অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চিমলা জলকীয়া, বিলাহী আৰু আলু ভাজি

চিমলা জলকীয়া, বিলাহী আৰু আলু ভাজি

উপকৰণ

  • মজলীয়া জোখৰ তিনিটা আলু
  • দুশগ্ৰাম চিমলা জলকীয়া
  • দুটা বিলাহী
  • দুচামুচ তেল
  • এটা তেজপাত
  • দুচামুচ জিৰা
  • এচামুচ আজোৱান
  • ডেৰ চামুচ জিৰাগুৰি
  • আধা চামুচ জলকীয়া গুৰি
  • তেল, নিমখ, হালধি জোখমতে।

পদ্ধতি

আলুৰ বাকলি গুচাই সৰু সৰুকৈ কাটি লওক। চিমলা জলকীয়াৰ ভিতৰৰ গুটিবোৰ গুচাই পাতলকৈ চকলিয়াই লওক। বিলাহীকেইটা কুটি লওক।

জুইত কেৰাহী বহাই গৰম হ’লে মিঠাতেল দিয়ক। তেল গৰম হ’লে তেজপাত, জিৰা আৰু আজোৱান তেলত দি অলপ সময় ভাজক। এতিয়া আলুখিনি ঢালি নিমখ দি অলপ সময় ঢাকোন মাৰি থওক। ঢাকোন গুচাই চিমলা জলকীয়া, জিৰাগুৰি, জলকীয়া গুৰি আৰু হালধি দি ভালদৰে লৰাওক। কেইমিনিটমান পিছত বিলাহীখিনি ঢালি দি ভালকৈ লৰাই ঢাকোন মাৰি থওক। সিজিলে নমাই থওক। এই ভাজিত পানী দিয়াৰ প্ৰয়োজন নহয়। তথাপি যদি বেছি শুকাই যায় বা কেৰাহীত লাগি ধৰে তেন্তে আধাকাপ পানী দিব পাৰে।

লেখিকা: ধনদা বৰুৱা।

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate