অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাঠফুলাৰ সংৰক্ষণ আৰু ব্যঞ্জন প্ৰস্তুত পদ্ধতি

কাঠফুলাৰ সংৰক্ষণ আৰু ব্যঞ্জন প্ৰস্তুত পদ্ধতি

অধিক মাত্ৰাত প্ৰটিন যুক্ত আৰু নানা ওষধি গুণ বিশিষ্ট কাঠফুলাৰ জীৱনকাল অতি চুটি৷ সতেজ কাঠফুলাত যথেষ্ট পানী থাকে৷ পুষ্টিতত্ব সম্পূৰ্ণকৈ পাবলৈ হ’লে, চপোওৱাৰ লগে লগে ইয়াক ব্যৱহাৰ কৰিব লাগে৷ অন্যথা সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে৷ কাঠফুলাৰ সংৰক্ষণ দুই ধৰণৰ হ’ব পাৰে৷

(ক) কমদিনিয়া সংৰক্ষণঃ- শীতকালত কাগজৰ ঠোঙাত কাঠফুলা ভৰাই তিনিদিনলৈকে সংৰক্ষণ কৰিব পাৰি৷ অৱশ্যে গৰমকালি এনেদৰে ১২ ঘন্টা মানলৈকেহে সংৰক্ষণ কৰিব পাৰি৷ ৰেফ্ৰিজাৰেটৰত সতেজ কাঠফুলাক প্ৰায় এপষেক পৰ্যন্ত সংৰক্ষণ কৰিব পাৰি৷ ইয়াৰোপৰি, প্ৰতি লিটাৰ পানীত ১০০- ১৫০ গ্ৰাম নিমখ মিহলাই, এনে দ্ৰৱনত কাঠফুলা ডুবাই ৰাখি এসপ্তাহ পৰ্যন্ত সংৰক্ষণ কৰিব পাৰি৷

(খ) দীৰ্ঘদিনিয়া সংৰক্ষণঃ- কাঠফুলাৰ ঠাৰি কাটি টান ৰ’দত ২-৩ দিন শুকুৱাই মচমচিয়া কৰি ১০০ গজ পলিথিনৰ বেগত ২৫-৫০ গ্ৰামকৈ ভৰাই বায়ুৰুদ্ধকৈ বান্ধি ৫-৬ মাহলৈকে সংৰক্ষণ কৰিব পাৰি৷ অৱশ্যে, শুকুবা যন্ত্ৰ থাকিলে, বতৰলৈ অপেক্ষা নকৰি ৬ – ৮ ঘন্টাৰ ভিতৰত শুকুৱাব পাৰি৷ কাঠফুলাক ৮০- ৮৫ ডিগ্ৰী ছেন্টগ্ৰেড উষ্ণতাৰ পানীত ১.৫ – ২ মিনিট সময় জুবুৰিয়াই, টোপোলা খুলি এখন চালনিত মেলি ৰ’দত বা ড্ৰয়াৰত দি শুকুওৱাব লাগে, এই পদ্ধতিক ব্লেঞ্চিং বোলা হয়৷

কাঠফুলাৰে তৈয়াৰী খাদ্য

(১) কাঠফুলাৰ আঞ্জা

কাঠফুলা ২০০ গ্ৰাম, হালধী আধা চামুচ, পিঁয়াজ দুটা, জিৰা আধা চামুচ, নহৰু ৬ কোহ, দৈ বা গাখীৰ ১ কাপ, আদা এডোখৰ, ঘিউ এচামুচ, দুটা ডাঙৰ বিলাহী, জলকীয়া আৰু নিমখ আন্দাজমতে৷

কাঠফুলা আৰু বিলাহীখিনি ভালকৈ পৰিষ্কাৰ কৰি টুকুৰা কৰিব৷ পিঁয়াজ কাটিব, নহৰু আৰু আদা বটি ল’ব৷ ঘিউখিনি গৰম কৰি তাত জিৰাখিনি দি ভালদৰে ফুটিবলৈ দিব৷ বিলাহীখিনি দি কম জুইত সিঁজিবলৈ দিয়ক৷ দৈ বা গাখীৰখিনি মিহলাওক৷ অলপ ভাঁজি লোৱা কাঠফুলা দি কম জুইত ৰান্ধি গৰমে গৰমে পৰিবেশন কৰক৷

(২) কাঠফুলা পকোৰা

ঠাৰিবিহীন কাঠফুলা ২৫০ গ্ৰাম, কনী দুটা, বেচন ১০০ গ্ৰাম, বেকিং পাউডাৰ এচামুচ, নিমখ আৰু ৰঙা জলকীয়াৰ গুড়ি আন্দাজ মতে, পাওৰুটি এটা আৰু তেল প্ৰয়োজন অনুসৰি৷ কনী দুটা ভাজি তাত বেচন, বেকিং পাউডাৰ, জলকীয়াৰ গুড়ি মিহলাই ঘোল তৈয়াৰ কৰক৷ প্ৰয়োজনত পানী মিহলাওক৷ কাঠফুলা ঘোলত মিহলাই পাওৰুটিত পকাই লৈ গৰম তেলত বাদামী ৰঙৰ হোৱাকৈ ভাজক আৰু গৰমে গৰমে পৰিবেশন কৰক৷

কাঠফুলা ভোজীয়ে মন দিব লগীয়া কেইটামান কথা

বৈজ্ঞানিক পদ্ধতিৰে অনুমোদিত কাঠফুলাহে ভক্ষণ কৰিব লাগে৷ অভিজ্ঞ ব্যক্তিয়ে বাচি দিয়া প্ৰাকৃতিক কাঠফুলাহে ভক্ষণ কৰা উচিত৷ কাঠফুলাৰ লগত মদ্যপান কৰা অনুচিত ৷ লগতে এটা কথা মন কৰিব যে,- ৰঙালাও আৰু উৰহীৰ লগত কাঠফুলা খালে অজীৰ্ণ হৈ বিষক্ৰিয়া হ’ব পাৰে৷

ৰুদ্র নাৰায়ণ বৰকাকতি, পতংগতত্ব বিশেষজ্ঞ,অসম কৃষি বিশ্ববিদ্যালয়

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate