অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খুতৰা শাক ঔ টেঙাৰে সৰু মাছৰ টেঙা

খুতৰা শাক ঔ টেঙাৰে সৰু মাছৰ টেঙা

উপকৰণ

  • খুতৰা শাক – ১ মুঠি
  • আলু – ২ টা বা ৩ টা
  • যিকোনো জীয়া মাছ – আন্দাজমতে
  • সৰুকৈ কটা ঔ টেঙা – ৩ বা ৪ টুকুৰা
  • নিমখ, হালধি,
  • পাঁচফোৰণ, মিঠাতেল – আন্দাজমতে

প্ৰস্তুতি

খুতৰা শাকমুঠি ভালদৰে বাছি- ধুই মিহিকৈ কুটি ল’ব। আলুকেইটা সিজাই পিটিকি ল’ব(নিসিজাকৈ মিহিকৈ কাটি ল’বও পাৰে)। সৰু মাছখিনিও বাছি- ধুই নিমখ-হালধি সানি ল’ব। কেৰাহিত তেল গৰম হ’লে প্ৰথমে মাছখিনি ভালদৰে ভাজি কাঢ়ি থ’ব। সেই তেলতে পাঁচফোৰণ কেইটামান ফুটাই দি শাকখিনি, আলু আৰু ঔ টেঙা কেইটুকুৰা দি নিমখ হালধি দি দিব। অলপ ভাজি ঢাকোন মাৰি সিজিবলৈ দিব। শাক সিজিলে পানী দি উতলিবলৈ দিব। ভালদৰে উতলিলে মাছকেইটা দি আকৌ উতলাব। ঔ টেঙা কেইটুকুৰা হেতাৰে অলপ থেতালি দিব। (আঞ্জাত দিয়াৰ আগতে ঔ টেঙা কেইটুকুৰা পটাত অলপ থেতালি ল’বও পাৰে)। অলপমান জোলেৰে সৈতে আঞ্জাখন নমাই থ’ব।

প্ৰস্তুতি: কল্পনা দাস, প্ৰিয় সখী

শেহতীয়া উন্নীতকৰণ: : 5/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate