অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অগৰুৰ ব্যৱহাৰ

অগৰুৰ ব্যৱহাৰ

অগৰুৰ বাবে অসম প্ৰখ্যাত। মধ্য অসম আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ কুলত প্ৰচুৰ পৰিমাণে অগৰু গছ থকাৰ সংবাদ ইতিহাসত পোৱা যায়। ইয়াৰ আন নাম সাঁচিগছ। এই গছ বেছ ডাঙৰ-দীঘল হয়। ব্যক্তিগত, সামাজিক আৰু ধৰ্মীয় জীৱনত অগৰুৰ ব্যৱহাৰ অতি তাৎপৰ্যপূৰ্ণ। প্ৰাগজ্যোতিষ বিজয়ৰ পিছত মধ্যম পাণ্ডৱ ভীমসেনে এই ৰাজ্যৰপৰা অগৰু সংগ্ৰহ কৰাৰ কথা পোৱা যায় – মহাভাৰতৰ সভা পৰ্বত। পাণ্ডৱসকলে ৰাজসূয় যজ্ঞ কৰা কালত প্ৰাগজ্যোতিষপুৰৰ পৰা অসামান্য মণি-মুক্তা আৰু স্বৰ্ণ-ৰৌপ্যৰ লগতে লাভ কৰিছিল – সুগন্ধিযুক্ত অগৰু। কালিদাসৰ ৰঘুবংশৰ ৰঘু কামৰূপলৈ আহোঁতে কালা গুৰুদ্ৰুমত(অগৰু) তেওঁৰ হাতী বন্ধাৰ কথা বিবৃত হৈছে। কৌটিল্যৰ অৰ্থশাস্ত্ৰতো উল্লেখ আছে – কামৰূপ ক্ষেত্ৰত অন্যান্য মূল্যৱান গছৰ লগতে পোৱা যায় অগৰু গছ। কুমাৰ ভাস্কৰবৰ্মাই হৰ্ষ শিলাদিত্যলৈ আন আন উপঢৌকনৰ লগতে পঠিয়াইছিল – কৃষ্ণগুৰু তৈল(অগৰু তেল)। কাশ্মীৰৰাজ মুক্তাপীড় ললিতাদিত্যই প্ৰাগজ্যোতিষপুৰ আক্ৰমণ কৰা কালত প্ৰজ্জ্বলিত কৃষ্ণগুৰু বনৰপৰা ধূপ-ধূমা নিৰ্গত হোৱা দেখিবলৈ পোৱাৰ উজ্জ্বল বৰ্ণনা লিপিবদ্ধ হৈছে – ৰাজতৰংগিনীৰ চতুৰ্থ তৰংগত। আইন-ই-আকবৰীৰ দ্বিতীয় খণ্ডত আছে – কামেৰুণৰ(কামৰূপ) পৰ্বতমালাত পোৱা প্ৰচুৰ পৰিমাণৰ আগৰ গছ কাটি লোকে তাৰপৰা অগৰু তেল উলিয়ায়। খৰালি কালত এই কাম আৰম্ভ হয়। অগৰু তেল প্ৰসাধন সামগ্ৰী। আগৰ গছৰ টুকুৰা গুৰি কৰি উলিওৱা চূৰ্ণ ধূপ প্ৰস্তুত কৰা কামত বহুলভাৱে প্ৰয়োগ কৰা হৈছিল। পুৰণি অসমত তুলাপাতৰ ব্যৱহাৰৰ পূৰ্বে পুথি-পাঁজি লিখা হৈছিল আগৰ বা সাঁচিগছৰ ছালৰপৰা প্ৰস্তুত কৰা সাঁচিপাতত। অসমৰ বাহিৰে ভাৰতৰ কোনো ঠাইতে সাঁচিপাতত লেখাৰ নজিৰ নাই। দাক্ষিণাত্যৰ চন্দনৰ যি গুৰুত্ব, পূৰ্ব ভাৰতৰ অসমতো অগৰুৰ সেই একেই গুৰুত্ব।

লিখক: ড০ নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate