অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কলডিলৰ তৰকাৰী

কলডিলৰ তৰকাৰী

উপকৰণ

  • কলডিল ১ টা।
  • কেঁচা জলকীয়া ৫ টা।
  • পিঁয়াজ ২ টা (বটি ল’ব)।
  • আদা-নহৰু বটা চাহ চামুচৰ ২ চামুচ।
  • আলু ২ টা।
  • চেনি চাহ চামুচৰ ১ চামুচ।
  • ইলাচি-ডালচেনি-লং প্ৰত্যেকৰে ২ টা কৈ।
  • ঘিউ চাহ চামুচৰ ১ চামুচ।
  • মিঠাতেল আধা কাপ।
  • ময়দা চাহ চামুচৰ ২ চামুচ।
  • জিৰা-জালুক চাহ চামুচৰ আধা চামুচকৈ।
  • মচুৰ বা মগু দাইল টেবুল চামুচৰ ১ চামুচ।
  • আন্দাজমতে নিমখ-হালধি।

প্ৰণালী

কলডিলৰ ওপৰৰ বাকলিকেইটা গুচাই ল’ব। ভিতৰৰ কোমলখিনি মিহিকৈ কুটি নিমখ পানীত তিয়াই থ’ব। আলু দুটা টুকুৰাকৈ কাটিব। আদা-নহৰু আৰু জিৰা-জালুক বেলেগে বেলেগে বটি ল’ব। পিঁয়াজটো মিহিকৈ কুটিব। দাইলকেইটা পানীত তিয়াই ল’ব। কেৰাহিত তেল গৰম কৰি পিঁয়াজখিনি আৰু আদা-নহৰু বটা দিয়ক। ভালকৈ লৰাই দাইল আৰু পাচলিখিনি দিয়ক। নিমখ-হালধি দি ভালকৈ লৰাওক আৰু জিৰা-জালুক বটাকণ দিয়ক। মধ্যমীয়া জুইত ঢাকোন বন্ধ কৰি ৰাখিব আৰু মাজে মাজে লৰাই দিব। ভালকৈ ভজা ভজা হ’লে একাপমান গৰম পানী দি সিজিবলৈ দিব। আলু-কলডিল সিজি থপথপীয়া হ’লে গৰম মচলা আৰু ঘিউ দি নমাব।

উৎস: নিয়মীয়া বাৰ্তা।

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate