অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমীয়া খাদ্য প্ৰণালীৰ সম্পৰ্কে কিছু আভাষ

অসমীয়া খাদ্য প্ৰণালীৰ সম্পৰ্কে কিছু আভাষ

অসমৰ বাৰেৰহণীয়া খাদ্য সংস্কৃতিৰ সম্পৰ্কে অৱগত হ’বলৈ হ’লে প্ৰথমেই ক’ব লাগিব যে ইয়াত পাহাৰীয়া শুকান বা আচাৰ কৰা খাদ্যাভাসৰ লগতে সমতলৰ সতেজ উপকৰণ দুয়োটাৰে সমাৱেশ ঘটিছে । ৰাজ্যখনৰ খাদ্য প্ৰণালীত নূন্যতম মছলা, সুগন্ধি গছ-লতিকা, সেউজীয়া শাক, কঠিন মাংসৰ কম আৰু মাছৰ অধিক ব্যৱহাৰ দেখা যায় । লগততে ইয়াৰ খাদ্যসম্ভাৰত চৰাই জাতীয় মাংসৰ প্ৰয়োভৰ, টেঙা উপকৰণৰ বহুল ব্যৱহাৰ আৰু ঔষধি উপকৰণৰ সুলভতা মন কৰিবলগীয়া । অসমৰ মূল খাদ্য ভাতৰ লগত প্ৰায় সকলো খাদ্যই সম্পৰ্কিত । অসমীয়া খাদ্যৰ আৰম্ভণি সাধাৰণতে খাৰ বা শাকৰদ্বাৰা হয় আৰু টেঙা ব্যঞ্জনেৰে শেষ হয় । অসমত খাৰ ভীমকলৰ বাকলি, মধুনা আৰু ধান খেৰ পুৰি উলিওৱা ছাঁইৰপৰা তৈয়াৰ কৰা হয় । ছাঁইখিনি পানীত তিয়াই থলে যিখিনি ৰঙা বৰণৰ পানী ওলাই তাকে খাৰণি বোলে । খাৰণি দি ৰন্ধা খাদ্যৰ ভিতৰত অমিতাৰ খাৰ, শেৱালি ফুলৰ খাৰ, তিতাফুলৰ খাৰ, খাৰ ভাত, দোৰোণ শাকৰ খাৰ উল্লেখযোগ্য । সেইদৰে অসমীয়া লোকে টেঙা আঞ্জাত ব্যৱহাৰ কৰা টেঙাবোৰ হ’ল ঔটেঙা, থেকেৰা , টেঙামৰা, অমৰা, জলফাই, টেঙেচি, মধুসোলেং, খৰিছা, কণবিলা­হী আদি । আজিকালি বৰ বিলাহী, তেতেলী আদিৰ প্ৰয়োগ হোৱাও দেখা যায় । অসমীয়া সমাজত মাছৰ টেঙা আঞ্জা, ঔটেঙা আৰু ঢেকীয়া শাকৰ জোল, কচু শাকৰ টেঙা আঞ্জা, টেঙা দাইল আদি অতিকৈ জনপ্ৰিয় ।

আনহাতে তামোল-পাণ খাই মুখ শুদ্ধি কৰাটো হৈছে অসমীয়া খাদ্য প্ৰণালীৰ এটা পৰিচিত বৈশিষ্ট্য । ইয়াৰ উপৰিও অসমীয়া খাদ্যত খাৰ ব্যৱহাৰৰ প্ৰচলন এক প্ৰাচীন পৰম্পৰা । এসময়ত অসমীয়া মানুহে নিমখ সহজতে পাবলৈ নোহোৱা বাবে ইয়াক খাদ্যত বহুলভাৱে ব্যৱহাৰ কৰিছিল । সেইবাবে অসমীয়া সমাজত আজিও খাৰ খোৱা অসমীয়া যোজনাটো সৰ্বজনবিদিত । এই খাদ্যবিলাক সুস্বাদু হোৱাৰ লগতে গুণাগুণৰ দিশৰপৰাও স্বাস্থ্যসন্মত । কিন্তু অসমৰ খাদ্যসম্ভাৰে এতিয়াও পৃথিৱীৰ জনসমাজত সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই । এইক্ষেত্ৰত চৰকাৰী পৃষ্টপোষকতাৰ লগতে ব্যক্তিগত প্ৰচেষ্টা আৰু স্বেচ্ছাসেৱী সংগঠনসমূহ আগবাঢ়ি আহি শক্তিশালী পদক্ষেপ হাতত ল’লে নিশ্চয় অসমীয়া খাদ্যই জগত জিনিব পৰাৰ সম্ভাৱনা প্ৰৱল ।

ৰিদিপ ৰঞ্জন চেতিয়া

শেহতীয়া উন্নীতকৰণ: : 4/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate