অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সোনোৱাল কছাৰী সকলৰ সামাজিক তথা ৰাজনৈতিক ইতিবৃত্ত

সোনোৱাল কছাৰী সকলৰ সামাজিক তথা ৰাজনৈতিক ইতিবৃত্ত

অসমৰ আদিমতম অধিবাসী সকলৰ ভিতৰত সোনোৱাল কছাৰী সকল অন্যতম। বৰ্ত্তমান ৰাজনৈতিক অসমৰ উজনি অসমৰ জিলা কেইখন ক্ৰমে ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লক্ষীমপুৰ, শিৱসাগৰ আৰু যোৰহাট আদিত সোনোৱাল কছাৰী সকল বিস্তাৰিত হয় আছে। স্বাধীনতাৰ প্ৰাকমুহূৰ্তত ‘ছাইমন কমিছনৰ’ নিৰ্দেশনা অনুযায়ী সোনোৱাল কছাৰী সকল জনজাতি ৰূপে সংবিধানৰ অনুসূচীত তালিকাভুক্ত হয়। কোৱা হয় যে সোনোৱাল কছাৰী সকল বৃহত্তৰ বড়ো জনগোষ্ঠীৰ এটা অংশ। ‘কছাৰী’ শব্দটো এনে কেইবাটিও গোষ্ঠীৰ উমৈহতীয়া নাম হিচাপে ব্যৱহৃত হৈ আহিছে। উদাহৰণ স্বৰূপে বড়ো কছাৰী, সোনোৱাল কছাৰী, ৰাভা কছাৰী, ঠেঙাল কছাৰী, ডিমাছা কছাৰী, লালুং কছাৰী আদিৰ নাম লব পাৰি।

কছাৰী শব্দটোৰ উৎপত্তি সম্বন্ধে কোনো উমৈহতীয়া গ্ৰহণযোগ্য তথ্য পাবলৈ নাই। বৃটিছ লেখক Risley(1915), Endles(1926) আদিয়ে মত আগবঢ়াইছে যে কছাৰী শব্দটো কাছাৰ জিলাত বসতি কৰাৰ পৰা অহা নাই। তেওঁলোকৰ মতে কাছাৰ এক অন্য ঠাইহে আছিল। যিকি নহওঁক, এই কথা সাধাৰণতে বিশ্বাস কৰা হৈ যে আদিতে এই বৃহৎ জনগোষ্ঠীটোৰ বাৰটা ফৈদ বা দল আছিল। কালক্ৰমত প্ৰতিটো জনজাতি হিচাপে পৰিগনিত হয়। উদাহৰণ স্বৰূপে ডমচঁয় ফৈদৰ পৰা ডিমাছা, বঢ়ঁহয় ফৈদৰ পৰা বড়ো, বাদু-হোনলয় ফৈদৰ পৰা হোনোৱাল (সোনোৱাল), জুহন-নুইয়ঁৰ পৰা লালুং (তিৱা) আদিৰ উৎপত্তি হয়।

তেনেধৰণেই অন্যান্য জনগোষ্ঠী যেনে হাজং, ৰাভা, গাৰো, কোঁচ, মেছ, ডেউৰী, মৰাণ আৰু হজয় আদিৰ উৎপত্তি হ’ল।

এই কথা বিশ্বাস কাৰ হয় যে আহোম সকলৰ আগমনৰ সময়লৈকে সমগ্ৰ ভূমিত এই বৃহৎ জনগোষ্ঠীটোৱে বসবাস কৰি আছিল। ইতিহাসবিদ সকলে কয় যে এই অঞ্চলৰ নদী সমূহৰ নাম এই কছাৰী জনগোষ্ঠীয়েই দিছিল। কছাৰী ভাষাত ‘দিং’ শব্দৰ অৰ্থ হ’ল পানী বা নদী। সেয়ে এতিয়াও বহুত নদীৰ নাম ‘দি’ আখৰেৰে আৰম্ভ হয়- যেনে দিহিং, দিহং। ডিগাৰু, দিবাং, দিখৌ। দিছাং, ডিক্ৰং, দিব্ৰু ইত্যাদি। কিছু নদী আৰু ঠাইৰ নাম পিছৰ কালত আহোম সকলেও দিছিল যেনে- নামদাং, নামচাই ইত্যাদি।

আহোম সকলৰ আগমনৰ সময়ত বৰ্ত্তমান অসমৰ পূৱ ভাগত সোনোৱাল কছাৰী আৰু মৰাণ লোকেই বসবাস কৰি আছিল। কিন্তু আহোম বুৰঞ্জীত আহোম সকলৰ লগত কোনো যুদ্ধ বিগ্ৰহৰ তথ্য নথকালৈ লক্ষ্য ৰাখি এই কথা কব পাৰি যে এই আদিম অধিবাসী সকলৰ মাজত কোনো ৰজা বা তেনে প্ৰকাৰৰ ৰাজনৈতিক ব্যৱস্থা বা পৰিসীমা নাছিল। জনজাতি সমাজখন সেই সময়ত স্বনিৰ্ভৰশীল আৰু সমভাৱপূৰ্ণ সমাজ ব্যৱস্থাৰে পৰিচালিত হৈছিল। হয়তু সেইবাবেই আহোম সকলে অতি সহজেই অঞ্চলত ৰাজ্য স্থাপন কৰি এক নতুন ৰাজনৈতিক ব্যৱস্থা স্থাপন কৰিব পাৰিছিল। বহুতে ক’ব খোজে যে কৌশলী আহোম সকলৰ ওচৰত সেও মানি বহু কছাৰী লোক ভটিয়াই গুছি গৈছিল আৰু বৰ্ত্তমানৰ কাছাৰৰ ফালে এখন শক্তিশালী কছাৰী ৰাজ্য গঢ়ি তুলিছিল। সেয়া যি কি নহওক, বৰ্ত্তমান সোনোৱাল কছাৰী ৰূপে চিহ্নিত লোক সকলে আহোম ৰাজ্যৰ ভিতৰত থাকি নিজৰ সামাজিক বৈশিষ্ট তথা অস্তিত্ব বজাই ৰাখিছিল।

আদিম অধিবাসী সকলৰ জাতিগত নামৰ উৎপত্তি সম্বন্ধে নানা ধৰণৰ কাহিনী পোৱা যায়। সোনোৱাল সকলৰ বিষয়েও তেনে কাহিনী আছে। এক জনশ্ৰুতিৰ মতে এই সকল লোকে আহোম ৰজাৰ দিনত সোৱনশিৰি নদীৰ বালিৰ পৰা সোন চালি ৰজা ঘৰত যোগান ধৰিছিল। এই কৰ্মসূত্ৰে তেওঁলোক সোনোৱাল ৰূপে জনাজত হ’ল। আন এক জনশ্ৰুতি মতে আহোম ৰজা গদাধৰ সিংহৰ অত্যাচাৰ সহিব নোৱাৰি তেতিয়াৰ আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ কেশৱানন্দ দেৱ গোস্বামী শদিয়াত কছাৰীসকলৰ মাজত আত্মগোপন কৰি আছিল। তেওঁ কছাৰী সকলৰ মাজত কিছু অলৌকিক কাম কৰি দেখুৱাইছিল। কথিত আছে যে তেওঁৰ অলৌকিক শক্তি পৰীক্ষা কৰি চাবৰ বাবে কছাৰী সকলে কিছু সোণ এটা বাঁহৰ চুঙাত ভৰাই লুইৎ এৰি দিছিল। চৰ্ত্ত আছিল যে যদি সোণেৰে ভৰোৱা চুঙাটো সত্ৰাধিকাৰৰ ওচৰলৈ ভাঁহি যাব, কছাৰী সকলে তেওঁৰ ওচৰত শৰণ ল’ব। দৈৱক্ৰমে চুঙাটো উটি গৈ তেখেতৰ ওচৰ চাপিল, তাকে দেখি কছাৰী সকলে সোণখিনি সত্ৰাধিকাৰক দি শৰণ ল’লে। সোণ দি শৰণ লোৱা বাবে এই সকল কছাৰী সোনোৱাল ৰূপে পৰিচিত হ’ল। কিন্তু সোনোৱাল কছাৰী জাতীয়বোধ থকা কোনো লোকে এইবোৰ জনশ্ৰুতি মানি ল’ব নিবিচাৰে।

সোনোৱাল কছাৰীৰ পৰম্পৰা মতে বাথৌ বা বাইথ হ’ল তেওঁলোকৰ মূল দেৱতা। তেওঁক খ্ৰীং ৰজা বুলিও জনা যায়। প্ৰতি বছৰে চ’ত মাহত তেওঁলোকে বাথৌ পূজা পালন কৰে। হাইদাং গীত এই পূজাৰ মুখ্য সমল। এই পূজাৰ অন্তত কছাৰী সকলে হুচৰী নমায়। সোনোৱাল কছাৰী সকলৰ হুচৰী, আমি বৰ্ত্তমান দেখা হুচৰীৰ দৰে নহয়। তেওঁলোকে এডাল জাতি বাঁহত বাঁহৰ মাৰিৰে কোবাই কোবাই হুচৰী গায়। এই হুচৰী গীত বিলাকত তেওঁলোকৰ সামাজিক ৰীতি-নীতি, উপদেশ, জাতিৰ বুৰঞ্জী, সামাজিক কাম-কাজ আদি প্ৰতিফলিত হয়। সময়ৰ লগে লগে এই সকল লোকৰ সামাজিক আৰু সাংস্কৃতিক পৰম্পৰা আদি অন্যান্য অ-জনজাতি লোকৰ সতে সানমিহলি হোৱাৰ বাবে এইবিলাক সম্পূৰ্ণ পৃথক ভাৱে বিশ্লেষণ লৰা প্ৰায় অসম্ভৱ হৈ পৰিল।

কথিত আছে যে সত্ৰাধিকাৰ কেশৱানন্দ দেৱ গোস্বামীদেৱৰ চলাহী কথাত হোজা কছাৰী সকল ভোল গৈ তেওঁলোকৰ নিজৰ জাতীয় গুৰু গজাই দেৱৰ আদেশ পালন নকৰিলে। ধ্যানত থাকি নিজৰ শৰীৰ অস্থায়ী ৰূপে ত্যাগ কৰি গজাই দেৱ স্বৰ্গলৈ যোৱাত কছাৰী সকলে বৈষ্ণৱ গোসাঁইৰ কথা মানি গজাই দেৱৰ শৰীৰ জ্বলাই দিলে। গজাই দেৱ বিতুষ্ট হৈ চিতাতেই উঠি বহিল আৰু কছাৰী সকলক শাওপাত দিলে যে তেওঁলোকে গোসাঁই মহন্তৰ তলতীয়া হ’ব। সোনোৱাল কছাৰী সকলে আজিও তেওঁলোকৰ নামঘৰত দুই হাত আৰু দুই ভৰি সদৃশ থাপনা তৈয়াৰ কৰি ৰাখে, এই আশাতে যে তেওঁলোকৰ গজাই গুৰু এদিন সঁচাকৈ জীৱিত ৰূপ ল’ব।

কালক্ৰমত প্ৰায়ভাগ সোনোৱাল কছাৰী লোকেই বৈষ্ণৱ গুৰুৰ ওচৰত শৰণ লোৱা হ’ল। যদিওঁ তেওঁলোকে নামঘৰ পাতি কীৰ্ত্তন পাঠ কৰে আৰু ঘৰতো নাম-কীৰ্ত্তন আয়োজন কৰে, বেছিভাগ লোকেই তেওঁলোকৰ পৰম্পৰাগত বিধি-বিধান বিলাক সম্পূৰ্ণভাৱে এৰি নিদিলে। বৈষ্ণৱ ধৰ্মৰ সমান্তৰালভাৱে সোনোৱাল কছাৰীৰ পৰম্পৰাগত ৰীতি-নীতি বিলাক চলিয়েই থাকিল। গতিকে আজিৰ দিনত দুটা সম্পূৰ্ণ বিপৰীতমূখী ধৰ্মীয় পৰম্পৰা তেওঁলোকৰ মাজত দেখিবলৈ পোৱা যায়। এফালে তেওঁলোকে ‘এক দেৱ এক সেৱ, এক বিনে নাই কেৱ’ বুলি বৈষ্ণৱ পুথি পঢ়ে আৰু আনহাতে বলি-বিধান, পূজা-পাতলেৰে নিজৰ পৰম্পৰাগত দেৱ-দেৱীকো সন্তুষ্ট কৰে। এনে ব্যৱস্থা বহু জনজাতি লোকৰ মাজত দেখা পোৱা যায় যিসকলে অপৰম্পৰাগত ধৰ্মীয় নীতি নিয়ম কোবা প্ৰকাৰে গ্ৰহণ কৰিছে।

আকৰ্ষণীয় কথাটো হ’ল যে এনে বহু আদিম জনগোষ্ঠীয়ে শেহতিয়াভাৱে নিজৰ বিস্মিত বা অব্যৱহৃত পৰম্পৰা সমূহ পুনৰ জীৱিত কৰিবলৈ চেষ্টা কৰা দেখা গৈছে। পৰিবৰ্তিত ৰাজনৈতিক আৰু সামাজিক পৰিৱেশত ক্ষুদ্ৰ জাতি গোষ্ঠীৰ আভ্যন্তৰীণ ঐক্য আৰু সংহতি অতিকেই আৱশ্যকীয় বুলি গণ্য কৰা হৈছে, কাৰণ এনে জনগোষ্ঠীবোৰে আৰ্থিক, ৰাজনৈতিক আৰু সামাজিক ভাবে মূল্যবান আহিলা বা সা-সুবিধাবোৰৰ বাবে কৰ্তৃত্বশীল মহলৰ ওচৰত দৰ-দাম কৰিব পাৰে। তদুপৰি এটা জাতি গোষ্ঠীৰ নিজৰ সন্মানজনক পৰিচয়ৰ লগত তেওঁলোকৰ আৱেগ-অনুভূতিও জড়িত হৈ থাকে। অসমৰ প্ৰতিটো জনগোষ্ঠীৰ মাজত এই ধাৰাটো পৰিলক্ষিত হয়। মটক, মৰাণ, চুতীয়া, আহোম, কোঁচ আদি অনা-অনুসূচিত জনগোষ্ঠীৰ স্থান পাবৰ বাবে হেৰাই যোৱা পৰম্পৰা আৰু সাংস্কৃতিক উপাদান সমূহ পুনৰ জীৱিত কৰি লৈছে।

সোনোৱাল কছাৰী সকেলও বাথৌ সংস্কৃতিৰ বিস্তৰ উৎকৰ্ষ সাধন কৰি ইয়াক সাৰ্বজনিক কৰি তুলিলে। ইয়াৰোপৰি পাহৰনিৰ গৰ্ভত হেৰাই যোৱা বংশাৱলী, হায়দাং গীত, হুগ্ৰা নৃত্য, হুচৰী গীত, পূজা-পাতলৰ পৰম্পৰা, নিজৰ ধৰ্মীয় কৰ্মকৰ্তাৰ ওচৰত শৰণ লোৱা প্ৰথা ইত্যাদিক নতুনকৈ প্ৰতিষ্ঠা কৰি লৈছে। ৰাজনৈতিক ক্ষেত্ৰত সোনোৱাল কছাৰী সকলে স্বায়ত্ব শাসনৰ বাবে আন্দোলন কৰি এক স্বায়ত্ব পৰিষদ গঠন কৰিবলৈ সক্ষম হৈছে।

সাধাৰণভাৱে কবলৈ গ’লে সোনোৱাল কছাৰী সকল সহজ-সৰল আৰু হোজা প্ৰকৃতিৰ লোক। খেতি-বাতি, পোহনীয়া জন্তু পালন কৰি তেওঁলোকে জীবিকা পালন কৰে। শিক্ষিতৰ হাৰ যথেষ্ট বেছি। তেওঁলোকৰ নিজা ভাষা নাই। কিন্তু গাওঁ অঞ্চলত তেওঁলোকে এক ভিন্নসুৰী অসমীয়া কথা কয়।

পিতৃ প্ৰধান পৰিয়াল যদিও সোনোৱাল কছাৰী মহিলা সকলৰ সামাজিক জীৱনত যথেষ্ট গুৰুত্ত্ব থাকে। বহুতো ধৰ্মীয় আৰু সামাজিক অনুষ্ঠান মহিলা কেন্দ্ৰিক। অৰ্থনৈতিক কাম-কাজতো সোনোৱাল কছাৰী মহিলা সকলৰ ভূমিকা অপৰিহাৰ্য্য। নিজৰ তাঁতশালত বোৱা গামোচা, মেখেলা-চাদৰ, এড়ি-চেলেং আৰু মূগাৰ কাপোৰৰ বাবে মহিলা সকল জনাজাত। একালত পাকৈত শিপিনী সকলক সমাজে সন্মানৰ চকুৰে চাইছিল। পাকৈত শিপিনী আৰু কৰ্মপটু গাভৰুৰ বাবে ডেকা কছাৰী যুবক সকলে সপোন দেখিছিল, বিহু আৰু বনগীতৰ দ্বাৰা নিজৰ মনৰ ভাৱ জনাই এনে গাভৰুক বিয়া কৰাবলৈ ডেকা সকলে সততে তৎপৰ আছিল। আজিও তেওঁলোকৰ হুচৰী, বিহুগীত আদিত এই পৰম্পৰা দেখা পোৱা যায়।

বিয়া-বাৰুৰ ক্ষেত্ৰত পিতৃ আৰু মাতৃ দুয়ো পক্ষৰ বংশৰ মাজত বিয়া নিষিদ্ধ। তেওঁলোকৰ মুঠ ২৪টা (চৌবিশ) বংশ আছে আৰু প্ৰতিটো বংশত এটাতকৈ অধিক সঁচ থাকে। বংশ আৰু সঁচ দুয়োটাই বৰ্হি-বৈৱাহিক তত্বৰ ওপৰত প্ৰতিষ্ঠিত।

ল’ৰা আৰু ছোৱালীৰ ৰাহি-খুচি মতে পলুৱাই নি বিয়া কৰোৱাটো সোনোৱাল কছাৰী সকলৰ মাজত একপ্ৰকাৰ সাৰ্বজনিক প্ৰথা। ক’বলৈ গ’লে প্ৰায় ৯০% বিয়াই তেনে ধৰণে হয়। সময়ৰ গতিয়ে ইয়াক সলনি কৰিব পৰা নাই। তেনে বিয়াৰ পিছত গাওঁৰ মানুহ মাতি সামাজিক ভাৱে ছোৱালীজনীক ঘৰত সোমোৱা হয়। ৰাইজক মাতি ভোজ-ভাত খুৱাই, ৰাইজৰ আশীৰ্বাদ লৈহে এজনী বিবাহিত বোৱাৰীয়ে ৰন্ধা-বঢ়া কৰি ৰাইজক বা বয়োজেষ্ঠক খোৱাব পাৰে।

সোনোৱাল কছাৰী সকলে জাতিভেদ বৰকৈ বিচাৰ নকৰে। জনজাতি বা অ-জনজাতি সকলোৰে লগত তেওঁলোকৰ বৈবাহিক সম্বন্ধ হৈছে। কিন্তু নিজৰ আত্মীয়ৰ মাজত বিশেষকৈ বংশ আৰু মোমায়েকৰ বংশৰ মাজত বিয়া হ’লে সমাজে গ্ৰহণ নকৰে আৰু গাওঁৰ পৰা বাহিৰ কৰি দিয়ে।

উল্লেখিত আৰু এনে বহু উল্লেখ নকৰা স্বকীয় বৈশিষ্ট্যৰে সোনোৱাল কছাৰী সকলে অসমীয়া, সমাজত এক নিৰ্দিষ্ট স্থান লৈ আছে। স্বকীয় বৈশিষ্ট্য তথা আধুনিক জীৱনশৈলীৰ অপূৰ্ব সমিল-মিলেৰে সোনোৱাল কছাৰী জনগোষ্ঠীৰ উত্তৰোত্তৰ প্ৰগতিৰ কামনাৰে এই লিখনী সামৰণি মাৰিলো।

লিখক: ড৹ চন্দ্ৰজ্যোতি সোনোৱাল



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate