অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অঙ্কীয়া নাট: এক পৰিচয়মূলক টোকা

অঙ্কীয়া নাট: এক পৰিচয়মূলক টোকা

খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ দ্বিতীয়ভাগত, অসমৰ বৈষ্ণ‌ৱ আন্দোলনৰ কাণ্ডাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদে‌ৱৰ দ্বাৰা প্ৰ‌ৱৰ্তিত ধৰ্মীয় তথা জনপ্ৰিয় মণোৰঞ্জণৰ মাধ্যম অংকীয়া ভাওনাই হ’ল অসমীয়া নাট্য ইতিহাসৰ প্ৰথম নিদৰ্শণ । তাৰ আগতে প্ৰাচীন কামৰূপৰ কোনো কোনো বিদ্যোৎসাহী আৰু কলাপ্ৰেমী ৰজাৰ ৰাজসভাত নৃত্য, গীত, অভিনয়ৰ অনুশীলন হৈছিল বুলি জনা যায় যদিও সেইসমূহৰ কোনো নিদৰ্শণ পো‌ৱা নাযায় ।

(অসমীয়া নাট্য সাহিত্য)

বুৎপত্তিগত অৰ্থৰ ফালৰ পৰা চালে দেখা যায় যে অংকীয়া নাটৰ অৰ্থ একাংকিকা নাটক । কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদে‌ৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধ‌ৱদে‌ৱে তেখেতসকলৰ নাটসমূহক “নাট”, “নাটক”,বা “যাত্ৰা” আদি নামেৰেহে অভিহিত কৰিছিল । অংকীয়া নাট শব্দটি তুলনামূলক ভা‌ৱে আধুনিক শব্দ । নাট বুজো‌ৱা শব্দ ‘অংক’ ৰ লগত ‘ঈয়া’ প্ৰত্যয় লগলগাই পিছৰ কালৰ বৈষ্ণ‌ৱ সমাজে এই শব্দক বিশেষণ ৰূপত ব্য‌ৱহাৰ কৰিবলৈ লয়(অসমীয়া নাট্য সাহিত্য)। এই শব্দ সৰ্বপ্ৰথমে ব্য‌ৱহৃত হয় গুৰুদুজনাৰ অন্যতম শিষ্য দৈতাৰি ঠাকুৰ আৰু ৰামচৰণ ঠাকুৰৰ দ্বাৰা ৰচিত চৰিতপুথিত(Ankiyanat : A Tradition of pride)। গুৰুদুজনাৰ দ্বাৰা ৰচিত নাট সমূহৰ লিখিত পাঠক অংকীয়া নাট আৰু সেই পাঠসমূহৰ নাট্য প্ৰদৰ্শনক অংকীয়া ভাওনা বা ভা‌ৱনা বুলি কো‌ৱা হয় । ‘অংকীয়া’ শব্দৰ ব্য‌ৱহাৰ সম্পৰ্কে ভিন্ন জনে ভিন্ন মত পোষণ কৰা দেখা যায় ।

সংস্কৃত নাট্যশাস্ত্ৰত অঙ্ক শব্দৰ অৰ্থ হ’ল চিহ্ন , অৰ্থাৎ নাটকীয় কাহিনীৰ স্তৰ চিহ্নিত কৰা বিভাগ(an Act) । গতিকে এই অঙ্ক শব্দৰ পৰাই অংকীয়া শব্দৰ সৃষ্টি হৈছে বুলি মত পোষণ কৰে কোনো কোনো পণ্ডিতে । তেওঁলোকে কয় যে ‘ অঙ্ক মাত্ৰ যাৰ আছে, সেয়ে অঙ্কীয়া’ ।

নাট্যশাস্ত্ৰত দহ প্ৰকাৰৰ নাটক বা ৰূপকৰ উল্লেখ আৰু বি‌ৱৰণ আছে । সেয়া হ’ল – নাটক, প্ৰকৰণ, সম‌ৱকাৰ, ঈহমৃগ, ডিম, ‌ৱ্যয়োগ, অঙ্ক বা উৎসৃষ্টিকাঙ্ক, প্ৰহসণ, ভাণ আৰু ‌ৱিথি ।(The Natyashastra) এই দহৰূপক বা দশৰূপক বা দহ প্ৰকাৰৰ নাটক(ৰূপক)ৰ অন্তৰ্গত অঙ্ক বা উৎসৃষ্টিকাঙ্ক নামৰ ৰূপক বিধৰ পৰা অঙ্ক আৰু অঙ্কীয়া অভিধাদুটি আহিব পাৰে বুলিও কোনো কোনো পণ্ডিতে ক’ব খোজে । কিন্তু অঙ্কীয়া নাটত মাত্ৰ এটাহে অঙ্ক থকাৰ বাহিৰে অঙ্ক বা উৎসৃষ্টিকাঙ্ক ৰূপক বিধৰ লগত ইয়াৰ আন কোনো অন্তৰংগ সাদৃশ্য বিছাৰি পো‌ৱা নাযায় ।(শঙ্কৰী সাহিত্যৰ সমীক্ষা)

