জিকাৰ গোটে গোটে বাকলি গুচাই ডোখৰ ডোখৰকৈ কাটি ল’ব। এটা চচপেনত জিকাখিনি লৈ তাত একাপমান পানী ঢালক। চাব যাতে পাচলিখিনি ডুব যোৱাৰ জোখৰ পানীহে ঢলা হয়, তাতকৈ বেছি নহয়। এতিয়া সেই পানীত অকণনান নিমখ-হালধি আৰু জলকীয়া গুড়ি দি জুইত তুলি দিয়ক। এতিয়া জিৰা শুকান কেৰাহিত ভাজি খুন্দি লওক। আফুগুটি পানীত তিয়াই কোমলাই নাৰিকল ৰোকাৰে স’তে বটি লওক। এতিয়া পিঁয়াজ বটা, আফুগুটি-নাৰিকল আৰু জিৰাগুড়ি গোটেইখিনি দৈৰ স’তে মিহলাই ভালকৈ ফেটি লওক। চচপেনৰ জিকাখিনিলৈ মন কৰক, যদিহে সিজিছে আৰু পানী কমিছে, তেনেহ’লে এতিয়া দৈৰ মিশ্ৰণটো জিকাৰ ওপৰত ঢালি দিয়ক। ভালকৈ লৰাই অলপ সময় কম জুইত সিজিবলৈ দিয়ক। আন এটা কেৰাহীত তেল গৰম কৰি সৰিয়হ আৰু শুকান জলকীয়াৰ ফোৰণ দি তেলকণ আঞ্জাত ঢালি ভালকৈ লৰাই দিয়ক। ইলাচি গুড়ি অকণমান ছটিয়াই পৰিৱেশন কৰক।
উৎস: নিয়মীয়া বাৰ্তা।
শেহতীয়া উন্নীতকৰণ: : 12/12/2018