অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বৰ্গদেউ ছু-কা-ফা

আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা তথা বৰ অসমৰ ভেটি গঢ়োতা।

জন্মঃ ১১৯১ খ্ৰীষ্টাব্দত (মাওলুঙৰ ৰাজধানী চেনচেত জন্ম)।

মৃত্যুঃ ১২৬৮ খ্ৰীষ্টাব্দত (অসমৰ চৰাইদেউত) ।

পিতৃঃ ফু-চাং-কাং বা চাও-ন্যেউ।

মাতৃঃ নাং-ম'ঙ-ব্লক-খাম-চেন।

ভাতৃদ্বয়ঃ ছু-জত্-ফা আৰু ছু-খাম্-ফা।

পুত্ৰদ্বয়ঃ ছু-খাং-ফা আৰু ছু-তেউ-ফা।

ৰাজত্বকালঃ ১২২৮ খ্ৰীষ্টাব্দৰ পৰা ১২৬৮ খ্ৰীষ্টাব্দলৈকে ।



বিভিন্ন জাতি-জনজাতিৰ কন্দলৰ ফলত ভাগ ভাগ হৈ প্ৰাচীন কামৰুপৰ কেন্দ্ৰীয় শক্তি দুর্বল হৈ পৰা সময়তে ত্ৰয়োদশ শতিকাৰ আগভাগত (আনুমানিক ১২১৫ খ্ৰীষ্টাব্দ ) উজনি ব্ৰহ্মদেশৰ (ম্যানমাৰ) মাওলং ৰাজ্যৰ পৰা ছুকাফাই পাটকাইত উপস্থিত হয়হি । ছুকাফাই লগত তেওঁৰ তিনি গৰাকী (আই-মে-চাও-লো, নাং-চেন্-চুম্-ফা আৰু য়ি-লো-ৱেং-চিং-চুম্- ফা) ৰাণী আনিছিল । সৈন্য-সামন্তৰ বাহিৰেও ছুকাফাৰ লগত অহা আন লোকসকল আছিল দুজন মন্ত্ৰী (থাও-ম'ঙ-বান্-ৰুই আৰু থাও-ম'ঙ্-কাঙ্-ঙান); পাঁচজন ৰাজপৰিয়ালৰ কোঁৱৰ (খুন-বা, খুন-ফ্ৰং, খুন-ৰিং, খুন-চেং আৰু খুন-ফু-কিন) আৰু কেইজনমান উচ্চ বিষয়া । সৈন্য-প্ৰজাসহ মুঠ ৯০০০ লোক, ৩০০ ঘোঁৰা, দুটা হাতী আৰু ভালেমান অস্ত্ৰ-শস্ত্ৰ আনিছিল । ইয়াৰ উপৰিও বাটত পোৱা হুকং উপত্যাকাৰ বহুত তাই মানুহেও এই দলত যোগ দিছিল । প্ৰায় ১৩ বছৰকাল পাটকাইৰ আশে-পাশে অনাই-বনাই ফুৰাৰ পাছত ১২২৮ খ্ৰীষ্টাব্দত তেওঁ নগাৰাজ্যৰ সীমাত প্ৰৱেশ কৰে । লাহে লাহে চুকাফা আগুৱাই আহি দিচাং নৈৰ কাষৰ নামৰুপ পায়হি । তাৰ পাছত তেওঁ ৰাজধানী পাতিবৰ বাবে দিহিং, টিপাম, শ'লগুৰি, অভয়াপুৰী, হাবুং, শিমলুগুৰি আদি কেইবাখনো ঠাই নির্বাচন কৰিছিল যদিও বানপানী বা আন অসুবিধাৰ বাবে কতো স্থায়ী ৰাজধানী পাতিব নোৱাৰিলে । অৱশেষত ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউত (চে-ৰাই-দৈ, অর্থাত্ চে- নগৰ, ৰাই- জিলিকা বা মৰা, দৈ- পর্ব্বত; 'পর্ব্বতৰ জিলিকা নগৰ') স্থায়ী ৰাজধানী পাতি থিতাপিকৈ বহিল।

ছুকাফাই সৌমাৰ পীঠৰ ভিতৰতে উত্তৰ-পূবে দিহিং নৈ পশ্চিমে দিখৌ নৈ আৰু দক্ষিণে পাটকাই পর্ব্বতৰাজি মাজত এই ঠাইখিনিকে নিজা ৰাজ্য 'মঙ্-দুন্-চুন-খাম' ৰুপে ৩৯ বছৰ ৪ মাহ ১৪ দিন ৰাজত্ব কৰি ১২৬৮ খ্ৰীষ্টাব্দত ৭৭ বছৰ বয়সত তেওঁ ইহ লীলা সম্বৰণ কৰিলে।

ছুকাফাই আহোম সাম্ৰাজ্য বিস্তাৰৰ মূলতে আছিল তেওঁ উদাৰ সমাজ নীতি । তেওঁ যুদ্ধতকৈ বিভিন্ন সৰু বৰ জনগোষ্ঠীৰ লগত মিত্ৰতা সূত্ৰত আৱদ্ধ হ'বলৈ চেষ্টা কৰিছিল । এইদৰেই তেওঁ পোনপ্ৰথমে মৰাণ-বৰাহীসকলক সামৰি পাটকাই পর্ব্বতৰ পৰা দিহিঙলৈকে দিখৌ দিহিঙৰ মাজৰ ঠাইখণ্ডক সামৰি ৰাজ্য স্থাপন কৰে । ছুকাফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই ৬০০ বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যাকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে ৷ এই সময়ছোৱাত অসমত বাস কৰা সকলো জাতি-জনজাতিকে তেওঁ একত্ৰিত কৰে৷ সেয়ে বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম তথা অসমীয়া জাতিৰ বাবে ছুকাফাৰ অৱদান সৰ্বস্ব৷

আহোম যুগৰ শাসন, সমাজ আৰু সংস্কৃতি

আহোম স্বর্গদেউসকলে প্ৰায় ছশ বছৰ ধৰি অসমত ৰাজত্ব কৰিছিল। একেটা ৰাজবংশৰ এনে দীর্ঘস্থাযী ৰাজত্বৰ উদাহৰণ ভাৰতত কিয় পৃথিৱীৰ বুৰঞ্জীতে বিৰল।

ছুকাফাই যেতিয়া উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম ৰাজত্বৰ ভেটি স্থাপন কৰিছিলহি, তেতিয়া সেই ঠাইখণ্ড অৰণ্যৰে ভৰা আছিল আৰু বিস্তীর্ণ এলেকাৰ মাজে মাজে জনজাতীয় স্তৰত থকা কিছুমান লোক বসবাস কৰি আছিল। স্থায়ী খেতি আৰু এটা উন্নত অর্থনীতি তেওঁলোকৰ নাছিল। আহোমসকলে কিন্তু তেওঁলোকৰ পূর্বৰ বাসস্থানৰ পৰা এখন স্থায়ী কৃষিভিত্তিক সমাজৰ সংস্কৃতি বহন কৰি আনিছিল আৰু এই নতুন ঠাইত অজস্ৰ খেতিৰ মাটি আৰু কাম কৰিবলৈ স্থানীয় জনজাতীয় লোক সংগ্ৰহৰ সুবিধা দেখি উত্সাহিত হৈছিল। গতিকে তেওঁলোকে আহিয়েই কৃষিভিত্তিক স্থায়ী সমাজ এখনৰ ভেটি প্ৰতিষ্ঠা কৰিবলৈ সমর্থ হৈছিল। তাৰোপৰি তেওঁলোকে স্থানীয় লোকসকলৰ আচাৰ-ব্যৱহাৰ, কলা-সংস্কৃতি গ্ৰহণ কৰি সংমিশ্ৰণৰ জৰিয়তে এটা নতুন সংস্কৃতিৰ সৃষ্টি কৰি লৈছিল। গতিকে স্থানীয় লোকসকলে আহোমসকলক আপোন মানুহ বুলি ভাবিবলৈ লৈছিল।

স্বৰ্গদেউ ছুকাফাই টাই মংগোলীয় ভাষা-কৃষ্টি-সংস্কৃতিৰ লগত থলুৱা ভাষা-কৃষ্টি-সংস্কৃতিৰ সমন্বয় ঘ্টাত উৎসাহ যোগাইছিল ৷ এই দূৰদৰ্শী বদান্যতাৰ ফলতেই টাই ভাষাৰ ঠাইত এক নতুন সমন্বয়ৰ ভাষা অসমীয়া ভাষা ৰাজকীয় ভাষা হৈ পৰিছিল ৷ ছুকাফাৰ আন এক বৃহৎ অৱদান হ'ল বুৰঞ্জী ৰচনা৷ স্বৰ্গদেউ ছুকাফাই তেওঁৰ যাত্ৰা-পথত হোৱা সকলো ঘ্টনা আৰু দেউধাই-মহন-বাইলুং পণ্ডিতসকলক লিখিবলৈ কোৱাৰ পৰাই অসম বুৰঞ্জীৰ আৰম্ভণি বুলিব পাৰি৷ তেওঁ সমসাময়িক অসমত বসবাস কৰা আৰু ৰাজ্য শাসন কৰা মৰাণ, বৰাহী, কছাৰী, নগা, চুতীয়া আদি সকলো জাতি-জনগোষ্ঠীকে একত্ৰিত কৰি পৰস্পৰৰ মাজত বিবাহ আৰু খোৱা-বোৱাৰ ব্যৱস্থা কৰি দিছিল৷ লগতে বিভিন্ন উপাধি প্ৰদান কৰি সকলো প্ৰজাকে ৰাজ্যশাসনত অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰি দিছিল৷ যাৰ ফলত অসমত শইকীয়া, বৰা, হাজৰিকা, বৰুৱা, ফুকন আদি নানান উপাধিৰ সৃষ্টি হৈছিল আৰু বামুণ, কলিতা, লালুং, কোচ সকলোৱে এই উপাধি লাভ কৰিছিল৷ সাতৰাজ মাৰি একৰাজ কৰা চাওলুং ছুকাফাই হ'ল যথাৰ্থভাৱে অসম আৰু অসমীয়াৰ পিতৃপুৰুষ আৰু বৃহত্তৰ অসমীয়া জাতিৰ জনক৷

অসম দিৱস

বৰ-অসম গঢ়াৰ ক্ষেত্ৰত ছুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই ২ ডিচেম্বৰ তাৰিখটো সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ বা ’’ ছুকাফা দিৱস’’ হিচাপে পালন কৰি আহিছে । ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি হয় ।

উৎস:

অসম অভিধান।

ৰামেশ্বৰ বড়াৰ 'বৃহত্ তাই জাতি-আহোম বুৰঞ্জী।

ড০ ডম্বৰুধৰ নাথৰ 'অসম বুৰঞ্জী ।

অসমীয়া ৱিকিপিডিয়া ।

বিতোপন দাস


© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate