অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমীয়া থলুৱা চাটনি

অসমীয়া থলুৱা চাটনি

তিল-নাৰিকল

উপকৰণ

  • নাৰিকল- ১/২ ফাল
  • সামান্য ভজা তিল- ১/২ কাপ
  • বাদাম- ৫ চামুচ
  • তেঁতেলীৰ গুড়ি- ১ চামুচ
  • কেঁচা জলকীয়া- ২/৩ টা
  • নহৰু- ৪/৫ ফুটা
  • নিমখ- প্ৰয়োজন অনুসৰি

প্ৰস্তুত প্ৰণালী

আটাইখিনি উপকৰণ সামান্য পানী দি মিক্সিত মিহিকৈ পেষ্ট বনাই লওক। এটা বাউলত পেষ্টখিনি উলিয়াই ওপৰত সামান্য অলিভ অইল ছটিয়াই পৰিবেশন কৰক।

মাটিকঁঠাল

উপকৰণ

  • মাটিকঁঠাল- ১ কাপ
  • মানধনিয়া- ১ মুঠি
  • নহৰু- ৫/৬ ফুটা
  • কেঁচা জলকীয়া- ২ টা
  • নিমখ- সোৱাদ অনুসৰি

প্ৰস্তুত প্ৰণালী

আটাইখিনি উপকৰণ মিক্সড্‌ কৰি মিহি কৰি লওক। গৰম ভাত অথবা লুচিৰ লগত পৰিবেশন কৰক।

লেখিকা: কৰৱী গগৈ শৰ্মা, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 6/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate