শিঙৰা মাছকেইটা ভাজি ল’ব। কঁঠালগুটি প্ৰেছাৰ কুকাৰত সিজাই ল’ব। থেকেৰাকেই ফুটা ১ কাপ পানীত তিয়াই থ’ব। ঢেঁকীয়া শাক মিহিকৈ কুটি ল’ব। এখন তলি ডাঠ কেৰাহীত ধোঁৱা ওলোৱাকৈ তেল গৰম কৰি মিথিগুটিৰ ফোৰণ মাৰিব। কুটি থোৱা শাক আৰু সিজোৱা কঁঠালগুটি তেলত দি লৰাই দিব। হালধি দিব। কিছু সময় লৰাই গৰমপানী দিব। জোখমতে নিমখ দিব। ভালদৰে উতলিলে মাছকেইটা দিব। থেকেৰাৰ ৰস খিনি ভালদৰে উলিয়াই জোলত দি দিব। পুনৰ কিছুমান উতলি আঞ্জাৰ ৰং উঠি আহিলে কেঁচা জলকীয়া ফালি ওপৰত দি জুই বন্ধ কৰিব। উৎকট গৰমত ভাতৰ সৈতে থেকেৰাৰ জোলে আপোনাৰ শৰীৰ শীতল কৰি তুলিব।
লেখিকা: গীতা শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 6/11/2020
অসমৰ থলুৱা শাক-পাচলিৰ বিষয়ে লিখা হৈছে ।
ঢেঁকীয়া শাকৰ বিষয়ে আলোচনা কৰা হৈছে