অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

“গামোচা অসমীয়া জাতিৰ জাতীয় সত্বাৰ প্ৰতীক”

“গামোচা অসমীয়া জাতিৰ জাতীয় সত্বাৰ প্ৰতীক”

 

ফাগুন, চ’ত মাহৰ ধুলিয়াৰিয়ে প্ৰাকৃতিক বহাগত অহা বৰষুণ জাকে সঁচাকৈ গা ধূৱাই নিকা কৰি সজাই পৰাই ন ৰূপেৰে আকোঁৱালি লবলৈ প্ৰস্তুতি চলাই বসন্তৰ আগমনক। বহাগ মানেই বসন্তৰ আগমন। প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু বহাগ। ড° ভূপেন হাজৰীকা দেৱে ৰচনা কৰা গীত ফাঁকি-

বহাগ মাথো এটি ঋতু নহয়

নহয় বহাগ এটি মাহ,

অসমীয়া জাতিৰ ই আয়ুস ৰেখা

গন জীৱনৰ ই সাহ।।

বহাগ বুলি কলেই আমাৰ গা সাতখন, আঠখন কৰে। কিযে এক মিঠা আমেজ ভৰা বহাগ। হাবিয়ে বননিয়ে কেতেকী ফুলৰ গোন্ধে মল মলাই, কপৌ ফুলে গছ বিলাকত অনাৱিল শোভা বঢ়াই দিয়ে। ন-পানীৰ পৰশ পাই গছ লতিকাৰ লগতে ফুলনিত নানা ধৰণৰ ফুল ফুলি জাতিস্কাৰ কৰা গোলাপ, তগৰ জোপাই সৌন্দৰ্য্য বঢ়াই। ইয়াৰ উপৰিও গাওঁৰ জীয়ৰী বোৱাৰীয়ে তাঁত শালৰ খট খটনি ৰঙা আচু সূতাৰে গামোচা যুতি লগাই অতি ব্যস্ততাৰে চেনেহৰ জনলৈ ভমকা ভমকা ফুলৰ চানেকীৰে ফুল বাচি সপোন ৰচি ৰচি জাত জাত বিহু নামৰ ছেৱে ছেৱে তাঁত শালৰ ৰ্দোপতি গৰকা শিপিনীক ফুল বাচি গামোচা ব’বলৈ প্ৰেৰণা যোগাই। চেনেহৰ দীঘ আৰু হেপাহৰ বাণীৰে বোৱা গামোচা খনক লৈ অসমীয়া জাতিৰ বাবে ই সঁচাকৈ গৌৰাম্বিত।

অসমীয়া মানুহৰ প্ৰতিখন ঘৰে ঘৰে থকা তাঁত শিল্প অসমৰ অৰ্থনৈতিক জীৱনৰ এক এৰাব নোৱাৰা দিশ। বোৱা কটাত অসমীয়া শিল্পীয়ে অৰ্থাৎ শিপিনীয়ে নিজস্ব প্ৰতিভা প্ৰদৰ্শন কৰি আহিছে।

জাতি ধৰ্ম নিৰ্বিশেষে সকলো অসমীয়া মহিলাই বোৱা কটা জনাটো অসমৰ সামাজিক জীৱনৰ গৌৰৱময় দিশ। বুৰঞ্জীত পঢ়িবলৈ পাইছিলো, অসমীয়া শিপিনীয়ে ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ বই আৰু লগতে নাৰীয়ে কিদৰে ৰাতিটোৰ ভিতৰতে কপাহ নেওঠি পাজি বাটি, সূতা কাটি কৱচৰূপে কাপোৰ বৈ স্বামীক যুদ্ধলৈ পঠাইছিল তাৰ নিদৰ্শন পোৱা যায়। তাঁত বোৱা সজুলি, মহুৰা, ৰাঁহ, চেৰেকী, উঘা, যতৰ আদি ঘৰতে তৈয়াৰ কৰি মহিলা সকলে সৰগ ৰচনা কৰা দেখা যায়। চেনেহীয়ে চেনাইলৈ মৰমৰ দীঘেৰে, চেনেহৰ বাণীৰে ফুলাম বিহুৱান বোৱাৰ লগতে বিহুগীতটো গোৱা হয়-

“ৰাতি দুপৰলৈ কাটি সূতালাহী

ধনলৈ বিহুৱান ব’লো,

ৰঙাকৈ আঁচুৰে বাছি পানে বটা

টিপতে লুকুৱাই থলো”।।

গামোচাৰ ইতিহাস বহু পুৰনি। অসমীয়া জাতিৰ জাতীয় সত্বাৰ প্ৰতীক গামোচা পুৰনি কামৰূপ ৰাজ্যৰ ৰজা ভগদত্তই অসমীয়া শিপিনীৰ এই বুতা বচা গামোচা খন তৈয়াৰ কৰি উলিয়াৰ পৰা বৰ্তমান এতিয়ালৈকে ব্যৱহাৰ হৈ থকা গামোচাখন ইতিহাসৰ পৰাই এক গৌৰৱজ্জল অধ্যায়। পৰম্পৰাগত ভাৱে গামোচা অসমীয়া সমাজে ব্যৱহাৰ কৰা অৰ্থাৎ গাধোৱাৰ পাছত গা মচিবৰ বাবে ব্যৱহাৰ কৰে যদিও ই অসমীয়া জাতিৰ বাবে সম্ভাৰন সূচক সন্মান আৰু প্ৰেম ভালপোৱাৰ প্ৰতীক হিচাবে পৰিচয় বহন কৰে। এই আপুৰুগীয়া সম্পদ বিধক ব্যৱহাৰিক আৰু বাহ্যিক দিশৰ পৰা বিভিন্ন ভাগত নামাকৰণ কৰা হৈছে। উদাহৰণ স্বৰূপে:- বিহুৱান, উকাঁ গামোচা, তিয়নী গামোচা, গোসাঁইৰ থাপনা গামোচা, অনাকটা গামোচা আৰু দৰা বৰণ গামোচা ইত্যাদি ইত্যাদি।

বিহুৱান গামোচা:-

এই বিহুৱান খন সবাতোকৈ আদৰনীয় আৰু সম্ভাষণ সূচক। বিহুৰ দিনা আপোন আৰু জ্যেষ্ঠ জনক সম্ভাষণ জনাবলৈ গামোচা খনেই শ্ৰেষ্ঠৰ শাৰীত পৰে। এই গামোচা খনত চেনেহ আছে, শ্ৰদ্ধা আছে আৰু আছে সাগৰৰ গভীৰতাৰ দৰে আন্তৰিকতা। প্ৰেমিকাই প্ৰেমিকক দিয়া শ্ৰেষ্ঠ উপহাৰ হিচাবে দিবলৈ অধীৰ আগ্ৰহেৰে বহু দিনৰ আগৰ পৰাই শিপিনীয়ে বোৱাৰ প্ৰস্তুতি চলায়। অসমৰ আপুৰুগীয়া প্ৰকৃতি তথা সংস্কৃতিৰ চানেকীৰে গামোচাত ৰঙাসূতাৰে ফুল বাচে তাঁত শালত ৰঙা আঁচেৰে বিহুৱান খনি।

উঁকা গামোচা:-

 

সাধাৰণতে অসমীয়া লোকে গা ধোৱাৰ পিছত গা-মচিবৰ বাবে ব্যৱহাৰ হয়। এই গামোচাত কেঁচা সূতাৰে বোৱা দুয়োপাৰিত ৰঙা, সেউজীয়া সূতা ব্যৱহাৰ হয় ই অতি প্ৰয়োজনীয় আৰু প্ৰচলিত অসমীয়া সমাজত বহুল ভাৱে উপযোগী।

তিয়নী গামোচ:-

এই গামোচা মজলীয়া কেঁচা সূতাৰে তৈয়াৰ কৰা হয়। মুটা সূতা প্ৰয়োগ কৰা আৰু আঠুৰ ওপৰত পৰা এই গামোচাখন সাধাৰণতে নামনি অসমত বহুল ভাৱে প্ৰচলিত। তেওঁলোকে ঘৰতে পৰিধান কৰে আৰু গা-ধোৱাৰ সময়ত পিন্ধে বাবে তিয়নী গামোচা বুলি জনাজাত।

গোঁসাই থাপনাৰ গামোচা:-

এই গামোচাখন গোঁসাই থাপনাত ব্যৱহাৰ উপযোগী ৰঙা সূতা, সেউজীয়া সূতাৰে ধৰ্মীয় নানা চিহ্ন চানেকীৰে বৈ উলিওৱা গামোচা খনক লৈ শিপিনীৰ বাবে সৌভাগ্য ও গৌৰাম্বিতও।

অনাকটা গামোচা:-

এই গামোচাখন নামনি অসমতে বহুল ভাৱে প্ৰচলিত। এৰাতিতে বৈ উলিওৱা গামোচাখনৰ বৈশিষ্ট হৈছে বিয়াৰ দিনা ধৰ্মীয় কাম কৰোতে দৰাই গাত লৈ থাকিলে বিবাহ কাৰ্য্যত কোনো ধৰণৰ অপায় অমঙ্গলৰ সন্মোখীন নহয় বুলি ধাৰণা কৰা হয়।

 

দৰা বৰণ গামোচা:-

 

অসমীয়া জীয়ৰী বোৱাৰীয়ে অতি হেপাহেৰে বৈ উলিওৱা দৰা বৰণৰ গামোচাখন পৰম্পৰাগত ভাৱে বিবাহৰ দিনা ব্যৱহাৰ হয়।

অসমীয়া জাতিৰ গামোচাখন যে কেৱল অসমীয়াই ব্যৱহাৰ কৰে এনে নহয় অনা অসমীয়াইও ইয়াক আগ্ৰহেৰে গ্ৰহণ কৰে। অতীজৰে পৰা গামোচাখন ব্যৱসায় দিশত লাভৱান যদিও বাহিৰৰ পৰা বহিৰাগত ব্যৱসায়ী সকলে গামোচাখন বিকৃত কৰি ঠেক চুটি হিচাবে তৈয়াৰ কৰি আন্তৰাষ্ট্ৰীয় বজাৰৰ দখলত প্ৰাচীৰ হৈ থিয় দিছে। অলপতে খবৰ উলাইছিল যে গামোচা বাহিৰৰ পৰা অহাটো বন্ধ হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিচতো কাৰ্য্যক্ষেত্ৰতো হোৱা হ’লে অসমৰ শিপিনীৰ বাবে সু-খবৰ হ’লহেতেন। কিন্তু অসমৰ এই বস্ত্ৰশিল্পক জীয়াই ৰাখিবলৈ চৰকাৰ, জনগন সকলোৰে সহযোগিতাৰ প্ৰয়োজন নহলে এই সম্পদো বিলুপ্তী হ’বলৈ বেছিদিন নালাগিব।

লেখিকা:কল্পনা ৰাজকুমাৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate