অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কলডিল পাতত দিয়া

কলডিল পাতত দিয়া

উপকৰণ

  • একাপ মিহিকৈ কুটা ভীমকলৰ কলডিল,
  • ১ চামোচ মিঠাতেল,
  • ২টা কেঁচা জলকীয়া,
  • ৬/৭ ফুটা নহৰু,
  • ১ খন কলপাত, নিমখ আন্দাজমতে।

প্ৰণালী

কলডিল, (থেতেলিয়াই লোৱা) নহৰু, জলকীয়া, নিমখ, মিঠাতেল কলপাতখনত লৈ ভালদৰে সানি কলপাতখনেৰে মেৰিয়াই ভালদৰে বান্ধি অঙঠাৰ ওপৰত থৈ দিয়ক। জুইৰ সুবিধা নাথাকিলে গেছত তেৱাখনৰ ওপৰত কলপাতৰ মুঠিটো কম উত্তাপত থৈ দিব লাগে। সিজিলে নমাই দুই-তিনি ফুটা সৰিয়হৰ তেল দি ভালদৰে পিটিকি তপত ভাতৰ লগত পৰিবেশন কৰিব পাৰে। কলডিল, এনিমিয়া ৰোগীৰ বাবে অতি উত্তম পথ্য।

উৎস: বিকাশপেডিয়া।

শেহতীয়া উন্নীতকৰণ: : 4/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate