অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কণবিলাহীৰ কচু শাক

কণবিলাহীৰ কচু শাক

উপকৰণ

কচুথোৰ-এমুঠি

কণবিলাহী-ডাঙৰ বাটিৰে এবাটি।

মাছ-৬ টুকুৰা।

শুকান জলকীয়া-৩টা।

পাঁচফোৰণ, মিঠাতেল।

নিমখ, হালধি

প্ৰস্তুত প্ৰণালী

কচুথোৰমুঠি চাফাকৈ বাছি প্ৰেছাৰ কুকাৰত তিনি কাপ পানীৰে সৈতে সম্পূৰ্ণ প্ৰেছাৰ উঠাকৈ সিজাই ল’ব। কণবিলাহীৰ গুটি হাতেৰে চেপি চেপি আঁতৰাই ল’ব। মাছ অলপ ভাজি উঠাই ল’ব। কেৰাহীত তেল ভালদৰে গৰম হ’বলৈ দি পাঁচফোৰণ দিব। শুকান জলকীয়া দিব। কণবিলাহীখিনি তাতে বাকি লৰাই দিব। নিমখ, হালধি দি ভালদৰে লৰাব। যেতিয়া বিলাহীখিনি জহি যাব তেতিয়া সিজাই থোৱা কচুশাক তাত ঢালি দিব। কেৰাহীত দিয়াৰ আগতে কচুখিনি ঘুটি ল’ব লাগে। প্ৰয়োজন হ’লে আৰু অলপ গৰম পানী দি ভালদৰে উতল আহিবলৈ দিব। এতিয়া মাছখিনি দি দিব। সুন্দৰকৈ উতলি কচু আৰু কণবিলাহীৰ গোন্ধ ওলাই বিয়পি গ’লে জুই বন্ধ কৰিব। এই তৰকাৰী মাছ নোহোৱাকৈও খাবলৈ সোৱাদ হয়।

উৎস: সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate