অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টেঙেচি-মাটিকাঁদুৰিৰ সৈতে মাছৰ জোল

টেঙেচি-মাটিকাঁদুৰিৰ সৈতে মাছৰ জোল

উপকৰণ

  • পুঠি-শিঙৰাজাতীয় সৰু মাছ বা অন্য যিকোনো মাছ- ৫০০ গ্ৰাম
  • অসমীয়া টেঙেচি- এমুঠি
  • মাটিকাঁদুৰি শাক- এমুঠি
  • পাঁচফোৰণ- ১/৪ চামুচ
  • শুকান জলকীয়া- এটা বা দুটা
  • মিঠাতেল, নিমখ, হালধি

প্ৰস্তুত প্ৰণালী

প্ৰেছাৰ কুকাৰত দুই কাপ পানীৰে টেঙেচি আৰু মাটিকাঁদুৰি শাক ভৰাই লৈ সম্পূৰ্ণ প্ৰেছাৰ উঠাৰ পিচত ২ মিনিট ৰান্ধি লওক। মাছখিনি ভাজি ল’ব। কুকাৰটো ঠাণ্ডা হ’লে শাকখিনি খচি খচি জোল উলিয়াই লৈ সিতাখিনি উঠাই ল’ব। জোলখিনি পুনৰ দুকাপ পানীৰ সৈতে উতলাই ল’ব। কেৰাহীত তেল গৰম কৰি পাঁচফোৰণ বা মিথিগুটি ফুটাই দিব। জুই কমাই ল’ব। হালধি দিব। শাকৰ জোলখিনি ঢালি দিব। উতল আহিছে মাছ দিব। নিমখ মিহলাব জোখমতে। ভালদৰে উতল আহিলে জুই বন্ধ কৰিব।

উৎস: অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 4/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate