অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

১৯২ বছৰীয়া বকলীয়াঘাট নামঘৰৰ ঐতিহ্য

১৯২ বছৰীয়া বকলীয়াঘাট নামঘৰৰ ঐতিহ্য

তাহানিৰ নগাওঁ জিলাৰ আৰু বৰ্তমানৰ কাৰ্বিআংলং জিলাৰ ভূ-খণ্ডত থকা বকলীয়াঘাটৰ পুৰণি নামঘৰটোৰ বয়স বৰ্তমানে ১৯২ বছৰ হ’ল আৰু ৭ বছৰৰ পিছত দুশ বছৰত ভৰি থ’ব। এই ঐত্যহ্যপূৰ্ণ নামঘৰটি বকলীয়াঘাট নগৰৰ ৪নং ৱাৰ্ডত অৱস্থিত আৰু বৰ্তমান শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বকলীয়াঘাট প্ৰাথমিকৰ অন্তৰ্গত। অতীততে এই নামঘৰটো বকলীয়াঘাটৰ যমুনাপাৰত ( বৰ্তমান যমুনা বান্ধৰ দলঙৰ নামনিত)আছিল। ১৮২৩ চনত স্থাপিত নামঘৰটো ১৯৫২ চনত বৰ্তমানৰ ঠাইলৈ উঠাই অনা হয়।কোচ জনগোষ্ঠীৰ দ্বাৰা স্থাপিত নামঘৰটো বৰ্তমানে জিলাখনৰ আটাইতকৈ পুৰণি নামঘৰ। এই অঞ্চলৰ তেতেলিগুৰি, এৰাগাও, চেলাবৰ, সোণৰী আৰু জালজুৰিতো নামঘৰ প্ৰতিস্থা হৈছিল বুলি জনা যায়। তেতেলিগুৰিত বৰ্তমানো দধি মন্থনৰ ঠাইডোখৰ আছে বুলি জনা যায়। কিন্তু মানৰ আক্ৰমণ, মহামাৰী আদি কাৰণত এই গাওঁৰ পৰা কোচ বাসিন্দা সকল অন্য ঠাইলৈ গুচি যায় বুলি জনা যয়। সেয়ে এই ফালৰ পৰা বৰ্তমান বকলীয়াঘাট প্ৰাথমিকৰ নামঘৰটোৱে জিলাখনৰ পুৰণি নামঘৰ বুলি পৰিগণিত হ’ল।এই প্ৰাচীন নামঘৰটোৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে মেধিৰ বাব খোৱা লোক সকল ক্ৰমে-ধূপা কোচ, মাণিক কোচ, মনধন কোচ, নবীন মহন্ত(অস্থায়ী),নাথ কোচ, হৰেন হাজৰিকা, অতুল হাজৰিকা, আৰু বৰদা হাজৰিকা।

যমুনাপাৰত থকা সময়ত নামঘৰটোত দুখন হাতেৰে সাৱটি নোপোৱা ছঘোৰা খুঁটাৰে চাৰি কোঠালিৰ ফুল-চতিৰ নামঘৰ আছিল। সেই সময়তো প্ৰতি বছৰে ভাওনা অনুষ্ঠিত হৈছিল। তেতিয়াৰ দিনতো থকা গাওঁবোৰ হ’ল-বেলগুৰি, হওৰাঘট, ফুলনি, চেৰাকানি,পামগাওঁ, বৰবিল আদি। বৰ্তমানো পুস্পা নামঘৰটোৰ অগ্নিগড় আৰু এখন কঁঠাল কাঠৰ ফুল কটা দুৱাৰ উক্ত নামঘৰটোত স্ংৰক্ষিত হৈ অছে। গণে কোচ(গাওঁ বুঢ়া)ৰ প্ৰচেষ্টাত বকলীয়াঘাটৰ কোচসকল নাম-কীৰ্তনীয়া হয়। তেওঁৰ মৃত কৰ্ম প্ৰথমবাৰৰ বাবে নাম-কীৰ্তনেৰে কৰা হৈছিল। খেৰ-বাঁহৰ নামঘৰটোত ১৯৬৪ চনত টিনপাত লগোৱা হয়।এই টিনপাতখিনি দিছিল অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চোধুৰীয়ে।

প্ৰদীপ চন্দ্ৰ হাজৰিকা, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate