আম দুটা বাকলিৰ সৈতে চাফাকৈ ধুই ল’ব। এটা ছচপেনত আম দুটা ডুব যোৱাকৈ পানী দি মজলীয়া জুইত আমকেইটা কোমল হোৱাকৈ সিজাই ল’ব। পানীৰ পৰা উলিয়াই আমকেইটা ঠাণ্ডা হ’বলৈ দিব। ঠাণ্ডা হ’লে বাকলি এৰুৱাই ভিতৰৰ শাহখিনি উলিয়াই ল’ব। এতিয়া চেনি, ক’লা নিমখ, আদাৰ গুড়ি আৰু জিৰা গুড়ি আমৰ কোমল শাহখিনিত মিহলাই ভালদৰে লৰাই থাকক। সকলো বস্তু ভালদৰে মিহলি হৈ কোমল মণ্ড হৈ গ’লে এটা ছচপেনত ৪-৫ কাপ পানী লৈ এই মিশ্ৰণটো ঢালি দিব। ডাঙৰ চামুচ বা হেতাৰে ভালদৰে লৰাই সকলো বস্তু মিহলাই ল’ব। দুই ঘন্টামান এইখিনি ফ্ৰিজত ৰাখিব। পৰিৱেশনৰ সময়ত ৬ টা সমান গিলাচত এইখিনি সমানে বাকিব আৰু গ্ৰীষ্মৰ উত্তাপত এইবিধ শীতল পানীয়ৰ সোৱাদ ল’ব।
উৎস: সম্ভাৰ।
শেহতীয়া উন্নীতকৰণ: : 5/21/2020
কেঁচা আম (Magnifera Indica) সুস্বাস্থ্যৰ বাবে ভৰপূ...
তৰমুজৰ শীতল পানীয়