অসম হ’ল ভাৰতৰ পূৰ্বোত্তৰৰ সু-প্ৰাচীন ৰাজ্য প্ৰাগজ্যোতিষপুৰ অথবা কামৰূপৰ নিতান্ত অৰ্বাচীন নাম। নি:সন্দেহে ভাৰতৰ পূবৰ শ্বান বা আহোমসকলৰ অসম আগমনৰ পৰাই ৰাজ্যখনৰ নাম অসম হ’বলৈ আৰম্ভ কৰে। ঘাইকৈ মধ্য যুগৰ কোচ-কমতাৰ ৰজা-ৰাইজ, বংগৰ নবাবসকল আৰু পিছলৈ মোগলসকলেও হয়তো পূবৰ এই ৰাজ্যখনৰ ক্ষেত্ৰত এই নতুন নামটোৰ ব্যৱহাৰ কৰিবলৈ লয়। অৱশ্যে বুৰঞ্জীত এই নাম তেতিয়া অচম, অচমে বুলিহে উল্লেখ আছিল আৰু আজিৰ ‘অসম’ শব্দ তাৰ শেহতীয়া ৰূপান্তৰ। অচম শব্দৰ উৎপত্তি লৈ বিভিন্ন ব্যাখ্যা আছে। ভাষাবিদসকলৰ মতে আহোম ভাষাত ‘চাম’ ধাতুৱে পৰাজিত কৰা বা হোৱা বুজায়। গতিকে তাৰ আগত নোহোৱা অৰ্থত অসমীয়া আদি বৰ্ণ ‘অ’ যোগ হৈ ‘অচাম’ বা ‘অচম’ শব্দই পৰাজিত নোহোৱা বা অপৰাজিত অৰ্থকে সূচাইছে। কিছুমানে আকৌ অসম শব্দৰে ‘আনৰ সমান নহয় অৰ্থাৎ অসমান’ অৰ্থাৎ শ্ৰেষ্ঠ এই অৰ্থ বুজোৱা বুলি ক’বলৈ বিচাৰে। ৱাডেন পাৱেল নামৰ এগৰাকী পণ্ডিতে আকৌ অচম শব্দটোৰ মূল বিচাৰি বড়ো ভাষাৰ হা-চম (নামনি ভূ-ভাগ বা সমভূমি) শব্দৰ ওচৰ চাপিছে। যিয়েই নহওক অচম শব্দই বৃটিছ যুগত আৰু বৰ্তমানতো ভাষা-সাহিত্যৰ ক্ৰম-বিৱৰ্তনৰ যুগত তাৰ বানাব আৰু ৰূপৰ ক্ষেত্ৰত ভালেখিনি সাল-সলনি হৈ এতিয়া অসম ৰূপকেই পৰিগ্ৰহ কৰিছে আৰু ইয়াৰপৰাই আজিৰ অসমীয়া আদি ৰূপৰো জন্ম দিছে আৰু এই ‘অসম’, ‘অসমীয়া’ আদি ৰূপেৰে ভাৰতৰ পূব প্ৰান্তৰ এই ঠাইখনক বুজোৱাৰ উপৰি ইয়াৰ বাসিন্দা আৰু ভাষা-সাহিত্য-সংস্কৃতি আদিৰো স্বকীয় স্বৰূপৰ কথা সূচাইছে। অৱশ্যে অসমে আজি আৰু আগৰ দৰে ভাৰতৰ সমগ্ৰ পূৰ্বোত্তৰকে নুবুজাই লৌহিত্যৰ তীৰৱৰ্তী সমভূমি অঞ্চল সূচোৱা ৰাজ্য ক্ষেত্ৰ এখনতহে তাৰ পৰিসৰ সীমিত কৰি ৰাখিছে। একালৰ অসম বা বৰ অসম আজি কেইবাখনো ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যলৈ ৰূপান্তৰিত হৈছে। ৰাজনৈতিক ভাবে বিচ্ছিন্ন হৈ পৰিছে যদিও, সাংস্কৃতিক বা অৰ্থনৈতিক ভাৱে ইবোৰৰ ভাগ্য বা দুৰ্ভাগ্য একেডালি নেদেখা এনাজৰীৰেই আজিও সাঙোৰ খাই আছে।
লিখক: সুশীল শৰ্মা, অসমীয়া সংস্কৃতিৰ কণিকা।
শেহতীয়া উন্নীতকৰণ: : 3/14/2020
অ-সম অসম
অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান...
অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ
অমৰাৰো আছে ভাল গুণ