অঙ্কীয়া নাটৰ উৎস সম্পৰ্কত ড* সত্যেন্দ্ৰনাথ শৰ্মা দে‌ৱে তেখেতৰ “ অংকীয়া নাটৰ উৎপত্তি আৰু বৈশিষ্ট” নামৰ প্ৰ‌ৱন্ধত মতপোষণ কৰিছে এইদৰে- “ মহাপুৰুষ দুজনৰ নাটত যি কলা কৌশল আৰু ভাষা প্ৰয়োগ হৈছিল পিছৰ নাট লিখোতাসকলে তাৰপৰা ভালেখিনি ফালৰি কাটি গৈছিল । ব্ৰজা‌ৱলী পৰিহৃত হ’ল, নান্দীশ্লোক, ভটিমা আদিও নোহো‌ৱা হ’ল। গতিকে মহাপুৰুষ দুজনৰ নাট বা সেই সাঁচত ঢলা নাটসমূহক পিছৰ নাটৰ পৰা পৃথক কৰি দেখু‌ৱাবৰ নিমিত্তে ‘অংকীয়া নাট’ বুলিবলৈ ধৰে । ” (অসমীয়া নাট্য সাহিত্য)

আনহাতে, ড* বিৰিঞ্চিকুমাৰ বৰু‌ৱাই, “

আমাৰ ভাওনাত আঙ্গিক অভিনয়ই ঘাই, সেই দেখি ‘অঙ্গ ’ শব্দৰ পৰাই ‘অঙ্ক’ শব্দটো উদ্ভূত হো‌ৱা সম্ভ‌ৱ” বুলি মত পোষণ কৰিছে ।(শঙ্কৰী সাহিত্যৰ সমীক্ষা)

মহাপুৰুষ শ্ৰীমন্ত শংকৰদে‌ৱৰ দ্বাৰা পৰিবেশিত সৰ্বপ্ৰথম নাট বা ভাওনা  আছিল “চিহ্নযাত্ৰা”; এই চিহ্নযাত্ৰা পৰিবেশনৰ বাবে গুৰুজনাই সাত বৈকুণ্ঠৰ চিত্ৰপট অংকণ কৰিছিল । এই কথাকে ভেটি হিচাপে লৈ “সম্তা‌ৱলী” নামৰ চৰিত গ্ৰন্থত অঙ্কীয়া শব্দৰ ব্য‌ৱহাৰ সম্পৰ্কে কো‌ৱা হৈছে এইদৰে – “অঙ্কিত কৰিলা দেখি অঙ্কীয়া যে নাম” । নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামী দে‌ৱে তেখেতৰ “সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা” নামৰ গ্ৰন্থত এই মতক সঙ্গতিপূৰ্ণ বুলি অভিহিত কৰি মতামত আগবঢ়াইছে এনেদৰে—“উক্ত(সন্তা‌ৱলী)পুথিৰ মতে ‘অঙ্কীয়া’ শব্দৰ অৰ্থ হ’ল নাটকত অভিনেতা সকলক ৰং বৰণ সানি প্ৰবেশ কৰো‌ৱা বা বিভিন্ন প্ৰকাৰে চিত্ৰপট আঁকি (পাৰিষদ সকলক চিত্ৰত চিত্ৰিত কৰি দেখু‌ৱাই) চোমুখা সাজি অঙ্কণ কৰি দৰ্শক সকলক দেখুউ‌ৱাৰ কাৰণে ‘অঙ্কীয়া’ নাম পালে । অঙ্কীয়া নাটকৰ মূল উৎস বা ভেটি হ’ল চিহ্নযাত্ৰাঅঙ্ক শব্দটো‌ৱে এই অৰ্থত অঙ্কণ কৰা বুজাইছে । চিহ্নযাত্ৰা কালত যিবিলাক মূখা নিৰ্মাণ কৰা হৈছিল আৰু চিত্ৰত যিবিলাক ব্যক্তিক চিত্ৰিত কৰা হৈছিল, সিয়েই পিছত অঙ্কীয়া নাম পায় আৰু উত্তৰ কালত ৰচিত বাকী “বাৰছো‌ৱা” নাটেও “অঙ্কীয়া নাট” নামেৰে জনাজাত হয় । ” (সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা)

সম্ভ‌ৱত:, ভাৰতৰ বিভিন্ন প্ৰাদেশিক ভাষাত ৰচিত পূৰ্ণাঙ্গ নাটকৰ ভিতৰত অঙ্কীয়া নাটকৰ ঐতিহ্যই সকলোতকৈ পুৰণি । এই অঙ্কীয়া নাট আৰু ভাওনাৰ উত্স বিছাৰিও ভিন্ন জনে ভিন্ন মত প্ৰকাশ কৰিছে । ড* মনোমোহন ঘোষে অঙ্কীয়া নাট ভাওনাক প্ৰাগ্-ঐতিহাসিক যুগত প্ৰচলিত এক শ্ৰেণীৰ নাট্যৰূপৰ নিদৰ্শণ হ’ব পাৰে বুলি অনুমান কৰিছে(শঙ্কৰী সাহিত্যৰ সমীক্ষা) । আনহাতে কোনো কোনো‌ৱে অঙ্কীয়া নাট মধ্যযুগৰ উত্তৰ আৰু দক্ষিণ ভাৰতীয় কিছুমান পৰম্পৰাগত আৰু লোক নৃত্য আৰু নাট্য শৈলীৰ আৰ্হি বা প্ৰেৰণাত সৃষ্ট বুলি ক’ব খোজে । নাৰায়ণ চন্দ্ৰ গোস্বামী দে‌ৱে এই মতৰ প্ৰতি আংশিকভাবে সমৰ্থণ আগবঢ়াই তেখেতৰ “সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা” নামৰ গ্ৰন্থত কৈছে -“গুৰুজনাই কেইবাবিধো উপাদান একত্ৰ কৰি অঙ্কীয়া ভাওনাত সংযোগকৰি দিয়ে । তাৰ ভিতৰত প্ৰধানকৈ চাৰিবিধ উপাদান পৰিষ্কাৰ ভাবে দেখা যায় । সেয়া হ’ল-(১) প্ৰাচীন ভাৰতীয় নাট্যশাস্ত্ৰৰ উপাদান, (২) বিভিন্ন তীৰ্থ ভ্ৰমণ তথা সাংস্কৃতিক অনুস্থানৰ পৰা পো‌ৱা উপাদান,(৩) স্থানীয় প্ৰচলিত পুতলা নাচ বা তত্কালীন সাংস্কৃতিক কাৰ্যক্ৰমৰ উপাদান আৰু (৪) নিজস্ব প্ৰতিভা বিকাশ উপাদান ।” (সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা)

সেইদৰে ড* বিৰিঞ্চি কুমাৰ বৰু‌ৱা দে‌ৱেও অসমীয়া আৰু অনা-অসমীয়া দুয়োবিধ প্ৰভা‌ৱকে স্বীকাৰ কৰি লৈছে আৰু তেখেতৰ “অংকীয়া নাট”ৰ ভূমিকাত মন্তব্য কৰিছে যে কাব্যশাষ্ট্ৰৰ আবৃত্তি, ওজা-পালিৰ সমূহীয়া গায়ন শৈলী আৰু ভাৰতৰ আন আন অঞ্চলত প্ৰচলিত বিভিন্ন দৃষ্টি-আকৰ্ষক (দৃষ্ট্যাকৰ্ষক!) নাট্যানুস্থানে অসমীয়া নাটকৰ পূৰ্ণ বিকাশত অৰিহণা যোগাইছে বুলি ক’ব পাৰি।(শঙ্কৰী সাহিত্যৰ সমীক্ষা)

কিন্তু, বিশিষ্ট পণ্ডিত তথা “অঙ্কা‌ৱলী”ৰ সম্পাদক কালিৰাম মেধি ডাঙৰীয়াই উক্ত গ্ৰন্থৰ পাতনিত অনা-অসমীয়া সকলোধৰণৰ নাট্যানুস্থানৰ প্ৰভা‌ৱ অস্বীকাৰ কৰি একমাত্ৰ স্থানীয় উপাদানৰ পৰা, বিষেশকৈ ওজাপালিৰ প্ৰভা‌ৱত শঙ্কৰদে‌ৱে অঙ্কীয়া নাটৰ সৃষ্টি কৰিলে বুলি মন্তব্য কৰিছে ।(অঙ্কা‌ৱলী)

অঙ্কীয়া নাটৰ উত্স সম্পৰ্কত অধ্যাপক মহিম বৰাই মতপোষণ কৰে যে গো‌ৱালপাৰা অঞ্চলত প্ৰচলিত ভাৰীগান, কুশানগান, গো‌ৱালিনী-যাত্ৰা আদিয়েও অঙ্কীয়া নাটৰ সৃষ্টিত অৰিহণা যোগাইছে । অবশ্যে এইবিলাকৰ প্ৰাচীনতা সম্পৰ্কে সন্দেহৰ অ‌ৱকাশ আছে ।তদুপৰি এইসমূহত নাটকীয় উপাদানো তেনেই নগণ্য । (শঙ্কৰী সাহিত্যৰ সমীক্ষা)

ড* সত্যেন্দ্ৰনাথ শৰ্মা দে‌ৱে তেখেতৰ ‘‘অসমীয়া নাট্য সাহিত্য’’ নামৰ পুথিখনিত মধ্যযুগীয় ভাৰতীয় কিছুমান নাট্যধৰ্মী অনুষ্ঠানৰ লগত অঙ্কীয়া ভাওনাৰ কিছুমান সম্ভবপৰ সাদৃশ্যৰ কথা উল্লেখ কৰি প্ৰভা‌ৱশালী উপাদান হিচাপে ‘পুতলা নাচ’ আৰু ‘ওজা-পালি’ৰ ওপৰতেই গুৰুত্ব আৰোপ কৰিছে । আৰু লগতে কেৰেলাৰ ‘কুট্টু’ আৰু সিংহলৰ ‘কোল নাটম’ৰ প্ৰভা‌ৱৰ কথাও দাঙি ধৰিছে ।(অসমীয়া নাট্য সাহিত্য) । পৰবৰ্তী কালত প্ৰকাশিত আন এক প্ৰবন্ধত তেখেতে ‘মহানাটক’, ‘গীত-গোবিন্দ’, ‘শ্ৰীকৃষ্ণ কীৰ্তণ’, চৈতন্যদে‌ৱৰ ‘অঙ্কবন্ধন’, ‘মৈথিলী’ আৰু ‘মৈথিলী নে‌ৱাৰী নাটক’ আদিৰ প্ৰসঙ্গ উল্লেখ কৰিছে যদিও কোনো স্থিৰ সিদ্ধান্তত উপনীত হ’ব পৰা নাই ।(শঙ্কৰী সংস্কৃতিৰ অধ্যয়ন)

ড* জগদীশ চন্দ্ৰ মাথুৰে নাট্যশাস্ত্ৰ, সাহিত্য দৰ্পণ আদিতো উল্লেখ নথকা ‘সঙ্গীতক’ নামৰ এক অখ্যাত নাট্য পৰম্পৰাৰ প্ৰভা‌ৱ অঙ্কীয়া নাটকত পৰিব পাৰে বুলি অনুমান কৰিছে ।  ড* কৃষ্ণনাৰায়ণ প্ৰসাদ মাগধেও তেখেতৰ “শংকৰদে‌ৱ : সাহিত্যকাৰ ঔৰ ‌ৱিচাৰক” নামৰ গ্ৰন্থত এই মতৰ প্ৰতি সমৰ্থণ আগবঢ়াইছে ।(শঙ্কৰী সাহিত্যৰ সমীক্ষা / পৰম্পৰাশীল নাট্য )

আনহাতে বৈষ্ণ‌ৱ পণ্ডিত বদন চন্দ্ৰ শইকীয়া ডাঙৰীয়াই বাকী সকলোধৰণৰ প্ৰভাব অস্বীকাৰ কৰি কে‌ৱল নাট্যশাস্ত্ৰ আৰু সংস্কৃত নাট্য পৰম্পৰাই অঙ্কীয়া নাটৰ বিকাশত অৰিহণা যোগো‌ৱা একমাত্ৰ  প্ৰভাবী উপাদান বুলি ক’ব খোজে । শইকীয়া ডাঙৰীয়াই তেখেতৰ “অঙ্কীয়া নাটৰ উৎস বিচাৰ” নামৰ প্ৰবন্ধত এই বিষয়ে নিজৰ মত প্ৰকাশ কৰিছে এইদৰে –“হাজাৰ বছৰীয়া সংস্কৃত নাটকৰ ঐতিহ্য বিদ্যমান থাকোতে অঙ্কীয়া নাটৰ উৎস পুতলা নাচ বা কাব্যশাষ্ট্ৰ আবৃত্তিৰ মাজত বিচাৰিবলৈ যো‌ৱাটো চকু থাকি খালত পৰাৰ নিছিনা কথা ।” (শঙ্কৰী সাহিত্যৰ সমীক্ষা) তেখেতে লগতে এই কথাও ব্যক্ত কৰে যে মধ্যযুগীয় ভাৰতীয় বিভিন্ন পৰম্পৰাগত নাট্য শৈলীৰ মাজত যি সাদৃশ্য বা মিল দেখা যায় সেয়া এটা শৈলীয়ে আনটোৰ পৰা উপাদান ধাৰ কৰাৰ বাবে নহয় বৰং একেখন নাট্যশাস্ত্ৰকে,বহুদিশত,মানি চলাৰ বাবেহে দেখা যায়।

বিজ্ঞ সমাজত সততে এই কথা আলোচনা হয় বা অনুমান কৰা হয় যে অঙ্কীয়া নাটৰ সূত্ৰধাৰজন অসমত পূৰ্বৰে পৰা প্ৰচলিত ‘ওজাপালি’ অনুষ্ঠানৰ ‘ওজা’ জনৰে এক পৰিকল্পিত, পৰিসংস্কৰিত আৰু বিকশিত ৰূপ ।  কিন্তু আন এক ধাৰণা মতে অঙ্কীয়া নাটৰ সূত্ৰধাৰজনক গুৰুত্বপূৰ্ণ ভুমিকাত অবতীৰ্ণ কৰো‌ৱাৰ আঁৰত ওজাৰ প্ৰভাবতকৈ অবস্থা আৰু প্ৰয়োজনহে বেছি কাৰ্যকৰী আছিল । এই ধাৰণা পূৰ্বৰ ধাৰণাতকৈ অধিক যুক্তিযুক্ত আৰু প্ৰায়োগিক যেন ভা‌ব হয় । এই সম্পৰ্কত বদন চন্দ্ৰ শইকীয়া দে‌ৱে তেখেতৰ যুক্তি আগবঢ়াইছে এইদৰে –“ শঙ্কৰদে‌ৱে নাট্যকলা সৃষ্টি কৰি প্ৰাথমিক অভিনয়ত নিজেই নাটৰ সকলোদিশ পৰিচালনাৰ দ্বায়িত্ব বহন কৰিবলগীয়াত পৰিছিল । নহ’লে প্ৰশিক্ষণপ্ৰাপ্ত হ’লেও অনভিজ্ঞ সহযোগীসকলে অভিনয়ত পদে পদে বিভ্ৰাট ঘটো‌ৱাৰ সম্ভা‌ৱনা । সেইবাবেই সূত্ৰধাৰ চৰিত্ৰটো এনেভাবে গঢ় দিব লগা হৈছিল যাতে অভিনয়ৰ আদিৰ পৰা অন্তলৈকে উপস্থিত থাকি তাক সুচাৰুৰূপে পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰিব পাৰে । প্ৰথম অভিনয়ত সূত্ৰধাৰৰ ভূমিকাত এজন দায়িত্বশীল অভিজ্ঞ ব্যক্তিৰ উপযোগিতা প্ৰতিপন্ন হো‌ৱাত পৰবৰ্তী নাটবোৰতো তাৰ অন্যথা নকৰিলে ।… … গতিকে অঙ্কীয়া নাটৰ সূত্ৰধাৰ সংস্কৃত নাটকৰ সূত্ৰধাৰৰ ভেটিত দেশ-কাল-পাত্ৰৰ প্ৰয়োজন সাপেক্ষে শঙ্কৰদে‌ৱৰ এক মৌলিক সুসৃষ্টি ।” (শঙ্কৰী সাহিত্যৰ সমীক্ষা)

অঙ্কীয়া নাটৰ বিকাশৰ ক্ষেত্ৰত নাট্যশাস্ত্ৰৰ প্ৰভা‌ৱ সুস্পষ্ট ভাবে দেখা যায় । অঙ্কীয়া ভাওনাত সূত্ৰধাৰৰ উপৰিও ‘পূৰ্বৰঙ্গ’(আমাৰ ‘ধেমালি’), ‘নান্দী’, ‘প্ৰৰোচনা’, ‘প্ৰস্তা‌ৱনা’, ‘ভৰত বাক্য’ৰ অনুৰূপ ‘মুক্তি-মঙ্গল ভটিমা’ আদি বিভিন্ন দিশত নাট্যশাস্ত্ৰৰ নীতি-নিয়ম বহুপৰিমাণে মানি চলা হয় । অঙ্কীয়া নাটত এটাই মাত্ৰ অংক থাকিলেও তাত নাট্যশাস্ত্ৰত বৰ্ণিত ‘অ‌ৱস্থা’(নাটকীয় ঘটনাৰ স্তৰ), ‘সন্ধি’(বিভিন্ন নাটকীয় ঘটনা বা পৰিস্থিতিৰ সংযোজক)আৰু ‘অঙ্ক’ বিভাজনৰ সম্পূৰ্ণ অ‌ৱকাশ আছে । ভক্তিৰস প্ৰধান হ’লেও নাটসমূহত নাট্যশাস্ত্ৰৰ ‘ন‌ৱৰস’ৰ সকলোবোৰ ৰসেই কম বেছি পৰিমানে আছে । সেইদৰে, অঙ্কীয়া নাটৰ নায়ক নায়িকাও সংস্কৃত নাট্য-তত্বত আলোচিত ‘নায়ক-ভেদ’ আৰু ‘নায়িকা-ভেদ’ (নায়ক আৰু নায়িকাৰ শ্ৰেণী বিচাৰ) ৰ বিভিন্ন ভাগ-বিভাগৰ ভিতৰতে পৰে । অভিনয়ৰ ক্ষত্ৰতো আঙ্গিক,‌ৱাচিক,সাত্বিক আৰু আহাৰ্য এই চাৰিওবিধ অভিনয়ৰে উপাদান অঙ্কীয়া ভাওনাত বিদ্যমান । অবশ্যে স্থান-কাল-পাত্ৰ আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৰুজনাই বহুক্ষেত্ৰতনাট্যশাস্ত্ৰৰ বিধি-নিষেধো অবাধে ভঙ্গ কৰিছে আৰু যুদ্ধ, শয়ন, ভোজন, মৃত্যু আদি দৃশ্যৰ অ‌ৱতাৰণাও কৰিছে । যি তেখেতৰ মৌলিক প্ৰতিভাৰ স্বাক্ষৰো বহন কৰিছে । তদুপৰি, কো‌ৱা বাহুল্য যে শঙ্কৰদে‌ৱে কোনো ক্ষেত্ৰতে সংস্কৃত নাটকৰ হুবহু অনুকৰণ কৰা নাই ।

গতিকে, এই কথা নিশ্চয় ক’ব পাৰি যে, ভাৰতবৰ্ষৰ নাট্যপৰম্পৰাৰ মূল ভেটি নাট্যশাস্ত্ৰৰ আলমত অগাধ পাণ্ডিত্য আৰু প্ৰতিভাৰ আকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদে‌ৱৰ মৌলিক সৃষ্টিশীল সত্বাৰেই ওপজ অঙ্কীয়া নাট আৰু ভাওনা ।

(*সংলগ্ন ৰুক্মিণী হৰণ ভাওনাৰ আলোছবিৰ বাবে পল্লৱপ্ৰাণ গোস্বামীলৈ কৃতজ্ঞতা)

সহায় লো‌ৱা গ্ৰন্থপঞ্জী:

১)অসমীয়া নাট্য সাহিত্য— সত্যেন্দ্ৰনাথ শৰ্মা

২) অঙ্কা‌ৱলী—(সম্পা:)-কালিৰাম মেধি

৩) সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা—নাৰায়ণ চন্দ্ৰ গোস্বামী

৪) শঙ্কৰী সাহিত্যৰ সমীক্ষা– (সম্পা:)- ভ‌ৱপ্ৰসাদ চলিহা

৫) শঙ্কৰী সংস্কৃতিৰ অধ্যয়ন–(সম্পা:)- ভ‌ৱপ্ৰসাদ চলিহা

৬) পৰম্পৰাশীল নাট্য—জগদীশ চন্দ্ৰ মাথুৰ

৭) The Natyashastra—(Trans. & Ed.)- Dr. Manomohan Ghosh.

৮) Ankiyanat : A Tradition of pride.(Article)–   Dr. Dayananda Pathak

লিখক: মানস প্ৰতীম নেওগ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate