ, বসুমিত্ৰ (বহুতে সুমিত্ৰ আৰু বসুমিত্ৰ একেজন ব্যক্তি বুলি কয়), বজ্ৰমিত্ৰ, ভগবত্‌ সিংহাসনত বহে। বসুমিত্ৰ নৃত্য গীতৰ প্ৰতি আসক্ত আছিল। ভগবত্‌ৰ ৰাজত্ব কালত গ্ৰীক দূত হেলিওডোৰাস তেওঁৰ ৰাজসভালৈ আহিছিল। হেলিওডোৰাসে ভাগৱত বা বৈষ্ণৱধৰ্ম গ্ৰহণ কৰিছিল আৰু বিষ্ণুৰ উদ্দেশ্যে এটা গড়ুৰ স্তম্ভ নিৰ্মাণ কৰিছিল। শুংগ বংশৰ শেষৰ ৰজাজনৰ নাম আছিল দেৱভূতি। এওঁ বৰ ইন্দ্ৰিয়াসক্ত আছিল। এওঁৰ মন্ত্ৰী বাসুদেৱ কাম্বই এজনী পৰিচাৰিকাৰ সহায়ত এওঁক হত্যা কৰে। দেৱভূতিৰ মৃত্যুৰ পিছত শুংগ বংশৰ অন্ত পৰে।

শুংগ বংশৰ গুৰুত্ব

শুংগ বংশৰ ৰাজত্বকালৰ প্ৰধান গুৰুত্ব আছিল যে পুষ্যমিত্ৰ শুংগৰ ৰাজত্বকালতে ব্ৰাহ্মণ্য ধৰ্মৰ উত্থান হয় আৰু এই উত্থানে গুপ্তযুগত হোৱা ব্ৰাহ্মণ্য ধৰ্মৰ নৱজাগৰণৰ ভেটি বান্ধে। পুষ্যমিত্ৰই সংস্কৃত ভাষাক ৰাষ্ট্ৰ ভাষা কৰিছিল আৰু এওঁৰ দিনতেই হিন্দু আইন আৰু মনু স্মৃতি ৰচিত হৈছিল। কিন্তু সেইবুলি পুষ্যমিত্ৰ অন্যধৰ্ম বিদ্বেষী নাছিল। সীমান্তবৰ্তী বেকট্ৰীয়সকলৰ আক্ৰমণ পুষ্যমিত্ৰই প্ৰতিহত কৰিব পাৰিছিল আৰু গ্ৰীকসকলক ভাৰতীয় জীৱনধাৰাৰ লগত মিলি যাবলৈ বাধ্য কৰিছিল।শুংগ বংশৰ ৰজা ভগৱত্‌ৰ দিনত গ্ৰীক ৰাষ্ট্ৰদূত হেলিওডোৰাসে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি বৈষ্ণৱ ধৰ্মৰ কাৰণে কাম কৰাটো মনকৰিবলগীয়া। বেকট্ৰীয় গ্ৰীকসকলে ভাৰতীয় সকলৰ সৈতে সহবস্থান কৰিবলৈ শিকে। হেলিওডোৰাসে নিজকে ‘পৰমবৈষ্ণৱ’ বুলি কৈছিল। শৃংগ বংশৰ স্থাপত্য আৰু ভাস্কৰ্য কলাও যথেষ্ট উন্নত আছিল। এওঁলোকে কাঠৰ সলনি পাথৰ ব্যৱহাৰ কৰিছিল।

কন্ব বংশ

পুৰাণৰ মতে কন্ববংশৰ ৰজাসকলে মগধত ১১২ বছৰ ৰাজত্ব কৰিছিল। বসুদেৱ কন্ব এই বংশৰ প্ৰথম ৰজা । তেওঁ শৃংগ বংশৰ শেষৰজন ৰজা দেৱভূতিক হত্যা কৰি মগধৰ সিংহাসনত আৰোহণ কৰে। বাসুদেৱৰ পিছত ক্ৰমান্বয়ে ভূমিমিত্ৰ, নাৰায়ণ কন্ব আৰু সুশৰ্মণে ৰাজত্ব কৰে। কন্ব বংশৰ ৰজাসকলৰ ৰাজত্ব মগধতে সীমাবদ্ধ আছিল। দাক্ষিণাত্যৰ ৰাজ্যসমূহ – কলিংগৰ ৰজা খাৰভেল কলিংগৰ ৰজা খাৰভেল এজন বিশিষ্ট ব্যক্তি আছিল। এওঁ খ্ৰী:পূ: প্ৰথম শতিকাত কলিংগৰ ৰাজ সিংহাসনত আৰোহণ কৰে। এওঁৰ বংশটো আছিল চেদী বংশ। মহা-মেঘবাহনে কলিংগত চেদী বা চেত বংশ প্ৰতিষ্ঠা কৰে। খাৰভেক আছিল চেদী বংশৰ তৃতীয়জন ৰজা। এওঁৰ পিতৃৰ নাম আছিল বক্ৰদেৱ। হাতীগুমফা শিলালিপিৰ পৰা খাৰভেলৰ শাসন কালৰ কথা জানিব পাৰি। অৱশ্যে হাতীগুমফা শিলালিপিত তাৰিখ নথকাত খাৰভেলৰ সময়ৰ বিষয়ে জনাত কিছু অসুবিধা হয়। তথাপি হাতীগুমফা শিলালিপিৰ পৰা জনাযায় যে তেওঁ তেওঁৰ ৰাজত্বৰ প্ৰথম বছৰত আভ্যন্তৰীণ শাসনৰ ওপৰত গুৰুত্ব দিয়ে। নগৰ, দুৰ্গ নিৰ্মাণ, পুখুৰী খন্দা ইত্যাদি কামত তেওঁ ব্যস্ত থাকে।দ্বিতীয় বছৰত সাতবাহন ৰজা প্ৰথম সাতকৰ্ণিৰ লগত তেওঁৰ যুদ্ধ হয়। এই যুদ্ধৰ স্থায়ী ফলাফল একো নহ’ল। চতুৰ্থ বছৰত এওঁ ভোজক আৰু বণিকসকলক পৰাস্ত কৰে। অষ্টম বছৰত এওঁ মগধ আক্ৰমণ কৰে আৰু মগধ বিজয়ৰ স্মৃতি ৰক্ষাৰ কাৰণে মহাবিজয় প্ৰাসাদ নিৰ্মাণ কৰে। একাদশ বছৰত খাৰভেলে পাণ্ড্য ৰাজ্য আক্ৰমণ কৰি পাণ্ড্য ৰজাক কৰতলীয়া কৰে। খাৰভেলে তেওঁৰ ৰাজত্ব কালৰ দ্বাদশ বছৰত পুনৰ মগধ আক্ৰমণ কৰে আৰু মগধক পৰাস্ত কৰে। মগধক পৰাস্ত কৰি পোৱা ধন সোণেৰে তেওঁ এটা বিশাল মন্দিৰ নিৰ্মাণ কৰে। এই মন্দিৰটো এতিয়া ভুৱনেশ্বৰত দেখা যায়। খাৰভেল জৈন ধৰ্মী আছিল যদিও আন ধৰ্মৰ প্ৰতি তেওঁ শ্ৰদ্ধাশীল আছিল। খাৰভেলৰ দিনৰ স্থাপত্য আৰু ভাস্কৰ্য্যই বিস্ময় উদ্ৰেক কৰিছিল।তেওঁ যুদ্ধত ব্যস্ত আছিল যদিও প্ৰজাৰ কাৰণেও ভালেমান কল্যাণমূলক কাম কৰি গৈছিল। তেওঁ বিশেষকৈ জলসিঞ্চনৰ ওপৰত গুৰুত্ব দিছিল আৰু ইয়াৰ ফলত কৃষকসকলৰ উপকাৰ হৈছিল। খাৰভেলৰ নিচিনা শক্তিশালী ৰজাই কলিংগত আৰু কোনোদিনেই ৰাজত্ব কৰা নাছিল। তেওঁ ধুমকেতুৰ দৰে আহিছিল আৰু অলপ সময় পোহৰ বিলাই দুনাই অন্ধকাৰত বিলীন হৈ গৈছিল – “ and the brilliant figure of Kharavela appears and vanishes like a mete or withoutleaving any trace behind.” (Ancient India – R.C. Mazumdar P. 131-132 ) খাৰভেল ভাৰত বুৰঞ্জীৰ এজন উল্লেখনীয় ব্যক্তি।

হাতীগুমফা শিলালিপি

হাতীগুমফা শিলালিপি প্ৰাকৃত ভাষাত লিখা। নন্দৰজাৰ ৩০০ বছৰ পিছত এই শিলালিপি খোদিত হৈছিল। নন্দ ৰজা যদি মহাপদ্ম নন্দ হয় তেতিয়াহ’লে হাতীগুমফা শিলালিপি খ্ৰী:পূ: ২৪ ত খোদিত হৈছিল বুলি ধৰিব পাৰি। হাতীগুমফা শিলালিপিত খাৰভেলৰ কথাই লিখা হৈছে। গতিকে হাতীগুমফা শিলালিপিক খাৰভেলৰ প্ৰশস্তি বুলি কোৱা হয়। হাতীগুমফা শিলালিপিৰ পৰা মৌৰ্য যুগৰ পিছৰ ভাৰতৰ অৱস্থাৰ কথা জনা যায়। এই লিপিৰ পৰা কেৱল যে খাৰভেলৰ ৰাজত্বৰ কথাই যে জানিব পাৰি এনে নহয়। হাতীগুমফা লিপি সমকালীন যুগৰ ঐতিহাসিক দলিল বুলি কোৱা হয়।

সাতবাহন বংশ

মহাৰাষ্ট্ৰৰ সাতবাহনসকলে কোন সময়ত ৰাজত্ব কৰিছিল সেই বিষয়ে মতবিৰোধ আছে। তেওঁলোকে চাৰি শতাব্দী ধৰি ৰাজত্ব কৰিছিল বুলি কোৱা হয়। সম্ভৱ খ্ৰী:পূ: ৩ শতাব্দীৰ শেষৰ ফালে সাতবাহনসকলৰ ৰাজত্ব আৰম্ভ হৈছিল। পুৰাণত থকা এটা সূত্ৰ মতে সাতবাহন বংশৰ প্ৰতিষ্ঠাপক সিমুকে শুংগসকলক পৰাভূত কৰি ক্ষমতালৈ আহে। তেতিয়াহ’লে সিমুক খ্ৰী:পূ: প্ৰথম শতাব্দীত ক্ষমতালৈ আহিছিল। এইটো সূত্ৰকে নিৰ্ভৰযোগ্য বুলি ধৰিব পৰা যায় বুলি বহুতো ঐতিহাসিকে মত প্ৰকাশ কৰিছে। পুৰাণত সাতবাহন সকলক অন্ধ্ৰ বোলা হৈছে। অন্ধ্ৰ বিলাকে গোদাবৰী আৰু কৃষ্ণা নদীৰ মাজৰ অঞ্চলত বসবাস কৰিছিল। কিন্তু আনহাতে তেওঁলোকৰ শিলালিপিত সাতবাহন সকলে অন্ধ্ৰ নামটো উল্লেখ কৰা নাই।আধুনিক ঐতিহাসিক সকলৰ মতে পিছৰ কালত যেতিয়া সাতবাহন সকলৰ প্ৰাধান্য অন্ধ্ৰ অঞ্চলত অৰ্থাত্‌ কৃষ্ণা নদীৰ মোহনাত সীমাবদ্ধ হৈ পৰিছিল তেতিয়াৰ পৰাই সাতবাহন সকলক অন্ধ্ৰ বোলা হৈছিল। সাতবাহন সকল ব্ৰাহ্মণ আছিল। অৱশ্যে – “They were probably Brahmins with a little admixture of Naga biood”. (Sinha & Banerjee). সাতবাহন সকলক ‘অন্ধ্ৰভৃত্য’ বুলিও কোৱা হৈছিল। কিন্তু তেওঁলোক যে অন্ধ্ৰসকলৰ ভৃত্য আছিল, সেইষাৰ কথা কোনেও মানি লোৱা নাই। সাতবাহনসকলৰ উপজাতীয় নাম আছিল অন্ধ্ৰ, সাতবাহন আছিল ৰাজবংশৰ নাম আৰু সাতকৰ্ণী আছিল সাতবাহন ৰজাসকলৰ পদবী – এইষাৰ কথা প্ৰায় সকলো ঐতিহাসিকে মানি লৈছে।

সাতবাহন ৰজাসকল

সিমুক

সিমুকে শুংগবংশৰ ৰাজত্বৰ অন্ত পেলাই সাতবাহন বংশ প্ৰতিষ্ঠা কৰে। সিমুকৰ পিছৰজন ৰজা আছিল কৃষ্ণা বা কণহ। এওঁ নাসিকলৈকে ৰাজ্য বিস্তাৰ কৰিছিল আৰু তাত বৌদ্ধ শ্ৰমণ সকলৰ কাৰণে এটা গুহা নিৰ্মাণ কৰিছিল।

প্ৰথম সাতকৰ্ণী

প্ৰথম সাতকৰ্ণী সাতবাহন বংশৰ তৃতীয়জন ৰজা আছিল। এওঁ বহুতো ৰাজ্য জয় কৰি সাতবাহন বংশৰ প্ৰতিপত্তি আৰু সন্মান বৃদ্ধি কৰিছিল। এওঁ মালৱাৰ পূব অঞ্চলো জয় কৰিছিল আৰু অশ্বমৱধ যজ্ঞ পালন কৰিছিল। ‘প্ৰতিষ্ঠান’ত (ঔৰংগাবাদ জিলাৰ বৰ্তমানৰ পাইথান) তেওঁ ৰাজত্ব কৰিছিল। প্ৰথম সাতকৰ্ণীয়ে দাক্ষিণাত্যৰ উত্তৰ-ভাগত অৰ্থাত্‌ নৰ্মদা উপত্যকা,বিদৰ্ভ, পশ্চিম মালৱা নিজ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। সাতকৰ্ণীৰ ৰাজ্যৰ সীমা পূবে কলিংগ ৰাজ্যৰ ওচৰ পাইছিলগৈ। মুঠতে – ‘প্ৰথম সাতকৰ্ণীৰ নেতৃত্বত গোদাবৰী উপত্যকাত এখন সাম্ৰাজ্যৰ উদ্ভৱ হৈছিল যিখন সাম্ৰাজ্য আয়তনত আৰু শক্তিত গংগা উপত্যকাৰ শুংগ সাম্ৰাজ্য আৰু গ্ৰীক সাম্ৰাজ্যৰ প্ৰতিদ্বন্দী হৈ পৰিছিল বুলি কব পাৰি’। অৱশ্যে কলিংগ ৰজা খাৰভেলৰ হাতত এওঁ পৰাস্ত হৈছিল। প্ৰথম সাতকৰ্ণীয়ে আত্মীয় বংশীয় নাগনিকা বা নায়নিকাক বিয়া কৰাইছিল। নাগনিকাই নানাঘাট শিলালিপি খোদাই কৰিছিল আৰু নানাঘাট শিলালিপিৰ পৰাই প্ৰথম সাতকৰ্ণীৰ কৃতিত্ব সম্পৰ্কে জনা যায়। এওঁ ‘দক্ষিণাপথপতি’ আৰু ‘অপ্ৰতিহত চক্ৰ’ উপাধি গ্ৰহণ কৰিছিল। প্ৰথম সাতকৰ্ণীৰ মৃত্যুৰ পিছত নাগনিকাই তেওঁৰ দুই নাবালক পুত্ৰ বেদিশ্ৰী আৰু শক্তিশ্ৰীৰ পক্ষ লৈ ৰাজত্ব চলায়। ইয়াৰ পিছত দ্বিতীয় সাতকৰ্ণী সিংহাসনত বহে। এওঁৰ বিষয়ে সবিশেষ একো জনা নাযায়। প্ৰথম সাতকৰ্ণীৰ পিছত সাতবাহন সকলৰ ইতিহাস সম্পৰ্কে ভালদৰে একো জনা নাযায়। অপিলক, কুন্তল সাতকৰ্ণী আৰু হল নামৰ তিনিজন ৰজাৰ নাম পোৱা যায়। হল প্ৰাকৃত সাহিত্যৰ অনুৰাগী আছিল। খৃষ্টীয় প্ৰথম শতিকাৰ শেষভাগত সাতবাহন শক্তি দুৰ্বল হৈ পৰে আৰু ইয়াৰ সুযোগ লৈ শক জাতিৰ এটা শাখা ক্ষহৰত সকলে মহাৰাষ্ট্ৰৰ উত্তৰ অংশ সাতবাহন সকলক পৰাজিত কৰি লয়। ফলস্বৰূপে সাতবাহন সকলে মহাৰাষ্ট্ৰৰ দক্ষিণ অংশত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হয়।

গৌতমী পুত্ৰ সাতকৰ্ণী

গৌতমী পুত্ৰ সাতকৰ্ণী সাতবাহন বংশৰ শ্ৰেষ্ঠ ৰজা। এওঁ ১০৬ খ্ৰী:ৰ পৰা ১৩০ খ্ৰী:লৈকে ৰাজত্ব কৰিছিল। নাসিক লিপি নাসিক প্ৰশস্তিৰ পৰা তেওঁৰ শাসনৰ বিষয়ে জানিব পাৰি। এওঁৰ মৃত্যুৰ ১৯ বছৰ পিছত মাক দেৱী গৌতমী বালাশ্ৰীয়ে নাসিক লিপিখন ৰচনা কৰিছিল। সেইকাৰণে নাসিক লিপিখনক ‘পুত্ৰহাৰা মাতৃৰ পুত্ৰৰ সমাধি ভাসণ বুলি কোৱা হয়’। গৌতমী পুত্ৰ সাতকৰ্ণীয়ে সাতবাহন শক্তি পুনৰ জীৱিত কৰিছিল। এওঁ শক, পল্লৱ আৰু যৱন সকলক পৰাস্ত কৰিছিল। মগধ অধিকাৰৰ প্ৰশ্নটো লৈ শকসকলৰ সৈতে সাতবাহন সকলৰ সদায়েই যুদ্ধ হৈছিল। শক ক্ষত্ৰপ নাহপানৰ আক্ৰমণত পৰাস্ত হৈ সাতবাহন সকল নিজৰ আদি বাসস্থান মহাৰাষ্ট্ৰ এৰি থৈ অন্ধ্ৰত গৈ বসবাস কৰিবলৈ বাধ্য হৈছিল। গৌতমী পুত্ৰ সাতকৰ্ণীয়ে শক ক্ষত্ৰপ নাহপানক আৰু নাহপানৰ সেনাপতি ঋষভদত্তক পৰাস্ত কৰিছিল আৰু মহাৰাষ্ট্ৰ পুনৰ উদ্ধাৰ কৰিছিল। এওঁৰ ৰাজ্য মহাৰাষ্ট্ৰ, পৈথানৰ চাৰিওকাষৰ ৰাজ্যসমূহ, কোংকনৰ উত্তৰাংশ, সৌৰাষ্ট্ৰ, বেৰাৰ, মালৱ দেশ লৈ গঠিত হৈছিল। নাসিক প্ৰশস্তিৰ পৰা জনা যায় যে গৌতমী পুত্ৰৰ ৰাজ্য পূৰ্বঘাট পৰ্বতৰ পৰা পশ্চিমঘাট পৰ্বতলৈকে ব্যাপ্ত আছিল। অন্ধ্ৰ প্ৰদেশো সম্ভৱ এওঁৰ ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। শক শক্তি পৰাজিত হোৱাৰ পিছত শক শক্তি পুনৰ উদ্ধাৰৰ কাৰণে ৰুদ্ৰদমনে যত্ন কৰাত ৰুদ্ৰদমন আৰু গৌতমী পুত্ৰৰ মাজত যুদ্ধ হয় আৰু যুদ্ধত ৰুদ্ৰদমনৰ হাতত গৌতমী পুত্ৰ পৰাজিত হয়। এইখন আছিল দ্বিতীয় শক যুদ্ধ। গৌতমী পুত্ৰ সাতকৰ্ণীয়ে ৰুদ্ৰদমনৰ হাতৰ পৰা ৰক্ষা পাবৰ কাৰণে অব্ৰাহ্মণ ৰুদ্ৰদমনৰ কন্যাক নিজৰ পুতেকলৈ বিয়া কৰাইছিল। ইয়াৰ পৰা বিশেষ একো লাভ নহলেও এটা লাভ হৈছিল। সেইটো হৈছে ৰুদ্ৰদমনে সাতবাহন সকলক ‘কুটুম্বিন’ বুলি ভাবিবলৈ লৈছিল আৰু সাতবাহন সকলক ধ্বংস কৰি দিয়া নাছিল। সাতবাহন সকল জাতিত ব্ৰাহ্মণ আছিল। গতিকে গৌতমী পুত্ৰ সাতকৰ্ণীয়ে ব্ৰাহ্মণসকলৰ প্ৰাধান্য বজাই ৰখাৰ উদ্দেশ্যে ক্ষত্ৰিয়সকলক দমন কৰিছিল। ব্ৰাহ্মণ, ক্ষত্ৰিয়,শ্বৈশ্য আৰু শুদ্ৰৰ মাজত যাতে কোনো ধৰণৰ বৈবাহিক সম্বন্ধ স্থাপন হ’ব নোৱাৰে তাৰ ব্যৱস্থা তেওঁ কৰিছিল আৰু তাৰ দ্বাৰা জাতিগত বৈষম্য বজাই ৰাখিছিল। অৱশ্যে চতুবৰ্ণ প্ৰথা তেওঁ ৰক্ষা কৰিব পাৰিছিল নে নাই সেই বিষয়ে সন্দেহ আছে। কাৰণ সেই সময়তে জীৱিকাৰ ভিত্তিত বহুতো উপজাতি গঢ় লৈ উঠিছিল। গৌতমী পুত্ৰ বৌদ্ধধৰ্মৰ পৃষ্ঠপোষক আছিল।

বশিষ্ঠ পুত্ৰ পুলমায়ি

বশিষ্ঠ পুত্ৰ পুলমায়িয়ে ১৩০ খ্ৰী:ৰ পৰা ১৫৪ খ্ৰী:লৈকে ৰাজত্ব কৰিছিল। শক ক্ষত্ৰপ ৰুদ্ৰদমনৰ সৈতে এওঁৰ যুদ্ধ হৈছিল যাৰ ফলত পুলমায়িয়ে তেওঁৰ ৰাজ্যৰ উত্তৰাঞ্চল, কোংকন, মালৱ শকসকলক এৰি দিবলগীয়া হৈছিল। সাতবাহন শক্তিক ৰুদ্ৰদমনে পৰাস্ত কৰিছিল যদিও সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়াৰ পৰা বিৰত আছিল কাৰন পুলমায়িৰ ভায়েক বশিষ্ঠ পুত্ৰ সাতকৰ্ণী আছিল ৰুদ্ৰদমনৰ জোঁৱায়েক। অৱশ্যে পুলমায়িয়ে উত্তৰাঅঞ্চল হেৰুৱালেও কৃষ্ণা নদীৰ মোহনালৈকে ৰাজ্য জয় কৰি ক্ষতিপুৰণ কৰি লৈছিল।

অন্যান্য ৰজাসকল

পুলমায়িৰ পিছত শিৱশ্ৰী আৰু শিৱসুন্দ সাতকৰ্ণী সিংহাসনত আৰোহণ কৰে। সাতবাহন বংশৰ শেষৰজন শক্তিশালী ৰজা আছিল যজ্ঞৰ্শী সাতকৰ্ণী। এওঁৰ ৰাজ্য মহাৰাষ্ট্ৰ, অন্ধ্ৰ আৰু উত্তৰ কোংকনলৈকে বিস্তৃত আছিল। মহাৰাষ্ট্ৰৰ এটা অংশ আৰু উত্তৰ কোংকন তেওঁ ৰুদ্ৰদমনৰ পিছৰ ৰজাসকলৰ পৰা উদ্ধাৰ কৰি লৈছিল। শকসকলৰ নিচিনাকৈ যজ্ঞৰ্শীয়ে তেওঁৰ মুদ্ৰাত তেওঁৰ মূৰটো খোদিত কৰাইছিল। তেওঁৰ মুদ্ৰাত নাৱৰ ছবি থকাৰ পৰা ধৰিব পাৰি যে তেওঁৰ দিনত সামুদ্ৰিক বাণিজ্য বিস্তাৰিত হৈছিল। তেওঁৰ আমোলত পুৰাণৰ সম্পাদনা কৰা কাম চলিছিল আৰু তেওঁ নাগাৰ্জুনৰ পৃষ্ঠপোষক আছিল। যজ্ঞৰ্শীৰ পিছত বিজয় সাতকৰ্ণী, চন্দ্ৰৰ্শী আৰু পুলমায়ি ৰজা হয়। এওঁলোকৰ দিনৰ পৰাই সাতবাহন বংশৰ পতন আৰম্ভ হয়। আভিৰ জাতি, ইক্ষাকু বংশ আৰু পল্লবসকলৰ আক্ৰমণত সাতবাহন বংশৰ চুড়ান্তভাবে পতন ঘটে।

সাতবাহন সকলৰ শাসন ব্যবস্থা

সাতবাহন সকলৰ শাসন ব্যৱস্থা ধৰ্ম শাস্ত্ৰৰ বিধি অনুসৰি পৰিচালিত হৈছিল। ৰজাসকলে বংশানুক্ৰমে শাসন কৰিছিল। তেওঁলোকে স্বৰ্গীয় অধিকাৰ দাবী কৰা নাছিল আৰু ‘ৰাজন’ উপাধিটো লৈয়েই সন্তুষ্ট আছিল। ৰজাৰ প্ৰধান কৰ্তব্য আছিল দেশৰক্ষা কৰা আৰু বিদেশী আক্ৰমণ প্ৰতিহত কৰা। সাতবাহন ৰজাসকলে বৰ্ণাশ্ৰম ধৰ্ম ৰক্ষা কৰা আৰু ন্যায় প্ৰতিষ্ঠাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ আছিল। প্ৰাদেশিক শাসন বেছিভাগ ক্ষেত্ৰতে ৰাজকুমাৰসকলে চলাইছিল। সামন্ত শ্ৰেণীটোৱেও ৰাজকাৰ্যত অংশ গ্ৰহণ কৰাৰ উদাহৰণ আছিল। সৰ্ব্বোচ্চ সামন্তসকলে ৰজা উপাধিও গ্ৰহণ কৰিছিল। গৌতমী পুত্ৰ সাতকৰ্ণীৰ দিনত ৰাজ্যৰ সীমা বৃদ্ধি হোৱাত নতুন পদৰ সৃষ্টি কৰিবলগীয়া হৈছিল। নতুনকৈ সৃষ্টি কৰা পদবী দুটা আছিল ‘মহাসেনাপতি’ আৰু ‘মহাতলৱাৰ’। মহাসেনাপতিসকলক সীমান্তৱৰ্তী অঞ্চলত নিয়োগ কৰা হৈছিল আৰু এওঁলোকে দলিল পত্ৰৰ ওপৰত চকু দিছিল। মহাতলৱাৰ নামৰ কৰ্মচাৰীসকলে প্ৰয়োজন অনুসৰি সৈন্যদল দি সহায় কৰিছিল। তেওঁলোকে স্বায়ত্ব শাসনৰ সুবিধা পাইছিল আৰু আনকি নিজৰ নামত মুদ্ৰা চলাব পাৰিছিল। ইয়াৰ উপৰিও গ্ৰামিকসকল গাঁওৰ শাসনব্যৱস্থাৰ দায়িত্বত আছিল। মহাতাৰক, মহামাত্ৰ, প্ৰতিহাৰ, হিৰণ্যক, ভাণ্ডাগাৰিক আদি কৰ্মচাৰীসকলে কেন্দ্ৰত ৰাজকাৰ্যত সহায় কৰিছিল। সমাজত চাৰিটা শ্ৰেণী আছিল। মহাভোজ, মহাৰথী, মহাসেনাপতি সকল উচ্চ শ্ৰেণীৰ আছিল। অমাত্য, মহামাত্ৰ, ভাণ্ডাগাৰিক, নাইগাম (ব্যৱসায়ী), স্বাৰ্থবাহ (ব্যৱসায়ীসকলৰ মুৰব্বী) আৰু শ্ৰেষ্ঠীন (chief of the trade guild) আছিল দ্বিতীয় শ্ৰেণীৰ। বৈদ্য, লিখক, স্বৰ্ণকাৰ, গন্ধিক (perfumer), হালকীয় (cultivator) আছিল তৃতীয় শ্ৰেণীৰ। মালাকাৰ (gardener), বৰ্দ্ধকী (carpenter), দাসক (fisherman), লোহাভনীজ (blacksmith) আদিক লৈ চতুৰ্থ শ্ৰেণীটো গঠিত হৈছিল। পৰিয়ালৰ (কুল) মুৰব্বীজনক ‘কুটুমবিন’ বা ‘গৃহপতি’ বোলা হৈছিল। তেওঁ পৰিয়ালৰ কৃৰ্তৃত্ব বহন কৰিছিল। অৰ্থনৈতিক ভিত্তিত এই বিভাজন হৈছিল। সাতবাহনসকল ব্ৰাহ্মণ্য ধৰ্মাবলম্বী আছিল। ইন্দ্ৰ, সুৰ্য্য, চন্দ্ৰ আৰু বাসুদেৱ এওঁলোকৰ উপাস্য দেৱতা আছিল। শিৱ, স্কন্দ আৰু মাতৃদেৱতাৰ পূজাকো এওঁলোকে সমৰ্থন কৰিছিল। বিষ্ণু পূজা আৰু নাগ পূজা জনপ্ৰিয় আছিল। সাতবাহন ৰজাসকলে বৌদ্ধধৰ্মকো পৃষ্ঠপোষকতা কৰিছিল। এওঁলোকে ভালেমান বৌদ্ধ বিহাৰ নিৰ্মাণ কৰি দিছিল আৰু ভিক্ষুসকলক দান-দক্ষিণা দিছিল। সাতবাহন ৰজাসকলৰ আমোলত বিদেশীসকলেও হয় ব্ৰাহ্মণ্য ধৰ্ম নহয় বৌদ্ধধৰ্ম গ্ৰহণ কৰাৰ উদাহৰণ আছিল। সাতবাহন সমাজত বৰ্ণ প্ৰথাৰ প্ৰচলন আছিল। মানুহে প্ৰয়োজন অনুসৰি বৰ্ণ সলনি কৰিব পাৰিছিল। সাতবাহন যুগত শক, পল্লৱ, যৱন আদি বিদেশীক হিন্দুসমাজত অন্তৰ্ভুক্ত কৰি লোৱা হৈছিল। সাতবাহন যুগত হিন্দুসকলৰ এই ক্ষেত্ৰত উদাৰতা আছিল। সাতবাহন সমাজত নাৰীৰ স্থান উচ্চ আছিল আৰু নাৰীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰিছিল। বিধবা সকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হৈছিল। সমাজত অসবৰ্ণ বিবাহ চলিছিল। সাতবাহন শাসকসকলেও শক পৰিয়ালত বিয়া কৰাইছিল। সাতবাহন ৰজা পুলুমাভীয়ে শক ৰজা ৰুদ্ৰদমনৰ কন্যা বিয়া কৰাইছিল। আৰ্য সকলে শক, হুন, পল্লব আদিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ইয়াৰ ফলত বৰ্ণসংকৰ, অবন্ত্য আদিৰ দৰে মিশ্ৰিত জাতিৰ জন্ম হৈছিল। সাতবাহন যুগত কৃষিৰ লগে লগে শিল্পৰো উন্নতি হৈছিল। শিল্পী কাৰিকৰসকলৰ গিলড (guild- সংঘ) আছিল। এই সংঘবোৰে বেংকৰ কামো কৰিছিল। … “They served as banks in which money (aksaya nivi) could be invested on interest.” ৰূপ, তাম আৰু সোণৰ মুদ্ৰাৰ প্ৰচলন আছিল। সাতবাহন যুগত আন্তৰ্বাণিজ্য আৰু বহিৰ্বাণিজ্য সমৃদ্ধিশালী আছিল। ভাৰুচ আৰু ব্ৰোঞ্জ প্ৰধান বাণিজ্যিক বন্দৰ আছিল। “Ship from the west, laden with merchandise, visited the ports of Broach, Sopara and Kalyan”. পূব পিনৰ বন্দৰবোৰেদি এছিয়াৰ সৈতে বেহা-বেপাৰ চলিছিল। সাতবাহসকলে বিশেষকৈ ৰন্ধা মচলা, কাফুৰ, চন্দনকাঠ, হাতীৰ দাঁত, ৰেশম, সুগন্ধি মচলা আদি ৰপ্তানি কৰিছিল আৰু তাৰ পৰিবৰ্তে সোণ আমদানি কৰিছিল। সাতবাহন শাসক সকল সাহিত্যৰ পৃষ্ঠপোষক আছিল। সাতবাহন ৰজা Hala এজন কবি আছিল। এওঁ সপ্তসৰক নামে এখন কিতাপ লিখিছিল। এই কিতাপখন কল্পনা আৰু বাস্তৱৰ সুন্দৰ সংমিশ্ৰণ বুলি সমালোচক সকলে। সাতবাহন যুগত গুণ্ডই ‘বৃহত্‌ কথা’ ৰচনা কৰিছিল। সৰ্ববৰ্মনে ‘কতন্ত্ৰ’ ৰচনা কৰিছিল। এই পুথিবোৰ প্ৰাকৃত ভাষাত লিখা হৈছিল। সাতবাহন যুগত স্থপতি বিদ্যাৰো উতকৰ্ষ সাধন হৈছিল। কলাৰ উন্নতিৰ কাৰণে বৌদ্ধধৰ্মই অৰিহণা যোগাইছিল। বহুতো বৌদ্ধ ‘চৈত্যগুহ’ নিৰ্মাণ কৰা হৈছিল। ইয়াত বৌদ্ধ সন্ন্যাসী সকল থকাৰ সুবিধা আছিল। ইয়াৰ উপৰিও বহুতো গুহা আৰু মঠ নিৰ্মাণ কৰা হৈছিল। এই স্তুপ আৰু মঠবোৰ অন্ধ্ৰ প্ৰদেশ, অমৰাবতী, নাগাৰ্জুন, ঘৰ্থাযাল আদি ঠাইত সিঁচৰিত হৈ আছিল। John Marshall য়ে অমৰাৱতী স্তুপৰ উচ্চ প্ৰশ্ংসা কৰিছিল। সাতবাহন যুগত প্ৰাকৃত ভাষাৰ বিস্তাৰ হৈছিল। এই বংশৰ ৰজাসকল প্ৰাকৃত ভাষাৰ পৃষ্ঠপোষক আছিল। সাতবাহন ৰজা হলে ৭০০ গাঁথা সংকলন কৰিছিল। বাত্‌সায়নে কামসূত্ৰ ৰচনা কৰিছিল। সাতবাহন যুগতে শুদ্ৰকৰ দ্বাৰা মৃচ্ছকটিকম্‌ নাটক ৰচনা কৰা হৈছিল। নৰ্তকী বসন্তসেনাৰ সৈতে ব্ৰাহ্মণ চাৰুদত্তৰ প্ৰেম এই নাটকৰ বিষয়বস্তু আছিল। অৱশ্যে এইখিনিতে R.S. Tripathi য়ে কোৱা কথাষাৰ প্ৰণিধানযোগ্য। তেখেতে কৈছিল – “It appears rather strange, however, that the Brahaman Satavahanas neglected Sanskrit in favour of Prakrit literature.”

সাতবাহন সকল কোন আছিল

সাতবাহন সকল কোন আছিল সেই বিষয়ে বুৰঞ্জীবিদ সকলৰ মাজত মতভেদ আছে। সাতবাহন সকলনো কোন আছিল সেই বিষয়ে জানিবলৈ নিৰ্ভৰযোগ্য তথ্য নাই। পুৰাণৰ মতে সাতবাহন সকল দ্ৰাবিড়িয়ান সকলৰ বংশধৰ আছিল আৰু তেওঁলোকে তেলেগু ভাষা কৈছিল। কিন্তু এই বংশৰ লিপিবিলাকত এওঁলোক ব্ৰাহ্মণ আছিল বুলি কোৱা হৈছে। নাসিক লিপিত এই বংশৰে এজন ৰজা গৌতমী পুত্ৰক পৰশুৰামৰ নিচিনা এজন সাহসী ব্ৰাহ্মণ বুলি কোৱা হৈছে। আটোৰীয় ব্ৰাহ্মণৰ মতে আৰ্য আৰু দ্ৰাবিড় সকলৰ সংমিশ্ৰণত সাতবাহন বংশৰ জন্ম হৈছিল। সাতবাহন সকল চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত প্ৰতাপী বংশ আছিল। মেগাস্থিনিচে সাতবাহন সকলৰ সামৰিক শক্তিৰ প্ৰশংসা কৰিছে। সাতবাহন বংশই ভাৰতীয় ইতিহাসত এখন বিশিষ্ট আসন গ্ৰহণ কৰি আছে। সাতবাহন সকলে বিদেশী আক্ৰমণৰ আশংকাত সদায় সামৰিকভাবে প্ৰস্তুত হৈ থাকিবলগীয়া হৈছিল যদিও ভাৰতীয় সমাজে সকলো দিশতে উন্নতি সাধন কৰিছিল। এই যুগত ধৰ্মীয় সচেতনতা, সামাজিক সামঞ্জস্য, অৰ্থনৈতিক সমৃদ্ধি, সাহিত্য আৰু আৰ্টৰ উন্নতি হোৱা দেখিবলৈ পোৱা গৈছিল।

উৎস: ভাৰত বুৰঞ্জী

শেহতীয়া উন্নীতকৰণ: : 6/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate